আজিৰ ভাল খবৰবোৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ

আজিৰ ভাল খবৰবোৰ

Share This
১. প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ শীৰ্ষ বঁটা লাভ কৰিলে ভাৰতে। কেৰেলা ৰাজ্যই পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদক্ষেপবোৰৰ বাবে এই বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু কেৰেলাৰ পৰ্যটন মন্ত্ৰী এ পি অনিল কুমাৰে স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে। বিগত বছৰত এই বঁটা লাভ কৰিছিল মালয়েছিয়াই।


২. বড়ো ভাষাৰ বাবে হ'ব সুকীয়া সঞ্চালকালয় স্থাপনঃ গোলাঘাট জিলাত হোৱা বড়ো সাহিত্য সভাৰ ৫৩তম বাৰ্ষিক অধিবেশনৰ মুকলি সভাত এই আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সাহিত্য সভাৰ মুঠ ২২ দফীয়া দাবীৰ প্ৰথম চাৰিটা ক্ৰমে সুকীয়া সঞ্চালকালয় স্থাপন, সংৰক্ষিত বনাঞ্চলত থকা ৩০০ৰো অধিক বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, উচ্চতৰ মাধ্যমিকলৈ বড়ো শিক্ষাৰ মাধ্যম কৰা আৰু বড়ো মাধ্যমৰ এজনীয়া শিক্ষক থকা বিদ্যালয় সমূহত শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আশ্বাস মুকলিকৈ প্ৰদান কৰে। লগতে অভ্যৰ্থনা সমিতিক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

৩. দেশৰ ৭৭৫ গৰাকী সংসদৰ ভিতৰত কেৱল লালকৃষ্ণ আদৱানীয়েহে দেশৰ সংসদ ভৱনৰ চেণ্ট্ৰেল হলত আয়োজিত ১৭৭তম জন্মজয়ন্তীত নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাঞ্জলি জনালেঃ সংসদ ভৱনত ৰাষ্ট্ৰনায়কৰ প্ৰতি এনে অৱহেলাই দাঙি ধৰিলে চাতুকাৰী ৰাজনীতিৰ অন্য এক ৰূপ।

৪. ডাউন টাউন হস্পিতেলে আয়োজন কৰিলে ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্যমেলাঃ কালি প্ৰথম দিনা প্ৰায় ৩০০ জন লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিলে ১৮ গৰাকী চিকিতসকে।

৫. দিল্লীত পুলিচে কৰা নিৰ্যাতন আৰু সাধাৰণ মানুহৰ পৰা মানিবেগ কাঢ়ি লোৱা ভিডিঅ' আপলোড কৰিলে আম আদমী পাৰ্টিয়েঃ ইয়াৰ পাছতে তিনিজন পুলিচ কৰ্মী নিলম্বন কৰিবলৈ বাধ্য হ'ল শীৰ্ষ বিষয়াই।

৬. কাৰ্বি-আংলংৰ ডিলাইত আৰক্ষীয়ে ২৮লাখ ৮০ হাজাৰ টকা সহ গ্ৰেপ্তাৰ কৰিলে চাৰি গৰাকী গঁড়ৰ খৰ্গ ব্যৱসায়ীক।

৭. ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ অধীনস্থ ডঃ আম্বেদকাৰ প্ৰতিষ্ঠানে প্ৰৱৰ্তন কৰা নেছনেল মেৰিট এৱাৰ্ড অৰ্জন কৰিলে কলাইগাঁৱৰ কণ্যা শতাব্দী চৰকাৰেঃ দিল্লীত ইণ্ডিয়ান হেবিটেট চেণ্টাৰত কেন্দ্ৰীয় মন্ত্ৰী বিমল ৰাও আৰু কুমাৰী শৈলজাই এই বঁটা প্ৰদান কৰে।

৮. ন্যায়ালয়ৰ হস্তক্ষেপত দুবছৰ পাছত মেট্ৰিক পৰীক্ষাৰ ফলাফল শুধৰণি কৰিব লগাত পৰিল ছেবাঃ গোলাঘাটৰ উপাসনা গগৈয়ে লাভ কৰিলে দশম স্থান। ছেবাৰ কাণ্ডই মুকলি কৰিলে দ্বায়িত্বহীনতাৰ এক নতুন উদাহৰণ।

৯. গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত খাদী গ্ৰামোদ্যোগত উথপথপঃ এইবাৰ বিক্ৰীৰ বাবে তৈয়াৰ কৰিছে ২০ হাজাৰখন জাতীয় পতাকা।

১০. অহা ২৯-৩১ জানুৱাৰীলৈকে ধেমাজিত অনুষ্ঠিত হব সদৌ বৰগোহাঞি বংশাৱলীৰঃ স্মৃতিগ্ৰন্থ উন্মোচন আৰু আলোচনাচক্ৰ আদি কাৰ্যসূচীৰ লগতে ৩১ জানুৱাৰীত পালন কৰিব মে-ডাম-মে-ফীও।

১১. ৰাজ্যৰ মুক্তিযুঁজাৰু পৰিয়াললৈ সু-খবৰঃ পূৰ্বৰ আঠ হাজাৰ টকাৰ পৰিবৰ্তে ১৫ হাজাৰ টকালৈ পেঞ্চন বৃদ্ধি কৰাৰ কথা গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

১২. ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰথম পৰ্যায়ৰ সমাপ্তিঃ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই বাকী বঞ্চিত ৫০শতাংশ শিক্ষক কৰ্মচাৰীকো প্ৰাদেশিকীকৰণেৰে সামৰি লবলৈ ১ ফেব্ৰুৱাৰীৰ ভিতৰত উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনালে ৰাজ্যৰ শিক্ষা বিভাগক।

১৩. অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সম-প্ৰতিনিধিত্বৰে উচ্চ সদন গঠনৰ আহ্বান জনালে সংসদৰ ষ্টেণ্ডিঙ কমিটিকঃ উচ্চ সদন গঠন কৰিলে বছৰি ১৯কোটি টকাৰ ব্যয় হব বুলি প্ৰকাশ কৰিলে স্থায়ী কমিটিৰ সভাপতিয়ে।

১৪. জামছেদপুৰত সামৰণি পৰা ৰাষ্ট্ৰীয় কেৰাটেত অসম দলে লাভ কৰিলে সাফল্যঃ ২১টা পদকেৰে জিলিকিল অসমৰ নাম।

১৫. অসমীয়া নৱ-প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে এটা ভাল খবৰ, গুৱাহাটীত শুভাৰম্ভ হ'ল অসীম বৈশ্য ডান্স একাডেমীৰ।

No comments:

Post a Comment