চিন্তনঃ জাতিৰ জটিল সন্ধিক্ষণঃ অসমীয়াই কি কৰা উচিত? :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ জাতিৰ জটিল সন্ধিক্ষণঃ  অসমীয়াই কি কৰা উচিত? :: অজয় লাল দত্ত

চিন্তনঃ জাতিৰ জটিল সন্ধিক্ষণঃ অসমীয়াই কি কৰা উচিত? :: অজয় লাল দত্ত

Share This
অসমৰ প্ৰতিবাদী ইতিহাসৰ পৰা শিকনিৰ ভেটিত আজি আকৌ অসমীয়া জাতীয়তাবাদ মেৰুদণ্ড পোন কৰি থিয় হৈ উঠিছে। সাম্প্ৰতিক সময়ত, অসমীয়া জাতি যি কেইটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেয়া হৈছে মূলত-
ক. ভাষিক গোষ্ঠী হিচাবে সংখ্যালঘু হোৱাৰ সম্ভাৱনা
খ. অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ ফলত জাতি-মাটি-ভেটিৰ ভৱিষ্যতলৈ শংকা
গ. খিলঞ্জীয়াৰ বাবে সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন
ঘ. আন্তঃগাঁথনি আৰু সামগ্ৰিক উন্নয়ন।

এই কেইটা বিষয়ত সমাধান সূত্ৰ বিচাৰি অসম চুক্তি সম্পাদিত হৈছিল অসমৰ ৰাইজ আৰু ভাৰত চৰকাৰৰ মাজত, আৰু ইয়াৰ ৰূপায়ণৰ বাবে অসম চৰকাৰে এক বিভাগো খুলি ৰাখিছে। কিন্তু দুখৰ কথা যে, যোৱা ৩৩টা বছৰেও অসম চুক্তিৰ সকলো দফাৰ সমভাৱে তথা সফলভাৱে ৰূপায়িত নহ’ল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগিৰকপঞ্জীৰ উন্নীতকৰণৰ কামো সম্পন্ন কৰা হ’ল আৰু ই অসমবাসীলৈ লৈ আহিছিল বিদেশী সমস্যা সমাধানৰ বাবে এক কাৰ্যকৰী ৰূপ হিচাবে আশাৰ বতৰা। 

ৰাইজে আশা কৰিছিল যে, এই নাগৰিকপঞ্জীৰ পৰা বাদ পৰা লোকসকলক বিদেশী হিচাবে চিনাক্ত কৰা হব আৰু প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে প্ৰত্যাপৰ্ণ চুক্তি কৰি তেওঁলোকক ঘূৰাই পঠোৱাৰ ব্যৱস্থা হব। সেয়া সম্ভৱ নহলেও মানৱীয় কাৰণত অন্ততঃ সেই সকল লোকক শৰণাৰ্থী মৰ্যদাৰে ভাৰত তথা অসমৰ ভূমিতো বসবাসৰ বাবে অনুমতি দিয়া হব। কিন্তু, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শাসনত থকা বিজেপি দলে এই আশালৈ চেঁচাপানীহে ঢালিলে। আৰু তাৰ বিপৰীতে অসমক গিনিপিগ কৰি ‘হিন্দু-ৰাষ্ট্ৰ গঠনৰ এক সম্পৰীক্ষা’ স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ অৱতাৰণা কৰিলে। যুটীয়া সংসদীয় কমিটিৰ ওচৰত অসমৰ জাতীয় সংগঠন সমূহে কৰা প্ৰতিবাদ-আপত্তিক নস্যাত কৰি কমিটিয়ে সংসদত প্ৰতিবেদন দিলে। লোকসভাতো শাসকীয় দলে এই বিধেয়ক উত্থাপন কৰিলে। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা ধৰ্মনিৰপেক্ষ দেশৰ সংজ্ঞাক নস্যাত কৰি ‘হিন্দু-ৰাষ্ট্ৰ’ গঠনৰ প্ৰথমটো খোজ হিচাবে ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদানৰ এই সংশোধনীত শংকৰ-মাধৱ-আজান ফকীৰৰ প্ৰদেশ অসমৰ ৰাইজে মাৰ বান্ধি থিয় দিলে। যিটো দেশৰ আন ৰাজ্যই দেশৰ ধৰ্ম-নিৰপেক্ষতালৈ অহা ভাবুকিক নুবুজি নিস্পৃহ হৈ থকাৰ বিপৰীতে অসমৰ ৰাইজে এক ৰাজনৈতিক পৰিপক্কতাৰ নিদৰ্শন দাঙি ধৰিলে। শিল্পী সমাজে, হিন্দু-কি মুছলমান একে আইৰ সন্তান, আমাৰ মনত ভেদ ভাৱ নাই গাই গুৱাহাটীৰ ৰাজপথত এক সৱল সাংগীতিক প্ৰতিৰোধ গঢ়ি তুলিলে। আটাইতকৈ ডাঙৰ কথা যে, অসম তথা উত্তৰ-পূৱেই যে এই সংশোধনী বিধেয়কৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হব, সেয়া জনমানসত প্ৰতিষ্ঠা হ’ল। আনকি অসম আন্দোলনৰ দৰে এক সৰ্বব্যাপী গণ-জাগৰণৰ স্তৰ লাভ কৰিবলৈ সক্ষম হ’ল এই প্ৰতিবাদে। তাৰ বাবে অখিল গগৈৰ নেতৃত্বত ৭০টা গণ সংগঠন, আছুৰ নেতৃত্বত ৩০টা গণসংগঠন আৰু বৌদ্ধিক সমাজৰ নেতৃত্বত অসম নাগৰিক সমাজ গণতান্ত্ৰিক প্ৰতিবাদৰ মাজেৰে অনা প্ৰতিৰোধৰ বাবে ধন্যবাদৰ পাত্ৰ। অসম গণ পৰিষদে শাসনৰ গাদী প্ৰতিবাদকল্পে এৰি আহিও এক আদৰ্শ প্ৰতিষ্ঠা কৰিলে। ক’লা-পতাকাৰ ভয়ত শাসকে যেতিয়া মেল-মিটিঙ বৰ্জন কৰে, বাট-পথ এৰি আকাশমাৰ্গ লব লগা হয়, তাতকৈ আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ কি শীৰ্ষস্তৰ হব পাৰে, সেয়া ৰাইজেই বিচাৰ কৰক। এই সৱল প্ৰতিৰোধত সেও মানিয়ে ৰাজ্য সভাত এই সংশোধনী বিধেয়ক উপস্থাপন কৰিবলৈ সাহস নকৰিলে শাসক বাহিনীয়ে। এয়াও এক অনন্য উদাহৰণেই।

এই সন্ধিক্ষণত অসমীয়া জাতিয়ে কি কৰিব লাগিব বুলি ক’লে প্ৰথমেই এটা কথাই মনলৈ আহে, সেয়া হৈছে ঐক্যবদ্ধ সংগ্ৰাম আৰু প্ৰতিৰোধ। অসমীয়া জাতিৰ ভৱিষ্যত সুদৃঢ় কৰিবলৈ তাৰ বাবে প্ৰয়োজন হব, সকলো জাতীয়-দল-সংগঠনৰ ঐক্যমতৰ ভিত্তিত এক ‘উমৈহতীয়া কৰ্মসূচী’ৰ। ভাষিক গোষ্ঠী হিচাবে অসমতে অসমীয়া সংখ্যালঘু নহবৰ বাবে সকলো জাতি-জনগোষ্ঠী তথা নৃগোষ্ঠীয় লোককে এক উমৈহতীয়া ভাষাৰ ৰূপত অসমীয়া ভাষাক পুনৰবাৰ গ্ৰহণযোগ্য কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লব লাগিব। পুৰণি অসমীয়া আৰু ন-অসমীয়া সকলক ভাষাৰ ভিত্তিত অসমীয়াৰ দোলেৰ বান্ধি সুনিশ্চিত কৰিব লাগিব। অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ সৱলীকৰণ, কেন্দ্ৰীয় বৰ্ডৰ স্কুলতো বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰৱৰ্তন হব লাগিব। উত্তৰ-পূৱৰ বাকী কেইখন ৰাজ্যৰ দৰেই অসমৰ খিলঞ্জীয়াৰ মাটি-ভেটিৰ সুৰক্ষাৰ বাবে অসমকো জনজাতীয় ৰাজ্যৰ মৰ্যদা প্ৰদান কৰাৰ বাবে পদক্ষেপ লব লাগিব। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে এয়া সম্ভৱপৰ হব। পুৰণি জনজাতি সকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ নিশ্চিতি প্ৰদান কৰিহে অ’বিচিৰ পৰা ওলাই অহা জনসংখ্যাৰ ভিত্তিত অন্য এক কেটেগৰীৰ জনজাতি সৃষ্টিৰ বাস্তৱিক ধাৰণাক সৰ্বগ্ৰহণযোগ্য কৰাৰ বাবে জাতীয় সংগঠন সমূহে চেষ্টা কৰিব লাগিব। খিলঞ্জীয়া অসমীয়াৰ সংজ্ঞা নিৰূপণ আজিৰ তাৰিখৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। ইয়াৰ বাবে হিমাচলী আৰু ছিমিকিজ মানুহৰ খিলঞ্জীয়াৰ সংজ্ঞাৰ মডেল আমি গ্ৰহণ কৰিব লাগিব। বিদেশীৰ পৰিচয় ধৰ্মৰ ভিত্তিত নহয়, ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়ৰেখাৰ ভিত্তিত হব লাগিব আৰু অসম চুক্তিৰ সকলো দফাৰ দ্ৰুত ৰূপায়ণ কৰিব লাগিব। পূৱ-পাকিস্তানী হিন্দু-মুছলিম সকলো অসমৰ বাসিন্দা তথা ভাৰতীয় হব। কিন্তু বাংলাদেশ গঠনৰ পাছত অহা যিকোনো প্ৰৱজনকাৰী বহিস্কাৰৰ বাস্তৱিক পদক্ষেপ লব লাগিবই। ধৰ্মৰ ভিত্তিত পূৱ-পাকিস্তানৰ পৰা অহা তাৰো পূৰ্বৰে পৰা অসমত থকা মুছলিম লোকক বাংলাদেশী আখ্যা দিয়াতো বন্ধ কৰিব লাগিব। বাংলাদেশীৰ পৰিচয় হব লাগিব, ডকুমেণ্টৰ ভিত্তিত, দাড়ি-টুপি দেখিলেই মুছলমানভীতি তাৰ ভিত্তি কেতিয়াও হব নোৱাৰে। সাংবিধানিক সুৰক্ষাৰ বাবে অনুচ্ছেদ ৩৭১ৰ অধীনত ব্যৱস্থা কৰাৰ কথা আলোচনা হৈ আছে, কিন্তু একেই দলে কাশ্মীৰত ৩৭১ অনুচ্ছেদ বাতিল কৰাৰ কথা কয়। গতিকে এনে দ্বি-চাৰিতাৰ ৰাজনীতিৰ বিৰুদ্ধে জাতীয় ঐক্যমত গঢ়ি বাস্তৱিক ৰূপৰেখা তৈয়াৰ কৰিব লাগিব। অসমত এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে, অসমৰ মুখ্যমন্ত্ৰী হ’লে প্ৰতিবেশী বাংলাদেশত বৰ্তমানেও বাসিন্দা মাক-দেউতাকে তাত মিঠাই বিলোৱাৰ দৰে ত্ৰিপুৰাকেন্দ্ৰিক ঘটনাৰ পুনৰাবৃত্তি নহয়। আন্তঃগাঁঠনি আৰু উন্নয়ণৰ ক্ষেত্ৰত অসমৰ সকলো কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পুনৰীজ্বীৱিকৰণৰ বাবে পদক্ষেপ লৈ নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিব লাগে তথা ব্যক্তিগত খণ্ডকো সমান্তৰালকৈ গঢ়ি তুলিব লাগে। কৃষি-পশুপালন আদিৰে আনকি ইউৰোপৰ বজাৰ দখল কৰা বাংলাদেশৰ কৃষকৰ সফলতাৰ মডেল অসমৰ বাবেও এক আৰ্হি হব পাৰে। এই বিষয়ে জাতীয় ঐক্যমঞ্চৰ গঠন আৰু অৰ্থনৈতিক ভাৱে জাতিটোক স্বাৱলম্বী কৰাৰ বাবেও এক সুচিন্তিত কৰ্ম-আঁচনি যুগুত কৰি ৰূপায়ণৰ বাবে চেষ্টা কৰিব লাগে। এনে ঐক্যবদ্ধ প্ৰচেষ্টাই অসমীয়া জাতিক সমৃদ্ধ কৰিব, সৱল কৰিব আৰু ৰাষ্ট্ৰীয়তাবাদৰ পকনীয়াত পৰাৰ আজিৰ দৰে দুৰৱস্থাৰ পৰা যে উদ্ধাৰ কৰিব পাৰিব সেই কথাও কিন্তু নিশ্চিত।

প্ৰশ্ন হয়, জাতিৰ এই সংগ্ৰাম বিজেপি বিৰোধী এখন সংগ্ৰাম বুলি সীমাবদ্ধ কৰা উচিত হব নে জাতীয় শত্ৰু সকলোৰে কাৰণে এইখন এখন আপোচবিহীন যুঁজ হব? ইয়াৰ উত্তৰ বিচাৰিলে ইয়াকেই কব পাৰি যে, সময়ে সকলোকে বিচাৰ কৰিবই। এই সন্ধিক্ষণত কোন অসমীয়া অসমৰ জাতীয় স্বাৰ্থৰ পক্ষে আছে কোনে খাৱৈলৈ ঠেলিবলৈ উদ্যত হৈছে, কোনো সুবিধাবাদী নিৰপেক্ষ অৱস্থান লৈছে, সেয়া ৰাইজে লিখি ৰখাটো ভাল। আজি এই কথা স্পষ্ট হৈ পৰিছে যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হিন্দু-ৰাষ্ট্ৰৰ সপোনৰ সৈতে অসমীয়াৰ সপোন একেসুৰৰ নহয়। আনকি উত্তৰ-পূৱৰ কোনো ৰাজ্যয়েই এই ৰাষ্ট্ৰীয়তাবাদী গেৰুৱা সপোনৰ অংশ নহয়। উত্তৰ-পূৱ ভৌগোলিক আৰু ঐতিহাসিক ভাৱেই স্বাধীন আৰু আত্ম-নিৰ্ভৰশীল সত্তা। গতিকে বহুত্ববাদী ভাৰতৰাষ্ট্ৰত স-সন্মানে সম-মৰ্যদাৰে স্থান পালেহে আৰু সম-বিকাশৰ গতিৰে উন্নতিৰ চিৰি বগোৱা সপোনৰ অংশীদাৰ হবলৈহে অসম তথা উত্তৰ-পূৱৰ ৰাজ্য ভাৰতীয় ৰাষ্ট্ৰৰ সৈতে আছে। নিজস্বতা বিক্ৰী কৰি বা নিজৰ জাতীয় অস্তিত্বৰ পৰিচয়ক অস্তিত্বৰ সংকটলৈ ঠেলি ‘ভাৰতীয়’ হোৱাৰ বাসনা নাই! সকলোৰে বাবে বিকাশৰ প্ৰতিশ্ৰুতি দি শাসন লৈ, এতিয়া অস্তিত্বৰ সংকটৰ সময়তো সহানুভূতি প্ৰদৰ্শন নকৰা শাসকক পৰাভূত কৰাটোৱেই আজিৰ তাৰিখত হ্বস্ৰম্যাদী লক্ষ্য হোৱা উচিত। চন্দ্ৰবাবু নাইডুৰ দৰে বিকশিত অন্ধ্ৰৰ বাবে সহযোগিতা কৰা ৰাজনৈতিক শক্তিৰ সৈতেহে কেন্দ্ৰীয় শাসনৰ অংশ লোৱাৰ মডেল কথাও এই ঐক্যবদ্ধ শক্তিয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থত দীৰ্ঘদিনৰ বাবে লক্ষ্য কৰি লব লাগিব।

তৃতীয়তে, ‘স্বাধীন অসম’ৰ যি প্ৰসংগ এক অৱধাৰিত পৰিণতি হিচাবে উচ্চাৰিত হৈছে তাৰ প্ৰাসংগিকতা কিমান, তাৰো বিচাৰ কৰিব লাগিব। স্বাধীনোত্তৰ ভাৰত একে দিনাই বিকশিত হোৱা নাই, মংগলাযানৰ দৰে সফলতা কোনো এটা ৰাজনৈতিক দলৰ একক ক্ৰেডিট নহয়, এই বিকাশ এক নিৰত্তৰ প্ৰক্ৰিয়া, যাৰ অংশ হৈছে ভাৰতৰ প্ৰতিজন শ্ৰমজীৱি, বৌদ্ধিক সমাজ, বিজ্ঞানী-অভিযন্তা আৰু দিকদৰ্শী ৰাজনীতিবিদ সকল। অসম আজিৰ তাৰিখত ১৯৭৯ৰ স্বাধীন অসমৰ দাবীৰ পৰা কেইবাযোজন আঁতৰি আহিছে, বিকশিতও হৈছে। ভিন্নজন অসমীয়াই এতিয়া ৰাষ্ট্ৰৰ বিকাশত ভিন্ন ৰূপত সৱল অৰিহণা আগবঢ়াইছে। সমৃদ্ধশালী ৰূপত গঢ় লোৱাৰ দিশত থকা ভাৰতৰ সৈতে অধিক সমৃদ্ধিশালী অসম গঢ়াৰ সপোন এক অংশীদাৰ। এখন বিধেয়কৰ যেতিয়া ৰাজ্য সভাৰ লক্ষ্ণণৰেখা পাৰ হবলৈ ৰৈ আছে, তাৰ পাছতো ধৰ্ম-নিৰপেক্ষাতৰ প্ৰশ্নত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেন্সৰ সন্মুখীন হবলৈ বাকী আছে। এই ক্ষণত চলা ৰাজনীতিয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থতকৈ কাৰ ‘ধৰ্ম-ভিত্তিক ৰাষ্ট্ৰৰ সপোন’ বেছি গুৰুত্বপূৰ্ণ তাকেহে প্ৰতীয়মান কৰিছে। এনে সাম্প্ৰদায়িক শক্তিয়ে বিকাশৰ মুখা পিন্ধি কিছুদিন ভাওনা কৰিলেও যে, প্ৰকৃততে সাধাৰণ ৰাইজৰ ইচ্ছা-অনুভূতিক যে সন্মান কৰিবলৈ অপাৰগ সেয়া প্ৰমাণিত হৈছে। এনে ৰাজনৈতিক অপশক্তিক দেশ আৰু জাতিৰ স্বাৰ্থত ৰাজনৈতিক ভাৱেই পৰাভূত কৰিব লাগিব। এই জটিল ক্ষণত অসম আৰু অসমীয়াই ঐক্যবদ্ধ হৈ এক কল্যাণকামী বাস্তৱিক কৰ্মসূচীৰে অসমীয়াৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ এক বিকল্প ৰাজনীতিৰ পাতনি মেলাৰ শুভ-ক্ষণ যে সমাগত হৈছে, সেই কথাহে কিন্তু সুনিশ্চিত হৈ পৰিছে।
(লেখাটি আজি দৈনিক জনমভূমিতো প্ৰকাশ পাইছে)

No comments:

Post a Comment