তাজাখবৰঃ এইবাৰ পলিটিক্স কৰিলে আমিও জেং কৰিম: তেজপুৰত CAB ৰ বিৰোধিতা কৰি জুবিন গাৰ্গ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ এইবাৰ পলিটিক্স কৰিলে আমিও জেং কৰিম: তেজপুৰত CAB ৰ বিৰোধিতা কৰি জুবিন গাৰ্গ

তাজাখবৰঃ এইবাৰ পলিটিক্স কৰিলে আমিও জেং কৰিম: তেজপুৰত CAB ৰ বিৰোধিতা কৰি জুবিন গাৰ্গ

Share This
শিল্পী সমাজ জিন্দাবাদ, ৰাইজ দলে বলে ওলাই আহক, জাতীয় নায়ক মূৰ্দাবাদ, শ্বহীদ সকল অমৰ হওক, সৰ্বা চৰকাৰ হায় হায়, হিমন্ত বিশ্ব লেই লেই ছেই ছেই, বাংলাদেশী গ বেক আদি ধ্বনিৰে মুখৰিত হ'ল তেজপুৰত আজি সন্ধিয়া জুবিন গাৰ্গৰ আহ্বানত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ সৌজন্যত অনুষ্ঠিত হোৱা শিল্পী দিৱস উদযাপনৰ বাকৰি। এই অনুষ্ঠানত শিল্পী পংকজ বৰদলৈকো ধৰি বহুকেইগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশ লয়।

সকলো কথাতে পলিটিক্স কৰিব নালাগে, এইবাৰ পলিটিক্স কৰিলে আমিও জেং কৰি দিম বুলি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজপথত বিৰোধিতাত নামি সংগীত তাৰকা জুবিন গাৰ্গে। দৰকাৰ হ'লে চৰকাৰৰ পতন কৰিব লাগিব। আমি মানুহৰ মানুহ বুলি দাবী কৰি জুবিন গাৰ্গে। সৰ্বাদাক জাতীয় নায়ক উপাধিতো কোনে দিছে নাজানো, কিন্তু জাতীয় নায়ক হবলৈ বহুত কাম কৰিব লাগিব বুলিও তেখেতে মত প্ৰকাশ কৰে।

আনহাতে, নগাঁও জিলাৰ আঁহতগুৰিত এক অনুষ্ঠানতো CAB ৰ বিৰুদ্ধে মত প্ৰকাশ কৰে জুবিন গাৰ্গে। যোৱা নিৰ্বাচনৰ সময়ত অসম বিজেপিৰ বাবে গান গোৱাৰ বিনিময়ত যি  দুই লাখ পাইছিল সেয়াই টকা ঘূৰাই দিব, বিজেপিয়ে বিশ্বাস ঘূৰাই দিয়ক! আঁহতগুৰিৰ ভোগালী বিহুৰ অনুষ্ঠানত গীত পৰিৱশেন কৰি যাওঁতে শিল্পীজনে কয়, “মই সাধাৰণ মানুহক ঘূৰাই দিম। বিজেপি চৰকাৰক নিদিওঁ, দিলে আকৌ বটলা কামত ব্যৱহাৰ কৰিব।” “যদি মানুহক চিনি নাপায়, বিজেপিয়েই হওক, কংগ্ৰেছেই হওক, কোনো থাকিব নোৱাৰে।” “পৃথিৱীত এটাই বস্তু থাকে, সেইটো হ’ল সমাজবাদ। সমাজবাদী আছিল কলাগুৰু বিষ্ণু ৰাভা। ময়ো আছো, মই দৌৰি আছো। মই অলপ অকলশৰীয়া। কিন্তু আপোনালোক আছে। মই জানো।” জুবিনে  গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ বাবে ইতিমধ্যে আছুৰ সৈতেও হাত মিলাইছে। কিন্তু ৰাইজক ভাই ভাইৰ দৰে থাকিহে শান্তিপূৰ্ণ প্ৰতিবাদ জনাবলৈকো শিল্পী গৰাকীয়ে আহ্বান জনাইছে।  

No comments:

Post a Comment