পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি পালিত হৈছে ছহিদ দিৱস।  সেই উদ্দেশ্যে অসমৰো সকলো কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান, বেংক আদিত দিনৰ ১১বজাত দুই মিনিটৰ মৌন প্ৰাৰ্থনাৰে ছহিদ সকললৈ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।
ধেমাজিৰ ৰংচটিওৱা পথাৰৰ ফ্ৰা-ছেং মুঙ ক্ষেত্ৰত কালিৰে পৰা
তিনিদিনীয়াকৈ  অনুষ্ঠিত হৈছে সদৌ বৰগোহাঞি বংশাৱলী

২. আজি অসমৰ ৰাইজৰ সেৱাত মুকলি কৰা হৈছে অসমৰ ষষ্ঠখন চিকিতসা মহাবিদ্যালয় আৰু চিকিতসালয়ঃ  তেজপুৰ চিকিতসা মহাবিদ্যালয় আজি উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৩. বিগত দশকত ভাৰতবৰ্ষত ১৭% বৃদ্ধি পাইছে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগঃযোৱা চাৰি বছৰতে ১৭৫বিলিয়ন ডলাৰ ভাৰতত বিদেশী ধনৰ প্ৰত্যক্ষ বিনিয়োগ হোৱা বুলি সফলতা দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৪. ডঃ ভূপেন হাজৰিকাৰ সাহিত্য কৰ্মৰ অনুবাদ কৰ্মশালা আয়োজিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ শৈক্ষিক পদাধাকাৰী মহাবিদ্যালয়ৰ উদ্যোগত।  হ্ৰস্বকালীন পাঠ্যক্ৰম ৰূপে আয়োজিত এই কৰ্মশালাত মুঠ পশিচ গৰাকী সহযোগী অধ্যাপক অধ্যাপিকাই অংশগ্ৰহণ কৰে। ইংৰাজী, হিন্দীৰ লগতে উত্তৰ পূৱৰ কেইবাটাও ভাষালৈ ভূপেনদাৰ গীত অনুবাদ কৰাৰো প্ৰচেষ্টা হাতত লব বুলি সদৰী কৰিছে আয়োজকে সকলে।

৫. ৰোজগাৰ মেলা-২০১৪ গুৱাহাটীত উন্মোচন কৰি শ্ৰম আৰু নিয়োগ মন্ত্ৰী পৃথিৱী মাঝিয়ে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি স্বাৱলম্বী হবলৈ নৱ-প্ৰজন্মক আহ্বান জনায়।  "নতুন কৰ্ম সংস্থাপন-আধুনিক বৃৰ্ত্তি" শীৰ্ষক বাণীৰে কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা ৰোজগাৰ মেলাত ৭২ প্ৰতিস্থানে অংশগ্ৰহণ কৰিছে আৰু দুহেজাৰজনে ইয়াৰে পোনপটীয়াকৈ নিয়োগৰ সুবিধা লাভ কৰিব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে।

৬. তেজপুৰত সীমান্ত আৰক্ষীৰ জালত পৰিল ৮জন বাংলাদেশীঃ কলিকতালৈ আহিবলৈ ভিছা লৈ, যোৱা ২০ ডিচেম্বৰৰ পৰা অবৈধভাৱে তেজপুৰৰ এখন ল'জত তেওঁলোকে বাহৰ পাতি আছিল বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

৭. সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পঞ্চবিংশতিতম দ্বি-বাৰ্ষিক সমাৰোহখনি কাইলৈৰ পৰা চাৰিদিনীকৈ ডুমডুমাত অনুষ্ঠিত হব। কেইবাখনো গ্ৰন্থৰ উন্মোচন, "ঐতিহাসিক অসমীয়া উপন্যাসৰ গতিধাৰা আৰু আধুনিক ঔপন্যাসিকৰ ভূমিকা" শীৰ্ষক আলোচনাচক্ৰ, কবি সন্মিলন, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজিত হোৱাৰ লগতে প্ৰদান কৰা হব লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন বঁটা সমূহো।

৮. ৰাইজৰ প্ৰৱল সহাঁৰি লভি চলি আছে ধিঙ গ্ৰন্থমেলা-২০১৪।সহস্ৰাধিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত উন্মোচিত হ'ল স্মৰণিকা "ভেনাছ-জ্যোতি"। আয়োজিত হোৱা শিশু সমাৰোহতে অনুষ্ঠিত হ'ল "শৈশৱত যোগাত্মক মানসিক চিন্তা গঢ় দিয়াত সমাজ আৰু গ্ৰন্থৰ ভূমিকা" শীৰ্ষক এখনি আলোচনাচক্ৰও।

৯. শিৱসাগৰৰ কালুগাঁও বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা অনুষ্ঠানৰ সামৰণি। স্মৰণিকা "স্বৰ্ণ-কাঁচলি" হ'ল উন্মোচিত । "সাম্প্ৰতিক সময়ৰ সামাজিক মূল্যবোধৰ অৱক্ষয় আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়" শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিলে বিজ্ঞানী তথা লেখিকা ডঃ মালিনীয়ে।

১০. মেডিয়া টি-২০ ক্ৰিকেটৰ ডি ৱাই৩৬৫ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে অসমীয়া প্ৰতিদিন দলেঃ আজি দ্বিতীয় ছেমি ফাইনেলত নামিব নিউজ লাইভ আৰু আছাম ট্ৰিবিউন দল।

১১. গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হাউলীৰ জয়েন বজাৰ প্ৰীমিয়াৰ লীগ (জে.পি.এল)ৰ চতুৰ্থ চিজনত চেম্পিয়ন হৈছে ডে কে ইয়ং ষ্টাৰ ক্ৰিকেট ক্লাৱঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৩২টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

১২. নলবাৰীৰ ক্ৰীড়া সংগঠন বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাৱ ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশনৰ সৈতে সংগতি ৰাখি অহা ৮ ফেব্ৰুৱাৰীত আয়োজন কৰিছে সদৌ অসম মাৰাথান দৌৰ প্ৰতিযোগিতা। প্ৰাইজমানি ৰূপে সৰ্বমুঠ ২৬হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আয়োজক সকলে।

১৩. মঙলদৈ ক্লাৱৰ উদ্যোগত অহা ৭,৮ আৰু ৯ফেব্ৰুৱাৰীত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত ৪০বছৰ অনুৰ্ধ আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে এখনি প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতাঃ গোপীনাথ বৰদলৈ ইনড'ৰ ষ্টেডিয়াত প্ৰয়াত ক্ৰীড়াবিদ বিদ্যাৰাম মেধি আৰু জীৱন ডেকা সোঁৱৰণী প্ৰতিযোগিতাখনি অনুষ্ঠিত হব।

১৪. অচিৰেই হিৰো মটৰচে ভাৰতৰ বজাৰত মুকলি কৰিব প্ৰথমবাৰৰ বাবে ডীজেল চালিত দুচকীয়া মটৰ চাইকেলঃ ১৫০চিচিৰ এই বাইকে ৰাইজে পেট্ৰ'লৰ উচ্চ দৰৰ পৰা কিছু সকাহ দিব পাৰিব বুলি আশা প্ৰকাশ কৰিলে কোম্পানীটোৰ পৰিচালক সঞ্চালক পৱন মুঞ্জালে।

১৫. জলজ বেমাৰ নিৰীক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিলে মীন মন্ত্ৰীয়েঃ এই অভিযানে আঠখন জিলা সামৰি লব বুলি কৰিলে প্ৰকাশ।

2 comments: