পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰথিতযশা সাহিত্যিক অতুলানন্দ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০১৩ বৰ্ষৰ অসম উপত্যাকা সাহিত্য বঁটাঃ উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে সৃজনীমূলক অসমীয়া সাহিত্য আৰু সাহিত্যিকক উদ্গনি আৰু সন্মান জনাবৰ বাবে এই বঁটা ১৯৯০চনৰ পৰা আগবঢ়াই আহিছে। বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব অহা মাৰ্চ মাহত, গুৱাহাটী মহানগৰীত।

২. পৰম্পৰাগত মুখাশিল্পৰ যশস্বী শিল্পী কোষকান্ত দেৱগোস্বামীলৈ আগবঢ়োৱা হৈছে প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱা শিল্পী বঁটাঃ ৰং-তুলিকাৰ দিনৰূপে পালি হোৱা শিল্পী গৰাকীৰ জন্মদিনতে এই বঁটা প্ৰদান অনুষ্ঠানো আয়োজিত হব।

৩. অসমীয়া সাহিত্যলৈ নৱ-প্ৰজন্মৰ লেখক-লেখিকাক প্ৰেৰণা যোগোৱাৰ অৰ্থে প্ৰৱৰ্তন কৰা মুনীন বৰকটকী বঁটা ২০১৩ ঘোষণা হোৱাৰ সুখৰ খবৰঃ উদীয়মান কবি মৃদুল হালৈৰ কবিতা সংকলন "অকলে আছোঁ কুশলে আছোঁ" আৰু জনপ্ৰিয় গল্পকাৰ অপু ভৰদ্বাজৰ "মস্তিষ্কৰ চিনেমা" শীৰ্ষক গল্প সংকলন এই বঁটাৰ বাবে হৈছে নিৰ্বাচিত।

৪. দিল্লীত মাহে ২০হাজাৰ লিটাৰ পৰ্যন্ত বিনামূলীয়া পানী দিয়াৰ ব্যৱস্থা কৰিলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰেঃ এইবাৰ ৪০০ ইউনিট পৰ্যন্ত বিজুলীৰ বাবে ৫০শতাংশ বিদ্যুত মাচুল হ্ৰাস কৰাৰো কৰিলে ঘোষণা।

৫. উত্তৰ-পূৱ গ্ৰন্থমেলাৰ প্ৰাংগনত দুই প্ৰসিদ্ধ পৰিচালক বুদ্ধদেৱ দাসগুপ্ত আৰু জাহ্নু বৰুৱাৰ সতে অন্তৰংগ আলাপৰ সুযোগ লাভ কৰিলে গ্ৰন্থপ্ৰেমী সকলেঃ সাহিত্য নোহোৱাকৈয়ো এখন চলচিত্ৰ নিৰ্মাণ কৰিব পাৰি বুলি মন্তব্য কৰিলে বুদ্ধদেৱ দাসগুপ্তই।

৬. অসম চৰকাৰৰ শিক্ষা বিভাগে জানুৱাৰী মাহতে ২৩২৩জনকৈ হাইস্কুল শিক্ষক দিব নিযুক্তি, ফেব্ৰুৱাৰীত ১৫০০০ প্ৰাথমিক শিক্ষক লাভ কৰিব বিদ্যালয়সমূহেঃ প্ৰাদেশীকৃত মাদ্ৰাছা শিক্ষানুষ্ঠানৰ শিক্ষকক পদ আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত অংশ ললে মুখ্যমন্ত্ৰীয়েও।

৭. অসমীয়া তৰুণ প্ৰজন্মক অসমীয়া গদ্য সাহিত্য সৃষ্টিত উদগনি জনোৱাৰ উদ্দেশ্যে হোমেন বৰগোহাঞি ন্যাসে প্ৰবৰ্তন কৰা সাহিত্য বঁটাৰ বাবে বিবেচিত হৈছে প্ৰৱন্ধকাৰ, কবি অজিত ভৰালী।

৮. অসমীয়া ই-বুক বিক্ৰীৰ ৱেব-চাইট আসাম-কাৰ্ট.কমত ২৫০খনকৈ গ্ৰন্থ অন্তৰ্ভুক্ত হোৱাৰ সুখবৰঃ সোনাৰাম খনিকৰৰ "সহজলভ্য বনদৰৱৰ গুণ" কিতাপখনো ই-বুক ৰূপে বিক্ৰীৰ বাবে হৈছে উপলব্ধ।

৯. ষাঠি বছৰৰ উৰ্ধৰ বৃদ্ধ-বৃদ্ধা কৃষক সকলক মাহে তিনি হেজাৰকৈ পেঞ্চন দিয়াৰ দাবী তুলিলে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চি পি আই) দলেঃ দুখীয়া ৰাইজৰ স্বাৰ্থত এই দাবীৰে সমগ্ৰ ৰাজ্যতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এই দলটোৱে।

১০. অসম নাট্য সন্মিলনৰ সৌমাৰপীঠ মণ্ডলে যোৰহাট তৰাজান নাট্যমন্দিৰত যোৱা ২৮,২৯ ডিচেম্বৰত আয়োজন কৰা নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিলে শিৱসাগৰ দলটোৱেঃ দেৱব্ৰত বৰঠাকুৰ ৰচিত নাট "আৰক্ষী চকী"ৰ বাবে দলটো শ্ৰেষ্ঠ বিবেচিত হোৱাৰ লগতে নাট্যকাৰ বৰঠাকুৰে পৰিচালনা তথা অভিনয়ৰ বাবে শ্ৰেষ্ঠ পৰিচাল আৰু শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো অৰ্জন কৰে।

১১. লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী প্ৰতিযোগিতা আৰম্ভঃ উদ্বোধনী মেচত জয়লাভ কৰিলে গ্ৰীণভেলী দলে।

১২. গোলাঘাট আছুৰ মুকলি বেডমিণ্টনৰ সফল সামমিঃ শিৱাংগী বৈশ্যই অৰ্ঝন কৰিলে দ্বি-মুকুট।

১৩. শিঙিয়া পাথৰি আঞ্চলিক শাখা সাহিত্য সভায়ো উদযাপন কৰিলে অসম সাহিত্য সভাৰ ৯৬তম প্ৰতিষ্ঠা দিৱসঃ উন্মোচিত হ'ল কেশৱ বৰাৰ কবিতা সংকলন "এখন প্ৰেমৰ নদী ইপাৰ আৰু সীপাৰ"।

১৪. ভাষা সাহিত্য সন্মিলনী অসমৰ নিবেদন "ইমান ইমান পানী" দিল্লীত হব লগা ১৬তম ভাৰত ৰংগ মহোতসৱলৈ আমন্ত্ৰিত হোৱাৰ সুখবৰঃ অহা ৪জানুৱাৰীত শ্ৰীৰাম চেণ্টাৰত এই নাটখন মঞ্চস্থ হব।

১৫. শিৱসাগৰত মাৰ্চিয়েল আট একাডেমীৰ শুভাৰম্ভঃ ভুৱন চন্দ্ৰ গগৈ সোৱঁৰণী অসম পলিটেকনিক ইনষ্টিটিউটৰ চৌহদত এই কেন্দ্ৰ উদ্বোধন কৰিলে অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই।

No comments:

Post a Comment