পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. চত্তীশগড়ৰ কোৰবা জিলাৰ ফুলজাৰ গাঁৱৰ ৰাইজে "অপৰাধ-মুক্ত গাঁৱৰ সন্মান" লাভ কৰি অশান্ত পৃথিৱীত দেখুৱালে শান্তিৰে বসবাস কৰাৰ এক ব্যতিক্ৰমী আদৰ্শ । চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ৰমন সিঙে বিগত ১০৭বছৰত কোনো হিংসা আৰু অপৰাধ সংঘটিত নোহোৱা এই গাঁওবাসীক এই পুৰস্কাৰ প্ৰদান কৰে।

 ২. কালি দেশজুৰি উদযাপিত হ'ল গণৰাজ্য দিৱস। শান্তিপূৰ্ণ ভাৱে এই দিৱস পালিত হোৱাৰ সু-খবৰ। দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত হ'ল ভাৰতীয় সামৰিক শক্তিৰ ৰেঙণি। ভাৰতীয় থলুৱা প্ৰযুক্তিৰে নিৰ্মিত তেজস নামৰ যুঁজাৰু বিমানো হ'ল প্ৰদৰ্শিত। এই দিৱসৰ পেৰেডত অংশ ল'লে ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰে সন্মানিত হোৱা ২৫গৰাকী ভৱিষ্য নাগৰিকেও।

৩. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দিল্লীৰ ৰোহিনীস্থিত ডঃ বি আৰ আম্বেদকাৰ চিকিতসালয়ক এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱ কালীন অৱস্থাত সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ বাবে দিলে ৫০হাজাৰ টকাৰ জৰিমনা তথা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশঃ ২০১১ চনত মহিলাগৰাকীয়ে আপাতকালীন সেৱাৰ দুৱাৰদলিতে সন্তান প্ৰসৱ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা ঘটনাৰ বিচাৰ কৰি আয়োগে জাৰি কৰিলে এই নিৰ্দেশ।

৪. গেট (GATE)পৰীক্ষা নতুন ধৰণেৰে অনলাইন পৰীক্ষাৰ ৰূপত অনুষ্ঠিত হব অহা ২ ফেব্ৰুৱাৰীতঃ নতুন ৰূপৰ এই পৰীক্ষাত অৱতীৰ্ণ হবলৈ শংকাবোধ কৰা ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ সকলক সহায় কৰিবৰ বাবে আই.আই.টিৰ প্ৰাক্তন ছাত্ৰ সকলে আৰম্ভ কৰিলে www.testbook.com নামৰ অনলাইন পৰীক্ষা অনুশীলনৰ বেৱ-পৰ্টেল। এই পৰ্টেলত অনুশীলনেৰে শংকামুক্ত হবলৈ গেট পৰীক্ষাৰ্থী সকলক আহ্বান জনালে উদ্যোক্তা সকলে।

৫. লেখক বিদুল বৰুৱাৰ তৃতীয়খন গ্রন্থ 'জীৱন -চৰ্যা' ৩১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া 'মামনি ৰয়ছম সোঁৱৰণী গ্রন্থ উৎসৱ'ত উন্মোচন কৰিব বুলি গুৱাহাটীৰ 'আস্থা প্রকাশন' গোষ্ঠীটোৱে জনাইছে।


৬. ভাৰতীয় তথ্য-প্ৰযুক্তি কোম্পানী মহিন্দ্ৰা গ্ৰুপৰ "টেক-মহিন্দ্ৰা"ই উৰুৱাইছে দেশৰ যুৱ প্ৰতিভাক নিযুক্তিৰ ক্ষেত্ৰত সফলতাৰ নতুন ধ্বজঃ বৰ্তমান ৮৫হাজাৰ মানৱ সম্পদ থকা কোম্পানীটোৱে এই বছৰতে এই সংখ্যা ১ লাখৰ সীমা চুব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে।

৭. পোন্ধৰ মাহৰ পাছত প্ৰথমটো সফলতা লভি চাইনা নেহৱালে অৰ্জন কৰিলে প্ৰথমটো খিতাপ "ইণ্ডিয়া গ্ৰেণ্ড পিক্স গোল্ড"। অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী খেলুৱৈ গৰাকীয়ে আঘাত আৰু অস্ত্ৰোপচাৰৰ বাবে বিগত সময়চোৱাত যথেষ্ট সংঘৰ্ষৰ মূৰত পুনৰ শাৰীৰিক সক্ষমতা ঘূৰাই পোৱাৰ পাছত এই সফলতা লাভ কৰে। এই সফলতাৰ কৃৰ্তিত্ব প্ৰশিক্ষক গোপীচান্দলৈ উচৰ্গা কৰিছে।

৮. বাংগালুৰুত ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত বিনামূলীয়া ৱাই-ফাই ইণ্টাৰনেট সেৱা ৰাইজলৈ দিব বুলি ঘোষণা কৰাৰ পাছতে মুম্বাইতো মহানগৰ টেলিকমে কৰিলে বিশেষ ঘোষণা। এম টি এন এলৰ গ্ৰাহকে এতিয়াৰ পৰা ৰাজহুৱা স্থানত নিজৰ একাউণ্টৰ পৰাই ৱাই-ফাই ব্যৱহাৰ কৰাৰ লাভ কৰিব সুবিধা। এয়াৰ ইণ্ডিয়াই বিমানটো ৱাই-ফাইৰ সুবিধা দিব বুলি কৰিছে ঘোষণা।

৯. চেন্নাইৰ শ্ৰৱন আৰু সঞ্জয় কুমাৰণ পৰিগণিত হৈছে দেশৰ আটাইতকৈ তথ্য প্ৰযুক্তি কোম্পানীৰ কম বয়সীয়া প্ৰতিষ্ঠাপক ৰূপেঃ উল্লেখযোগ্য যে ষষ্ঠ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ দুজনে নিৰ্মাণ কৰা চাৰিটা মোবাইল ফোন এপ্লিকেচন গোগোল প্লেত দহ হাজাৰতকৈ অধিক বিশ্বজুৰি ডাউনলোড হৈছে। এইদৰেই শিশু দুজনৰ গো'-ডাইমেচন নামৰ কোম্পানীয়ে প্ৰযু্ক্তিৰ ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছ।

১০. দূৰদৰ্শনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী কথা-কোৱা-শুনা আৰু দেখাৰ ক্ষেত্ৰত প্ৰতিবন্ধী লোক সকলেও উপভোগ কৰিব পৰাকৈ ব্যতিক্ৰমী ৰূপত কৰিলে পৰিবেশনঃ দেশৰ ইলেক্ট্ৰনিক মেডিয়াৰ জ্যেষ্ঠ সাংবাদিকে কৰিলে দূৰদৰ্শনৰ এই উদ্যোগৰ উচ্চ প্ৰশংসা।

১১. আজি মুম্বাই লতাজীৰ কণ্ঠত প্ৰাণ পোৱা "এ মেৰে বতন কে লোগো" শীৰ্ষক গীতৰ ৫০তম বৰ্ষপুতিৰ অনুষ্ঠিত হৈছে এক অনুষ্ঠানৰঃ এই অনুষ্ঠানত লতাজীক সম্বৰ্ধনা জনোৱাৰ বাবে উপস্থিত হৈছে ৰাজনীতিবিদ নৰেন্দ্ৰ মোদীও। 

১২. বিজেপিয়ে "মোৰ সপোনৰ ভাৰত" অভিযানৰ কৰিলে আৰম্ভণি, ইয়াৰ দ্বাৰা সৰ্ব-সাধাৰণ মানুহকো ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সৱলীকৰণ কৰিব বুলি ৰাজনৈতিক দলটোৱে প্ৰকাশ কৰিছে।

১৩. নিজৰ অৰ্থ আৰু সম্পত্তিৰ হিচাব দাখিল নকৰাৰ অভিযোগত কৰ্ণাটকৰ মন্ত্ৰী আৰু বিধায়কলৈ জাননী জাৰি কৰিলে কৰ্ণাটকৰ লোকায়ুক্তই।

১৪. এমাহ কাৰ্যকালতে ইমান কাম দেশৰ কোনো চৰকাৰেই কৰা নাছিল বুলি সফলতা দাবী কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে। বিদ্ৰোহৰ সূচনা কৰা বিধায়ক বিনোদ কুমাৰ বিন্নীক আম আদমী পাৰ্টিয়ে জাৰি কৰিলে বহিস্কাৰৰ নিৰ্দেশ।

১৫. সোন আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আঁতৰাব পাৰে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে ক'লাধন আঁতৰাবলৈ ৰিজাৰ্ভ বেংকে ২০০৫ চনৰ আগৰ নোট অচল কৰি দিয়াৰ ফলত বহুতো লোকেই এতিয়া সোন কিনি সম্পদ সংৰক্ষণ কৰিব বিচাৰিব বুলি অৰ্থনীতিবিদ সকলে আশংকা প্ৰকাশ কৰিছিল।

1 comment:

  1. Hey, Wow all the posts are very informative for the people who visit this site.Good work!We also have a Blog.Please feel free to visit our site. Thank you for sharing.
    police constable exam preparitation
    Keep Posting:)

    ReplyDelete