সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
এন.জি.অ সম্পৰ্কীয় তথ্য পোহৰলৈ আনক

ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
আমাৰ ৰাজ্যখনৰ প্রতিখন জিলাতে অসংখ্য N.G.O.(Non Governmental Organization) আছে । এই সকলোবোৰ এন.জি.অ' ৰ সাধাৰণতে প্রধান উদ্দেশ্য হ’ল সমাজ জীৱনৰ বিভিন্ন দিশৰ উন্নতি বাবে কাম কৰা । এই এন.জি.অ'বোৰলৈ চৰকাৰ,অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তিবিশেষে মাজে মাজে আৰ্থিক সাহায্য আগবঢ়ায় ।


এতিয়া কথা হ’ল- 
এই এন.জি.অ' বোৰৰ বহুতৰ বিষয়ে জনসাধাৰণে সাধাৰণে গম নাপায় । এই এন.জি.অ'বোৰে কি কি বিষয়ত কাম কৰি আছে, কামবোৰ কেনেকৈ কৰি আছে আৰু এই এন.জি.অ' বোৰৰ পৰা সঁচাকৈ ৰাইজৰ কিবা উপকাৰ হৈছে নে নাই। 


এই চিঠিৰ জৰিয়তে জিলাবোৰৰ উপায়ুক্ত মহোদয়সকলক এটা অনুৰোধ কৰিব বিছাৰিছোঁ যে জিলাখনত থকা সকলোবোৰ এন.জি.অ'.ৰ সবিশেষ তথ্য লগতে এন.জি.অ'.বোৰৰ ঠিকনাবোৰ জিলাবোৰৰ ৱেবছাইটবোৰত যাতে সন্নিবিষ্ট কৰা ব্যৱস্থা গ্রহণ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে কিছুমান এন.জি.অ'ৰ নিজস্ব ৱেবছাইট আছে । কিন্তু এই ৱেবছাইটবোৰৰ বেছি ভাগেই নিয়মীয়াকৈ আপডেট নকৰে। এন.জি.অ'বোৰে তেওঁলোকৰ ৱেবছাইটবোৰ নিয়মীয়াকৈ আপডেট কৰিলে ভাল হয় ।

No comments:

Post a Comment