অনুবাদ গল্প - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুবাদ গল্প

অনুবাদ গল্প

Share This
জুৱাৰীৰ জীয়েক
মুল : ভাইকম মহদ বছিৰ
অসমীয়া অনুবাদ : হেমচন্দ্ৰ দত্ত

এই গল্পটোৰ নীতি-কথাটো আৰম্ভনিতে কৈ দিব পাৰি। ছোৱালীবোৰে এই নীতি-কথাক আনন্দদায়ক অথবা আলোকসন্ধানী যেন নেপাব। হ’লেও নীতি-কথাটো এইটো। যদি আপোনাৰ ছোৱালী আছে, তেনেহলে হৃদয়খন ডাঠ কৰি, ঠাণ্ডা মগজুৰে সিহঁতক হত্যা কৰক।

এতিয়া কিন্তু ভাবি নল’ব যে এইবোৰ মোৰ দৃষ্টিভংগী। মই অন্তৰৰ পৰা আশা আৰু প্ৰাৰ্থনা কৰিম যে মোৰ পাঠক সমাজৰ অৰ্ন্তভুক্ত কোনো সন্মানীয় মহিলাই এই নাৰী-বিদ্বেষী অৱলোকনৰ দ্বাৰা প্ৰেৰিত হৈ মোক যেন ৰৌ ৰৌ নৰকত পৰিবলৈ শাওপাত নিদিয়ে। মোৰ সলনি বৰঞ্চ তেওঁলোকে ওট্টাক্কান্নান পোক্কাৰক লক্ষ্য হিচাপে লোৱা উচিত হ’ব।

ওট্টাক্কান্নান পোক্কাৰেই হ’ল এই গল্পটোৰ বিয়োগাত্মক নায়ক। মানদান মুথাপাক ওপৰুৱাকৈ খলনায়ক বুলিব পাৰি কিন্তু কাহিনীটো আগবঢ়াৰ লগে লগে তেওঁ  এজন বীৰ, পৰাক্রমী নাইটৰ শাৰীলৈ উন্নীত হয় আৰু পোক্কাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লয়। এই যুদ্ধত মুথাপাৰ সহযোগী হ’ল জৌনাবা।

অত্যাচাৰী শাসনৰ প্ৰতিভু গাৱৰ আৰক্ষী চকীটোৰ কনিষ্টবল দুটা, থুৰাপ্পান অভাৰন আৰু গাড়ীচালক পাপ্পুন্নি নিজৰ জেগাত নাছিল। স্থানীয় অপৰাধী চক্রটোৰ তাৰকা অনাভৰী ৰামান নায়াৰ আৰু পংকুৰিছো থোমাই তেওঁলোকৰ হৈ দুৰ্গটো ধৰি ৰাখিছিল। তেওঁলোকৰ ছাঁ স্বৰূপ এট্টুকালি মেমুনহো সদায় বিচাৰিলে পোৱাতে হাততে আছিল। ঠিক সেইদৰে অন্য গাওবাসীসকলো আছিল, যাৰ সংখ্যা বাইশ শতকৈ অধিক হ’ব। তেওঁলোক সকলোৱে আছিল শান্তি-প্ৰিয় মানুহ। যুঁজ লগাই ভাল পোৱা প্ৰতিক্রিয়াশীলসকলৰ লগত তেওঁলোকৰ একো সৰ্ম্পক নাছিল।

এইখিনিতে প্ৰকৃত তথ্যৰ সৈতে মোৰ পাঠকক  এজন বিনয়ী কাহিনীকাৰ হিচাপে মই পৰিচয় কৰোৱাব বিচাৰিম। তেওঁলোকৰ বাহিৰেও মঙল আৰু শনিবাৰবোৰত গাৱৰ বজাৰত আবিৰ্ভাৱ হোৱা প্ৰায় চাব্বিশ শ পুৰুষ মহিলাৰ ওপঙি থকা জনসংখ্যাৰ উপস্থিতিকো নথিভুক্ত কৰাটো জ্ঞানীৰ কথা হ’ব। কিনা, বিক্রী কৰা, হৈ-হাল্লাৰ সৃষ্টি কৰা আৰু দুই এখন বগৰা-বগৰিত লিপ্ত হোৱাতে তেওঁলোকৰ ভুমিকা সীমাবদ্ধ আছিল। ওট্টাক্কান্নান পোক্কাৰ আৰু মানদান মুথাপা আছিল দুজন শিপ্লী, যি এই জনসংখ্যাৰ সৈতে কান্ধত কান্ধ মিলাই নিজৰ বৃত্তি চলাই নিছিল। জৌনাবাও এইখিনি  মানুহৰ শাৰীতে আছিল। হলেও কাচিৎহে তেওঁলোকৰ মাজত তাইক দেখা পোৱা গৈছিল। তাইৰ সৃজনীশীল প্ৰচেষ্টা ৰহস্যৰ মাজত আৱৰ্তিত আছিল।

আপোনাৰ ছোৱালীয়ে কি বিচাৰে জনাৰ পিছত আপুনি বাৰু সিহঁতক কেতিয়াবা বিশ্বাসত ল’বনে? সিহঁতে বাৰু দেউতাকহঁতে কাৰ্যকৰী কৰিব বিচৰা সৰ্বোত্তম পৰিকপ্লনাবোৰ কিয় অথলে যাবলৈ দিয়ে? সিহঁতে যদি দেউতাকবোৰৰ হৃদয়ৰ বেদনা কি জানিলেহেতেন!

মই স্বীকাৰ কৰিব লাগিব যে, গপ্লটোৰ প্ৰধান চৰিত্ৰকেইটাৰ সাক্ষাৎকাৰ লোৱাৰ পিছত তেওঁলোকৰ কিছুমানৰ প্ৰতি মই কিছুদূৰ পক্ষপাতিত্ব অনুভৱ কৰিলো আৰু তাৰ ফলস্বৰূপে তেওঁলোকলৈ মোৰ নৈতিক সৰ্মথন আগবঢ়ালোঁ। ইতিহাসৰ ছাত্ৰৰ কামত অহাকৈ মই গোটেই কাহিনীটো ইয়াত নথিভুক্ত কৰিছো।
                                                .........

মই ওট্টাক্কান্নান পোক্কাৰৰ পৰা আৰম্ভ কৰিম। তাৰ নামৰ আগত লাগি থকা  বিশেষণটোৱে ইংগিত কৰে যে তাৰ এটা চকুহে আছিল। তাৰ  ভাল দিনত সংঘটিত বীৰোচিত অভিযানত এবাৰ তাৰ চকুটো মেৰামতি কৰিব নোৱাৰাকৈ নষ্ট হ’ল। এয়া সত্য কথা যে স্থানীয় কেতবোৰ বুদ্ধিজীৱিয়ে ৰসিকভাৱে তাক ‘সেই এচকুৱা বান্দৰটো’ বুলি উদ্ধৃতি দিছিল। কিন্তু সেইকথালৈ আপুনি গুৰুত্ব নিদিব। এই গপ্লটো আৰম্ভ হোৱাৰ সময়ত তাৰ বয়স মাত্ৰ ৪৭ বছৰ আছিল। তাৰ চেহেৰাটো ধুনীয়াই বুলি ক’ব পৰা গৈছিল। তাৰ দাতঁৰ প্ৰকৃত ৰঙটো আছিল এটা ভালদৰে লুকুৱাই ৰখা সাঁথৰ। পান চোবোৱাৰ কাৰণে তাৰ দাতঁৰ উলাই থকা অংশটো একেবাৰে ৰঙা হৈ আছিল। আৰু  তাৰ বৃত্তিৰ গুণত তাক ‘জুৱাচোৰ ওট্টাক্কান্নান পোক্কাৰ’ বুলি জনপ্ৰিয়ভাৱে উদ্ধৃতি দিয়া হৈছিল।

মই ধৰি লৈছো, ইতিমধ্যে মই যিখিনি কথা ক’লো, তাৰ পৰা আপুনি ধৰি লৈছে যে জৌনাবা চাগৈ পোক্কাৰৰে ছোৱালী। ৯ বছৰীয়া জৌনাবা আছিল গাওঁখনৰ সৌন্দৰ্যৰ ৰাণী। তাইক কঠোৰ শ্ৰম কৰা কোনোবা ডেকালৈ বিয়া দিয়াৰ কথা আছিল। যিটো কথাৰ কাৰণে পোক্কাৰে দিনে ৰাতিয়ে ভাগৰি নপৰাকৈ শ্ৰম কৰিব লগীয়াত পৰিছিল।

এই উদ্দেশ্যৰে পোক্কাৰে ইতিমধ্যে এশ বিশ টকা জমা কৰিলে। এতিয়া এই পইছাখিনিৰ কি গতি হ’ল আপুনি জানেনে? জৌনাবাই সেয়া চুৰি কৰা নাছিল। অনাভৰী, পংকুৰিছো, থোৰাপ্পান,এট্টুকালি আৰু তেওঁলোকৰ গুণমোগ্ধসকলো এনে অপৰাধৰ পৰা নিষ্কলুষ আছিল। অৱশ্যে নিময়মাফিকভাৱে ব্যক্তিগত সম্পতিৰ ব্যৱস্থাটো তেওঁলোকৰ বাবে মহা পাপ স্বৰূপ আছিল। কনিষ্টবল দুজনৰো সেই ধনকলৈ একো কৰিবলগীয়া নাছিল। মানদান মুথাপাৰ? নিশিতভাৱে তেওঁৰো একো কৰিবলগীয়া নাছিল। প্ৰকৃত  কথাটো হ’ল, কোনেও সেই ধন চুৰি কৰা নাছিল। তেতিয়া হ’লে সেই ধন খিনিৰ কি হ’ল? অপেক্ষা কৰক। মই এই প্ৰসংগটোলৈ আহি আছো।

কাহিনীটোৰ কেন্দ্ৰটো এতিয়া ২১ বছৰীয়া, গাঢ় কলা বৰনৰ, সামান্য  কেঁৰা মানদান মুথাপা নামৰ এজন ল’ৰালৈ সলনি হয়। হ’লেও ল’ৰাটোৰ মুখত সদায় এটা মনোমোহা হাঁহি লাগি থাকিছিল। জৌনাবাৰ নিচিনাকৈ সিয়ো সৰুতে তাৰ মাকক হেৰুৱালে। এটা চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি কাৰাগাৰৰ ভিতৰত এমখা পশু প্ৰবৃত্তিৰ আৰক্ষীৰ লগত লগা খণ্ড-যুদ্ধত তাৰ দেউতাকো শ্বহীদ হয়। তাৰ যিমান দূৰ মনত পৰে, আত্মীয়-কুটুম বুলিবলৈ তাৰ কোনো নাছিল। মানুহে তাক ‘পকেটমাৰ মানদান মুথাপা’ বুলি মাতিছিল।

তাৰ নামৰ আগত ‘মানদান’ বা ‘চেৰাবলীয়া’ শব্দটো লগোৱা মানুহজন পোক্কাৰৰ বাদে আন কোনো নহয়। একপ্ৰকাৰে চাবলৈ গ’লে, নাকেৰে ধোৱা উলিওৱা কৌশলটো শিকোৱা পোক্কাৰ আছিল মানদান মুথাপাৰ পৰামৰ্শদাতা। অৱশ্যে এই পাঠ গ্ৰহণৰ বাবদ মুথাপাই এটকাকৈ মাচুল ভৰিবলগীয়াত পৰিছিল। সি কেৱল চাৰে পাঁচ অনাহে তাৰ খোচনিৰ পৰা উলিয়াই দিছিল। লোকচানখিনিয়ে এতিয়াও তাৰ মনত ৰজনজনাই থাকে। ‘সেই জহৰা মুথাপাৰ পৰা মই চাৰে দহ অনা এতিয়াও পাবলৈ আছে। মই তাক নাকেৰে ধোৱা কেনেকৈ উলিয়াব পাৰি শিকাইছিলো।'  পোক্কাৰে খঙেৰে কয়। এই দাবীটোৱে  মুথাপাৰ উচ্চাকাংক্ষাত মোক্ষম আঘাত হানিছিল। সি অলপতে অনাভৰী ৰামান নায়াৰ আৰু পংকুৰিছো থোমাৰ ওচৰত শিক্ষা নৱিছৰ জীৱন আৰম্ভ কৰিছেহে। পোক্কাৰৰ এই বক্তব্যই এই ভদ্ৰলোক দুজনক তেওঁলোকৰ ডেকা শিক্ষা নবিছৰ বিষয়ে দ্বিতীয়বাৰ ভাবিবলৈ বাধ্য কৰোৱাইছিল আৰু মুথাপাই  নিজে এখন দুষ্ট পৃথিৱীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলগীয়াত পৰিছিল। মনোযোগ আকৰ্ষন কৰিব পৰাকৈ ইমানবোৰ উজ্বল ডেকা ল’ৰা থাকোতে কোনেনো বাৰু এটা অপ্লবুধীয়াক কামক মকৰল কৰিব?

পকেট মাৰিবলৈ লোৱাৰ আগতে  মানদান মুথাপাই নিজকে পোক্কাৰৰ ছাত্ৰ হিচাপে তেওঁৰ শ্ৰেনীত নাম ভৰ্তি কৰিবলৈ চেষ্টা কৰিছিল। ভালেমান প্ৰভাৱশালী শুভচিন্তকে এই ক্ষেত্ৰত তেওঁৰ নামটো চুপাৰিচ কৰিছিল। কিন্তু পোক্কাৰে সেয়া মানিবলৈ অস্বীকাৰ কৰিলে। ‘জহনামত যা ঐ গাধা। এই বৃত্তিৰ বাবে মোক মাথা থকা ল’ৰা লাগে।’

পোক্কাৰে ঠিক কথাটোকে কৈছিল। যিকোনো বৃত্তিতে মাথা এটা সম্পদ আৰু জুৱাত উচ্চস্তৰীয় ব্যতিক্রমী বুদ্ধিমত্তাৰ দৰকাৰ হয়। আৰু ধনো লাগে। পোক্কাৰৰ দুয়োতাই আছিল। তেওঁৰ সৰু মোনাটোত এজাপ তাচ পাত, মালায়ালা পেনোৰমাৰ এখন পুৰণা সংস্কৰন আৰু কেইটামান সৰু শিল আছিল। তাচ জাপ খৰখেদাকৈ চাফল কৰি পোক্কাৰে জাপটোৰ পৰা তিনি খিলা পাত এটা জ’কাৰ আৰু দুখন নম্বৰযুক্ত পাত উলিয়াই  আনে। ইয়াৰ পৰৱৰ্তী কামটো হ’ল তেওঁৰ ক্লায়েন্টসকলে যাতে ভালকৈ দেখে, সেইধৰনেৰে এখন হাতত জ’কাৰ থকা পাতখিলা আৰু আনটো হাতত নম্বৰযুক্ত পাত দুখিলা ধৰি ৰখাটো। কিন্তু ক্লায়েন্টক সৰ্ম্পুনকৈ জয় কৰিবলৈ কিছু পৰিমানে শক্তিশালী বানিজ্যিক প্ৰবচনৰো তাক দৰকাৰ হৈছিল। সেইকাৰনে কন্ঠটো ঠিক কৰি সি তাৰ বাগ্মীতা কৌশল প্ৰদৰ্শন কৰে। ‘হয় ৰজা, সকলোৱে আগবাঢ়ি আহক... ৰাইজ আপোনালোকৰ আয় দ্বি-গুন কৰক...এটকাত দুটকা, দুটকাত চাৰি টকা ঘতক, জ’কাৰে আপোনালোকৰ ভাগ্য নিৰ্নয় কৰিব। একো নাই, যদি আপুনি আপোনাৰ ধন নম্বৰ-যুক্ত পাতত দিয়েও। এয়া এজন ভিক্ষাৰীক দিয়া আপোনাৰ ভিক্ষাহে... হয় ৰজা...’

হাতটো জোকাৰি জোকাৰি পোক্কাৰে কাগজৰ ওপৰত তলমুৰকৈ পাতখিনি ৰাখে। পাতবোৰৰ গতিৰ ওপৰত ভালদৰে নজৰ দিয়াতো জুৱাৰীৰ দায়িত্ব। নিজৰ পছন্দৰ জাপটোৰ ওপৰত ধন লগোৱাৰ আগতে তেওঁলোকে শেন চকুৰে পাতখিনি এবাৰ চায়। বহুতেই এক অনা বা এটকা বাজি লগাই । হ’লেও  এনে কিছুমান মানুহ থাকে যি পাচ টকাৰ পৰা দহ টকা পৰ্যন্ত বাজি ধৰে। কিন্তু সদায় হোৱাৰ দৰে জ’কাৰটোৱে তেওঁলোকক প্ৰতাৰণা কৰে। এইদৰে প্ৰতিটো ৰাউণ্ডতে সাহসী মানুহবোৰৰ পৰাজয় আৰু ৰসিক পোক্কাৰৰ জয় হয়। তাৰ পিছত সি শান্তভাৱে ধনখিনি গোটায়। তাৰে দুটকা স্থানীয় কনিষ্টবলৰ পকেটলৈ যায়। 

সকলো সময়তে হাৰিবৰ বাবে খেলাতো আনন্দদায়ক কথা হ’ব নোৱাৰে। সেয়ে  পোক্কাৰে এটা চমকপ্ৰদ বুদ্ধি উলিয়ালে। গড় হিচাপত মানুহবোৰে দহবাৰৰ ভিতৰত তিনিবাৰ জিকে। আচৰিতজনক ! কিন্তু তাতো এটা কথা আছে।  জিকাসকলৰ মাজৰে কোনোবাজন পোক্কাৰৰে বন্ধু বা শিক্ষা নবিচ আছিল নেকি,এই কথাটো ধৰাটো অসম্ভৱ কথা আছিল কিয়নো তেওঁলোকৰ পৰিচয় বজাৰৰ মানুহবোৰৰ বাবে অজ্ঞেয় আছিল। চাবলৈ গ’লে এনে ব্যৱস্থাত কোনো  বেইমানী নচলিছিল!

তথাপি ওট্টাক্কান্নান পোক্কাৰ আৰু মানদান মুথাপাৰ বৃত্তিৰ মাজত কিমান যে পাৰ্থক্য আছিল ! জনপ্ৰিয় ধাৰনাৰ বিপৰীতে, পকেটমাৰৰ বৃত্তিটোক লৈ   ভাৱিবলগীয়া নীচক কথা একো নাছিল। পৃথিৱীৰ অনেক দেশত বৃত্তি হিচাপে পকেটমাৰ বিদ্যাই আচৰিতজনক প্ৰগতি লাভ কৰিছে। কিছুমান ঠাইত পকেটমৰা কামটো শিকাবলৈ আনকি কলেজো আছে। এই সকলো কথাৰ বাহিৰেও এই বৃত্তিটোৰ বাবে অখণ্ড মনোযোগ,অসীম ধৈৰ্য, সকলো কথাতে নজৰ ৰখা আৰু ‘নীৰৱতাই সাৰ কথা’, এই আপ্ত বাক্যত অকম্পিত বিশ্বাসৰ দৰকাৰ হয়। আৰু  মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে কেতবোৰ  প্ৰতিভাই নিশ্চিতভাৱে কামতো দিয়ে। মানদান মুথাপাৰ বাৰু তেনে মগজু আছিল নে? হয়, একনিষ্ঠতা আৰু দৃঢ়তাই অনেক সংকটৰ মাজেদি হ’লেও এনে বৃত্তিত সাফল্য লাভত সহায় কৰে। 

মুলধনৰ প্ৰসংগত কওঁ, দীঘল দীঘল আঙুলি আৰু এখন শ্বলেই হ’ল আচলতে দৰকাৰ হোৱা সজুলি। সকলো দায়বদ্ধ শিপ্লীৰ দৰে, এজন পকেটমাৰে মানুহৰ মনৰ গতি-গোত্ৰ বুজি পাব লাগিব। গজদন্ত মিনাৰত তেওঁ অৱস্থান ল’লে নচলিব। অন্য কথাক ক’বলৈ গ’লে, এজন পকেটমাৰ হ’ল এটা সামাজিক প্ৰাণী, যি সকলো মানুহৰ আনন্দ আৰু বিষাদক ভগাই লয়।  সাম্প্ৰদায়িক জীৱন যাপনেই হ’ল এজন পকেটমাৰৰ আদৰ্শ নীতি। বিবাহ, অন্তেষ্ট্ৰিক্রিয়া, গৰু বেচা কিনা কৰা বজাৰ, উৎসৱ অনুষ্ঠান,সমদল, মল্ল যুজ, ৰাজনৈতিক সভা, এই সকলোতে য’ত মানুহৰ সমাগম হয় তাতে সি আৱিৰ্ভাৱ হৈ তেওঁলোকৰ পকেটত থকা লেতেৰা ধনৰ বোজাটো লাঘৱ কৰে।

তাৰ কাৰ্য প্ৰনালী অতি সাধাৰণ। মানুহৰ ভিৰৰ মাজৰ পৰা সি এজন ধনী মানুহক নিৰ্বাচন কৰি লয়। তেওঁৰ পকেটতো শ্বলখনেৰে ঢাকি পেলায়, আৰু দীঘল আঙুলিৰ দক্ষ সঞ্চালনৰ যোগেদি পাৰ্চটো উলিয়াই আনে। খৰ গতিয়েই  হ’ল কৃতকাৰ্যতাৰ মুল কথা আৰু নিৰৱছিন্ন অনুশীলৰ পৰাহে  এনে গতি আয়ত্ব কৰিব পাৰি। কিন্তু সেয়াই শেষ কথা নহয়। সেই পইছাখিনি লগে লগে এজন শিক্ষা নবিচৰ হাতত পৰিব লাগিব, যি সেই স্থানৰ পৰা নিমিষতে অৰ্ন্তধান হ’ব লাগিব।

দুৰ্ভাগ্যক্রমে ওপৰত উল্লেখ কৰা প্ৰয়োজনীয় আহিলা, দীঘল আঙুলি আৰু শ্বল মানদান মুথাপাৰ আছিল। তাৰ ছফুট দুই ইঞ্চিৰ শৰীৰটো আছিল  এক সম্ভাৱনা। বজাৰৰ দিনত  গাৱত গোট খোৱা মানুহবোৰতকৈ সি আছিল এমূৰ মান ওখ। সি বজাৰত আহি পোৱাৰ লগে লগে মানুহবোৰৰ মাজৰ পৰা ‘‘হেৰা, তুমি সাৱধান হোৱা দেই। তোমালৈ মানদান মুথাপাই নজৰ দিছে’’  এনে ধৰনৰ চিঞৰ এটা শুনিবলৈ পোৱা যায়। সেয়া আছিল এজন শিপ্লীৰ  প্ৰতি সমাজে প্ৰদৰ্শন কৰা এচিকতা সন্মানৰ এক ব্যতিক্রমী উদাহৰণ!

অৱশ্যে এই অত্যুৎসাহীসকলৰ ভিতৰৰ এজনো তাৰ গাৱৰ মানুহ নহয়। তেওঁলোক আছিল বাহিৰৰ মানুহ, ঘৃননীয় প্ৰতিষ্ঠানৰ বিশ্বাসী অনুসৰ। মানদান মুথাপাৰ লগত তিষ্টিব নোৱাৰি তেওঁলোকে তেওঁলোকৰ মৰ্যাদা হেৰুৱালে। কেতবোৰ ৰাজনৈতিক দলৰ কৰ্মীৰ দৰে মুথাপাই কিন্তু তাৰ অপযশ গোৱা সকলক ‘বুজৰ্জাৱা  প্ৰতিক্রিয়ীশীল’ বুলি কৰ্কশ শ্লোগানেৰে গালি পৰা নাছিল। সি কেৱল এটা মনোমোহা, নিদৰ্দাষ হাহি মাৰিছিল, যি হাহিয়ে তেওঁলোকক আৰু পথৰ কাষৰ সন্দেহহীন পথচাৰীসকলক মোহাৱিষ্ট কৰিছিল। কিন্তু সেই অভিব্যক্তিয়ে গাৱৰ কনিষ্টবলজনক আকৃষ্ট কৰিব পৰা নাছিল। প্ৰতিটো বজাৰৰ দিনত সিহঁতে মুথাপাৰ পৰা এটকা পৰ্যন্ত  শুহিছিল। ৰাজনৈতিকভাৱে সচেতন গাৱৰ মানুহৰ কাৰনে ক্ষমতাৰ এই প্ৰতিনিধিসকল একো কামৰ নাছিল আৰু সেয়ে তেওঁলোকে এনেধৰনৰ নিৰ্দয়তাৰ  বিৰুদ্ধাচৰণ কৰিছিল। কিন্তু মুথাপাৰ উপাৰ্জনৰ পৰা চান কাঢ়িবলৈ দৃঢ়প্ৰতিজ্ঞ এই কনিষ্টবলসকলৰ বাবে এই  কথাই একো পৰিবৰ্তন অনা নাছিল। ইমান কষ্টৰে আৰ্জন কৰা পইছাখিনিৰে মুথাপাই বাৰু কেনেকৈ বাকী কাম নোহোৱা দিনকেইটা চলিছিল? তাতে তাক  অধিক বিপদলৈ থেলি দিছিল ওট্টাক্কান্নান পোক্কাৰে তাৰ বিৰুদ্ধে ফৰীয়াদি গোচৰৰ সাক্ষ্য দি । ‘জহৰা মানদানে আজি দহ টকা সৰকালে । মই নিজ চকুৰে তাৰ  অপকৰ্মটো দেখিছো।’’

‘ এচকুৱা চয়তান!’ মানদান ভোৰভোৰাই উঠে। ‘কোনোবা দিনা মই তোৰ ভাল চকুটোও উলিয়াই আনিম।’

সমীকৰণটো এতিয়া পৰিষ্কাৰ হৈ পৰিছে আৰু সেই কথা এতিয়া সকলোৱে জানে। চিৰ-শত্ৰু দুটাই ৰনাংগনত ভৰি থৈছিল। পকেটমাৰোতা মানদান মুথাপাক সাৰ্বজনীনভাৱে  চেৰাবলীয়া  বুলি স্বীকাৰ কৰা হৈছিল আৰু জুৱাচোৰ ওট্টাক্কান্নান পোক্কাৰে তেওঁৰ ৰসিকতাবোধক কেতিয়াও বিসৰ্জন দিয়া নাছিল। মই আপোনালোকক যিটো গপ্ল এতিয়া উন্মোচন কৰিবলৈ গৈ আছো, সেই গপ্লটোত মানদান মুথাপাই কেনেকৈ তাৰ ৰসিক, চিৰ-বৈৰীক  হৰুৱাই  কাৰোবাৰ পাণি গ্ৰহণ কৰিলে তাৰ বৰ্ননা আছে। হয়, মই উৎকন্ঠাটো শেষ কৰি পেলোৱা উচিত নহয়। আৰম্ভনিৰে পৰা আৰম্ভ কৰো দিয়ক।
                                                 .......
সেয়া আছিল এটা শনিবাৰ। বজাৰৰ দিনৰ হট্টগোল আৰম্ভ হোৱাৰ আগতে   পুৰনি শিমলু গছজোপাৰ তলত পোক্কাৰে আসন পাৰি বহিছে। পুৱাৰ আহাৰ কৰিবলৈ নোপোৱা মানদান মুথাপাৰ বাবে পুৱাটো বেৰসিক হৈ আছে। তাৰ কাষত কোনো দানী ব্যক্তিও এতিয়া নাই, যি তাক একাপ হলেও চাহ কিনি খোৱাব। ৰাষ্ট্ৰাটোৰে ভোকত আতুৰ আৰু বিষন্ন হৈ আহি থকা মুথাপাৰ সন্মুখত এটা দীঘল  জুব্বা  পৰিহিত এজন মানুহৰ আৰ্ৱিভাৱ ঘটিল। এই মানুহজনে সোনৰ প্লেটযুক্ত এটা ঘড়ী পিন্ধিছিল। তেওঁৰ  জুব্বাৰ পকেটত মাৰি থোৱা আছিল দামী যেন লগা এটা কলম। মুথাপাই হৃদ-যন্ত্ৰত এটা স্পন্দন অনুভৱ কৰিলে। পৰিৱেশৰ প্ৰতি অন্য মনস্ক হৈ চিগাৰেট হুপি হুপি কোটিপতিৰ মেজাজত খৰখেদাকৈ খোজ কাঢ়ি গৈ থাকোতেই মুথাপাই ভদ্ৰলোকৰ পাৰ্ছটো মাৰি তেওঁক আজৰি কৰি দিলে।

মুথাপাই সম্পাদন কৰা কামবোৰৰ ভিতৰত এইটো আছিল অন্যতম সাফল্যৰ কাম। কিন্তু পাৰ্চটোৰ ভিতৰৰ বস্তু কেইপদে তাক আনন্দিত নকৰিলে। সি কষ্ট কৰি পোৱা বস্তু কেইপদ আছিল চাৰে পাচ অনা পৰিমানৰ ধন আৰু এগৰাকী অভিনেত্ৰীৰ এখন ফটোগ্ৰাফ। ‘ধেৎ চালা । কি তাৰ ঈশ্বৰ যেন লগা আওহাৱা ! ভিক্ষাৰীটো !’  ফটোগ্ৰাফখন টুকুৰা টুকুৰকৈ ছিঙি মুথাপাই অভিশাপ দিলে।

নতুনকৈ খোলা ৰেষ্ট্ৰোৰাখনে ভাল ব্যৱসায় কৰিছে। মুথাপাই তাত এবাৰ চেষ্টা কৰি চোৱাৰ সিদ্ধান্ত ল’লে। সি এজন শকত মানুহৰ কাষতে বহিল। মানুহজনৰ কাষৰীয়া পকেটটো প্ৰতিশ্ৰতিসম্পন্ন যেন লাগিল। কিন্তু তাৰ পৰা সি একো নেপালে। ৱেটাৰজনে নিবিচৰাকৈ দি থৈ যোৱা স্নেক আৰু চাহ কাপ খালে সি। তাৰ বাবদ দিবলগীয়া হ’ল চাৰি অনা। আধা অনাৰে সি বিড়ী কিনিলে আৰু  বাকী ৰোৱা এক অনাটো লৈ সি ওট্টাক্কান্নান পোক্কাৰৰ সন্মুখত হাজিৰ হ’ল। 

‘ হয় ৰজা... আহক... এটকাত দুটকা ঘতক... যিকোনো গাধ মানদানেও চেষ্টা কৰি চাব পাৰে...’ এখন কাগজৰ ওপৰত তলমুৰকৈ তাচ পাত খিনি দলিয়াই দিয়াৰ আগতে পোক্কাৰে চিঞৰিলে। জ’কাৰ বুলি ভৱা পাতখিলাৰ ওপৰতে মুথাপাই এক অনাটো থলে। ‘ হাৰিবি এতিয়া গাধ’  তাচ জাপ লুটিয়াই দিওঁতে পোক্কাৰে লাহেকৈ ক’লে। সেইখিলা আছিল নম্বৰ-যুক্ত পাত।
‘ আৰু এবাৰ চেষ্টা কৰিবিনে?’  চকুৰে পেঙলাই কৰি পোক্কাৰে সুধিলে।
মুথাপাৰ হাতত ধন নাইকীয়া হৈ থাকিল। এটা বিড়ী জ্বলাই মানুহৰ ভিৰৰ পৰা নদীৰ নীৰৱতাৰ দিশত সি এইবাৰ খোজ দিলে। এজন বেচেৰা শিপ্লীৰ কি যে দুৰ্দশা! কি যে আৰু ঘটিব, তাকে ভৱাটোও জানো কম যন্ত্ৰনাৰ কথা!  অন্তৰৰ পৰাই মানদান মুথাপাই থোৰাপ্পান অভাৰন, গাড়ী চালক পাপ্পুনি, পংকুৰিচো থোমা, আৰু অনাভৰী ৰামান নায়াৰক তাৰ  পৰামৰ্শদাতা হিচাপে প্ৰাৰ্থনা কৰিলে।

নিজৰ ভাৱনাত হেৰাই যোৱা মুথাপাই খোজ কাঢ়ি গৈ থাকিল। খোজবোৰে তাক নদীৰ কাষলৈ লৈ গ’ল। মাল-বস্তু উঠোৱা নমোৱা কৰা নদীৰ অংশটো নাৱেৰে ভৰ্তি হৈ আছিল। চৌদিশে  শিমলু আলুৰ চাগু, নাৰিকল, আৰু বিভিন্ন ধৰনৰ শাক পাচলিৰ ডাঙৰ দ’মবোৰ আছিল। পন্যৰে ভৰপুৰ নাওবোৰলৈ এনেদৰে চাই থাকোতে মুথাপাই এক দৈৱ ঘটনা প্ৰত্যক্ষ কৰিলে। 

এক আখি  কল দ’ম এটাৰ পৰা উলাই আহি নাৱৰ একাষেদি উঠি পানীলৈ জপিয়াই পৰিছে। ঘটনাটো কিন্তু অতিৰিক্ত বোজাবাহী নাৱৰ পৰা সামগ্ৰী পৰি হোৱাৰ দৰে হোৱা ঘটনা নহয়। কলৰ আখিটোৱে লাহে লাহে, ইচ্ছাকৃতভাৱে কামটো কৰিলে । যেন ই এক জীৱন্ত কিবাহে!

এই কথাই মুথাপাক চিন্তা কৰিবলৈ বাধ্য কৰোৱালে। কল আখিত ভূতে লম্ভিলে নেকি বাৰু? সি ভাৱিলে প্ৰকৃতিয়ে উদ্ভিদ জগতৰ ভিতৰুৱা কৰা কলবোৰে খোজ কাঢ়িবলৈ হ’লে চয়তানৰ সহায়ৰ নিশ্চয় প্ৰয়োজন হ’ব। লাহে লাহে কল আখি পোক্কাৰ বাস কৰা নদীৰ দ্বিতীয়টো অৱতৰণ অংশলৈ গতি কৰিলে। দুয়োটা ঘাটৰ মাজত প্ৰসাৰিত হৈ থকা শিমলু গছবোৰে এখন বহল পৰ্দাৰ কাম কৰিছিল।

উৎকন্ঠা বাঢ়ি যোৱাত মুথাপাই নদীৰ ভটিয়নী সোঁতত গৈ থকা কলখিনিক লক্ষ্য ৰাখি খোজ দিলে। হঠাতে তাক আচৰিত কৰি পোক্কাৰৰ একমাত্ৰ কন্যা জৌনাবাৰ তাত আৰ্ৱিভাৱ ঘটিল। গছবোৰৰ তলত লেপেটা খাই বহি নদীৰ ফালে পৰি থকা এডাল শকত ৰচী তাই টানি আছিল। মুথাপাই লক্ষ্য কৰিলে যে কল আখিত এটা মাছ ধৰা বৰশী লাগি আছে।

 জিগচ’ পাজুলৰ টুকুৰাবোৰৰ দৰে নিমিষতে সকলো কথা পৰিষ্কাৰ হল। সেইতো আছিল এটা সাধাৰণ প্ৰক্রিয়া। এডাল দীঘল ৰচীত এটা বৰশী লগাই জোপোহা গছৰ আঁৰ লৈ নদীৰ অৱতৰন অংশলৈ সাতুৰিব লাগে। এক আখি কলত বৰশীটো লগাই ভটিয়নী সোতত ৰচীডাল লাহে লাহে মেলি দি সাতুৰিব লাগে। তাৰ পিছত শিমলু গছৰ পিছফালে ৰৈ কলখিনি টানিব লাগে। আৰু তেনে কৰিব পাৰিলেই সেয়া আপোনাৰ কল হৈ গ’ল।

মানদান মুথাপা হতাশ হ’ল। পুৰুষে চোৰ কৰিলে বা পকেট মাৰিলে, সেয়া বেয়া কথা নহয়। কিন্তু মহিলাই তেনে কৰিলে... জৌনাবাৰ বিচাৰ-বুদ্ধি নথকাত সি আচৰিত হ’ল।

কলৰ আখিটো হাতত লৈ জৌনাবা নদীৰ পাৰলৈ উঠিল। তাইৰ ভিজা কাপোৰৰ পৰা পানীৰ টোপাল পৰি আছিল। মুথাপাৰ উপস্থিতিৰ বিষয়ে তাই একো উমঘামেই নাপালে। তাক দেখাৰ লগে লগে তাই আচৰিত হ’ল আৰু কলৰ আখিটো হাতৰ পৰা পেলাই দিলে। তাইৰ মুখখন গাঢ় বেঙুনীয়া হৈ পৰিল। তাৰ পিছত চক মাটিৰ দৰে বগা বৰণ ল’লে।

‘জৌনাবা’  মুথাপাৰ কন্ঠত মৰম আৰু বেদনা ফুটি ওলাল।
‘ও’  এক ভগ্ন কন্ঠেৰে জৌনাবাই উত্তৰ দিলে।
‘তুমি কৰা কামটো শুদ্ধ বুলি ভাৱানে?’
‘জানো...’
‘আকৌ এনেকুৱা কৰিবানে?’
‘নকৰো’
‘কাপোৰ সলোৱা। গাটো মচা। নহলে তোমাৰ চৰ্দি হ’ব।’
কলখিনি নুচুৱাকৈ জৌনাবাই দৌৰিবলৈ আৰম্ভ কৰিলে। মুথাপাই তাইৰ ঘৰলৈ কলখিনি লৈ গ’ল। তাতে তাইৰ এখন সৰু ৰেষ্ট্ৰোৰা আছিল। চাহৰ ওপৰি পুট্টু, সিজোৱা বুট, আপ্পাম, বড়া, কল আদি পোৱা গৈছিল তাত। তাই কিছুমান নিয়মীয়া গ্ৰাহকক বাকীও দিছিল, যাৰ ভিতৰত আছিল অনাভৰী ৰামান নায়াৰ, পংকুৰিছো থোমা, আৰু এট্টুকালি মেমুনহো। সিহঁতৰ লগত গৈ তাইৰ ঘৰ পোৱাৰ লগে লগে মুথাপাক তাই  নিমন্ত্ৰণ কৰিলে ইদিয়াপ্পাম আৰু কলেৰে চাহ খাবলৈ।

এই গোটেইবোৰ কথাৰ সাক্ষী হ’ল মুথাপা। অৱশ্যে এই কাহিনীকাৰে তাইৰ মুখামুখী হওঁতে আৰু তাই মুথাপাক ভাল পাই নেকি বুলি সোধোতে, তাই উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে। কিন্তু তাই সম্পূৰ্ন নিশ্চিত আছিল যে মুথাপা মানদান নহয়। ‘ঘৃণাবশতঃ বাপাই এনেদৰে কয়।’  তাই ক’লে।
                                                    ........
এইবোৰ কথাৰ বিষয়ে পোক্কাৰ একেবাৰে অজ্ঞ আছিল। সি জৌনাবাক সন্দেহ কৰা নাছিল। জীয়েকৰ বিয়াৰ কাৰনে ধন গোটোৱা কামত ব্যস্ত থকা মানুহটোৱে এনেবোৰ কথা লক্ষ্য কৰা নাছিল। এজন সৎ আৰু পৰিশ্ৰমী ল’ৰা চাব লাগিব। বিয়াৰ বাবে তাইক কেইযোৰমান কানফুলি আৰু গলপাত দিব লাগিব। এইবোৰেই আছিল তাৰ উৎকন্ঠা।

সেইদিনা  বজাৰত কিনা সামগ্ৰী ভৰ্তি এটা বেগ লৈ পোক্কাৰ ঘৰলৈ ওভটি আহিছে। ঘৰত ভৰি থোৱাৰ সময়ত তাক সম্ভাষণ জনোৱা দৃশ্যটো আছিল  জৌনাবাৰ কোলাত মুৰ থৈ মানদান মুথাপা শুই আছে।

এজন দুৰ্ভগীয়া পিতৃৰ হৃদয়খন ভাঙিবলৈ ইয়াতকৈ ডাঙৰ কথা কিবা লাগেনে? এটা ক’লা, কেৰা চকুৱা মুৰ্খ আপোনাৰ ছোৱালীৰ কোলাত শুই আছে! এনে দৃশ্যক আমোদজনক  বুলি ভাৱিব পৰা পিতৃ কাচিৎহে কোনোবাই হয়তো লগ পাব পাৰে।

‘বাপা’ মুথাপাক থেলি জৌনাবা ভয়ত জপিয়াই উঠিল। 
কিন্তু মানদান মুথাপাই তাৰ মোহনীয় হাহিটো উৰুৱাই থাকিল।
পোক্কাৰৰ খঙ উঠি আহিল। সি মুথাপালৈ শিমলু আলুৰ চাগুৰ এটুকুৰা মাৰি পঠিয়ালে, যিখিনি গৈ তাৰ বুকুতে লাগিলগৈ। যদিও সি বৰকৈ দুখ পালে, মুথাপাই মুখৰ হাহিটো নেৰিলে। টুকুৰাটো সি বুটলিলে, লাহেকৈ বাকলি গোচালে, আৰু কুটি কুটি খাবলৈ লাগিল। ‘মামা, মই জৌনাবাক বিয়া পাতিব খোজো।’  সি পোক্কাৰক উদেৰ্শি ক’লে।

এতিয়া এই বাক্যটোৰ দুতৰপীয়া অৰ্থ হৈ পৰিল। প্ৰথমে, মামা হ’ল এনে এটা শব্দ, যিটো মামাক আৰু পত্নীৰ পিতৃৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। আমি জানো যে পোক্কাৰ আৰু মানদান মুথাপাৰ মাজত তেনে কোনো সৰ্ম্পক নাই। মুথাপাই ভৱিষ্যতলৈ চকু দিছিল নেকি বাৰু? তদুপৰি আপুনি লক্ষ্য কৰিছে চাগৈ যে মুথাপাৰ বাক্যটো ‘মই আপোনাৰ ছোৱালীৰ পাণি গ্ৰহণ কৰিব পাৰোনে?’ জাতীয় অনুৰোধ নাছিল। সেয়া আছিল এক শক্তিশালী বক্তব্য।
খঙত পোক্কাৰে মুৰ জোকাৰিলে। ‘বাহিৰ হ মোৰ ঘৰৰ পৰা। দাগীচোৰ।’  পোক্কাৰ চিঞৰি উঠিল।
‘মামা, মই যি কৰিলো আৰু ক’লো, তাৰ বাবে মোক ক্ষমা কৰিব। জৌনাবাই কৈছে মই পকেটমাৰৰ কামটো এৰি দিব লাগে। গতিকে মই আৰু তেনে কাম নকৰো।’
‘হয় নেকি, তাৰ মানে তই এতিয়া চোৰ কৰিবি?’
‘মই এখন সৰু ৰেষ্ট্ৰোৰা খুলিব খোজো। মামা, মোক দহ টকা ধাৰলৈ দিবনে?’  ব্যংগক আওকান কৰি মুথাপাই কৈ গ’ল।
‘তোক যে নাকেৰে ধোৱা উলিওৱাৰ শিক্ষা দিওঁতে মই পাবলগীয়া চাৰে  দহ অনা আছিল, সেয়া কি হ’ল?’
মানদান মুথাপাই তাকো উপেক্ষা কৰিলে। ‘মাহৰ শেষৰ ফালৰ যিকোনো এটা দিন বিয়াৰ বাবে ঠিক হ’ব পাৰে।’
‘বাহিৰ হ বিৰ্ধমী’ পোক্কাৰ গৰজি উঠিল। ‘মই জীয়াই থকালৈকে এনে চিন্তা মনলৈ নানিবি।’
কিন্তু এই ভাবুকিয়ে মুথাপাক বিৰত নকৰিলে।
‘মামা, আপুনি মৰাৰ আগতে মই জৌনাবাক বিয়া পাতিম।’
‘বাহিৰ হ’
শান্তভাৱে মানদান মুথাপা পোক্কাৰৰ ঘৰৰ পৰা আঁতৰি গ’ল।
এয়া আছিল এখন দীঘলীয়া যুদ্ধৰ আৰম্ভনি, অন্তিমলৈকে এখন যুঁজ। বনজুইৰ দৰে খবৰটো বিয়পি গ’ল। প্ৰথমে কথাটো শুনি গাৱৰ মানুহে আমোদ পালে। কিন্তু অনতিপলমে তেওঁলোক দুই শিবিৰত বিভক্ত হৈ পৰিল। আৰম্ভনিতে কনিষ্টবল দুটা পোক্কাৰৰ গোড়া সৰ্মথক আছিল। পিছে গাৱৰ গৰিষ্ঠ সংখ্যক মানুহৰ লগতে সিহঁত দুটাইয়ো মানদান মুথাপালৈ সৰ্মথন সলনি কৰিলে। এনে পৰিৱৰ্তণৰ এটা কাৰণ আছিল। এই বিষয়ে বিতং কথা পিছত পাতিম।
                                                       .......

‘জৌনাবাৰ আনুগত্য ক’ত থাকিল?’  গাৱৰ মানুহে গুনাগঠা কৰিলে।
‘জৌনাবা মোৰ লগত’ যিমান পাৰি সিমান ভৰিৰ আঙুলিত ভেজা দি থিয় হৈ, বুকুত হাত ৰাখি মুথাপাই ঘোষণা কৰিলে।
‘তাই মোৰ ছোৱালী’  আত্ম-বিশ্বাস ৰাখি পোক্কাৰে ক’লে।
কিন্তু আচল কথাটো হ’ল জৌনাবাৰ কাৰ প্ৰতি আনুগত্য আছিল কোনেও প্ৰকৃততে নাজানিলে। ইতিমধ্যে অনাভৰী ৰামান নায়াৰ আৰু পংকুৰিছো থোমাই এটা যুটীয়া বিবৃতি দিলে  ‘জৌনাবাৰ হৃদয়ৰ বাবে এইখন এখন যুঁজ।’

গাৱৰ মানুহৰ বাবে তেতিয়ালৈকে শুনা আটাইতকৈ মূৰ্খৰ কথাটো যেন এইটোৱে আছিল। এওঁলোক দুজনে বাৰু প্ৰকৃততে প্ৰেমিক যুগলৰ হৃদয় দুখন জোৰা লগাবলৈ চেষ্টা কৰিছিলনে? এফালে আছিল এজন গোড়া পিতৃ। লগত আছিল তেওঁৰ জীৱনৰ উৰ্পাজন ১২০ টকা। পোক্কাৰে এতিয়া যিকোনো ডেকালৈ জৌনাবাক বিয়া দিব পৰা অৱস্থাত। এনে পৰিৱেশতে মুথাপাই যুদ্ধ ঘোষণা কৰিলে।
আৰম্ভনিৰে পৰা মানদান মুথাপাৰ আক্রমণে চকুত পৰা সফলতা লাভ কৰিছিল। তেওঁ আছিল জনগনৰ সৰ্বজন-প্ৰত্যাশী নেতা।
পোক্কাৰক চোৰাং ব্যৱসায়ী, ক’লা ধন জমা কৰোতা আৰু সবোতোপৰি এজন বুৰ্জোৱা প্ৰতিক্রিয়াশীল বুলি দোষাৰোপ কৰা হ’ল।
‘মানদান মুথাপা জিন্দাবাদ’
‘ওট্টাক্কান্নান পোক্কাৰ মূৰ্দাবাদ’
শ্লোগানে আকাশ বতাহ কপাই তুলিলে। মুথাপাৰ বাবে চাহ আৰু দুপৰীয়াৰ আহাৰ কিনি খোৱাওতাৰ সংখ্যা নকমিল। তাৰ বিপৰীতে পান তামোলত দিবলৈ এটুকুৰা চূণ গোটোৱাটোও পোক্কাৰৰ বাবে জটিল কথা হৈ পৰিল।
                                                    ......
সেইদিনা আছিল মংগলবাৰ। ক্রেতা-বিক্রেতাই বজাৰখনত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ প্ৰথাগত শ্বলখন লগত নোলোৱাকৈ মানদান মুথাপা বজাৰত আৰ্বিভাৱ হ’ল। তাৰ হাতত এখন এটকীয়া মোট। নোটখন সি  দাঁতেৰে কামোৰি আছিল। ‘এইখন এখন  লাকী নোট। জৌনাবাই দিয়া।’  এজন মানুহক ভিৰৰ মাজত সি তেনেদৰে কোৱা শুনা গ’ল।
মুথাপা পোনে পোনে পোক্কাৰৰ জুৱা-থলী পালেগৈ। সাধাৰনতে হোৱাৰ দৰে পোক্কাৰৰ সন্মুখত মানুহ গোট খাইছিল।
‘হয় ৰজা আহক। আপোনাৰ ধন দ্বি-গুন কৰক। জ’কাৰটো আপোনাৰ বাবে.....। 
আপোনাৰ চকু খোলক। হয় ৰজা...’
মানদান মুথাপাই হাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিৰ মাজত এটকীয়া নোটখন ধৰি থাকি শব্দ হোৱাকৈ শুঙা এটা মাৰিলে।

‘হয় ৰজা, আপোনাৰ ধন দ্বিগুণ কৰক। যিকোনো শোষকে নিজৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। যিকোনো ধোদ  বান্দৰে নিজৰ ভাগ্য পৰীক্ষা কৰিব পাৰে। জ’কাৰটো আপোনাৰেই...’  এনেদৰে কৈ কৈ পোক্কাৰে মানদান মুথাপালৈ চালে আৰু মাজে মাজে আচহুৱা  প্ৰকাশভংগী কৰি নিজৰ বানিজ্যিক প্ৰবচন চলাই গ’ল।

পোক্কাৰে কাগজখনত তলমুৰকৈ তাচ জাপ ৰাখিলে। মানদান মুথাপাই খুব সাৱধানতাৰে তাচ জাপ পৰীক্ষা কৰি তাৰে এজাপত এটকীয়া নোটখন ৰাখিলে। যেন এডাল পিনেৰে তেওঁক খুচিহে গ’ল, এনে ভাৱত পোক্কাৰে মুখ ভেঙুচালি কৰিলে। তেওঁৰ ২২ বছৰীয়া জুৱাৰীৰ জীৱনত তেওঁৰ স্পষ্ট অনুমোদন অবিহনে কোনেও জ’কাৰত বাজি ৰাখিব পৰা নাছিল। দুৰ্ঘটনাক্রমে,অৱশ্যে দুই এজন সৌভাগ্যৱানে কিন্তু আচল পাতত বাজি ৰাখিছে। তেওঁলোকৰ সংখ্যা পিছে ইমানেই কম যে পোক্কাৰে তেওঁলোকক মনত ৰাখিব। ভাগ্য আৰু জুৱাৰী-বিদ্যাৰ মাজত চূড়ান্তকৈ একো সৰ্ম্পক নাছিল। সোনালী নিয়মটো আছিল  পোক্কাৰ জিকিব আৰু বজাৰ কৰিবলৈ অহা মানুহমখা হাৰিব।

পোক্কাৰে পাত লুটিয়ালে। মানুহবোৰৰ মাজত এটা গোমগোমনিৰ সৃষ্টি হ’ল। মুথাপাৰ এটকীয়া নোটখন আছিল জ’কাৰটোৰ ওপৰত। আৰু পোক্কাৰে এতিয়া তাক দিওঁ নিদিওঁকে এটকীয়া নোট এখন দিলে।
‘হয় ৰজা, এটকাত দুটকা। দুটকাত চাৰি টকা...সকলোৰে বাবে মুকলি...’। খেল পুনৰ আৰম্ভ হ’ল।

আগৰ দৰেই এজাপ পাতৰ ওপৰত দুটকাখন বাজি লগোৱাৰ আগতে মুথাপাই প্ৰতি খিলা পাতকে ভালদৰে পৰীক্ষা কৰিলে। পোক্কাৰে পাত লুটিয়ালে। মুথাপাৰ ভাগ্যত পুনৰ লাগিল জ’কাৰটো। এতিয়া তাৰ হাতলৈ চাৰি টকা আহিল।

মুথাপাৰ ভাগ্যই পিছৰ ৰাউণ্ডতো কামত দিয়াত পোক্কাৰৰ ধৈৰ্য চুৰ্তি ঘটিল। মানুহবোৰে আনন্দৰ ধ্বনি এটা কৰিলে।

মুথাপাৰ ভাগ্য ফুলিল। তাৰ হাতলৈ অহা সৌভাগ্যৰ প্ৰতিসি  ৰ’ লাগি চালে  ১৬ টকা । সি নোটখিনি লাহে লাহে গনিলে। তাৰ মাজৰ পৰা এটকীয়া নোটখন উলিয়াই সন্মানসূচকভাৱে চুমা এটা খালে আৰু সি পিন্ধি থকা মুণ্ডুত বান্ধি থলে। তাৰ পিছত সি তাৰ ভৱিষ্যত আচঁনি ঘোষণা কৰিলে, ‘মই পকেটমাৰৰ কাম এৰিলো। মই এতিয়া চাহৰ দোকান দিম।’

সহ শিপ্লী অনাভৰী ৰামান নায়াৰ,পংকুৰিছো থোমা আৰু এট্টুকালি মেমুনহোৰ সৈতে বীৰদৰ্পে মানদান মুথাপা সেই ঠাইৰ পৰা আঁতৰি গ’ল। তেওঁলোকৰ  পিছে পিছে আহিল এমখা গঞা, যিসকলৰ যুঁজৰ প্ৰতি অনুৰাগ বৃদ্ধি পাইছিল। নিমিষতে গোটেই গাওখনে মুথাপাৰ বিজয়ৰ খবৰটো পালে। সাৰ্বজনীন আনন্দ-উল্লাস হ’ল। এয়া আছিল মানুহৰ জয়!

পৰাজিত পোক্কাৰক সমবোদনা জনাবলৈ তেওঁৰ কাষত কোনো নাছিল। ক’লা ধন কৰোতা আৰু প্ৰতিক্রিয়াশীল শক্তিৰ প্ৰতিভূৰ কাষত সমবেদনা জনাবলৈ কোনোবাই জানো মানুহ আশা কৰিব পাৰে?
‘আজি মই পোন্ধৰ টকাত হাৰিলো, ঐ চোৱালী’  সেই দিনা ৰাতি  দুখ মনেৰে পোক্কাৰে জৌনাবাক ক’লে। ‘পাষণ্ডটোৱে মোক হৰুৱালে।’ তাই একো নক’লে। তাইৰ প্ৰকাশভংগীত আনন্দ অথবা সমবেদনা একোৱে নাছিল। কিন্তু পোক্কাৰৰ দুখে কুলাই পাচিয়ে নধৰা হ’ল। ‘মই শেষ হৈ যোৱা নাই। মানদানে আকৌ এবাৰ খেলকচোন। মই তাৰ ছালকে চেলাম। পোক্কাৰে কোনো কথাতে হাৰি নিদিয়ে।’ নিজৰ আত্ম-বিশ্বাস ঘুৰাই আনি সি ক’লে।
                                                    .......
আকৌ বজাৰৰ বাৰ পৰাত হ’কাৰসকলে নিজৰ বস্তু সম্পদ লৈ বজাৰত উপস্থিত হ’ল। দাম-দৰ কৰিবলৈ অহা পুৰুষ- মহিলাই গোটেইখন ভিৰ কৰিলে। মাত্ৰ কেইদিন মানৰ আগতে মুথাপাৰ চাহৰ দোকানখন খোলা গৈছে। বাস্তৱিকতে চাহ বিক্রী কৰা হোৱা নাই। কেৱল গুৰৰ সৈতে কফি আৰু সিজোৱা বুটহে বিক্রী কৰা হৈছে। দুটা বিল্ডিঙৰ মাজৰ মুকলি ঠাইত, খুটিৰ ওপৰত কাপোৰ মেৰিয়াই দোকান খোলাতো চাহৰ দোকানৰ বাবে ক্ষমা প্ৰাৰ্থনা জাতীয় কথাই আছিল। একমাত্ৰ আচবাব হিচাপে তাত আছিল এখন পুৰনি বেঞ্চ আৰু কফি বাকিবলৈ দুটা গিলাছ। এটা গিলাছত এখন চামুচেৰে গুৰখিনি খৰকৈ শব্দ কৰি লৰাই সি গ্ৰাহকক মাতিবলৈ আৰম্ভ কৰিলে, ‘হয় মানদানৰ কফি! পূৰা গৰম! ৰাইজ এসোহা মাৰি চাওঁক। ধনৰ মূল্যতকৈ ই আপোনাক বেছি শক্তি প্ৰদান কৰিব।’

দুপৰীয়াৰ আগতে কফি আৰু সিজোৱা ক’লা বুটবোৰ বিক্রী হৈ গ’ল। মুথাপাই ধন গনিলে, আৰু এটুকুৰা কাগজত নোট আৰু মুদ্ৰাখিনি মেৰিয়ালে। এই টোপোলটো হাতত লৈ সি পোক্কাৰৰ সন্মুখত এইবাৰ হাজিৰ হ’ল। পোক্কাৰ সিদিনা ২০ টকাত হাৰিল। সেইদিনা ৰাতি জৌনাবাক যেতিয়া সেই কথা জনালে, তাই উদ্ধবাহু হৈ ক’লে, ‘ মোৰ ধাৰণা, সকলোৱে এতিয়া কিটিপটো আয়ত্ব কৰি লৈছে।’
‘আয়ত্ব কৰিলে! মূৰ্খ শুন... যোৱা ২২ বছৰত কোনেও আয়ত্ব কৰিব পৰা নাছিল। মই ক’ব খুজিছো যে মাত্ৰ কেইদিন মানতে জহৰা মানদানে ইয়াক আয়ত্ব কৰিছে?’। 
জৌনাবাই একো নামাতিলে। ‘সেই লেতেৰা বিধৰ্মীটোক মই নাকেৰে ধোৱা কেনেকৈ উলিয়াব পাৰি শিকাইছিলো।’

এক ডৰ্জন বজাৰৰ দিন পাৰ হৈ গ’ল। মানদান মুথাপাই পোক্কাৰক বেয়াকৈ হৰুৱাই থাকিল। ধাৰত পোত গৈ গৈ পোক্কাৰ এতিয়া অন্তিম অৱস্থাত পালেগৈ। অৱশেষত  সি পাৰজয় স্বীকাৰ কৰিলে। ‘মোৰ পুত্ৰ, মোক অকলশৰে থাকিবলৈ দে। প্ৰতিটো বজাৰৰ দিনতে মই তোক ৫ টকাকৈ দি থাকিম।’  পোক্কাৰে মুথাপাৰ ওচৰত প্ৰাৰ্থনা কৰিলে।
‘মোক এতিয়া ধন নালাগে। মোৰ নিজা দোকান আছে। জৌনাবাক বিয়া পাতিবলৈ দিয়ক। তেতিয়া চিৰ দিনলৈ মই জুৱা খেলা বাদ দিম।’ দীৰ্ঘদিন দুখত ভুগি থকা মানদান মুথাপাই ক’লে।
তালৈ জৌনাবাক বিয়া দিবই লাগিব  মুথাপা তাৰ বুজা-বুজিৰ ফৰ্মূলাত দৃঢ় হৈ থাকিল। ঠিক সেইদৰে গাৱৰ গঞাসকলো দৃঢ় হ’ল।
দুৱাৰে দুৱাৰে সহায় বিচাৰি ঘুৰি ফুৰিল পোক্কাৰে। কনিষ্টবল দুটাকো সহায় কৰিবলৈ খাটিলে । অনাভৰী ৰামান নায়াৰ, পংকুৰিছো থোমা আৰু এট্টুকালি মেমুনহোক অন্তৰৰ বেদনাৰ কথা জনালে। কিন্তু তাৰ প্ৰাৰ্থনাই কামত নিদিলে। সকলোৱে ক’লে, ‘জৌনাবাক তালৈকে বিয়া দে।’
‘কিন্তু  ডাঙৰীয়া, সি এটা মানদান’
‘তাৰ কাষলৈকে যা’
পোক্কাৰৰ  হাতত একো বিকপ্ল নাথাকিল।
                                                    .........

গোটেইখন গাৱে বিয়াত যোগদান কৰিলে। মুথাপাই তেওঁলোকক পান, বিড়ী আৰু চৰ্বত খোৱালে। ৰাতি গঞাই ফট্‌কা ফুটুৱালে।
দীঘলীয়া দ্বন্দৰ মাজেদি এখন যুজৰ সামৰনি আছিল সেয়া। কিন্তু শীতল সামৰণি নাছিল। পোক্কাৰৰ অন্তৰখন ভাগি পৰিছিল। সি জুৱা খেলিবলৈ এৰি দিলে। তাৰ ভোক কমি আহিল আৰু মুখত তাৰ দুখৰ ৰেশ এটা দেখিবলৈ পোৱা গ’ল। সি সকলোকে  জৌনাবা, অনাভৰী ৰামান নায়াৰ, পংকুৰিছো থোমা, কনিষ্টবল দুটা, এট্টুকালি মেমুনহো আৰু তেওঁলোকক পোষণ কৰা ক্ষয়িষ সমাজ ব্যৱস্থাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিলে। মৰাৰ লক্ষেৰে পোক্কাৰে খাবলৈয়ো এৰিলে।

দৰদী গঞাই হস্তক্ষেপ কৰিলে। বহু কাকুতি মিনতি কৰাৰ পিছত তেওঁলোকে পোক্কাৰক জীয়েক জোৱায়েকৰ সৈতে সিহঁতৰ হোটেলৰ লগতে নিৰ্মিত ঘৰটোত বাস  কৰিবলৈ সৈমান কৰোৱাব পাৰিলে। হয়, সাময়িক চাহৰ দোকানখন এখন পূনাংগ হোটেললৈ সলনি হ’ল। জৌনাবাৰ পুট্টু আৰু সিজোৱা বুটৰ তামাম চাহিদা বাঢ়িল।

জৌনাবাৰ নিয়মীয়া গ্ৰাহক অনাভৰী ৰামান নায়াৰ, পংকৰিছো থোমা, তেঁওলোকৰ হাতৰ মানুহ এট্টুকালি মেমুনহো আৰু কনিষ্টবল দুটাৰ আন্তৰিক সমৰ্থনে দোকানখনক সহায় কৰিলে। তেওঁলোকৰ নিচিনাকৈ পোক্কাৰেও একো নকৰাকৈ খাবলৈ পোৱা হ’ল।

হ’লেও কিবা এটা কথাই কাইটে মঙহত বিন্ধাৰ দৰে পোক্কাৰক কষ্ট দিলে। মুথাপাই বাৰু এবাৰো খেলিমেলি নকৰাকৈ সকলো সময়তে জ’কাৰটোৰ ওপৰত বাজি কেনেকৈ ৰাখিছিল? কথাটো সহি থাকিব নোৱাৰি এদিন সি মুথাপাক নিজেই সুধিলে।

‘মগজু মগজু’  মুথাপাই কপালত আঙুলিৰে হেচা দি উত্তৰ দিলে। পোক্কাৰে বুজি পালে যে এই কথা কেতিয়াও সত্য নহয়। নাকেৰে ধোৱা উলিয়াবলৈ গৈ মূল্যৱান ধন খৰছ কৰা মানদান মুথাপাই বাৰু সেই মগজু ক’ৰ পৰা পালে?
পোক্কাৰে পেৰি থকাত মুথাপাই সত্যটো জানিবলৈ দিলে,‘মোৰ পত্নীৰ মগজুৰ তৰংগই সহায় কৰিছিল মোক।’

জৌনাবাৰ মগজুৰ তৰংগ!মানদান মুথাপাই প্ৰমান দাঙি ধৰিলে। তাচ জাপৰ আটাইকেইটা জ’কাৰৰে চুকবোৰত চিনিব পৰাকৈ চেফটি পিনেৰে সুক্ষ্ম বিন্ধা কৰি ৰখা হৈছিল!

‘তুমি কি ভাবা পুত্ৰ ? তুমি তোমাৰ ছোৱালীক কেতিয়াবা বিশ্বাস কৰিব পাৰিবানে?’  ওট্টাক্কান্নান পোক্কাৰে মোক সুধিলে।
‘চাওক, মইনো কি বুলি ক’ম...!’
                                             ...........
                                                                                               

No comments:

Post a Comment