মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মুকলি চিন্তা

Share This
বিদেশী সমস্যা আৰু অসম বন্ধ
অগ্নিভ দত্ত
অনুপ্ৰৱেশ এই শব্দটোৱে যোৱা কে’বাটাও দশক ধৰি অসম তথা অসমবাসী ৰাইজক বাৰুকৈয়ে আগুৰি ধৰি ৰাখিছে । এই অনুপ্ৰৱেশকলৈ কমখন ৰাজনীতিও কৰা হোৱা নাই । ছয় বছৰীয়া আন্দোলনটো কৰি ৰাজনীতিত নমা অসম গণ পৰিষদ দলটোক ৰাইজে শাসনভাৰ দি মনতে ভাবিলে এইবাৰ আৰু চিন্তাৰ কোনো কাৰণ নাই, বিদেশীৰ সমস্যা আৰু ক’ত থাকিব, যিহেতু বিদেশীয়েই নাথাকিব অসম খনত।
  
কিন্তু ৰাইজৰ এই সপোনবোৰ ভাঙি থানবান হ’বলৈ বেছি সময় নালাগিল। সেইকাৰণে ৰাইজে প্ৰতাৰণাৰ পোতক তুলিবলৈ সেই দল তথা নেতাক ক্ষমতাৰ পৰা দলিয়াই পেলাবলৈ কুণ্ঠাবোধ নকৰিলে । কিন্তু আজিও অসম তথা অসমবাসীক বিদেশী সমস্যাটোকলৈ প্ৰলোভন এতিয়াও বিভিন্ন দল সংগঠনে দিয়েই থাকিল । হয়তো কিছুমানে সঁচাকৈয়ে অসমৰ পৰা বিদেশী খেদি অসমখন বিদেশীমুক্ত কৰিব বিচাৰে আৰু কিছুমানে তাকে লৈ কেৱল ৰাজনীতি কৰিব বিচাৰে । সঁচা অৰ্থত কোনে কি বিচাৰে তাৰ বিচাৰ কৰিব নাযাওঁ । সেই কামফেৰাৰ দায়িত্ব ৰাজনৈতিক ভাবে পূৰঠ অসমবাসী ৰাইজেই ল’ব । 


অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত বিদেশী অনুপ্ৰৱেশকাৰীৰ ভূমিকা নিশ্চয় চিন্তনীয়। ২০১১ চনৰ জনগণনাৰ প্ৰাৰম্ভিক তথ্য মতে যদিও অসমৰ মুঠ জনস্ংখ্যা বৃদ্ধিৰ অনুপাত দেশৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাততকৈ কম কিন্ত্ত বাংলাদেশৰ সীমামুৰীয়া জিলাকেইখনৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাত দেশৰ জনস্ংখ্যা বৃদ্ধিৰ অনুপাততকৈ কিছু বেছি । এই কিছুসংখ্যক অসমৰ এলেকা বা জিলাত জনসংখ্যাৰ বৃদ্ধি ধৰণ নিশ্চিতৰুপে কিছু চিন্তাৰ বিষয় । কিন্তু  এই জনস্ংখ্যা বৃদ্ধিৰ অনুপাতক কেৱল অনুপ্ৰবেশ বুলি চিঞৰি থাকিলেই আমাৰ সমস্যা সমাধান হ’বনে ? আমি দাবী কৰি থকা ১৯৫১, ১৯৬৬ বা ১৯৭১ চনৰ পাছত অহা বিদেশীখিনিক সঁচাকৈয়ে দেশৰ পৰা বিতাড়িত কৰিব পাৰিমনে ? এইটো সঁচাকৈয়ে প্ৰেক্টিকেল হয়নে? এনে বহুতো প্ৰশ্নই আমাক আবৰি ধৰে এই সমস্যাৰ কথা উত্থাপন হ’লে।

এতিয়া আহো ইতিহাসলৈ- আমি যদি যিকোনো ইতিহাস অধ্যয়ন কৰো আমি দেখিম প্ৰবজন (বা অনুপ্ৰবেশ যি বুলিয়েই নকওক)এক চিৰন্তন সত্য । নিজক জীয়াই ৰখাৰ সংগ্ৰামত মানৱ জাতিয়ে এখন দেশৰ পৰা আন এখন দেশলৈ অথবা এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ প্ৰবজন কৰিছিল প্ৰাচীন কালতো।

হয়তো সেইসময়ত জনসংখ্যাৰ বোজা ল’ব পৰাৰ ক্ষমতাৰ বাবে সেই প্ৰবজনবোৰে সমস্যাৰ সৃষ্টি কৰা নাছিল । কিন্ত্ত বৰ্ত্তমানৰ এই অবৈধ প্ৰবজন কেৱল অসম বা ভাৰতবৰ্ষৰে সমস্যা নে ? তাৰ উত্তৰ একেষাৰতে ক’বলৈ গ’লে সমগ্ৰ বিশ্বতে এতিয়াও বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে প্ৰবজন সংগঠিত হৈয়ে আছে। বিশ্বৰ সকলোতকৈ উন্নত দেশ আমেৰিকাৰ পৰা আৰম্ভ কৰি ইংলেণ্ড, ছৌডি আৰৱ, দক্ষিণ আফ্ৰিকা সকলোতে এই অবৈধ প্ৰবজন বিৰাজমান।

অকল আমেৰিকাতে ১.২ কোটি অবৈধ প্ৰবজনকাৰী থকাৰ কথা আমেৰিকাৰ সংসদে মানিলৈ সেই সকলক বৰ্ত্তমান নাগৰিকত্ব দিয়াৰ কথা বিবেচনা কৰি আছে। সেই ১.২ কোটি অবৈধ প্ৰবজনকাৰীৰ প্ৰায় ৯০ লাখ ওচৰ চুবুৰীয়া দেশ কানাডা, মেক্সিকো আদিৰ লগতে প্ৰায় ২.৫ লাখ ভাৰতীয়,২.৯ লাখ চীনা মুলৰ মানুহ । এতিয়া আমাৰ অসম মূলূকত যদি বাংলাদেশী আছে সেই সকলক চিনাক্ত কৰা সঁচাকৈ সম্ভৱ হবনে ১৯৬৬ চন বা ১৯৭১ চনক ভিত্তি কৰি ।

আজিৰ সময়ত হয়তো আমি অন্য বিকল্পহে চিন্তা কৰিব লাগিব । দেখা যায় এই সমস্যাটো বৰ্ত্তি থাকিলে শাসক বা বিৰোধী সকলোৰে কাৰণে ইয়াকলৈ ৰাজনীতি কৰাৰ পথ সদায় খোলা থাকিব, কিন্ত্ত ইয়াৰ সমাধানৰ কাৰণে তেওঁলোকে কোনোৱেই বিশেষ কাৰ্য্য হাতত নলয় । আজিৰ সময়ত মূল কথা হ’ব লাগে আজিৰ দিনটোৰ পৰা ভবিষ্যতলৈ যাতে আৰু অবৈধ নাগৰিক আহিব নোৱাৰে তাক সুনিশ্চিত কৰা
কিন্তু অতীততে আহি অসমত বসবাস কৰা সকলক হয়তো আদৰি লৈ এই সমস্যাটোকলৈ ৰাজনীতি কৰি থকা অথচ কোনো সমাধান নকৰা ৰাজনীতিক বন্ধ কৰিবলৈ আমাৰ জাতীয় সংগঠন বিলাকেই হয়তো কাৰ্য্যপন্থা নিৰ্ধাৰণ কৰিব লাগিব ।

বিশ্বৰ প্ৰায়বোৰ দেশতে পাঁচৰ পৰা দহ বছৰ বৈধ ভাবে থকাৰ পাছত দেখোন সেইখন দেশৰ নাগৰিকত্ব আহৰণ কৰাৰ যোগ্যতা অৰ্জন কৰে , গতিকে যদিও অবৈধ ভাবে তথাপিও চল্লিছ বা পঞ্চা বছৰমান, দই তিনি প্ৰজন্ম, এই ভখণ্ডতে থকাৰ পাছত সেইজনক কোনো ৰাজনৈতিক সমীকৰণৰ উৰ্দ্ধত গৈ আদৰিলোৱাতোহে হয়তো বেছি প্ৰেক্টিকেল কথা হ’ব আজিৰ যুগত । নতুন প্ৰজন্মই এইবিলাক কথা নতুন ধৰণেৰে চিন্তা কৰিবই লাগিব, এইয়া সময়ৰ আহ্বান আৰু হয়তো এদিন এই বিদেশী সমস্যা নামৰ অভিশাপটোক নতুন প্ৰজন্মই আশৰ্বাদলৈ ৰুপান্তৰ কৰিবলৈ সক্ষম হ’ব, তাৰ কাৰণ সমূহ বেলেগকৈ আলোচনা কৰিব লাগিব । অবশ্যে এইটো কৰিবলৈ অন্য এক বৃহৎ পৰিকল্পনাৰ আৱশ্যক হ’ব ।

এতিয়া আহো অন্য এক প্ৰসংগলৈ । আজিৰ দিনটোত অবৈধ বিদেশীৰ সমস্যাটোৰ সামন্তৰালকৈ আন এক জটিল সমস্যাই অসম তথা অসমবাসীৰ আৰ্থ সামাজিক জীৱনত এক অন্যন্য সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু সেইটো হ’ল অসমৰ বন্ধ অপ-সংস্কৃতি । এই অপ-সংস্কৃতিয়ে অসমৰ অৰ্থনীতিক কোঙা কৰাৰ লগতে অসমীয়া জাতি তথা সমগ্ৰ প্ৰজন্মৰ ওপৰতে এক বিৰুপ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । বন্ধ দি প্ৰতিবাদ কৰাটো নিশ্চয় গণতান্ত্ৰিক অধিকাৰ, কিন্তু বাৰে বাৰে যেতিয়াই তেতিয়াই অধিকাৰৰ নামত সমগ্ৰ জাতিটোক/জনতাক বন্ধকত থোৱাটো নিশ্চয় কদাপি সমৰ্থন কৰিব নোৱাৰি ।

আজি কিছুদিন আগতে উজনি অসমৰ ব্যৱসায়ী বন্ধু এজনৰ লগত কথা পাতোতে তেখেতৰ ব্যৱসায়ৰ কথা সোধাত বৰ অসহায়ভাবেৰে ক’লে বন্ধই তেওঁৰ ব্যৱসায়ত কিমান অপপ্ৰভাৱ পেলাইছে, আনকি তেখেতে তেখেতৰ ব্যৱসায় অসমৰ বাহিৰলৈ নিয়াৰ কথা চিন্তা কৰি আছে । এইবোৰ ব্যক্তিগত অসুবিধাক বাদ দিও দেখা যায় প্ৰায় বিগত তিনিটা দশকত বন্ধৰ নামত অসমৰ কিমান লোকচান হ’ল ।

তথ্য মতে বিগত তিনিটা দশকত অসমত বছৰি নুন্যতম গড়ে ৩৪ টাকৈ অসম বন্ধ,নামনি/ উজনি অসম বন্ধ , জিলা বন্ধ বা তেনেধৰণৰ বন্ধ যাপন হৈ আহিছে। প্ৰত্যেকটো বন্ধত প্ৰতিদিনে তথ্য মতে চৰকাৰৰ কোষাগাৰৰ লোকচান প্ৰায় ৫০ কোটি টকা হয় । সেই হিচাবত বিগত তিনিটা দশকত অসমে কিমান হেৰুৱালে তাৰ হিচাপ এই সংগঠনবোৰে ৰাখিছেনে ।

আন এটা তথ্য মতে বিগত ২০১২ -১৩ বছৰটোত কেৱল অইল ইণ্ডিয়া লিমিটেডৰে বন্ধ বা আন তেনেধৰণৰ প্ৰতিবাদী কাৰ্য্যকলাপৰ ফলত প্ৰায় ২০০ কোটি টকাৰ লোকচান হ’ল। আৰু সকলোতকৈ ডাঙৰ কথা আমাৰ সমাজৰ দৈনিক খাটি খোৱা জনগনৰ দুৰৱস্থাৰ কথা চিন্তা কৰিবলৈ এই সকলৰ সময়ো নাই । 


 এতিয়া কথা হ’ল কেৱল বন্ধকে কিয় গণতান্ত্ৰিক অধিকাৰৰ নামত প্ৰতিবাদৰ একমাত্ৰ আহিলা হিচাপে লয় এই সংগঠনবোৰে ? সকলোতকৈ ডাঙৰ কথাটো হৈছে জনসাধাৰণে বহু সময়ত গমেই নাপায় এই সংগঠন বোৰৰ অস্তিত্ব বা সংগঠনবোৰৰ উদেশ্য । কেৱল সস্তিয়া জনপ্ৰিয়তাৰ খাতিৰত এই সংগঠন বোৰে বাৰে বাৰে জনগক বন্ধকত ৰখাৰ অধিকাৰ কেৱল গনতন্ত্ৰৰ নামত দিব পাৰিনে ? এই সংগঠনবিলাকে অন্যান্য বিকল্প গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী হাতত নলয় কিয় ? হয়তো এই সংগঠবোৰৰ গভিত্তিৰ আচল স্বৰুপ ওলাই যোৱাৰ ভয়ত তেওলোকে অন্য কাৰ্য্যসূচী ল’বলৈ সাহস নকৰে।

যদি বন্ধই সমস্যাৰ সমাধান কৰিলেহেতেন যোৱা তিনিটা দশকৰ এহাজাৰটাৰো ওপৰৰ বন্ধই অসমখনক জগতত জাকত জিলিকা কৰি তুলিব লাগিছিল,
কিন্তু তাৰ বিপৰীতে অসমখনৰ অৱস্থা দিনক দিনে বেয়াৰ ফালেহে গতি কৰিব লাগিছে ।
 
এই খিনিতে নিজৰ এটা সৰু অনুভৱৰ কথা ক’ব বিচাৰিছো । কৰ্ম্মৰ খাতিৰত মই দক্ষিণ আফ্ৰিকাতেই থাকো আজি কে’বাবছৰৰ পৰা। জাতিৰ পিতা নেলচন মেণ্ডেলাৰ যোৱা পাঁচ ডিচেম্বৰ তাৰিখে মৃত্যু হয় । মেণ্ডেলাক এইখন দেশত সম্ভৱ ভগৱানৰ লগতেই তুলনা কৰা হয় । মেণ্ডেলাৰ মৃত্যুৰ পৰা অন্তিম সৎকাৰৰ দিনটোলৈ ১০ দিন ৰাষ্ট্ৰীয় মৰ্য্যদাৰে সকলোৰে দৰ্শনৰ বাবেও ৰখা হ’ল । কিন্তু আচৰিত ভাবে এটা কথা মন কৰিলো, এই দহ দিনত সমগ্ৰ দেশৰ লাখ লাখ কোটি কোটি মানুহে মেণ্ডেলাক শ্ৰদ্ধা জ্ঞাপন কৰিলে, কিন্তু দক্ষিণ আফ্ৰিকাৰ সকলো কাম-কাজ নিয়মীয়াৰুপেই চলি থাকিল । কোনো এটা দিনেই বন্ধ ঘোষণা কৰা নহ’ল। মানুহে ৰাষ্টাই ঘাটে, বজাৰে সমাৰে সকলোতে মেণ্ডেলাৰ ৰাখি থোৱা ফটোত ফুল দি অথবা মম জ্বলাই এখন্তেক শ্ৰদ্ধা জনালে, কিন্ত্ত দক্ষিণ আফ্ৰিকা স্তব্ধ হৈ নগ’ল ।

বন্ধ দেশৰ পৰা অহা মানুহ বুলি এনেধৰণৰ কাৰ্য্য আমাৰ প্ৰথমে একেবাৰে সহ্য হোৱা নাছিল, মনে মনে ভাবিছিলো বন্ধই যদি দিয়া নাই কিহৰ সন্মান আকৌ দিয়া হ’ল ? পিছত লাহে লাহে অনুভৱ কৰিলো যিজন মানুহে এইখন দেশ আৰু এই জাতিক আগুৱাই নিবলৈ গোটেই জীৱনটো উচৰ্গা কৰিলে সেই মানুহজনৰ মৃত্যুত হয়তো দেশখন স্তব্ধ হৈ গ’লে সেই মহামানৱ জনকে জানো অপমান কৰা নহ’ব। এনে বোৰ কথাই জানো আমাক অনুপ্ৰাণিত কৰিব নোৱাৰে ? আমিও জানো এই নতুন বছৰতে বন্ধবিহীন দেশ তথা জাতি এটা উপহাৰ দিয়াৰ এক সংকল্প লব নোৱাৰো ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages