মিচা ক'লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব?

মিচা ক'লে কি ডাল হব?

Share This
এম-পাৱাৰ মানে কি ? কম-পাৱাৰ মানে কি ?
প্ৰতিভূ দত্ত
(১)
মই ৰাজনৈতিক কথাবোৰ ভালকৈ বুজি নাপাওঁ৷ পিছে ৰাহুল বাবাই আমাৰ অৰ্নৱ গোসাঁইৰ সতে হোৱা কথা-বতৰাত এটা কথাত বৰ জোৰ দিলে। বোলে দাম বাঢ়িছে বস্তুৰ! নাই নাই মহিলা সকলক এম-পাৱাৰ কৰি দিম!
অমুকটো হৈছে দেশত, বোলে যুৱক সকলক এম-পাৱাৰ কৰি দিম!
দুৰ্নীতি হৈছে দেশত, বোলে আৰ-টি-আই দিছো, ৰাইজ এম-পাৱাৰ হবই!
তদ্যপি যোৱা ৭২ঘণ্টা দেশত পাৱাৰ থাকক নাথাকক, লাইট জ্বলক নজ্বলক, সকলোৱে এই "এম-পাৱাৰ"টোনো কি, খায়নে পিন্ধে তাকে জানিবলৈ বুজিবলৈ গৱেষণা কৰিছে। ময়ো সেই ধুমুহাত নপৰাকৈ থকা নাই।
(২)
যোৱাকালি মনি(Moni)দা আহিছিল ৷ চাহৰ পিয়লাটো বিশেষ ভংগীমাত ধৰি লৈ মোক সুধিলে, ‘‘ক চোন এই এম-পাৱাৰ মানে নো কি ?’’
মই তেতিয়াহে ভাবিলো, ‘‘হয়তোন ! এম-পাৱাৰ মানে নো কি ? সকলোৱে কৈ আছে এম-পাৱাৰ এম-পাৱাৰ ৷ পাছে এইটো খাই নে পিন্ধে ?’’
মই সুধিলো, ‘‘এম-পাৱাৰ মানে নো কি ? তেখেতে যে টি.ভি. উলিয়াইছিল মহিলাসকলক এম-পাৱাৰৰ কৰিব লাগে বা দিব লাগে তাৰ মানে নো কি ?’’
মনিদাৰ খং উঠি গ’ল ৷
‘‘বাজে কথা নক’বি ! কোনে কৈছে তেওঁ এম-পাৱাৰ উলিয়াইছিল ? এই এম-পাৱাৰ আগৰে পৰা চলি আহিছে৷ এম-পাৱাৰ আৰু কম-পাৱাৰ ৷ এটা কথা মানি লৈছো যে মহিলাসকলে এম-পাৱাৰ তেনেকৈ নাপাইছিল ৷ পুৰুষসকলহে দিয়া হৈছিল ৷ এতিয়া যদি মহিলাসকলকো দিয়া হয় সেইটো ভাল কথা হ’ব৷’’

মই মনিদাৰ ওচৰত আপত্তি কৰিলো, ‘‘কি যে নহয় মনিদা ! এম-পাৱাৰ মানে কি নুবুজাই এতিয়া উলিয়াইছে কম-পাৱাৰৰ কথা ৷’’
মনিদাই মোৰ ফালে আচৰিত হৈ সুধিলে,
‘‘তই তাৰ মানে সঁচাকৈয়ে নাজান এই এম-পাৱাৰ, কম-পাৱাৰ কি বস্তু ?’’
মই মুৰ জোকাৰিলো, ‘‘নাই নাজানো !’’
মনিদাই চাহৰ পিয়লাটো থৈ ক’লে, ‘‘তহঁতৰ দ্বাৰা নহ’ব আৰু ! আৰে ভাই এই এম-পাৱাৰ, কম-পাৱাৰেই ইলেকচনত জিকিব পাৰি ৷ 
এম-পাৱাৰ মানে মনি পাৱাৰ (Money Power)
কম - পাৱাৰ মনে কম্বল পাৱাৰ ৷’

No comments:

Post a Comment