চিন্তনঃ সংবিধানৰ ধৰ্ম-নিৰপেক্ষতাৰ প্ৰতি বিপদঘণ্টা: জাগিছে অসমীয়া, শুই আছে কিয় বাকী ভাৰতীয়? :: পৰেশ মালাকাৰ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ সংবিধানৰ ধৰ্ম-নিৰপেক্ষতাৰ প্ৰতি বিপদঘণ্টা: জাগিছে অসমীয়া, শুই আছে কিয় বাকী ভাৰতীয়? :: পৰেশ মালাকাৰ

চিন্তনঃ সংবিধানৰ ধৰ্ম-নিৰপেক্ষতাৰ প্ৰতি বিপদঘণ্টা: জাগিছে অসমীয়া, শুই আছে কিয় বাকী ভাৰতীয়? :: পৰেশ মালাকাৰ

Share This
নাগৰিকত্ব সংশোধনী বিধেয়কে আমাৰ ৰাজ্যখনক ক’লৈ লৈ গৈছে দেখিছে নে আপোনালোকে? কি কৰিলে এই দলটোৱে ? কোনো কাৰণ নোহোৱাকৈ আমাৰ ওপৰত এটা আন্দোলন জাপি দিলে৷ৰাজনীতিত নীতিৰ কথা এটাও থাকে৷ এতিয়া ৰাজনীতি নীতি শূন্য৷ নীতিৰ স্থান কেৱল ক্ষমতাই লোৱা নাই, লৈছে ক্ষমতাৰ খঁকে৷আসনৰ ভাগ-বটৰোৱাৰ বাবে, চৰকাৰ দখল কৰিবলৈ তেওঁলোকে সকলো কৰিব পাৰে৷ সকলো মানে সকলো৷যিখন সংবিধান তেওঁলোকৰ পাথেয় হ’ব লাগিছিল, যিখন সংবিধানক দোহাই দি তেওঁলোকে তেওঁলোকৰ কাৰ্য্যসূচী ঠিক কৰিব লাগিছিল, সেই সংবিধানখন যেন এতিয়া দিনে ৰাতিয়ে এই ৰাজনীতিক সকলৰ ভয়ত ত্ৰষ্ট্ৰমান৷ তেওঁলোকৰ প্ৰায় প্ৰতিটো কামেই সংবিধানবিৰোধী৷ সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্য তেওঁলোকে ক’ত ফলৱতী কৰিব, সংবিধানৰ বিকাশ আৰু বিস্তাৰ ক’ত কৰিব,তেওঁলোকে অহৰ্নিশে সংবিধান উলংঘা আৰু সংকুচিতহে কৰিবলৈহে চেষ্টা কৰি আছে৷এইখিনিতে মই গুৰু গোসাঁই নমনা দুৰ্ঘোৰ বিপ্লববাদীসকলৰ উদ্দেশ্যে আমাৰ সংবিধানৰ বিষয়ে দুষাৰমান কথা ক’ব বিচাৰিছোঁ৷হয়,হয়, গুৰু, গোসাঁই আজিকালি মানিব নালাগে৷ইতিহাস কিন্তু মানিব লাগে৷ইতিহাস মানিব লাগে, যি হৈছিল সেইটোৰে পুনৰাবৃত্তি হ’ব বুলি নহয়, যি হৈছিল তাত কি হোৱাৰ, হ’ব পৰাৰ সম্ভাৱনা নিহিত সেই বাবেহে৷ সেই ফালৰ পৰা ভাৰতৰ সংবিধানখনৰ লক্ষ্য, উদ্দেশ্য আধুনিক আৰু প্ৰগতিশীল৷ সংবিধানৰ প্ৰস্তাৱনা আৰু নিৰ্দ্দেশত্মাক নীতিসমূহত চকু ফুৰালেই সকলোৱে এই কথা গমপাব৷সেইটো নকৰি নৈৰাজ্যবাদী কথাৰ ফুলজাৰি মাৰি বৰ বিশেষ লাভ নাই৷ 

মই আকৌ আগৰ কথালৈ ঘূৰি গৈছোঁ৷নাগৰিকত্ব (সংশোধনী)বিধেয়কখনৰ মূল বিপদটো ক’ৰপৰা আহিছে? এই বিলখনৰ বাবে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হ’ব, অসম বিদেশীৰে ভৰি পৰিব- এইবোৰ কথাত মই অলপ কম গুৰুত্ব দিওঁ৷ স্বাধীনতাৰ পিছত, পূৰ্ব বংগৰ পৰা অহা প্ৰবজনকাৰীৰ সংখা লাহে লাহে কমি আহিছিল৷ পাকিস্তানৰ বিভাজনৰ পিছত হয়তো হিন্দু লোকৰ আন এটা ঢৌ ১৯৭১ ৰ পিছত আহিছিল৷ কিন্তু বাংলাদেশ গঠন হোৱাৰ পিছত, আৰু বাংলা দেশলৈ সুস্থিৰ শাসন ওভতি অহাৰ পিছত, তাৰ পৰা অসমলৈ তেনে বিশেষ প্ৰব্ৰজন হৈছে বুলি মনে নধৰে আৰু তাৰ কোনো গ্ৰহণযোগ্য তথ্য আৰু সাক্ষ্যও আমাৰ হাতত নাই৷


মূল বিপদটো আহিছে ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰক লৈহে৷ অসম আন্দোলনৰ বিষয়ে আমি যিয়েই নকওঁ কিয়, তাৰ শেষ সিদ্ধান্তত ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণৰ কথা নাছিল৷ সেইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল৷আজি আমি সকলো জাঙুৰ খাই উঠিছোঁ এই কথাটোত৷ধৰ্মৰ ভিত্তিত বিদেশী বাচিবলৈ গৈ তোমালোকে আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষ সাংবিধানিক কাঠামোটোতেই কুঠাৰঘাত কৰিছা৷ইমান দিনে আমি সকলোৱে কৈ আছিলোঁ যে ধৰ্মীয় মৌলবাদী ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত ৰাষ্ট্ৰৰ বহুত্ববাদী আৰু ধৰ্মনিৰপেক্ষ চৰত্ৰটো সলাই তাক মধ্যযুগীয়া এখন মৌলবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰে৷ এই বহুত্ববাদী আৰু ধৰ্ম নিৰপেক্ষ কথাটো ভাৰতৰ সংবিধানত ওপৰৰ পৰা জাপি দিয়া অভিধা নাছিল৷ ই আছিল আমাৰ ১০০ বছৰীয়া স্বাধীনতা আন্দোলনৰ এক গৌৰৱোজ্জ্বল উত্তৰাধিকাৰ৷ স্বাধীনতা আন্দোলনৰ সীমাৱদ্ধতা যিয়েই নহওক লাগে, ইয়াত যে জাতি,ধৰ্ম, নিৰ্বিশেষে আপামৰ জনসাধাৰণ চামিল হৈছিল তাত কোনো সন্দেহ নাই৷ তাত কেৱল হিন্দুসকলেহে অংশগ্ৰহণ কৰিছিল নেকি? হিন্দু,মুছলিম বা খৃীষ্টানৰ কথাই নহয়, ভিন্ন জনজাতি আৰু নৃগোষ্ঠীৰ লোকসকলেও অংশগ্ৰহণ কৰিছিল৷ সেই কাৰণে সংবিধান সভাৰ বিতৰ্ক বাদ দি আমি আধুনিক ভাৰতবৰ্ষৰ বহুত্ববাদী আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ কথাটো বুজিব নোৱাৰোঁ৷হিন্দুত্ববাদী সকলে জৱাহৰলাল নেহৰুক দেখিব নোৱাৰাৰ কাৰণো সেইটোৱেই৷ নেহৰুৱে এই বহুত্ব আৰু ধৰ্মনিৰপেক্ষতাৰ সপক্ষে সংবিধান সভাত বলিষ্ঠ যুক্তি দাঙি ধৰিছিল৷ গতিকে সংবিধানখন আমাৰ অপৰ নহয়, নিজৰ৷ সংবিধানক বচোৱা কথাটোত এটা বাহিৰৰ, দিল্লীৰ, ছাউথ ব্লক, নৰ্থ ব্লক,ৰাষ্ট্ৰপতি ভৱন, সংসদবা উচ্চতম ন্যায়ালয়ৰ প্ৰকাণ্ড অট্টালিকাবোৰত আতোলতোকৈ চন্দুকত সোমাই ৰখা কিতাপ এখন সুৰক্ষিত কৰি ৰখাটো নহয়৷ আমি ভাৰতৰ য’তেই নাথাকোঁ কিয় ই হ’ল সাম্ৰজ্যবাদ-বিৰোধী স্বাধীনতা সংগ্ৰামৰ মাজেদি ওলাই অহা আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক অতি গুৰুত্বপূৰ্ণ চনদ৷ তিনিটা কথাৰ ওপৰত সংবিধানখনত বাৰম্বাৰ গুৰুত্ব দিয়া হৈছে-সেই কথা কেইটা হৈছে- সকলো অংশৰ মানুহৰে মত প্ৰকাশ আৰু ধৰ্মীয় বিশ্বাসৰ স্বাধীনতা, জীৱন-জীৱিকাৰ সম অধিকাৰ আৰু সমতা- অৰ্থাৎ সংবিধানে সংখ্যাগুৰু, সংখ্যালঘু, ধনী, দুখীয়া, হিন্দু,মুছলমান, খৃীষ্টিয়ান,বৌদ্ধ, জৈন আদি কাৰো মাজত কোনো বৈষম্য আৰু ভেদাভেদ ৰখা নাই, সকলোৰে সমান অধিকাৰৰ কথাহে কৈছে ৷ সংবিধানৰ এই মৌলিক কাঠামোটো কোনো চৰকাৰেই কেতিয়াও কোনো আইনৰ দ্বাৰা হৰণ-ভগন কৰিব নোৱাৰিব বুলি ভাৰতৰ উচ্চতম ন্যায়লয়ৰ পূৰ্ণ বিচাৰ পীঠে ১৯৭৩ চনতে কৈ থৈছে৷

আকৌ আগলৈ ওভতি গৈছোঁ৷ভাৰতীয় জনতা পাৰ্টীয়ে মোদীৰ প্ৰধান মন্ত্ৰীত্বৰ সময়ছোৱাত বিভিন্ন কৌশলেৰে আমাৰ দেশৰ এই বহুত্ব বিশিষ্ট ধৰ্মনিৰপেক্ষ চৰিত্ৰটোত আঘাত কৰিছে৷শেহতীয়াভাৱে এই কামটো তেওঁলোকে বাস্তৱায়িত কৰিব খুজিছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি৷ সেয়ে ই কেৱল অসমৰ সমস্যা নাছিল, ই আছিল ভাৰতৰ সমস্যা৷ সেইবাবেই আমি আশা কৰিছিলোঁ মূল সূঁতিৰ সাংবাদিক, বুদ্ধিজীৱী আৰু ৰাজনীতিকসকলে ইয়াৰ বিৰোধিতা কৰিব আৰু অসমৰ মানুহৰ মৰ্ম বেদনাও বুজিবলৈ চেষ্টা কৰিব৷ৰাজনীতিক সকলে আমাক,অসমক বৰ্জন কৰা নাই, দিল্লীৰ সাংবাদিক, বুদ্ধিজীৱী সকলে কিন্তু আমাক হতাশ কৰিছে৷ যি কি নহওক লোক সভাত বিধেয়কখন শাসক দলটোৱে গৃহীত কৰাৰ পিছতে ৰাইজ জাঙুৰ খাই উঠিল! অসমৰ মানুহে তেওঁলোকক সঠিক প্ৰত্যুত্তৰ দিলে৷ আৰু আটাইতকৈ ডাঙৰ কথা যে এইবাৰ অসমৰ মানুহে সম্পূৰ্ণ গণতান্ত্ৰিক উপায়েৰে কৰা আন্দোলনৰ যোগেদি ভাৰতীয় জনতা পাৰ্টীৰ সাম্প্ৰদায়িক অভিসন্ধি ওফৰাই পেলালে৷ তেওঁলোকৰ চৰিত্ৰ ৰাইজৰ আগত উদঙাই দিলে৷ 

এইখিনিতে আমি এটা কথালৈ মন কৰা উচিত৷যি কোনো আন্দোলন এটাৰ ৰূপান্তৰ প্ৰক্ৰিয়া থাকে৷ এই ৰূপান্তৰ প্ৰক্ৰিয়াৰ শেষ পৰ্যায়টোৰদ্বাৰা আন্দোনল এটাৰ সফতা-বিফলতাৰ মূল্যায়ন হয়৷এই আন্দোলনটোত আমি এতিয়ালৈ কি দেখিবলৈ পাইছোঁ? আমি কিয় এই বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ? এই বিধেয়কখন সাম্প্ৰদায়িক আৰু অসংবিধানিক৷এই বিধেয়কখন অসম বিৰোধী, ভাৰত বিৰোধী৷ ইয়াত অসমৰ সকলো অংশৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছে৷ সংগঠন হিচাপে চাওক, সদৌ অসম ছাত্ৰ সন্থা,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাজ্যখনৰ বিভিন্ন নাগৰিক সংস্থা ইয়াৰ লগত জড়িত হৈ পৰিছে৷ আমি এতিয়ালৈ কি প্ৰক্ৰিয়াৰে এই আন্দোলনটো পৰিচালনা কৰিছোঁ? আন্দোলনটোৰ নেতৃত্বত থকা কোনোৱেই কোনো ভাষিক আৰু ধৰ্মীয় জনগোষ্ঠীৰ বিৰুদ্ধে কোনো কথা কোৱা নাই৷আগৰ দৰে ইয়াত কোনো উগ্ৰজাতীয়তাবাদী উন্মাদনাক স্থান দিয়া হোৱা নাই৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্য্যই সেই দিনা অতি স্পষ্টভাবে বিধেয়কখনৰ সাম্প্ৰদায়িক আৰু অসাংবিধানিক চৰিত্ৰৰ বিষয়ে কৈছে৷ অসম আন্দোলনত হোৱাৰ দৰে এইবাৰ তেনে কোনো হিংসাত্মক ঘটনাও ঘটা নাই৷ 

এইবাৰ কোনেও বাঁওপন্থী দল আৰু বাঁওপন্থী বা সমাজগণতন্ত্ৰত বিশ্বাসী বুদ্ধিজীৱীসকলক এই আন্দোলনটোৰ পৰা আঁতৰাই ৰাখিব পৰা নাই৷ হয়, অসম আন্দোলনৰ সময়ত এইচাম লোকে আটাইতকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছিল৷ তেওঁলোক নানা অত্যাচাৰৰ সন্মুখীন হৈছিল৷ সেই আঘাত বহুতেই এতায়াও পাহৰিব পৰা নাই৷ কিন্তু, সেই মূল্য অথলে যোৱা নাই৷সেইটোৱে অসমীয়াক এটা ডাঙৰ শিক্ষা দিছে৷ সেই শিক্ষাটো হৈছে গণতন্ত্ৰীকৰণৰ শিক্ষা৷ হয় আমি ইয়াৰ কাৰণে এটা ডাঙৰ ভৰণি ভৰিবলগীয়া হ’ল,তথাপি জাতি হিচাপে আমি এটা ডাঙৰ শিক্ষাও পালোঁ৷ আৰু তাৰেই প্ৰতিফলন এইবাৰৰ আন্দোলনটোত আমি দেখিছোঁ৷ গতিকে সেইটোৱেই আজি বেয়াৰ মাজত ভাল কথা৷ সেইটোৱেই আমাৰ সংকট কালৰ শিক্ষা৷ সেই কাৰণেই মই আজি কৈছোঁ-আমি অসমৰো,ভাৰতৰো৷অ’ হয়, ভাৰততে, আমি ভাৰতৰ পৰা বৰ দূৰৈত৷আমি অসমীয়া সীমামূৰীয়া, কি স্পৰ্শকাতৰ আমাৰ অঞ্চলটো! আমি কথা ক’লে তাৰ প্ৰতিধ্বনি হয় চীনত, ব্ৰহ্মদেশত৷চেন্নাইতকৈ ভূটানে আগতে আমাৰ চিঞৰটো শুনে৷ মূলসূতিৰ ভাৰতীয়সকল! এবাৰ আহি চাওক আমি ইয়াত কেনেকৈ আন্দোলন কৰিছোঁ৷ হয়, আমাৰ বহুত কিবা কিবি নাই৷ হয়,আমাৰ বহু দুৰ্বলতাও আছে৷ কিন্তু অসমীয়া ডেকাৰ এটা ইজ্জৎ আছে৷ আমি ভাল অসমীয়া আৰু ভাল ভাৰতীয় হ’ব খোজোঁ৷ আমি যে উগ্ৰজাতীয়তাবাদী নহয়, আমি যে ধৰ্মোন্মাদ নহয়,সেইটো চাবলৈ ইয়ালৈ আপোনালোক আহক৷আপোনালোকৰ তাত কিবা হ’লে আমি ইয়াত উবুৰি খাই পৰোঁ৷ আমাৰ ঘৰত জুই লাগিলেও আপোনালোকচোন খবৰ ল’বলৈ নাহে কিয়?
লেখাটি দৈনিক অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment