ক্ৰীড়াংগণ: এ এফ চি এছিয়ান কাপ আৰু ভাৰতীয় ফুটবল দল :: পৰাশৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ৰীড়াংগণ:  এ এফ চি এছিয়ান কাপ আৰু ভাৰতীয় ফুটবল দল  :: পৰাশৰ কলিতা

ক্ৰীড়াংগণ: এ এফ চি এছিয়ান কাপ আৰু ভাৰতীয় ফুটবল দল :: পৰাশৰ কলিতা

Share This
৫ জানুৱাৰী ২০১৯ তাৰিখৰ পৰা ১৭ বাৰৰ বাবে “ইউনাইটেড আৰব এমিৰেটস” অৰ্থাৎ চমুকৈ "ইউ এ ই" অনুষ্ঠিত হৈছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা "এ এফ চি এছিয়ান কাপ" । উক্ত প্ৰতিযোগিতাত ভাৰতীয় ফুটবল দল চতুৰ্থ বাৰৰ বাবে প্ৰতিযোগিতাৰ মূল পৰ্যায়লৈ উত্তীৰ্ণ হৈছে আৰু অহা ৬ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা নিজৰ অভিযান থাইলেণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰিব । "এ এফ চি এছিয়ান কাপ" উক্ত ফুটবল প্ৰতিযোগিতা খন “এছিয়ান ফুটবল কনফেডাৰেচনে” ১৯৫৬ চনৰ পৰা প্ৰতি ৪ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰি আহিছে । যদিও এবাৰ ২০০৪ চনত চীনত অনুষ্ঠিত হোৱাৰ পিছত তিনি বছৰৰ পিছত ২০০৭ চনত প্ৰতিযোগিতা খন  মাল্যশিয়াত অনুষ্ঠিত হৈছিল । ১৯৫৬ চনত পোন প্ৰথম বাৰৰ বাবে “এ এফ চি চেম্পিয়ন কাপ” অনুষ্ঠিত হৈছিল হংকংত । মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দল আছিল “দক্ষিণ কোৰিয়া” , ৰানাৰ্ছ আপ আছিল “ইজৰাইল” । ১৯৫৬ চনৰ পৰা ২০১৫ চনলৈ উক্ত প্ৰতিযোগিতা মুঠ ১৬ বাৰ অনুষ্ঠিত হৈছে । উক্ত প্ৰতিযোগিতাত জাপানে সৰ্বাধিক ৪বাৰ চূড়ান্ত বিজয়ী হৈছে । ইৰাণ আৰু চৌদি আৰব ৩ বাৰ , ইৰাণ আৰু দক্ষিণ কোৰিয়া ২বাৰ লগতে ইজৰাইল , কুৱেট , অষ্ট্ৰেলিয়া আৰু ইৰাক এবাৰকৈ চূড়ান্ত বিজয়ী হবলৈ সক্ষম হৈছে । 

ভাৰতীয় ফুটবল দল উক্ত প্ৰতিযোগিতাত ২০১৯ত অনুষ্ঠিত হবলগীয়া “এ এফ চি এছিয়ান” কাপকে ধৰি মুঠ ৪ বাৰ মূল পৰ্যায়লৈ উত্তীৰ্ণ হৈছে । পোন প্ৰথম বাৰৰ বাবে ১৯৬৪ চনত  ভাৰতীয় ফুটবল দল  পোনপটীয়াকৈ মূল ৰাউণ্ডলৈ উত্তীৰ্ণ হৈছিল । ইজৰাইলত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ঘৰুৱা দল ইজৰাইলকে ধৰি, ভাৰত, দক্ষিণ কোৰিয়া আৰু হংকং মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰিছিল । উক্ত প্ৰতিযোগিতাত ভাৰতীয় ফুটবল দলে দক্ষিণ কোৰিয়াক ২-০ আৰু হংকংক ৩-১ গলৰ ব্যৱধান পৰাস্ত কৰি বিজয়ী হৈছিল যদিওঁ ঘৰুৱা দল ইজৰাইলৰ হাতত ২-০ গলৰ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ দ্বিতীয় স্থানতে সন্তুষ্ট থাকিব লগীয়া হৈছিল । উল্লেখযোগ্য যে ২০১৫ চনলৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত ভাৰতীয় ফুটবল টীমৰ এয়াই আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । ইয়াৰ পিছত ১৯৮৪ চনত চিংগাপুৰত অনুষ্ঠিত "এ এফ চি এছিয়ান কাপ"ত ভাৰতীয় ফুটবল টীম দ্বিতীয় বাৰৰ বাবে চূড়ান্ত পৰ্য্যায়লৈ উত্তীৰ্ণ হয় । মুঠ ১০ দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতা খন A আৰু B মুঠ দুটা গ্ৰুপত দলবোৰক ভগোৱা হয়  আৰু প্ৰতিটো গ্রুপত ৫টাকৈ দলক ৰখা হয় । ভাৰতীয় ফুটবল দলে গ্ৰুপ B ত  স্থানলাভ কৰে । ভাৰতে গ্ৰুপ পৰ্যায়ত চিংগাপুৰৰ সৈতে ২-০ , ইউ এ ইৰ সৈতে ২-০ , চীনৰ সৈতে ৩-০ পৰাজিত হয় আৰু ইৰাণৰ সৈতে ০-০ত ড্ৰ খেলে । যাৰ ফলত গ্ৰুপত অন্তিম স্থান লাভ কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ।  ২৭ বছৰ পিছত ২০১১চনত কাটাৰত অনুষ্ঠিত হোৱা “এ এফ চি এছিয়ান কাপ”ত ভাৰত তৃতীয় বাৰৰ বাবে ২০০৮ চনত ভাৰতত অনুষ্ঠিত  “এ এফ চি চেলেঞ্জ” কাপত চূড়ান্ত বিজয়ী হোৱাৰ বাবে মূল পৰ্যায়লৈ উন্নীত হয় । মুঠ ১৬ ত দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত ভাৰতীয় ফুটবল দল অষ্ট্ৰেলিয়া , দক্ষিণ কোৰিয়া , বাহৰেইনৰ সৈতে গ্ৰুপ C ত অন্তৰ্ভুক্ত হয় । অষ্ট্ৰেলিয়াৰ সৈতে ০-৪ , বাহৰেইনৰ সৈতে ৫-২ আৰু দক্ষিণ কোৰিয়াৰ সৈতে ৪-১ গলৰ ব্যৱধানত গ্ৰুপৰ  গোটেই কেইখন খেলত পৰাজিত হৈ গ্ৰুপ পৰ্য্যায়ৰ পৰাই বাহিৰ হবলগীয়াত পৰে । ঠিক ৯ বছৰৰ অন্তত "ইউ এ ই"ত অনুষ্ঠিত হব লগীয়া এ এফ চি এছিয়ান কাপত ভাৰতীয় ফুটবল দল চতুৰ্থ বাৰৰ বাবে মূল পৰ্যায়লৈ উত্তীৰ্ণ হৈছে । 

২০১৫ চনৰ মাৰ্চ মাহত ভাৰতীয় ফুটবল দল  ফিফা ৰেংকিংত ইতিহাসৰ সৰ্বনিম্ন স্থান ১৭৩ লৈ অবনবিত হয় । ইয়াৰ পিছত “ষ্টিফেন কনষ্টেটাইনে” ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষাক হিচাপে নিমুক্তি লাভ কৰে । ষ্টিফেন কনষ্টেটাইন ২০০২ ৰ পৰা ২০০৫ চনলৈ ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক আছিল । ২০০৩ চনত ভাৰতত অনুষ্ঠিত "আফ্ৰ এছিয়ান খেল"ত ভাৰতীয় ফুটবল দল ৰানাৰ্ছ আপ হৈছিল আৰু ভাৰতীয় ফুটবল দলৰ উক্ত প্ৰদৰ্শনৰ ভিত্তিত ষ্টিফেন কনষ্টেটাইন "এছিয়ান ফুটবল কনফেডাৰেচনে" ২০০৩ চনৰ অক্টোবৰ মাহত মাহৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰিছিল । ষ্টিফেন কনষ্টেটাইনৰ আগমনৰ পিছত লাহে লাহে ভাৰতীয় ফালে উন্নত প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে । ভাৰতত ২০১৫ চনৰ ২৩ ডিচেম্বৰৰ পৰা ২০১৬চনৰ  ৩ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা  চাফ চেম্পিয়নশ্বিপত চূড়ান্ত খেলত ভাৰতীয় ফুটবল দলে আফগানিস্তানক ২-১ গলৰ ব্যৱধান হৰুৱাই চূড়ান্ত বিজয়ী হয় । ইয়াৰ পিছত এ এফ চি এছিয়ান কাপৰ কোৱালিফায়িং ৰাউণ্ডত ভাৰতীয় ফুটবল টীম প্ৰথমে লাউচক লেগৰ দুয়োখন খেলত  ক্ৰমে ০-১ আৰু ৬-১ গলৰ ব্যৱধানক পৰাস্ত কৰি মূল কোৱালিফায়িং ৰাউণ্ডলৈ উত্তীৰ্ণ হয় । কোৱালিফায়িং ৰাউণ্ডত মাকাউৰ বিৰুদ্ধে  ০-২ আৰু ৪-১ গলত বিজয়ী হয় লগতে ম্যানমাৰ সৈতে ০-১ গল আৰু কিৰগীজস্থানৰ সৈতে ০-১ গলত বিজয়ী হয় । তদুপৰি ম্যানমাৰৰ সৈতে এখন খেলত ২-২ দ্ৰ খেলে আৰু কিৰগীজস্থানৰ হাতত এখন খেল ২-১ খেলৰ ব্যৱধানত ভাৰতীয় ফুটবল দল পৰাজিত হয় । কোৱালীনফায়িং পৰ্যায়ৰ মুঠ ৬ খন খেলৰ চাৰি খনত জয়ী , এখনত দ্ৰ খেলি আৰু এখনত পৰাজিত হৈ “ইউ এ ইট” ২০১৯ত অনুষ্ঠিত লবলগীয়া  “এ এফ চি এছিয়ান কাপ” প্ৰতিযোগিতাৰ মূল পৰ্যায়লৈ উত্তীৰ্ণ হয় । ভাৰতীয় দল ২০১৯ত "ইউ এ ই"ত অনুষ্ঠিত হব লগীয়া এফ এফ চি এছিয়ান কাপত গ্ৰুপ Aত ঘৰুৱা দল "ইউ এ ই" আৰু বাহৰেইন আৰু থাইলেণ্ডৰ সৈতে স্থান লাভ কৰিছে ।  বৰ্তমান "ইউ এ ই" , বাহৰেইন আৰু থাইলেণ্ডৰ ফিফা ৰেংকিং হল ক্ৰমে ৭৯ , ১১৩ আৰু ১১৮ । ভাৰতৰ ফিফা ৰেংকিং হল ৯৭ । ফিফা ৰেংকিংৰ পৰা ভাৰত "ৰাউণ্ড ১৬" লৈ যাব পাৰিব বুলি আশা কৰিব পাৰি । ভাৰতীয় ফুটবল দলে ৬ জানুৱাৰীত থাইলেণ্ড , ১০ জানুৱাৰীত "ইউ এ ই" আৰু ১৪ জানুৱাৰীত বাহৰেইনৰ বিৰুদ্ধে খেলিব ।

 ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শন যদি চাওঁ তেন্তে ভাৰতৰ মুম্বাইত  ২০১৮চনৰ ১ৰ পৰা ১০ জুনলৈ ভাৰত, নিউজিলেণ্ড, কেনিয়া আৰু চাইনীজ টাইপেৰ মাজত অনুষ্ঠিত হোৱা চাৰিখন দেশৰ ইণ্টাৰকন্টিনেণ্টেল কাপ অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতে চাইনীজ টাইপেক ৫-০ আৰু কেনিয়া ৩-০ত গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় । কিন্তু নিউজিলেণ্ডৰ সৈতে ১-২ গলৰ ব্যৱধানত পৰাজিত হয় যদিওঁ গ্রুপৰ শীৰ্ষ দল হিচাপে ফাইনেললৈ উত্তীৰ্ণ হয় । চূড়ান্ত খেলত কেনিয়াক ২-০ গলত পৰাস্ত কৰি ভাৰতীয় ফুটবল টীম উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী হয় । বাংলাদেশত অনুষ্ঠিত চাফ চেম্পিয়নত গ্ৰুপ পৰ্য্যায়ত ভাৰতে মালদ্বীপ আৰু শ্ৰীলংকাক ক্ৰমে ২-০ আৰু ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চেমি ফাইনেললৈ উত্তীৰ্ণ হয় । চেমি ফাইনেলত চিৰ প্ৰতিদ্বন্দী পাকিস্তানত  ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত মালদ্বীপৰ হাতত ২-১ গলৰ ব্যৱধানত পৰাস্ত হবলগীয়া হয় ।  ভাৰতীয় ফুটবল দলে খেলা শেহতীয়া আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব মূলক খেলত তুলনামূলক ভাবে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । ৭৬নং ফিফা ৰেংকিংত থকা চীনৰ সৈতে লগতে ৮২ নং ফিফা ৰেংকিংত থকা ওমানৰ সৈতে ভাৰতীয় ফুটবল দলে ক্ৰমে ০-০ আৰু ০-০ ব্যৱধানত দ্ৰ খেলে । দুৰ্ভাগ্যবশত ১০৯নং ফিফা ৰেংকিংত থকা জৰ্ডানৰ সৈতে ভাৰত ২-১ গলৰ ব্যৱধানত ভাৰতীয় ফুটবল দল পৰাজিত হয় । ভাৰতবর্ষৰ শেহতীয়া প্ৰদৰ্শনৰ পৰা ২০১৯ এ এফ চি এছিয়ান কাপত ভাৰতৰ উন্নত প্ৰদৰ্শন আশা কৰিব পাৰি। ইতিমধ্যে এ এফ চি কাপৰ বাবে ২৩ জনীয়া দল ঘোষণা হৈছে। উক্ত দলত মিড ফিল্ডাৰৰ ৰূপত স্থান লাভ কৰিছে অসমৰ হলিচৰণ নাৰ্জাৰীয়ে । আশাকৰোঁ হলিচৰণ নাৰ্জাৰীয়ে উন্নত প্ৰদৰ্শন কৰি ভাৰতৰ লগতে অসমৰো নাম উজ্বলাই তোলক ।
লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, ফোন নং- ৮৭৫৩০৮৫০০৪

No comments:

Post a Comment