Sunday, January 19, 2014

মুকলি চিন্তা

সঁচা পৃথিৱীৰ গণশিল্পী, লেখক, নেতা, অভিনেতাঃ 
গণ-বিচ্ছিন্ন চেলিব্ৰিটী
অজয় লাল দত্ত
কালি মুম্বাইৰ অসম এচোচিয়েছনে নৱী-মুম্বাইৰ ৱাশীত থকা অসম ভৱন প্ৰাগংণত ভোগালী বিহুৰ উপলক্ষে আয়োজন কৰিছিল, এক সাংস্কৃতিক সন্ধিয়া তথা প্ৰীতি ভোজৰ। সেই উপলক্ষতে বিভিন্নজন অসমীয়া ভাই-বন্ধুৰ সতে বহুদিনৰ পাছত অন্তৰংগভাৱে আড্ডা দিয়াৰ সুযোগ পাইছিলো। তেনে এক বাৰ্তালাপতে এজন ভাইটিয়ে জনপ্ৰিয়তাই চেলিব্ৰিটিৰ ৰূপ দিয়া শিল্পী, অভিনেতা, লেখক ক্ৰমে গণ-বিচ্চিন্ন হৈ যোৱাৰ দিশ এটা আঙুলিয়াই দিছিল।


এই প্ৰসংগতে তেওঁ এটা সময়ৰ ৰাষ্ট্ৰীয়ভাৱে সমাদৃত কৌতুক শিল্পী ৰাজু শ্ৰীবাস্তৱে দিয়া এক স্বীকাৰোক্তিৰ কথা উল্লেখ কৰিছিল। কোনো এক অনুষ্ঠানত ৰাজু শ্ৰীবাস্তৱে হেনো কৈছিল, আগতে তেওঁ সাধাৰণ মানুহ আছিল, গাঁৱে-ভূইঞে, নগৰে চহৰে ট্ৰেইনে, বাচে লফিয়াই ঘূৰি ফুৰিব পাৰিছিল।  সাধাৰণ মানুহৰ সঁচা পৃথিৱীখন তেওঁৰ দুচকুত উন্মুক্ত হৈ পৰিছিল, তেওঁ পৰ্যবেক্ষণৰ সুযোগ লাভ কৰিছিল। আৰু তাৰ পৰাই বুটলিছিল তেওঁৰ সৃষ্টিৰ সমল । সাধাৰণ মানুহৰ সাধাৰণ আওভাও, জীৱনশৈলীক কৌতুকৰ দৃষ্টিৰে হাস্য ব্যংগ সানি তেওঁ পৰিবেশন কৰিছিল আকৰ্ষণীয়কৈ। সেয়ে তেওঁ সেই সময়ত চুই যাব পাৰিছিল সমাজৰ বেছিভাগ সৰল জনতাৰ সহজ অন্তৰ। জিনিব পাৰিছিল অলেখ জনপ্ৰিয়তা। 

পিছে তেওঁৰ জনপ্ৰিয়তাই তেওঁক এদিন চেলিব্ৰিটিৰ ৰূপ দিলে। ইফালে ওলাব নোৱাৰে, হাই ৰাজু, সিফালে ওলাব নোৱাৰে অট'গ্ৰাফ প্লীজ! দেশৰ বিভিন্ন কোনত বা বিদেশত অনুষ্ঠানৰ বাবে গলেও ইভেণ্ট মেনেজমেণ্ট কোম্পানীয়ে তুলি দিয়ে বিমানৰ টিকট! তাতো কেতিয়াবা বিজনেজ ক্লাছৰ বিলাসিতা, যত মানুহলৈ চাই হাঁহি এটা মৰাও ভদ্ৰতাৰ সীমা চেৰোৱা বা প্ৰাইভেচীক দখল দিয়াৰ দৰেই! ৰাজু শ্ৰীবাস্তৱৰ অনুভৱবোৰ, তেওঁ সাধাৰণ গঞা ৰাইজৰ মাজৰ পৰা ক্ৰমাত গণ-বিচ্চিন্ন হোৱাতো তেওঁৰ কৌতুকবোৰতো লাহে লাহে উজলি উঠিবলৈ ধৰিলে। ৰাজুৰ কৌতুক মানেই সেই একেই গাঁৱত শ্বোলে প্ৰদৰ্শনৰ কাহিনী, যেন এক নতুনত্ব বিহীন। লাহে লাহে সঁচা অৰ্থত কমেডি জগতৰ সম্ৰাটৰ আসনখনৰ পৰা সাময়িক ৰাজনৈতিক তথা ফিল্মী বাতৰিৰ সৈতে মানুহৰ মাজত চলি থকা জনপ্ৰিয় চেঞ্চৰ সৈতে অনুৰণন তুলি কপিলে ৰাজু শ্ৰীবাস্তৱক ক্ৰমাত গাদীচ্যুত কৰিলে।  সেই কথা চাগৈ কোনেও নুই কৰিব নোৱাৰে।


এই প্ৰসংগতে পৃথিৱীৰ এজন বিখ্যাত লেখক তথা ভ্ৰমণ কাহিনীৰ স্ৰষ্টা ভি এচ নাইপলৰ কথা উল্লেখ কৰিব লাগিব। উপৰোক্ত কথাখিনি নাইপলৰ এটি বিখ্যাত উক্তিটো প্ৰতিফলিত হৈছিল, সেয়া হৈছে- "By observations you can see a lot." পৰ্যবেক্ষণ কৰিলে সঁচাই বহু কথা অনুধাৱন কৰিব পাৰি। সুক্ষ্ম পৰ্যবেক্ষণে একোটা বস্তু বা বিষয় সন্দৰ্ভে বহু নতুন কথা উন্মোচন কৰিব পাৰে। নাইপলৰ লেখাত তেখেতৰ এই সুক্ষ্ম পৰ্যবেক্ষণ আৰু সেই পৰ্যবেক্ষণত তেখেতৰ চকুত ধৰা দিয়া সৰু বৰ দিশবোৰ সঁচাই অনুপম ৰূপত প্ৰতিফলিত হয়। 

নাইপল চাহাবে দুবাৰকৈ কৰা ভাৰত ভ্ৰমণৰ বৰ্ণনা থকা গ্ৰন্থ কেইখন পঢ়িলে আমাৰ দৃষ্টিয়ে ঢুকি নোপোৱা জন-জীৱন- সংস্কৃতিৰ বহু কথা, সমাজ ৰূপান্তৰৰ বাহক বহু দিশ, ইতিহাসবিদে সামৰিব নোৱাৰা বহু অলিখিত বুৰঞ্জী, গাঁথা উন্মোচিত হয়। পাঠকে প্ৰতিটো পৃষ্ঠাতে পোৱা ৰসস্বাদৰ ভিন্নতা, সুক্ষ্ম পৰ্যবেক্ষণেৰে কৰা সাৱলীল বৰ্ণনাই পাঠকক সেই পৰিবেশৰ চাক্ষুস ভ্ৰমণৰ সোৱাদ দিয়ে। আন গ্ৰন্থই চুব নোৱাৰা বুৰঞ্জীৰ ন-ন কাহিনীয়েই নাইপলৰ গ্ৰন্থক বিশ্ব-বিশ্ৰুত কৰি তুলিছে।  আৰু সাধাৰণ মানুহৰ সাৰ্বজনীন সমস্যা বা দিশৰ উদঘাটনে তেখেতৰ ৰচনাক যুগজয়ী কৰি তুলিছে। তেখেতে তাৰ বাবে দেশে, দেশে, ঘৰে ঘৰে, ঠায়ে ঠায়ে ভ্ৰমি, থাকি, অনুধাৱন কৰিহে এই সকলো লেখাক ৰূপ দিছে, লণ্ডনতে বহি থাকি নহয়! 

সেইদৰে বহু বিশ্ব-বিশ্ৰুত আন আন বিদেশী লেখকেও কোনো উপন্যাস, বা লেখাৰ বাবেই হওক, পটভূমিত বহুদিন আত্মগোপন বা বেলেগ পৰিচয় বহন কৰি সমগ্ৰ সাময়িক পৰিস্থিতিক অনুধাৱন কৰাৰো উদাহৰণ পঢ়িবলৈ পোৱা যায়। ৰহস্য তথা ফৰেনচিক বিষয়ৰ উপন্যাসেৰে বিশ্বৰ পাঠকৰ সমাদৰ লভা চিকিতসক তথা লেখক ৰবীন কুকেও "ফৰেইন বডী" নামৰ উপন্যাসখনৰ বাবে দিল্লীৰ পৰা নেপাল সীমান্তৰ পটভূমিলৈ কাহিনীভাগ আগবঢ়াই নিবৰ বাবে ভাৰতত বাহৰ পাতি থাকি লৈছিলহি। আৰু এই উপন্যাসৰ জড়িয়তে "মেডিকেল টুৰিজিম" নামৰ সদ্য বিকশিত ধাৰণাটোক লৈ অন্বেষণ পাঠকক তুলি ধৰিছে। 

একেধৰণেৰে বিশ্বৰ বিভিন্ন দেশৰ জীৱনযাত্ৰা, খাদ্যশৈলীক ওচৰৰ পৰা তুলি ধৰা "গৰ্ডনচ গ্ৰেট এচকেপ" নামৰ খাদ্য-ৰসস্বাদ-যাত্ৰাৰ জনপ্ৰিয়তায়েও তাকেই প্ৰতীয়মান কৰে। এইজনা খাদ্যৰসিকৰ ভ্ৰমণে নাগালেণ্ড, ত্ৰিপুৰাৰ উপৰিও অসমকো সামৰি লৈছে।  আনকি গুৱাহাটীত কোনো মহিলা সমিতিয়ে আয়োজন কৰা ৰন্ধন প্ৰতিযোগিতাত আমাৰ অসমীয়া আই-মাতৃ-খুড়ী-পেহী-ভগ্নী সকলৰ সৈতেও তেওঁ অংশগ্ৰহণ কৰিছে। সাধাৰণ মানুহক ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি, সেই কথাবোৰক তুলি ধৰাৰ বাবেই এইজনা খাদ্যৰসিক তথা গৱেষকে পৃথিৱীজোৰা খ্যাতি লাভ কৰিছে। (অসমক সামৰি লোৱা খণ্ডটো চাবৰ বাবে ইয়াত ক্লিক কৰক)


গণশিল্পী ভূপেন হাজৰিকাই খোদ ভেশচন ধৰি ভৰলুৰ পাৰত বিহাৰী সম্প্ৰদায়ৰ কোনো ভজন-কীৰ্তনত অংশ লোৱাৰ কাহিনীও শুনিবলৈ পোৱা যায়। দিচাংমুখত ৰাতি কটাই "দিচাং মুখৰ ডেকাটি"ৰ দৰে কালজয়ী গীত ৰচা ভূপেনদাই অসমৰ তথা বিভিন্ন দেশৰ জনগণক ওচৰৰ পৰা অনুধাৱন কৰাৰ বাবেই অঘৰী জীৱন যাপন কৰি গণ-জীৱনক চুই-তুলি ধৰিবলৈ সক্ষম হৈছিল। ঘৰে ঘৰে ঠায়ে ঠায়ে আত্মগোপন কৰি ফুৰিও সৃষ্টিৰ বোৱাতী নদীৰ সৃষ্টি কৰা বিষ্ণু ৰাভাৰ সাৰ্বজনীনতা তথা যুগজয়ী সৃষ্টিও তাৰেই অনুপম উদাহৰণ।

এই আলোচনাৰ পৰা এয়াই অনুভৱ হয় যে, সাধাৰণ মানুহৰ সঁচা পৃথিৱীখনক সমল ৰূপে লৈ সৰ্ব-সাধাৰণৰ গ্ৰহণযোগ্য, যুগজয়ী সৃষ্টিৰ বাবে সৰ্ব-সাধাৰণ মানুহৰ সঁচা পৃথিৱীখনক ওচৰৰ পৰা অনুধাৱন কৰাৰ বাহিৰে কোনো উপায় নাই।

তাৰ বিপৰীতে অসমীয়া বৌদ্ধিক মহলৰ প্ৰতি সতকাই "বাতানুকূল কোঠাত বহি সাধাৰণ জনতাৰ অনুভূতিৰ গল্প" কৰাৰ অভিযোগ উঠিয়েই থাকে। একেদৰেই প্ৰৱন্ধ লেখক, টিভিৰ পৰ্দাৰ বিশ্লেষক সকলৰো বেছি ভাগেই সাধাৰণ মানুহৰ শ্ৰেণী, সংস্পৰ্শ কেতিয়াবাই ত্যাগ কৰা এচাম লোক বুলিহে ৰাইজৰ মতামতত প্ৰকাশ পায়।  যি সকলে শদিয়াৰ পৰা ধুবুৰী, জোনাইৰ ৰূকসিং গেটৰ পৰা শ্ৰীৰামপুৰৰ সীমান্ত কোনো দিন দেখা নাই, সেইবোৰ ঠাইৰ জন-গাঁথনি, স্থানীয় অভাৱ, সমস্যা, জীৱনৰ সম্বল কি জনাৰ চেষ্টা কৰা নাই, মাত্ৰ  সকলো সমস্যা গুৱাহাটীত বাতৰি কাকত লুটিয়াই, বা টিভিৰ পৰ্দাৰ সমলেৰে বিশ্লেষণ কৰাৰ, সমাধানৰ পথ দিয়াৰ সপোন দেখে। বহুতেই নিজৰ পদমৰ্যদা, চিনাকি, লিংকেৰে নিজকে বৌদ্ধিক নেতা বুলি জনপ্ৰিয় মাধ্যমৰূপে প্ৰতিষ্ঠাপিত কৰাত সফলতা লভিছে। যাৰ ফলত স্থানীয় ভাৱে স্থানীয় সমস্যাক চুই-বুজিও সমাধানৰ বাবে পথ নোপোৱা বেছিভাগ লোকৰেই কণ্ঠই জনপ্ৰিয় মাধ্যমত বাট বিচাৰি নোপোৱা হৈ পৰিছে। শিপাচ্ছিন্ন এজাক এনে মানুহৰ আচ্ছাদন, লবীৰ ফলতেই অসমে কাৰ্যকৰী দিশ দিয়া বৌদ্ধিক নেতৃত্বৰ অভাৱত ভূগিছে বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

একেদৰেই নেতা, শিল্পী আদিয়েই অতি কম সময়তে জনপ্ৰিয়তাৰ শিখৰ চুই, নিজকে চেলিব্ৰটি ষ্টেটাছৰ বুলি অনুভৱ কৰি সাধাৰণ মানুহৰ সঁচা পৃথিৱীখনৰ পৰা ক্ৰমাত আঁতৰি কৃত্ৰিম আন্তৰিকতাহীন "বিজনেজ ক্লাছ"ৰ পৃথিৱীত আত্মগোপন কৰা পৰিলক্ষিত হয়। (আনকি এখন বিহু চিডিত অভিনয় কৰাৰ পাছতে গাঁৱৰ আন মানুহক মাতিবলৈ এৰা অভিনেত্ৰীও আমাৰ সমাজত আছে!) ফলত নিসংগতাও এক এৰিব নোৱাৰা লগৰী হৈ পৰে, একাকী জীৱনে, গণ-বিচ্ছিন্ন হোৱা শিল্পীমনক নতুন সাধাৰণ মানুহক চুই যোৱা শিল্প সৃষ্টিৰ প্ৰতি প্ৰেৰিত কৰিব নোৱাৰে। ফলত ধাৰাবাহিকভাৱে মানুহৰ আশা পূৰণ কৰিব নোৱাৰাৰ বাবেই একোটা কক্ষচ্যুত তৰাৰ ৰূপত আকাশত দিনে দিনে নিষ্প্ৰভ হৈ বিলীন হৈ পৰে।  

সেই একেই কথা ৰাজনীতিবিদ সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। শাসনৰ নিচা, ক্ষমতাৰ আনন্দ, তোষামোদকাৰীৰ কেইবাতৰপীয়া আচ্ছাদনৰ ফলত ক্ৰমাত গণ-বিচ্চিন্ন হবলৈ ধৰে নেতা সকল। এনে নেতাই সাধাৰণ মানুহৰ জন-জীৱনক ব্যতিব্যস্ত কৰা বিষয় সমূহ অনুধাৱন কৰিব নোৱাৰে।  নিজৰ স্বাৰ্থৰ বাবে ক্ষমতাত থকা কালত ঘেৰি থকা তোষামোদকাৰী, স্তাৱকৰ দলে বাস্তৱ পৃথিৱীত, তৃণমূলত কি বেমাৰ লাগিছে তাকো অনুধাৱন কৰিবলৈ নিদিয়ে।  ইতিহাসে আনকি হিটলাৰৰ দৰে শাসকৰো গাদীচ্যুত হোৱাৰ কাৰণ এনে স্তাৱকৰ দলে দিয়া ভুল তথ্য বা বাখ্যা বুলিয়েই উদঙাই দিছে।

সেয়ে শিল্পী, নেতা, অভিনেতা, লেখক কোনোৱেই সাধাৰণ মানুহৰ সঁচা পৃথিৱীখনৰ ঘাত-প্ৰতিঘাত, সমস্যা, জীৱন-শৈলী, সমাজ, পৰিবৰ্তনৰ ৰূপৰেখা আদিক উলাই কৰি চেলিব্ৰটিৰ খোলাৰ ভিতৰৰ এক কৃত্ৰিম পৃথিৱীত বাস কৰি নিজক কক্ষপথত ধৰি ৰাখিব নোৱাৰে। এই কথা নুই কৰি চলিব বিচৰা সকলক সদায়েই ইতিহাসে কক্ষচ্যুত তৰাৰ ৰূপত বিলীন কৰি দিয়াটোৱেই এক নিৰ্মম সত্য!

1 comment: