পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বেংগেলুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোতসৱত উজ্বলিল দিচাঙমুখৰ জন-জীৱনঃ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে মঞ্জু বৰা পৰিচালিত ছবি "কঃয়াদ"য়েঃ "সুচিত্ৰা সন্মান" পুৰস্কাৰৰ সৈতে ছবিৰ পৰিচালক আৰু প্ৰযোজকে দুই লাখকৈ চাৰি লাখ টকাও লাভ কৰিছে। ছবিখনৰ সকলো কলা-কুশলীলৈ অভিনন্দন।
২. কামাখ্যা ষ্টেচনৰ পৰা তেজপুৰলৈ আৰম্ভ হ'ল ঐতিহাসিক ব্ৰডগজ ৰেলঃ উত্তৰ পাৰৰ উজনিলৈ  ব্ৰডগজৰ প্ৰথমখন যাত্ৰীবাহী কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটিৰ হ'ল শুভাৰম্ভ।

৩. ৰেইনচফটৰ উদ্যোগত উন্মোচিত হ'ল ব্যতিক্ৰমী কেলেণ্ডাৰঃ ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিয়া বীৰুবালা ৰাভাই শুৱনি কৰিলে কেলেণ্ডাৰ।

৪.  উত্তৰ পূৱ গ্ৰন্থ মেলাত অদ্যপি দুই কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰ সুখবৰঃ উন্মোচিত হ'ল "আমাৰ ওচৰৰ ভাল মানুহবোৰ" শীৰ্ষক গ্ৰন্থ।

৫. আজি দৰঙৰ ৰামগাঁৱত ৩৩খন অংকীয়া ভাওনাৰে বিশ্ব অভিলেখ গঢ়িব শংকৰ সংঘই।


গৱেষক সুশান্ত কুমাৰ কাশ্যপৰ গৱেষণাগ্ৰন্থ
উন্মোচিত হ'ল উত্তৰ পূৱ গ্ৰন্থমেলাত
বিষয়ঃ Implementation Of Poverty Alleviation And
Employment Generation Programmes In Assam
৬. পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ উদ্যোগত অহা ৬-১২ জানুৱাৰীলৈ অনুষ্ঠিত হব পশ্চিম যোৰহাট গ্ৰন্থ উছৱ-২০১৪ৰঃ প্ৰকাশিত হব স্মৃতিগ্ৰন্থও, মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়েও।

৭. দিল্লীত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত কাৰাটেত অসম দলে জয় কৰিলে পাঁচোটাকৈ পদক।

৮. ভাৰতে জয় কৰিলে ক্ৰিকেটৰ অনূৰ্ধ ১৯ৰ  এছিয়া কাপঃ শ্বাৰজাহত হোৱা খেলত ৪০ৰাণত পৰাজিত কৰিলে পাকিস্তানক।

৯. বৰদলৈ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে শ্বিলঙৰ লাজং ক্লাৱেঃ ভাল খেলিও পৰাজিত হ'ল অসম পুলিচ ব্লুজ দল।

১০. অহা ২০ জানুৱাৰীৰ পৰা জজ খেলপথাৰত আয়োজিত হৈছে সংবাদকৰ্মী সকলৰ মাজত এক ক্ৰিকেট প্ৰতিযোগিতা মিডিয়া টি-২০ৰ।

১১. অসমত কংগ্ৰেছ দলে আৰম্ভ কৰিছে ৰাজ্যজুৰি বিকাশ যাত্ৰাৰঃ কেইবাহাজাৰ বুথ কমিটিৰ উদ্যোগত এই পদযাত্ৰা কৰা সদস্য সকলে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লব বুলি জানিব পৰা গৈছে।

১২. নগাঁৱত কাকত বিলনীয়া সকলৰ আৰ্থিকভাৱে জুৰুলা পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ বাবে স্থাপন কৰিলে এক ব্যতিক্ৰমী ন্যাসঃ এই ন্যাসৰ পুঁজিৰ বাবে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা নেহেৰুৱালিলৈ আমন্ত্ৰণ জনাইছে কহিনুৰ থিয়েটাৰকো।

১৩. আৰম্ভ হ'ল অসম সাহিত্য সভাৰ বিশেষ চৰ-চাপৰি অভিবৰ্তনঃ উদুলি মুদুলি হ'ল বৰপেটাৰ আলোপতি মাজৰচৰ।

১৪. পেলনীয়া সামগ্ৰীয়ে প্ৰাণ পায় চন্দ্ৰপুৰৰ মইনা বড়োৰ হাতৰ স্পৰ্শতঃ মুখা শিল্পৰে জীৱিকা উলিয়াই আদৰ্শ দেখুৱাইছে এইজনা উদ্যোগীয়ে।

১৫. মৈৰাবাৰীত শিশু বিজ্ঞান সমাৰোহত অংশ গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহেঃ শিশু সকলক জাতীয়তাবোধৰ মানসিকতাৰে অনুপ্ৰাণিত কৰিবলৈ জনালে আহ্বান।

১৬. মিচিং জাতীয় মহাসভা বা মিচিং বানে কেবাঙৰ ৩৫ সংখ্যক কেন্দ্ৰীয় অধিবেশন অহা ৬-৯ ফেব্ৰুৱাৰীলৈ আয়োজিত হৈছে যোৰহাটৰ বাঁহফলাতঃ দুই লক্ষাধিক লোকৰ সমাগম হব বুলি আধা কৰি ডেৰ কোটি টকাৰ বাজেটেৰে চলিছে পূৰ্ণ প্ৰস্তুতি।

১৭. অসমৰ শ্ৰম আয়ুক্তৰ নিৰ্দেশত চাহ শ্ৰমিকৰ মাজত আনন্দৰ ঢলঃ এতিয়াৰ পৰা চাহ শ্ৰমিকে লাভ কৰিব ৰেচন সংযোজিত বোনাছ।

১৮. অহা ১৬,১৭ আৰু ১৮ জানুৱাৰীত অনুষ্ঠিত হব প্ৰসিদ্ধ জোনবিল মেলাঃ চলিছে পূৰ্ণ প্ৰস্তুতি।

১৯. সাহিত্যচাৰ্য ডঃ ৰমেশ পাঠকৰ লেখক, আৰ্হি পাঠক, আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুত কৰা "অসমীয়া ভাষা সাহিত্য চৰ্চাকাৰীসকলৰ হাতপুথি" উন্মোচন কৰিলে কথাশিল্পী ইমৰাণ শ্বাহ দেৱেঃ একেলগে উন্মোচিত হ'ল বিশাল প্ৰকাশনৰ সাতখনকৈ গ্ৰন্থ।

২০.  দক্ষিণ কামৰূপৰ গুমী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সদৌ অসম কাবাদী সন্থাৰ সহযোগত আৰম্ভ হৈছে সদৌ অসম ভিত্তিক পুৰুষ-মহিলাৰ আমন্ত্ৰণমূলক কাবাদী খেল প্ৰতিযোগিতাঃ শুভাৰম্ভ কৰিলে কাবাদী সন্থাৰ সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতাই।

No comments:

Post a Comment