মনৰ কথাঃ ঘৰ বিভীষণ তেতিয়াৰ, ঘৰ বিভীষণ এতিয়াৰ:: লক্ষ্যজ্যোতি নাথ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ঘৰ বিভীষণ তেতিয়াৰ, ঘৰ বিভীষণ এতিয়াৰ:: লক্ষ্যজ্যোতি নাথ

মনৰ কথাঃ ঘৰ বিভীষণ তেতিয়াৰ, ঘৰ বিভীষণ এতিয়াৰ:: লক্ষ্যজ্যোতি নাথ

Share This
ইতিহাসৰ পাত লুটিয়াই চালে দেখিব শত্ৰু সেইখন যুদ্ধতেই সহজে জয়ী হৈছে যিখন যুদ্ধত এজন ঘৰ বিভীষণে শত্ৰুৰ পক্ষ লৈ শত্ৰুক ঘৰৰ ক'ত ক'ত দুৰ্বলতা আছে জনাইছে। সেইয়া লাগিলে ৰামায়ণত ৰাৱণৰ পৰাজয়ৰ কাহিনী হওঁক বা বৰ্তমান চিত্ৰগৃহত অহা 'মণিকৰ্ণিকা, ঝাঁচী কি ৰাণী'ত ঝাঁচীৰ সিংহাসন পাবলৈ ঝাঁচীৰ দুৰ্বলতা ব্ৰিটিছৰ আগত মনে মনে কৈ দিয়া সদাশিৱ ৰাওৰ কাহিনীয়ে হওঁক। 


এনে আৰু বহুত উদাহৰণ আছে ইতিহাসত। অসমতে জ্বলন্ত উদাহৰণ বদন বৰফুকন। মানক মাতি আনি অসমতে অসমীয়াক নিঃশেষ কৰা বদন বৰফুকন আজিও এক কলংকিত চৰিত্ৰ। মানৰ পৰা ৰক্ষা পৰিবলৈ ইংৰাজক আনিলে, পাছত ইংৰাজৰ সৈতে মিলি কাম কৰা ঘৰ বিভীষণো ওলাল। পাছত তেনে ঘৰ বিভীষণেই আকৌ ইংৰাজৰ বিৰুদ্ধে শ্বহীদ হোৱাৰ ইতিহাসেৰেও ৰঞ্জিত হৈ আছে অসমৰ ইতিহাস। এতিয়া আকৌ প্ৰবজনকাৰী মুছলিম ধৰ্মীয়ৰ পৰা বচোৱাৰ নামত বাংলাদেশী হিন্দু অনাৰ প্ৰচেষ্টা চলোৱা সকলোকে আকৌ বহুতেই ঘৰ-বিভীষণৰেই আখ্যা দিছে। কালি সন্ধিয়াও ৰজাৰ সৈতে বহু 'চিন্তাবিদ'য়ে গোপন মন্ত্ৰণা কৰাৰ খবৰ ওলাইছে। এই সকলো বদনহে নেকি বুলিও কিছু লোকে প্ৰশ্ন তুলি চ'চিয়েল মেডিয়া কঁপাইছে।

আজিৰ ভাৰতীয় ৰাজনীতিত বিভীষণৰ অভাৱ নাই। বৰ্তমানৰ যুগত ক্ষমতা আৰু ধনৰ লোভত নিজ পিতৃ-ভাতৃক চিনি নাপায় তেনে ক্ষেত্ৰত আৰু আমি কাৰোৰে পৰা বৰ বেছি আশা কৰা উচিত নহয়।

মোক সেইজনহে বেছিকৈ ক্ষতি কৰিব পাৰিব যিজনে মোৰ সকলো দুৰ্বলতা গম পাই। আৰু মোৰ দুৰ্বলতা গম পাবলৈ হ'লে তেওঁ মোৰ নিশ্চয় অতি ঘনিষ্ঠ হ'ব লাগিব যাক মই বিশ্বাস কৰো, যাক মই সকলো সুখ-দুখৰ কথা ভাগ-বতৰা কৰো।

এনেই কথায়ে কথায়ে মনলৈ আহিল। তাত কোন শুদ্ধ কোন ভুল মই আলোচনা কৰিব বিচৰা নাই বা মোৰ সেইবোৰ আলোচনা কৰাৰ ইচ্ছাও নাই। সিদিনা ব্যক্তিগত নিউজ চেনেল এটাত দেখিলো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান কথাৰ উত্তৰ দি মন্ত্ৰী ডঃ শৰ্মাক অসমৰ এজন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ তুলা-ধুনা। নিতুমণি শইকীয়ায়ে মন্ত্ৰী ডঃ শৰ্মাৰ সৰু সৰু কিছুমান কথাত গভীৰকৈ আক্ৰমণ কৰিছিল। গোটেই অনুষ্ঠানটো চাই এনে লাগিল ডঃ হিমন্ত বিশ্ব শৰ্মাক এনেকৈ চাগৈ তুলা-ধুনা বেলেগ সাংবাদিকে দিব নোৱাৰিলেহৈ। কিন্তু নিতুমণি শইকীয়ায়ে পাৰিব কাৰণ নিতুমণি শইকীয়া এসময়ত ডঃ শৰ্মাৰ ঘনিষ্ঠ ব্যক্তিগত চেনেল এটা কেইবাবছৰ আছিল। তেওঁ মন্ত্ৰী ডঃ শৰ্মাৰ দুৰ্বলতাবোৰ জানে। সেই দুৰ্বলতায়ে আজি তেওঁক ধুবলৈ সহায় কৰিছে। ইয়াত কোন শুদ্ধ কোন ভুল বিচাৰ কৰিব মই নাযাওঁ মই এটা বেলেগ দৃষ্টিভংগীৰে কথাটো নিৰীক্ষণ কৰি চাইছিলো যে নিজৰ দুৰ্বলতা আনক জানিবলৈ দিলে, দুৰ্বলতা জনাজন যদি কেতিয়াবা বিপৰীত পক্ষত গুচি যায় তেতিয়া তেওঁ কিমান ভয়াবহ হ'ব পাৰে।

তেনেকৈ দুদিন আগত জুবিন গাৰ্গৰ এটা কেইচেকেণ্ড মানৰ বিতৰ্কিত অডিঅ' ভাইৰেল হ'ল। তাৰ বাবে জুবিন গাৰ্গৰ বিৰুদ্ধে কেইবাঠাইত কেইবাটাও গোচৰ ৰুজু কৰা হ'ল। বাকী ছচিয়েল মিডিয়াত তেওঁক কৰা তিক্ত বাক্যবাণ আছেই। গম পোৱাত সেই বিতৰ্কিত অডিঅ'টো তেওঁ নিজেই নহয় জুবিন গাৰ্গৰ কোনোবা ঘনিষ্ঠয়ে ছচিয়েল মিডিয়াত লিক কৰিছিল। হয় জুবিন গাৰ্গে কোনো কাৰণত তেনে মন্তব্য ৰাখিব নালাগে কিন্তু মোৰ বিষয় সেই কাৰণ চৰ্চা কৰা নহয়, মোৰ বিষয় সেই ঘনিষ্ঠ ঘৰ বিভীষণটো, যিয়ে এই নিচ কামটো কৰিলে।

এতিয়া দিল্লীৱালা চৰকাৰৰ চকু অসমৰ ওপৰত। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি অসমলৈ হিন্দু বাংলাদেশী আনি অসমত বিজেপিৰ ভোট বেংক বৃদ্ধি আৰু শক্তিশালী কৰা। আকৌ কৈছো ঘৰ বিভীষণ নহ'লে কোনো বাহিৰে শক্তিয়ে আমাৰ ঘৰৰ ভিতৰত সোমাবলৈ সাহ কৰিব নোৱাৰে। আমাৰ ঘৰৰ ভিতৰৰ কমেও এজন ঘৰ বিভীষণ তেওঁলোকৰ পক্ষত থাকিব লাগিব। অসমৰ প্ৰেক্ষাপটত ঘৰ বিভীষণতকৈ বদন বৰফুকন শব্দটো বেছিকৈ খাটে। ইতিহাস আছে বদন বৰফুকনে ক্ষমতাৰ ৰাগীত মানক অসমলৈ আনি অসমীয়া জাতিক নিঃশেষ কৰাৰ। সেই বদন বৰফুকন অসমৰ ইতিহাসত আজিও কলংকিত।

অসমৰ ইতিহাসত দ্বিতীয়জন বদন সৃষ্টি নহওঁক তাকে কামনা কৰো। ঘৰ বিভীষণ সম্মুখৰ শত্ৰুতকৈ বেছি বিষাক্ত। শৰীৰৰ দূৰ্বল অংশতে সদায় আক্ৰমণ কৰে।

No comments:

Post a Comment