তাজাখবৰঃ CAB: ৰাজ্যসভাত ভেটিবলৈ এইবাৰ দিল্লীত শক্তি গোটাইছে অখিল গগৈ-পলাশ চাংমাইয়ে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ CAB: ৰাজ্যসভাত ভেটিবলৈ এইবাৰ দিল্লীত শক্তি গোটাইছে অখিল গগৈ-পলাশ চাংমাইয়ে

তাজাখবৰঃ CAB: ৰাজ্যসভাত ভেটিবলৈ এইবাৰ দিল্লীত শক্তি গোটাইছে অখিল গগৈ-পলাশ চাংমাইয়ে

Share This
অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা ৰাজ্যসভাৰ বাজেট অধিৱেশনত বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিব। লোকসভাত ইতিমধ্যেই গৃহীত হোৱা বিধেয়কখন ৰাজ্য সভাত গৃহীত হলেই আইনত পৰিণত হব আৰু তেতিয়া আৰু ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব পোৱাত শৰণাৰ্থীৰ বাবে অনা-মুছলিম হোৱাটোৱেই হৈ পৰিব একমাত্ৰ চৰ্ত। ই দেশৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰকো আঘাত কৰিব। বাংলাদেশী শৰণাৰ্থীৰ নাগৰিকত্বৰ ফলত অসম আৰু উত্তৰ-পূৱেই আটাইতকৈ ৰাজনৈতিক ভাৱে ভৱিষ্যতৰ বাবে বেছি ক্ষতিগ্ৰস্ত হব। 

অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্বৰ ৰক্ষাৰ বাবে এই সংশোধনী বিধেয়কক ৰাজ্য সভাত ভেটা দিবলৈ হ'লে ৰাজ্যৰ ৭০টা অ-ৰাজনৈতিক সংগঠনক এতিয়া প্ৰয়োজন দেশৰ আন আন ৰাজনৈতিক দলবোৰৰ সমৰ্থন। বিষয়টোৰ স্পৰ্শকাতৰতা আৰু সংবিধানৰ প্ৰস্তাৱনাক আঘাত কৰাৰ এই প্ৰচেষ্টাক প্ৰতিহত কৰাৰ বাবে দিল্লীত বাহৰ পাতিছে ৭০টা সংগঠনক প্ৰতিনিধিত্ব কৰি অখিল গগৈ আৰু পলাশ চাংমাইয়ে। 

উল্লেখযোগ্য যে, বিজেপিৰ মিত্ৰ দল হোৱা সত্ত্বেও নীতীশ কুমাৰ নেতৃত্বাধীন জে দি ইউৱে বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ নেতাৰ পিছত অখিল-পলাশে সোমবাৰে সাক্ষাৎ কৰে জনতা দল ইউনাইটেদ (JDU)ৰ নেতা কে চি ত্যাগী আৰু কংগ্ৰেছ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশক। এই দল কেইটাই ৰাজ্য সভাত বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। অখিল-পলাশে এইবাৰ দেশৰ সকলো অনা-বিজেপি দলৰ নেতৃবৃন্দক সাক্ষাত কৰি অসমৰ ৰাইজৰ প্ৰতিবাদী স্থিতি আৰু সংশোধনী বিধেয়কখনে দেশৰ ধৰ্মনিৰপেক্ষতালৈ আনিব খোজা ভাবুকিৰ কথা অৱগত কৰি, ৰাজ্য সভাত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাব। দেশৰ ৰাজনৈতিক দল সমূহৰ ভিতৰত সৰ্বজন গ্ৰহণযোগ্য হিচাবে প্ৰসংগটো প্ৰতিষ্ঠা কৰিব পাৰিলেহে সদনত CAB ক প্ৰতিহত কৰিব পৰা যাব। সেয়ে অখিল-পলাশৰ নেতৃত্বত দিল্লীত আৰম্ভ হোৱা এই প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই প্ৰতিনিধি দলত অসমীয়া যুৱ-উদ্যমী ভাৰ্গৱ ভূষণ ভূঞায়ো অংশ লয়।

এই কথাও ৰাইজে মনত পেলোৱা  ভাল হব যে, এই ৭০টা সংগঠনৰ সৈতে সদ্য-চৰকাৰ ত্যাগী অগপয়ো একেলগে ঐক্যবদ্ধ ভাৱে এই বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে একজোঁট হৈছে। অগপয়ো লোকসভাত গৃহীত কৰাৰ পূৰ্বে, চন্দ্ৰবাবু নাইডুৰ টিডিপি, শিৱসেনাকে ধৰি দেশৰ বিভিন্ন আঞ্চলিক দলৰ নেতা সকলক লগ ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে সমৰ্থন আদায়ৰ বাবে প্ৰচেষ্টা চলাইছিল। আনফালে আজি জুবিন গাৰ্গ আৰু আছুৰ ঐক্যবদ্ধ আহ্বানত CAB ৰ বিৰোধিতাৰে গুৱাহাটীৰ লতাশিলত 'বজ্ৰনিনাদ' শীৰ্ষক এটি প্ৰতিবাদী কাৰ্যসূচীও আয়োজিত হৈছে। সন্ধিয়ালৈ ৭০টা সংগঠনে গুৱাহাটীতো জোৰ সমদল কৰিব বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment