চিন্তনঃ বিধেয়ক-বিৰোধিতা আৰু অসমীয়া জাতীয়তাবাদ ::ইন্দ্ৰজিৎ বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ বিধেয়ক-বিৰোধিতা আৰু অসমীয়া জাতীয়তাবাদ ::ইন্দ্ৰজিৎ বৰা

চিন্তনঃ বিধেয়ক-বিৰোধিতা আৰু অসমীয়া জাতীয়তাবাদ ::ইন্দ্ৰজিৎ বৰা

Share This
(১)
যোৱা ১১ মেৰ “আমাৰ অসম”ত প্ৰকাশিত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ “বিধেয়ক-বিৰোধী যুঁজ আৰু নেপথ্যৰ দৈত্য” শীৰ্ষক লেখাটিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতাৰ আঁৰত দলগত আৰু নিৰ্বাচন-কেন্দ্ৰিক ৰাজনীতিৰ স্বৰূপ উদঙাই দিবলৈ যিমান সফল হৈছে, নেপথ্যৰ দৈত্যটো কিন্তু পোহৰলৈ অনাত একেবাৰে বিফল হৈছে । সহজভাৱে ক’বলৈ গ’লে সুবিধাবাদী বিধেয়কবোৰোধীসকলক আস্থাত ল’ব নোৱাৰাটোৱে বিধেয়কবিৰোধিতাৰ যুক্তিযুক্ততাক প্ৰভাৱিত কৰিব নোৱাৰে । মূল প্ৰশ্নটো হ’ল বিধেয়কখন অসাংবিধানিক, মধ্যযুগীয়া আৰু আধুনিক জাতিৰাষ্ট্ৰৰ সামাজিক নৈতিকতাৰ পৰিপন্থী । আকৌ, বিধেয়কখনৰ বিৰোধিতাত পৰিষ্ফুট হৈছে অসমীয়া জাতীয়তাবাদৰ নেতৃত্বৰ আনুষঙ্গিক প্ৰশ্ন । এতিয়া, জাতীয়তাবাদৰ এনে স্বতঃস্ফুৰ্ত আত্মপ্ৰকাশক ব্যৱহাৰ কৰি অৰ্জন কৰা ৰাজনৈতিক মুনাফা জানো কেৱল নিৰ্বাচনী ৰাজনীতিতেই সীমিত ? জাতীয়তাবাদৰ প্ৰসঙ্গত আমি প্ৰায়ে উল্লেখ কৰা অসম বিৰোধী চক্ৰটোৰ বস্তুগত অস্তিত্ব আছেনে?

সাধাৰণভাৱে কবলৈ গ’লে পৰিচিতি-কেন্দ্ৰিক একাত্মবোধেই জাতীয় চেতনা আৰু জাতীয়তাবাদ তাৰ ৰাজনৈতিক মতবাদ ৷ সামন্তীয় বান্ধোনৰ পৰা মুক্ত কৰি গনতান্ত্ৰিক প্ৰমূল্যই জন্ম দিয়ে এই জাতীয় চেতনা ৷ সেয়ে ইয়াৰ বিকাশ এক ঐতিহাসিক প্ৰক্ৰিয়া আৰু আধুনিকতাৰ আগমন মূল চালিকাশক্তি ৷ জাতীয় চেতনা যেনেকৈ ঐতিহাসিক বাস্তৱ, তেনেকৈ জাতীয়তাবাদ কিন্তু সদায় দ্বন্দ্বাত্মক ৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ সমসাময়িকভাৱে ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম আদি বিভিন্ন সাংস্কৃতিক পৰিচিতিয়ে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰে ৷ সেয়ে, অসম আন্দোলনৰ পটভূমি যেনেকৈ জাতীয়তাবাদ, তেনেকৈ বৰাক উপত্যকাত বাংলাভাষী সকলৰ অস্তিত্বৰ প্ৰশ্ন অথবা অসমৰ জনজাতীয় জনগোষ্ঠীবিলাকৰ স্বায়ত্তশাসনৰ দাবীও জাতীয়তাবাদ । ভাৰতৰ সাংবিধানিক জাতীয়তাবাদৰ সমন্তৰালকৈ হিন্দুত্ববাদী ধাৰাও ভাৰতীয় জাতীয়তাবাদৰে এক ধৰ্ম তথা গোষ্ঠীগত বিশ্লেষন । উগ্ৰ জাতীয়তাবাদ, উপ-জাতীয়তাবাদ অথবা আপেক্ষিক জাতীয়তাবাদ – বিশেষণ যিয়েই নহওক – জাতীয়তাবোধ হ’ল ঐতিহাসিক বাস্তৱ ।

গতিকে, আধুনিক ৰাষ্ট্ৰ বা প্ৰশাসনিক গোটৰ নিৰ্দ্ধাৰিত ৰাজনৈতিক চাৰিসীমা আৰু তাক প্ৰতিপন্ন কৰিব পৰাকৈ পৰিচিতি ভিত্তিক প্ৰতীয়মান জাতীয় সংজ্ঞাৰ মাজত সংঘাত প্ৰকট হৈ পৰে । এইখিনিতে, এখন ৰাষ্ট্ৰৰ জাতীয়তাৰ সংজ্ঞা ধৰ্ম বা গোষ্ঠীগতভাৱে দিবলৈ গ’লে ই কেতিয়াও ৰাষ্ট্ৰৰ সীমাৰেখাৰ ভিতৰত আবদ্ধ হৈ নাথাকে । সেয়েহে ৰাজনৈতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে নাগৰিকত্বৰ বাহিৰে জাতীয়তাৰ অন্য সাংবিধানিক তথা প্ৰশাসনিকভাৱে কাৰ্যকৰী সংজ্ঞাৰ অৱকাশ নাথাকে । কিন্তু, উল্লেখযোগ্য যে আধুনিক জাতিৰাষ্ট্ৰৰ মুষ্টিমেয় উদ্যমে বলবৎ কৰা সাংবিধানিক জাতীয়তাবাদ এক উমৈহতীয়া পৰিচিতিৰ নিৰ্মাণত কিমান সফল হৈছে ?

ঔপনিৱেশিক বিৰোধী আন্দোলন আৰু তাৰ পৰৱৰ্তী সাৰ্বভৌম ভাৰত গণৰাজ্যৰ ভেটি তেনেকৈয়ে এক উন্নয়নবাদী সাংবিধানিক জাতীয়তাবাদ । আধুনিক ভাৰতৰ জাতীয়তাবাদৰ এই ঐকিক সূত্ৰই ধৰ্ম, কূল, বৰ্ণ, ভাষা বা গোষ্ঠী আদি বিভিন্ন সাংস্কৃতিক বিশেষত্ববিলাকৰ উৰ্দ্ধত এটা জাতীয় অস্তিত্বৰ পোষকতা কৰে । পৰৱৰ্তী সময়ছোৱাত এই সাংবিধানিক জাতীয়তাবাদৰ ছত্ৰছায়াত মধ্যবিত্ত শ্ৰেণীৰ উত্থানৰ লগে লগে বিভিন্ন পৰিচিতি তথা জাতিসত্তাবিলাকৰ মাজত বিশেষত্ববাদী প্ৰৱণতা জাগৃত হ’ল । এনে বিশেষত্ববাদী ধাৰা ৰাষ্ট্ৰব্যৱস্থাৰ লগত সন্নিৱিষ্ট হয় আৰু সাংস্কৃতিৰ অধিকাৰ হিচাবে গৃহীত হয় । বিশ্বজনীন মানৱ অধিকাৰৰ সতে প্ৰায়ে সংঘাতপূৰ্ণ যেন লগা এই বিশেষত্ববাদী প্ৰৱণতাই আচলতে ৰাষ্ট্ৰৰ বৈচিত্ৰপূৰ্ণ জনগাঁথনিকেই প্ৰতিফলিত কৰে । এহাতেদি ৰাষ্ট্ৰ-সৰ্বস্ব পৰিসীমাৰ ভিতৰত গোষ্ঠীগত চেতনাৰ বিচ্চিন্নতাবাদী অথবা পুনৰুত্থানবাদী আত্মপ্ৰকাশ আৰু অন্যহাতেদি সৰ্বভাৰতীয় জাতীয়তাবাদৰ ঐকিক প্ৰধান্যতাৰ মাজৰ সংঘাত গনতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাত সচৰাচৰ পৰিলক্ষিত হয় । দৰাচলতে, কেৱল জাতি-ৰাষ্ট্ৰৰ নাগৰিক বুলি সংজ্ঞাবদ্ধ কৰি জাতিসত্তাবিলাকক উলাই কৰিব পৰা নাযাব । কিন্তু, এই বিভিন্ন জাতীয়তাবাদবিলাকৰ সৌহাৰ্দ্যপূৰ্ণ সমন্বয় সূত্ৰ কি? সাংস্কৃতিক ভিত্তিত পৃথক হোৱাৰ অধিকাৰ নিশ্চয় আছে, কিন্তু অকাৰণে অথবা মৌলিক অধিকাৰৰ পৰিপন্থী সাংস্কৃতিক অধিকাৰ অমানৱীয়ও হ’ব পাৰে । গতিকে সাংস্কৃতিক অধিকাৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডীৰ ভিতৰতহে কাৰ্যকাৰী হ’ব লাগিব । মানুহৰ এই বাস্তৱিক প্ৰয়োজনীয়তা হ’ল এক বিশ্বজনীন সত্ত্বা আৰু তাৰ দ্বাৰাই নিৰ্ণিত হয় মৌলিক অধিকাৰৰ আধাৰ । গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাক সাংস্কৃতিক গতিশীলতাৰে বিশ্বজনীন মানৱীয় প্ৰমূল্যক আকোঁৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া।

উল্লেখযোগ্য যে স্বৰাজোত্তৰ ভাৰতত আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ এই জটিল সন্ধিক্ষণত অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচিতি-কেন্দ্ৰিক আন্দোলন বিলাকৰ ভিতৰত হিন্দু জাতীয়তাবাদেই হৈ পৰিছিল আটাইতকৈ শক্তিশালী । উল্লেখযোগ্য যে এনে ক্ষুদ্ৰৰ পৰা বৃহৎ বিস্তৃতিৰ গোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবিলাকৰ প্ৰভূত্বশীল প্ৰৱণতাই ৰাষ্ট্ৰযন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে । কিন্তু আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ বাবে কোনোটোৱেই ঐকিক মতবাদ হ’ব নোৱাৰে কাৰণ প্ৰতিটোৱেই “আমি আৰু তেওঁলোক”ৰ এক কটকটীয়া সংজ্ঞাৰে জাতিৰাষ্ট্ৰক পৰিচালিত কৰিব বিচাৰে । অৱশ্যে, এনে গোষ্ঠীগত চেতনা ঐতিহাসিকভাৱে পুঁজিৰ বিকাশৰে ৰাজনৈতিক সংগঠন নতুবা মধ্যবিত্তৰ উদীয়মান আকাংক্ষাৰ সৃষ্টি । এইখিনিতে উল্লেখযোগ্য যে ভাৰতৰ দৰে উত্তৰ ঔপনিৱেশিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ-সৰ্বস্ব সৰ্বাধিকাৰবাদতো প্ৰকৃততে সামন্তীয় আৰু নব্য সামন্তীয় সকলে আমোলাতন্ত্ৰটো একপক্ষীয়ভাৱে ব্যৱহাৰ কৰি নিজৰ সামন্তীয় ধন-সম্পত্তিৰ সুৰক্ষা দিছিল । এই প্ৰক্ৰিয়াত, আমোলা শ্ৰেনীৰ ভৰণ-পোষনৰ নামত তৈয়াৰ কৰা লোকপ্ৰিয় আৰু নিৰ্বাচনকেন্দ্ৰিক আঁচনিবোৰে তৃণমূল স্তৰৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছিল ৷ তেনেদৰে একচেতীয়া গোলকীয় পুঁজি এনে সৰ্বাধিকাৰবাদী ৰাষ্ট্ৰৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিল ।

বুৰঞ্জীবিদ ড° অমলেনন্দু গুহৰ মতে সৰ্বভাৰতীয় জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতিদ্বন্দীতামূলক উপস্থিতি ঔপনিৱেশিক অসমৰো বৈশিষ্ট্য আছিল । সাম্প্ৰতিক অসমৰ ৰাজনৈতিক আকাশৰ ৰং এনে বিভিন্ন প্ৰতিদ্বন্দীতামূলক জাতীয়তাবাদী ধাৰাই নিৰ্ণয় কৰিছে । এতিয়া এনে প্ৰতিদ্বন্দীতামূলক জাতীয়তাবাদী ধাৰাৰ মাজত অসমীয়া জাতীয়তাবাদৰ আৰ্থ-সামাজিক পটভূমিৰ ওপৰত বিশ্লেষণৰ চেষ্টা কৰিম । তাহানিৰ সামন্তীয় স্বাৱলম্বী অসমীয়া ঘৰখনৰ বাবে ঘৰুৱা উৎপাদনৰ বাহিৰেও সীমিত হলেও বহুতো বস্তু বা সেৱাৰ চাহিদাৰ সৃষ্টি হৈছিল আৰু সেইবোৰ আমদানিয়ে পূৰণ কৰিছিল ৷ সময়ৰ লগে লগে এই চাহিদা বাঢ়ি গৈছিল আৰু ব্ৰিটিছ অসমত এই চাহিদা পূৰণ হৈছিল বিদেশী সস্তীয়া আমদানিৰে ৷ তেনেদৰে বৰ্ধিত জনসংখ্যা আৰু ঔপনিৱেশিক শাসনত লাহে লাহে এই ঘৰখনে নিজৰ সেই স্বাৱলম্বিতাৰ বিশেষত্ব হেৰুৱাই পেলাইছিল ৷ এটা কথা ঠিক যে সেই ঘৰখন স্পষ্ট কৰণতে বজাৰ কেন্দ্ৰিক উদ্যমিতাৰ দিশত তিলমানো আগবাঢ়ি যাব নোৱাৰিলে ৷ অৱশ্যে স্বাৱলম্বী আত্মনিৰ্ভৰশীল আত্ম সন্তোষ্টিৰে ভৰপূৰ এই ঘৰখনৰ ভেটিত গঢ়ি উঠা গণজীৱন আছিল নিভাঁজ এক যুগান্তকাৰী সত্তা ৷ এনেদৰে এই সহজ সৰল পৰিৱেশে সৃষ্টি কৰিছিল আঁকোৱালি লোৱাৰ এক অসাধাৰণ পৰম্পৰা ৷ কাৰণ সামন্তীয় সম্পৰ্কৰ মাজত জাতীয় চেতনা আহিব নোৱাৰে আৰু সেয়ে আমি-তোমালোক জাতীয় মনস্তাত্বিক সংজ্ঞাৰো অৱকাশ নাছিল ৷ ঔপনিৱেশিক শাসনত তলতীয়া হিচাবে থকাটো সম্ভৱ হ’লেও গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ সম্প্ৰসাৰণত সেই সামন্তীয় সম্পৰ্ক বৰ্তি থাকিব নোৱাৰে ৷

এই ঐতিহাসিক জাতীয় চেতনাবিহীনতা তথা অপৰিপক্ক হৈ ৰোৱা অসমীয়া জাতীয় চেতনাৰ সমকালীনভাৱে ঔপনিৱেশিক শাসনৰ অধীনত আৰম্ভ হোৱা মুদ্ৰাকৰণৰ লগে লগে বিভিন্ন জাতীয় সোঁতৰ প্ৰব্ৰজন হ’ল ৷ থলুৱাসকলৰ জাতীয় চেতনাহীন সময়তো কিন্তু প্ৰব্ৰজকসকলৰ নিজৰ নিজৰ জাতীয় চেতনাই অৰ্থনীতিৰ সম্ভাৱনীয় ক্ষেত্ৰবোৰ দখল কৰি ললে ৷ জাতীয় চেতনাৰ বাবে প্ৰয়োজনীয় সকলো উপাদান প্ৰব্ৰজকসকলৰ আছিল ৷ কিছুলোক আছিল নিজৰ জন্মস্থানৰ সামন্তীয় বৰ্বৰতাৰ পৰা পলায়ন কৰা মধ্যবিত্ত উদ্যমী, কিছুলোক ব্ৰিটিছ প্ৰশাসনযন্ত্ৰৰ আমোলতন্ত্ৰ নতুবা চাহ আৰু খনিজ উদ্যোগত নিয়োগৰ উদ্দেশ্যে আহিছিল আৰু কিছুলোক বেহা-বেপাৰ সম্প্ৰসাৰণৰ বাবে আহিল ৷ তেওঁলোকে নিজস্ব জাতীয় চেতনাৰে জাগৃত হৈ পৃথক পৃথক ভাৱে অৰ্থনীতিৰ প্ৰায়বোৰ ক্ষেত্ৰই দখল কৰিছিল ৷

জাতীয় চেতনা বিকাশৰ পুৰ্বচৰ্ত হ’ল মধ্যবিত্তৰ উত্থান ৷ সেই স্বাৱলম্বী ঘৰখনৰ আৰ্হিত আত্মসন্তুষ্টি লভি থকা থলুৱাসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ বিকাশ আৰু শিক্ষিত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে নিজৰ স্বকীয়তাৰ প্ৰতি সচেতন হৈ উঠে ৷ অসমীয়া জাতীয়তাবাদৰ জন্ম হয় ৷ ইতিমধ্যে অৱশ্যে বিভিন্ন ক্ষেত্ৰবোৰ বহিৰাগতই দখল কৰি লৈছিলেই ৷ তেনেস্থলত, এই সজাগতাই তথা জাতীয় চেতনাই স্বৰাজোত্তৰ ভাৰতত আঞ্চলিকতাবাদী ৰাজনীতিৰ ৰূপ লোৱাটো স্বাভাৱিক আছিল ৷ অৱশ্যে স্পষ্ট কাৰণতেই নিজৰ মাজত উদ্যমিতাৰে এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰাৰ বিপৰীতে এই জাতীয়তাবাদ মুলতঃ কেন্দ্ৰৰ ৰাজহুৱা ধনৰ ব্যাপক অংশীদাৰিত্বৰ আন্দোলনতেই সীমাবদ্ধ হৈ পৰিছিল ৷ উৎপাদন ক্ষমতাৰ বাবে বজাৰৰো প্ৰয়োজন হ’ব যিটো ইতিমধ্যে দখলত আছিল ৷ বিকশিত একচেটীয়া বজাৰৰ মাজত আৰু স্বৰাজোত্তৰ ভৰতৰ বন্ধ অৰ্থনীতিৰ কাঠগৰাত নিজস্ব উদ্যমিতা অন্বেষণৰ বাট সুদুৰ পৰাহত ৰৈ গৈছিল ৷ একচেটিয়া পুঁজিৰ প্ৰভূত্বৰ পৰা মুক্ত কৰাৰ সমাধান সূত্ৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ ওচৰত নাছিল । কাৰণ গণতান্ত্ৰিক গনৰাজ্যৰ আইন প্ৰণয়নৰ সমসাময়িকভাৱে ইতিমধ্যে একচেটিয়া পুঁজিৰে জমা হোৱা সম্পত্তিয়ে বৈধতা অৰ্জন কৰে আৰু পাছত নব্য পুঁজিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। অসমীয়া জাতীয়তাবাদৰ মনস্তাত্ত্বিক আৰু ৰাজনৈতিক আত্মপ্ৰকাশত ইয়াকেই বহিৰাগতৰ আগ্ৰাসন বুলি অভিহিত কৰা হৈছে । অসম বিৰোধী চক্ৰৰ উৎপত্তিও এনেকৈয়ে হৈছে ।

আৰ্থ-সামাজিক শক্তি হিচাবে অসমীয়া জাতীয়তাবাদ কাহানিও শাসনাধিষ্ঠিত হ’ব পৰা নাই ৷ অসমীয়া জাতীয় চেতনাৰ ৰাজনৈতিক প্ৰকাশ সৰ্বভাৰতীয় পুঁজি আৰু বহিৰাগত প্ৰতিপত্তিৰ দমন আগ্ৰাসনৰ সৃষ্টি ৷ তাতোকৈ কেৱল কেন্দ্ৰীয় ৰাজহুৱা ধনৰ বাবে কৰা অন্দোলনতেই সীমাবদ্ধ হোৱাৰ বাবে এই চেতনা আৱেগিক, দুৰ্বল আৰু নিশকটীয়া ৷ তাত প্ৰতিবাদী কন্ঠহে আছে, পৰিত্ৰানৰ বাট অস্পষ্ট আৰু দুঃসাধ্য ৷ সেয়ে ই সহজেই ৰাজনৈতিক অভিসন্ধিৰ বলি হয় আৰু সুবিধাবাদী ৰাজনীতিলৈ ৰূপান্তৰ হয় ৷ এয়া আজিৰ কথা নহয় ৷ ঔপনিৱেশিক শাসনত মধ্যবিত্তৰ বৃটিছ বন্দনা তাৰেই নিদৰ্শন ৷ গতিকে, অসমীয়া জাতীয়তাবাদৰ নামত হোৱা সুবিধাবাদী ৰাজনীতি আঙুলিয়াই দিয়াতেই আলোচনা সমাপ্ত কৰাটো উদ্দেশ্যপ্ৰণোদিত । কাৰণ এই সুবিধাবাদী ৰাজনীতিৰ আৰ্থ-সামাজিক ভেঁটি উন্মোচন কৰিলেহে অনুধাৱন কৰিব পৰা যাব যে এনে ৰাজনীতি সৰ্বভাৰতীয় পুঁজিৰ বাবে অনুকূল এক জৈৱ-পৰিস্থিতিতন্ত্ৰৰ সন্ধানতেই সৃষ্টি । তেনেদৰে, বিধেয়ক আৰু বিধেয়কবিৰোধীতাৰ ৰাজনৈতিক ভৱিষ্যত সৰ্বভাৰতীয় পুঁজিৰ বাবে অনুকূল জৈৱ-পৰিস্থিতিতন্ত্ৰই নিৰ্ণয় কৰিব । সৰ্বভাৰতীয় পুঁজিৰ আগ্ৰাসনৰ ৰাজনীতি – মুষ্টিমেয় সাংবিধানিক জাতীয়তাবাদেই হওঁক বা হিন্দু জতীয়তাবাদেই হওঁক অব্যাহত আছে ৷ আজি অসমৰ মধ্যবিত্তসকল সৰ্বভাৰতীয় পুঁজিৰ তলতীয়া হৈ আশ্বস্ত হলেও থলুৱা পুঁজিৰ বিকাশ অবিহনে এই সংঘাতৰ অৱসান নঘটে ৷ অসমীয়া জাতীয়তাবাদ পুঁজিৰ বিকাশৰ আদৰ্শবাদ হৈ গঢ়ি উঠিব লাগিব ৷
(২) প্ৰতিবাদ আৰু অধিকাৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক যেনেকৈ চেকুলাৰ পৰম্পৰাৰ পৰিপন্থী তেনেকৈ অসমীয়াৰ জাতীয় চেতনাৰ ওপৰত কুঠাৰাঘাত ৷ কাৰণ যিকোনো জাতীয়তাবাদী ৰাজনীতিৰে নিজস্ব সীমাবদ্ধতা থকাৰ কথা স্বীকাৰ কৰিও আমি দৃঢ়তাৰে কব পাৰোঁ যে অসমত ভাষাভিত্তিক ৰাজনীতিয়ে এক পূৰ্ণবয়স্কতা লাভ কৰিছে ৷ এই ৰাজনীতিত মধ্যযুগীয়া প্ৰভূত্বশীল উপাদানবোৰ অনুপস্থিত ৷ অনিবাৰ্য সংঘাতৰ মাজতো অসমৰ প্ৰশাসনিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা প্ৰতিটো উপসত্তাৰ মাজত এক সৌহাৰ্দপূৰ্ণ বাতাবৰণ আছে ৷ ই অসমৰ ঐতিহ্যময় সমন্বয়ৰ পৰম্পৰাকেই প্ৰতিফলিত কৰে ৷ এই বিৰল পৰম্পৰাৰ বিশেষত্ব ভাৰতীয় মূলসুতীয়ে এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই ৷ সেয়ে মধ্যযুগীয়া পৰিচিতিৰে কৰিব বিচৰা পুনৰুত্থানবাদী ৰাজনীতি যে অসমত অপ্ৰাসঙ্গিক তাৰ উপলব্ধি হোৱা নাই ৷


এতিয়া, বিধেয়ক বিৰোধী প্ৰতিবাদ হৈছে আৰু হ’বই ৷ কিন্তু প্ৰতিটো সংগঠনেই গণতান্ত্ৰিক পৰম্পৰা অক্ষুন্ন ৰখাৰ প্ৰতি দায়িত্বশীল হ’ব লাগিব ৷ কোনো ব্যক্তি, ৰাজহুৱা বা ব্যক্তিগত সম্পত্তিৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি সচেষ্ট হওক ৷ অসমৰ শৈক্ষিক পৰিৱেশে যাতে ভৱিষ্যত প্ৰজন্মক পঙ্গু নকৰে তাৰ প্ৰতি সংবেদনশীল হবই লাগিব ৷ কাৰণ এনে আন্দোলন পদ্ধতিৰ এই নেতিবাচক দিশটো আমি অসমৰ সকলোৱেই প্ৰত্যক্ষ কৰি আহিছোঁ ৷ সেয়ে, প্ৰতিটো পদক্ষেপৰ ইতিবাচক-নেতিবাচক দুয়োটা দিশ চালি-জাৰি চোৱাটো নিতান্তই জৰুৰী ৷

আজি ৰাজ্য সভাৰ ৰায়লৈ অপেক্ষা কৰা যাওক ৷ তথাপি বিধেয়কখনৰ ক্ষেত্ৰত কিবা ন্যয়িক নিৰাময় আছে নেকি নিশ্চয় সচেতন মহলে চিন্তা কৰিব লাগিব ৷

এইটো সহজেই অনুমেয় যে আমাৰ গনতান্ত্ৰিক প্ৰমূল্যবোৰৰ ভেটিত এক সামাজিক-সাংস্কৃতিক আন্দোলন লাগিব, যি আমাৰ থলুৱা উপাদানবিলাকৰ মাজতে পুঁজিৰ বিকাশ ঘটাব । নিজৰ নিজৰ সীমিত পৰিসৰতেই হওক বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে, বিভিন্ন উদ্যমশীল ব্যক্তিয়ে আৰু নিঃস্বাৰ্থ ৰাজনৈতিক-অৰাজনৈতিক সমাজ সংগঠকে এই প্ৰক্ৰিয়া কিন্তু গনমাধ্যমৰ অগোচৰেই অব্যাহত ৰাখিছে । অসমত কৃষক আন্দোলনৰ অংশ হিচাবেই ভুমিহীনক ভূমি দিয়া, নিজৰ অধিকাৰ সুৰক্ষিত কৰি ভূমিৰ পট্টা প্ৰদান আৰু চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰত জনগণক সজাগ কৰি অধিকাৰৰ হকে কাম কৰাৰ দৰে তৃণমূল পৰ্যায়ত যথেষ্ট গঠনমূলক আন্দোলন হৈছে । চৰকাৰৰ পৰা বিভিন্ন সাহাৰ্য আৰু অনুমোদনৰ ব্যৱহাৰৰ আগতে আমাৰ উদ্যমী পৰিকল্পনাবিলাকৰ বহনক্ষমতাৰ বাবে প্ৰযুক্তি-অৰ্থনৈতিক বিশ্লেষণ অপৰিহাৰ্য । নতুন প্ৰজন্মই বহু উদ্যমী পদক্ষেপ লৈছে, বহু উৎসাহী যুৱকক পথ দেখুৱাইছে আৰু আমাৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিছে । এই বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাবিলাক নিশ্চয় সুদুৰপ্ৰসাৰী সমাজ বিবৰ্তনলৈ প্ৰকৃতাৰ্থত ইতিবাচক অৱদান আগবঢ়োৱা প্ৰগতিশীল পদক্ষেপ । এইবিলাকক অগ্ৰাধিকাৰ দি এক আন্দোলনলৈ ৰূপান্তৰ হওক ৷

এটা কথা ঠিক যে থলুৱা জনগণে উদ্যমিতাৰ সংস্কৃতি আঁকোৱালি লবই লাগিব । উৎপাদনৰ সংগঠিত বজাৰৰ প্ৰয়োজনীয়তাৰ বাবেই সমবায়ৰ যোগেদি উৎপাদকসকলৰ মুক্ত তথা স্বেচ্ছাই অংশগ্ৰহণ, থলুৱা নিয়ন্ত্ৰণ আৰু গনতান্ত্ৰিক সঞ্চালনৰ প্ৰয়োজন হ’ব l
(লেখাটিৰ প্ৰথমাংশ আমাৰ অসম কাকততো প্ৰকাশ পাইছে।)

No comments:

Post a Comment