চিন্তনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মূল্যহীন কৰাৰ কুটিল চক্ৰান্ত আৰু CAB :: হাদী আলম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মূল্যহীন কৰাৰ কুটিল চক্ৰান্ত আৰু CAB :: হাদী আলম

চিন্তনঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মূল্যহীন কৰাৰ কুটিল চক্ৰান্ত আৰু CAB :: হাদী আলম

Share This
এখন দেশত বসবাস কৰা জনসাধাৰণক দুটা ভাগত ভাগ কৰিব পাৰি- নাগৰিক আৰু  বিদেশী। বিদেশীৰো দুটা ভাগ, (১) পাচপৰ্ট লৈ অনুমতি লৈ অহা (২) অবৈধ অনুপ্ৰৱেশকাৰী।  এজন সাধাৰণ নাগৰিকে দেশৰ সংবিধানে প্ৰদান কৰা সকলো অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰে, কিন্ত্ত  বিদেশী এজনে সীমিত অধিকাৰহে ভোগ কৰিব পাৰে। ভাৰতীয় সংবিধানৰ ১১নং অনুচ্ছেদে  সংসদক নাগৰিকত্ব সম্বন্ধীয় আইন প্ৰনয়ণৰ ক্ষমতা প্ৰদান কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰি সংসদে নাগৰিকত্ব আইন , ১৯৫৫ প্ৰনয়ন কৰিছিল।

উক্ত আইনত নিম্নোক্ত ৬ ধৰণে ভাৰতীয় নাগৰিকত্ব অৰ্জনৰ বিধান আছে-
১. জন্মসূত্রে নাগৰিকত্ব (ধাৰা- ৩ )
২. বংশ বা গোত্র সূত্রে নাগৰিকত্ব ( ধাৰা -৪ )
৩. পন্জীয়নৰ দ্বাৰা নাগৰিকত্ব  ( ধাৰা-৫)
৪. দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব  ( ধাৰা-৬)
৫. অসম চুক্তিৰ ফলত লাভ কৰা নাগৰিকত্ব ( ধাৰা  ৬ক)
৬. প্ৰদেশ বা কোনো ৰাজ্য সংযোজনৰ দ্বাৰা নাগৰিকত্ব ( ধাৰা ৭)

ইয়াতেই উল্লেখ  কৰিব লাগিব যে ছবছৰীয়া অসম আন্দোলনৰ ফলস্বৰুপে স্বাক্ষৰিত  হোৱা অসম চুক্তিৰ  আধাৰত  ১৯৮৫ চনত আইন  সংশোধন কৰি  ভা্ৰতীয় নাগৰিকত্ব আইন,১৯৫৫ ত এক নতুন ধাৰা ৬-ক সংযোজন কৰা হৈছিল। উক্ত ৬-ক ধাৰাৰ অধীনত ইতিমধ্যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পূৰ্বে  অসমত নিৰ্দিষ্ট অঞ্চল (বাংলাদেশৰ)ৰ পৰা প্ৰবেশ কৰা লোকসকলক ভাৰতীয় নাগৰিক বুলি ধৰি লোৱা হৈছে। উক্ত ১৯৭১ চনৰ ২৪ মাৰ্চ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সুকলমে চলি আহি আজি শেষ পৰ্যায়ত উপনীত হৈছে। ৰাজ্যখনৰ জাতি,ধৰ্ম, বৰ্ণ  নিৰ্বিশেষে তথা সকলো ৰাজনৈতিক অৰাজনৈতিক দল- সংগঠনে  নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত সহযোগীতা আগবঢ়াই গৈছে। ১২০০ কোটিতকৈও অধিক টকা ৰাষ্ট্ৰীয় নাগৰিকপন্জী উন্নীতকৰণৰ বাবে ইতিমধ্যে খৰচ কৰা হৈছে। শিক্ষককে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰীয়ে নিজৰ কাৰ্যক্ষেত্রৰ পৰা আতৰি যোৱা  ৪টা বছৰে অসমৰ  বিভিন্ন ঠাইৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহত দিনে নিশাই নিয়াজিত হৈ জাতিৰ স্বাৰ্থত সেৱা আগবঢ়াই আছে। সকলোৱে বিচাৰিছিল চিৰদিনৰ বাবে যাতে বিদেশী সমস্যাৰ অন্ত হয় আৰু সেইবাবেই হয়তো ৰাইজে নিজৰ গৰু ছাগলী পৰ্যন্ত বিক্ৰী কৰি ধুবুৰীৰ পৰা শদিয়ালৈ গৈ  নাগৰিকপঞ্জী হিয়াৰিংত উপস্থিত হৈ সহযোগিতা আগবঢ়াইছিল।

কিন্ত্ত বিদেশী বিতাড়নৰ আন্দোলনৰে  জাতীয় নায়কৰ উপাধি লাভ কৰা  সোণোৱালৰ নেতৃত্বত গঠিত চৰকাৰখনে যেন উক্ত সমস্যা সমাধানৰ বাবে মুঠেই আগ্ৰহী নহয়  বৰঞ্চ  সমগ্ৰ নাগৰিকপঞ্জী উন্নিতকৰন প্ৰক্ৰিয়াক মুল্যহীন কৰাৰহে চেষ্টা কৰা দেখা গৈছে। তাৰেই কুচকাৱাজ যেন নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ । কিয়নো নাগৰিকত্ব আইন ১৯৫৫ ৰ ধাৰা ২(১)(খ)  মতে যদি কোনো লোকে বৈধ পাৰপত্র বা অন্যান্য ভ্ৰমন নথি নোহোৱাকৈ ভাৰতবৰ্ষত প্ৰবেশ কৰিছে অথবা বৈধ পাৰপত্র বা অন্যান্য ভ্ৰমন নথিসহ প্ৰবেশ কৰিছিল যদিও সময় উকলি যোৱাৰ পাছতো ভাৰতবৰ্ষত আছে  তেনে লোকসকলক  অবৈধ অনুপ্ৰবেশকাৰী বুলি গণ্য কৰা হয়, কিন্ত্ত চৰকাৰে গৃহিত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেযকখনত বাংলাদেশ, পাকিস্হান আৰু আফগানিস্হানৰ পৰা অবৈধভাবে প্ৰৱেশ কৰা হিন্দু,বৌদ্ধ, জৈন,শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱালম্বী লোকক অবৈধ অনুপ্ৰবেশকাৰী বুলি ধৰা নহব  বুলি উল্লেখ কৰা আছে। লগতে The Passport (Entry into India) Act, 1920 ৰ ধাৰা ৩(২) ৰ পৰাও উক্ত তিনিখন দেশৰ নিৰ্দিষ্ট ছয় ধৰ্মাৱালম্বী লোকক ৰেহাই দিয়াৰ ব্যবস্হা কৰিছে। গতিকে যিকোনো সময়ত পাৰপত্র নোহোৱাকৈ তেওঁলোক ভাৰতবৰ্ষত প্ৰেৱেশ কৰিব পাৰে।  বিধেয়কখনে এই অবৈধ প্ৰবজনকাৰীসকলক The foreigners Act,1946 ৰ আওতাৰ পৰা বাহিৰত ৰখাৰো ব্যৱস্থা কৰিছে।

ভাৰতীয় নাগৰিকত্ব আইন,১৯৫৫ ৰ ধাৰা ৬ ত দেশীয়কৰণৰ (Naturalization  ) দ্বাৰা ভাৰতীয় নাগৰিকত্ব লাভৰ ব্যৱস্থা আছে। এই আইনৰ তৃতীয় অনুসূচীৰ মতে কোনে ব্যক্তিয়ে দেশীয়কৰনৰ দ্বাৰা নাগৰিকত্ব লাভৰ বাবে নূন্যতম ১১ বছৰ ভাৰতবৰ্ষত বসবাস কৰাটো প্ৰয়োজন ।কিন্ত্ত  নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ত এই ১১ বছৰৰ সময়সীমা হ্ৰাস কৰি ৬ বছৰ কৰাৰ বিধান কৰিছে। গতিকে এই বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত অনুপ্ৰবেশকাৰী এজন ভাৰতত প্ৰৱেশ কৰাৰ ৬ বছৰৰ ভিতৰতেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কখন যেন বিদেশী আমদানি কৰা নিমন্ত্ৰণী পত্রহে হৈ পৰিব।চৰকাৰৰ ফালৰ পৰা কোৱা  হৈছে যে ৩১ ডিচেম্বৰ ২০১৪ চনৰ পূৰ্বৰ অনুপ্ৰবেশকাৰী সকলকহে  নাগৰিকত্ব দিয়া হব কিন্ত্ত আমি সকলোৱে জানো যে  ২০১৯ চনত অনুপ্ৰৱেশ কৰি অসম বা পশ্চিম বংগত  ২০১৪ চনৰ পূৰ্বৰ পৰা ভাৰতবৰ্ষত বসবাস কৰি থকাৰ প্ৰমানপত্র যুগুত কৰাটো কোনো টান কাম নহয়। 

উক্ত সংশোধনী বিধেয়কখন সম্পূৰ্ণৰুপে ভাৰতীয় সংবিধান বিৰোধী। বিধেয়কখনে  সংবিধানৰ অনুচ্ছেদ ১৪  অৰ্থাৎ সমতাৰ অধিকাৰ তথা  ভাৰতীয় সংবিধানৰ  ধৰ্মনিৰপেক্ষ আদৰ্শক আঘাত কৰিছে। মৌলিক অধিকাৰ,স্বাধীন বিচাৰ ব্যবস্হা , যুক্তৰাষ্টীয় পদ্ধতি, ন্যায়িক সমীক্ষা  ইত্যাদিৰ দৰে ধৰ্ম-নিৰপেক্ষতাও ভাৰতীয় সংবিধানৰ মূল আত্মা বুলি গন্য কৰা হয়। বৰ্তমানৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰখনে অসমীয়া ৰাইজৰ আবেগ অনুভূতিক  আওকাণ কৰি একমাত্র অসম তথ‍ পশ্চিম বংগত ৰাজনৈতিক লাভালাভৰ অংকত সংবিধানৰ সম্পূৰ্ণ  পৰিপন্থী বিধেয়ক এখন গৃহিত কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰা দেখা গৈছে।এনে পৰিস্হিতিত অসমবাসীয়ে বিধেয়কখনৰ বিৰুদ্ধে গণতান্ত্রিক প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তুলিব লাগিব যাতে ৰাজ্যসভাত ৩১ জানুবাৰীৰ পৰা আৰম্ভ হবলগীয়া বাজেট অধিৱেশনত  চৰকাৰীপক্ষই বিধেয়কখন গৃহিত কৰিব নোৱাৰে। অন্যথা আকৌ এবাৰ  সৰ্বোচ্চ ন্যায়ালয়ে  আই এম ডিটি আইন সংবিধান পৰিপন্হী বুলি বাতিল কৰাৰ দৰে নাগৰিকত্ব সংশোধনী আইন , ২০১৬  বাতিল কৰালৈ অসমবাসীয়ে অপেক্ষা কৰিব লাগিব। অজিৰ  ক্ষমতাৰ  ৰাজনীতিত যেন একোৱেই অসম্ভব নহয়,  যিজনে এসময়ত  বিদেশীক ৰক্ষণাবেক্ষন দিয়া আইন বাতিলৰ বাবে সৰ্বোচ্চ আদালতত গোচৰ তৰিছিল আজি সেইজন ব্যক্তিয়েই ক্ষমতাৰ বাঘজৰী নিগাজী কৰাৰ স্বাৰ্থত বিদেশী আমদানীৰ বাবে আইন প্ৰনয়নৰ দুৰ্বাৰ  চেষ্টা অব্যাহত ৰাখিছে।
লেখকৰ ঠিকনাঃ তেজপুৰ, শোণিতপুৰ, ফোন-       ৯৭০৬৫৯৪৩২১

No comments:

Post a Comment