Saturday, January 11, 2014

আজিৰ অনুভৱ

নতুন লেখকৰ লেখা আৰু 
প্ৰতিস্থিত সম্পাদকৰ সহাঁৰি
পংকজজ্যোতি মহন্ত
কিছুমান মানুহে কম সময়তে বা সৰুতেই আনতকৈ বহুতো বেছি কাম কৰিব পাৰে। ইয়াৰ বাবে কঠোৰ অনুশীলন কৰি তেওঁলোকে কিছুমান গুণ বা পদ্ধতি আয়ত্ব কৰি লয়, যাৰ বাবে সমসাময়িক সকলোৰে নিচিনাকৈ উপভোগ-বিনোদন কৰিও তেওঁলোকে কামবোৰ কৰি পেলাব পাৰে। কিন্তু খুৱ সম্ভৱ কিছুমান ডাঙৰ মানুহে এই কথাটো মানি ল'বলৈ টান পায়। হয়তো তেওঁলোকে কল্পনা কৰিব নোৱাৰে, কাৰণ নিজৰ সেই বয়সত তেওঁলোকে তেনে কথা ভাবিবই পৰা নাছিল। 
কাকতে-পত্ৰই-মুখেৰে এনে এটা কথা প্ৰায়ে শুনা যায় যে বহুতো কাকত-আলোচনীয়ে নামৰ আগে-পাছে কিছুমান ডিগ্ৰী লাগি থকা লোক, কিছুমান বিশেষ ঠাই বা বিশেষ পজিচনত থকাৰ কথা ঘোষণা কৰিব পৰা লোক, বা প্ৰতিস্থিত লেখকৰ লেখাহে প্ৰকাশ কৰে। এই অভিযোগ নতুন লেখকে প্ৰায়েই কৰা বা এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।


আন নালাগে, নিচেই ওচৰৰ এটা উদাহৰণ হ'ল ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা সমীৰ তাঁতীদেৱে প্ৰথমে যেতিয়া তেখেতৰ লেখা প্ৰকাশ কৰিবলৈ দুখনমান আলোচনীৰ সম্পাদকৰ ওচৰলৈ গৈছিল তেতিয়া তেখেতক হেনো কৈছিল-- তোমাক কোনেও চিনিয়েই নাপায়, তোমাৰ লেখা কেনেকৈ প্ৰকাশ কৰিম !! পাছত তেখেত হোমেন বৰগোহাঞিৰ ওচৰলৈ গৈছিল আৰু তেখেতে লেখা প্ৰকাশ কৰিছিল.....। 

বৰ্তমান সময়ৰ সেইধৰণৰ কুখ্যাত, অথচ পাঠকে বিজ্ঞাপন লাভৰ বাবে সঘনাই ক্ৰয় কৰা বাবে অধিক প্ৰচলিত এখন কাকতলৈ কেইমাহমানৰ আগতে এজন কম বয়সীয়া তীক্ষ্ণধী যুৱকে এটা উন্নত মানৰ বিশেষ লেখা পঠালে, কিন্তু সেই লেখাটো প্ৰকাশ কৰাৰ পৰিৱৰ্তে একেটা বিষয়তে এজন প্ৰতিস্থিত বুলি ঘোষণা কৰিব পৰা ব্যক্তিয়ে লিখা লিংলাং লেখা এটাহে প্ৰকাশ কৰা দেখা গ'ল। আনকি লেখাটোত তথ্যৰো ভুল আছিল, যিবোৰ সম্পাদকে চোৱা নাছিল...., সমূহ তথ্য চোৱাটো বাৰু সম্পাদকৰ বাবে সম্ভৱো নহয়, কিন্তু লেখাটোত থকা ভুলখিনি দেখুৱাই দি লিখা পত্ৰও তেওঁলোকে প্ৰকাশ কৰা নাছিল....।

No comments:

Post a Comment