পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰতীয় মূলৰ মাৰ্কিন গৱেষকে কৰিছে "এক্সোজম" নামৰ কৰ্কটৰোগৰ জিনীয় ব্লু-প্ৰিণ্ট বহন কৰা ক্ষুদ্ৰ কণাবিধক লৈ গৱেষণাঃ সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰাই এতিয়া দেহত কৰ্কট ৰোগৰ অৱস্থিতি নিৰ্ণয় কৰাৰ সম্ভাৱনীয়তা এই গৱেষণাই মুকলি কৰিছে। অগ্নাশয়ৰ কৰ্কট ৰোগৰ সৈতে পিৰবৰ্তন হোৱা জিন জড়িত হৈ আছে নে নাই সেয়া টিউমাৰ কোষৰ অৱস্থিতি নিৰ্ণয় নকৰাকৈয়ে তেজত এক্সোজমৰ অৱস্থিতিৰে তাক নিৰ্ণয় কৰিব পৰা যাব বুলি নিউয়ৰ্কৰ পৰা প্ৰকাশত এক বাতৰিত প্ৰকাশ পাইছে।

২. অহা ২৮ আৰু ২৯ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলনঃ ইউপিএ চৰকাৰৰ ধ্বজাবাহী আঁচনি সমূহৰ ৰূপায়ণৰ খতিয়ান অহা ১৩জানুৱাৰীৰ ভিতৰতে দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এই সন্মিলনতে এই আঁচনি সমূহৰ ৰূপায়ণৰ সফলতা-বিফলতাৰ বিভিন্ন দিশো পৰ্যালোচনা কৰিব বুলি সূত্ৰত প্ৰকাশ।

৩. ৬২তম বৰদলৈ ট্ৰফী ফুটবলৰ ফাইনেলত আইজলক পৰাস্ত কৰি চেম্পিয়ন হ'ল কলকাতাৰ ভবানীপুৰ দলঃ  দেৱজিত মজুমদাৰে লাভ কৰিলে শ্ৰেষ্ঠ খেলুৱৈ তথা গলকীপাৰৰ খিতাপ।

৪. অহা দুই মাঘ, ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হব তিৱা গোভা ৰজাৰ ঐতিহাসিক জোনবিল মেলাঃ পাহাৰৰ পৰা নামিব মামা-মানী, বহিব ৰাজদৰবাৰ, ৰাজ-বিষয়াই তুলিব কৰ, বিশ্বায়নৰ মাজতো প্ৰদৰ্শিত হব  পৰম্পৰাগত বিনিময় প্ৰথা।

৫. ষ্টেট বেংকৰ কৰ্মচাৰীৰ বাবে সুখ খবৰঃ সন্তানৰ প্ৰতিপালন, শিক্ষা, পিতৃ-মাতৃৰ শুশ্ৰুষাৰ বাবে মহিলা কৰ্মচাৰীয়ে বিশেষ ছুটী পাব দুবছৰৰঃ বেংকটোৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ অৰুন্ধতী ভট্টাচাৰ্যই ৰাষ্ট্ৰীয়কৃত বেংকতো ব্যক্তিগত খণ্ডৰ দৰেই এই বিশেষ ছুটীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে।

৬. কলগাছিয়াৰ প্ৰগতিশীল সাহিত্য প্ৰকাশনৰ উদ্যোগত প্ৰকাশ হৈ ওলাল "সম্প্ৰতিৰ এক গুচ্ছ নিৰ্বাচিত কবিতা": উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশলোৱা স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামে কবিতা সংকলনখনৰ এশ কপি ক্ৰয় কৰি উদ্যোক্তাসকলক উতসাহিত কৰাৰ সুখবৰ।

৭. অসমৰ সাংসদৰ সংসদত ভূমিকা গ্ৰহণৰ ব্যৰ্থতাৰ মাজতো যোচেফ তপ্নই সাংসদ পুঁজিৰ খৰছ কৰাত শীৰ্ষ স্থান লাভ কৰি জনসাধাৰণৰ প্ৰশংসাৰ পাত্ৰ হৈ উঠিছে।

৮. প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পৰা ৰক্ষা পাবলৈ গগৈ চৰকাৰে দিলে ফেব্ৰুৱাৰীৰ ভিতৰত সকলো খালী পদ পূৰণৰ নিৰ্দেশঃ সেই উদ্দেশ্যে  কৰ্মচাৰী বিভাগে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত জাৰি কৰিলে জাননী।

৯. আজিৰে পৰা ভেৰাগাঁৱত আৰম্ভ হৈছে বড়োজাতিৰ স্বাধিকাৰ আন্দোলনৰ গুৰি ধৰোঁতা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৬তম অধিবেশনঃ ৭০ লাখ টকাৰ বাজেটেৰে বেহেৰ ফৌথাৰৰ ৪০০বিঘা মাটিত ৰভা, ভোজনালয়, অতিথিশালা নিৰ্মাণৰ লগতে ৫০বিঘা মাটিত প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপনীৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ ২৮খন জিলা সমিতিৰ উপৰিও মেঘালয়, পশ্চিমবংগ, ভূটান, নেপাল আদিৰো বহু সংখ্যক প্ৰতিনিধিয়ে এই অধিবেশনত অংশ গ্ৰহণ কৰিব।

১০.সাংবাদিক কৰ্ম পৰিষদে আলফাৰ হাতত মৃত্যুবৰণ কৰা সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত প্ৰবৰ্তন কৰা "সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০১২" কালি প্ৰদান কৰিলে সাংবাদিক ৰঞ্জিত শৰ্মাকঃ গুৱাহাটী প্ৰেছ ক্লাৱত হৈছিল এই অনুষ্ঠান। 

১১.  নলবাৰীৰ বৰবৰী শাখা সাহিত্য সভাৰ উদ্যোগত সমাজকৰ্মী আদ্যনাথ ডেকাৰ দশম বাৰ্ষিক মৃত্যু-বাৰ্ষিকী দিনযোৰা কাৰ্যসূচীৰে হল পালিতঃ উন্মোচিত হ'ল গৱেষক, পণ্ডিত ডঃ গনেশ চন্দ্ৰ শৰ্মা ঠাকুৰৰ "অসম আন্দোলনৰ দিনপঞ্জী", সুধাকণ্ঠৰ জীৱনক লৈ লিখিত ডাঃ মাৰ্ধুৰ্য ঠাকুৰৰ ",সেউজীয়া উপত্যাকা সোণোৱালী ৰ'দ" আৰু স্থানীয় কবি পখিলা তালুকদাৰৰ কবিতাপুথি "পুৱাৰ প্ৰথম ৰ'দালি"। লগতে উন্মোচিত হয় শাখা সাহিত্য সভাৰ মুখপত্ৰ "বৰপাত"ৰ দ্বিতীয় সংখ্যা ।

১২. অকণিৰ কবিতা ঘৰ, অসমৰ উদ্যোগত আৰম্ভ হ'ল পঞ্চম বাৰ্ষিক ৰহা গ্ৰন্থমেলাৰঃ বেজবৰুৱাৰ এক স্মৃতিচাৰণ সভাৰ লগতে অসমীয়া আৰু সংস্কৃত ভাষাত পৰিবেশিত হয় "অ' মোৰ আপোনাৰ দেশ"।

১৩. পশ্চিমবংগৰ মাইকেল মধুসূধন একাডেমীয়ে সৰ্বভাৰতীয় পৰ্যায়ত সামাজিক, সাংস্কৃতিক আৰু সাহিত্যৰ দিশত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে ২০১৪ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় সত্যেন্দ্ৰনাথ স্মৃতি বঁটা অহা ২৫জানুৱৰাতী কলকতা বিশ্ববিদ্যালয়ৰ দৰভংগা ভৱনত প্ৰদান কৰিব।

১৪. চামতা বালিপথাৰত উদযাপিত হ'ল সংগীত নাট বটা প্ৰাপক তথা বিশিষ্ট অভিনেতা মঞ্চসূৰ্য ধৰণী বৰ্মনৰ ৮৯তম জন্মদিনঃ সামাজিক সংগঠন আৰু শতাধিক গুণমুগ্ধই ঘৰতে তেখেতক জনালেহি জন্মদিনত সম্বৰ্ধনা তথা শুভেচ্ছা।

১৫. অহা ১৭-২৩ জানুৱাৰীৰত বাগসা জিলাৰ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি সুৱনখাটাত অনুষ্ঠিত হব সমন্বয়ৰ প্ৰতীক ৬২ সংখ্যক "সুৱৰ্ণখাতা মাঘমেলা": এই মেলালৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰাও বহুলোকে আন ভচৰৰ দৰেই অংশগ্ৰহণ কৰিব।

১৬. বাইহাটা চাৰিআলিৰ আন-ইমৰাণ ফাউণ্ডেচনে ইছলাম সমাজৰ অনগ্ৰসৰতা দূৰ কৰাৰ লক্ষ্যৰে, সমস্যৰাজিক তুলি ধৰাৰ বাবে প্ৰকাশ কৰি উলিয়াইছে দুমহীয়া "ঈমান" নামৰ দুমহীয়া আলোচনীঃ ধৰ্মীয় দিশৰ লগতে সামাজিক দিশকো এই আলোচনীয়ে উজ্বলাই তুলিব বুলি জানিব পৰা গৈছে।

১৭. গুৱাহাটীত গান্ধীবাদী নেত্ৰী সুৰবালা বৰদলৈৰ সোঁৱৰণত বীৰ চিলাৰায় স্পৰ্টছ ক্লাৱে  অহা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত আয়োজন কৰিছে জিলা ভিত্তিক এখনি শিশু আৰু মহিলা ক্ৰীড়া প্ৰতিযোগিতাৰঃ এই প্ৰতিযোগিতা তিনিদিনীয়াকৈ হব আয়োজিত।

১৮. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল বিশিষ্ট লেখক ডঃ সুনীল কুমাৰ গোস্বামীৰ অনুবাদ গ্ৰন্থ "নৰসিংহ পুৰাণ": আধ্যাত্মিক দৰ্শনেৰে সংপৃক্ত  এই গ্ৰন্থখন উন্মোচন কৰিলে কৃষিমন্ত্ৰী তথা লেখক নীলমণিসেন ডেকাই।

১৯. উন্মোচিত হ'ল প্ৰতিশ্ৰুতিসম্পন্না কণ্ঠশিল্পী দীপাঞ্জলিৰ প্ৰথমটো শ্ৰব্য গীতৰ এলবাম "মোৰ গানে গানে":  গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা সভাগৃহত এই এলবাম উন্মোচন কৰিলে প্ৰবীণ সংগীত পৰিচালক ৰমেন বৰুৱা আৰু অভিনেত্ৰী মলয়া গোস্বামীয়ে।

২০. অহা পাঁচ ফেব্ৰুৱাৰীৰ পৰা দিল্লীত হব অট' এক্সপ': বিভিন্ন প্ৰতিষ্ঠানে মুকলি কৰিব ৭০খনতকৈ অধিক গাড়ী।

No comments:

Post a Comment