ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান


১. ভাৰতবৰিষৰ এজন বিধায়কে অনশন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম কৰিলে অন্তৰ্ভুক্ত। দিল্লীৰ বিন্নী নামৰ বিধায়ক দনে পুৱা ব্ৰেকফাষ্ট কৰি উঠাৰ পাছত দুপৰীয়ালৈকে অৰ্নিদিষ্টকালীন অনশন ঘোষণা কৰিছিল। পাছত দুপৰীয়া ভাত খোৱাৰ সময় আহি পোৱাত প্ৰচণ্ড জোৰত ভোক লগাত তেখেতে অনশন ভংগ কৰি দিয়ে। তেখেতক অসম ছাত্ৰ সংস্থাৰ তৰফৰ পৰা পাল পাতি পৰঠা খাবলৈ যোৱা, লেপৰ তলত পপ খোৱা আদি টেকনিক কিয় শিকি নললে বুলি সচেতন অসমীয়াই টুইটাৰ যোগে টিপছ প্ৰদান কৰিছে। বিশ্বৰ হ্ৰস্ব-ম্যাদি অনশনৰ ক্ষেত্ৰত বিধায়ক জনে অভিলেখ গঢ়াক লৈ চাইনা মাল ব্যৱসায়ী সন্থাই অভিনন্দন জ্ঞাপন কৰিছে আৰু "মাল সোনকালে ভাঙিলেইটো ভাল" বুলিও মতামত ব্যক্ত কৰিছে।

২. ৰাষ্ট্ৰীয় সাংবাদিক অনাৱ গোস্বামীয়ে কাইলৈ উন্মোচন কৰিব নতুন গ্ৰন্থ "যি কথা নহ'ল সোধা"।  আজি ৰাতি দেশৰ ৰাজকুমাৰ গান্ধী নামৰ চফল ডেকাজনৰ সাক্ষাতকাৰত টি আৰ পি আৰু মালিকপক্ষৰ বিধি পথালিৰ বাবে সকলো কথা সুধিব নোৱাৰাৰ বাবে গোস্বামীয়ে এই গ্ৰন্থযোগে বাকী কথাবোৰ মুকলি কৰি দিব বুলি গোপন খবৰ। পিছে এই গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰিবলৈ গৃহ মন্ত্ৰালয়ে কুচ-কাৱাজ চলাব বুলিও সূত্ৰই জনাইছে।


৩. ৰিজাৰ্ভ বেংকে মিটিঙ পতা শুনিলেই শ্বেয়াৰ মাৰ্কেট নামৰ বজাৰত খলকনি উঠাৰ বাতৰি অৰ্থনীতিবিদ কৃপণ ফুকনে আমালৈ পঠাইছে। ৰিজাৰ্ভ বেংকৰ মিটিঙ আহ্বানৰ বাবে চিঠি প্ৰেছলৈ ছপাবলৈ দিয়াৰ গোপন খবৰৰ পম খেদিয়ে আজি চেনচেক্স ৪৫০ সূচকাংক খহি পৰা বুলি জানিব পৰা গৈছে। এতিয়া তেনে খবৰৰ বাবে ৰিজাৰ্ভ বেংকৰ পিয়নৰ ফেচবুক আৰু টুইটাৰ মাৰ্কেট বিশেষজ্ঞ সকলে অধ্যয়ন কৰিবলৈ লোৱাৰ লগতে গতিবিধি পৰ্যবেক্ষণত ৰখাৰ খবৰ পোৱা গৈছে। ক'লাধন হিচাবে বাথৰুম, তুলি, গাঁত আদিত ৰখা টকাবোৰ এই বেংকটোৱে অচল কৰি দিয়া ভাবুকি দিয়াৰ পৰাই এনে শংকা বৃদ্ধি পোৱা বুলি গোপন সূত্ৰই সদৰী কৰিছে।

৪. নাছাৰ মহাকাশচাৰীৰ বাবে পিজ্জা বনাবলৈ ব্যৱহাৰ হয় ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰ। এনে প্ৰিণ্টাৰ আনি স্কুলে স্কুলে সংস্থাপন কৰি মধ্যাহ্ন ভোজন ৰন্ধনৰ পৰা শিক্ষক সকলক মুক্তি দিবলৈ আহ্বান জনালে চৰকাৰী শিক্ষক সংস্থাই। নাছাৰ এই বাতৰিটো শিক্ষা মন্ত্ৰীলৈ টুইট কৰি দিয়া বুলি প্ৰকাশ কৰিলে এল পি স্কুল শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদকে।

৫. "মোৰ নেতা মোৰ দেশ" শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনত ভাগ লৈ সচেতন শৰ্মাই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য- "ৰাবৰী দেৱীয়ে বিহাৰ চলাব পাৰিলে ৰাহু গান্ধীয়ে দেশ চলাব নোৱাৰিব কিয়?" এতিয়া বক্তৃতাটো প্ৰশংসা নে সমালোচনা আছিল তাকে লৈ বাদ আৰু বিসম্বাদী গোট সমূহত চলিছে গভীৰ আলোচনা।

৬. দেশত নৰেন ভাইক প্ৰধানমন্ত্ৰী বনোৱাৰ বাদে একো ডাঙৰ সমস্যা নাই বুলি মন্তব্য কৰিলে পদুমধৰ সোনোৱালে।  যদি সেই কাম কৰিব নোৱাৰে তেন্তে পুঁজিপতিয়ে দিয়া আগধন কেনেকৈ ঘূৰাই দিব, সেয়াটো বেছিহে ডাঙৰ সমস্যা  হৈ পৰিব বুলিও সোনোৱালে আঙুলিয়াই দিয়ে। 

৭. নাছাই এইবাৰ মহাকাশৰ পাছত নজৰ ৰাখিব দেশে দেশ। ভাৰতত আম আদমীৰ ভলণ্টিয়াৰৰ ওপৰত নজৰ ৰাখিবলৈ নাছাৰ সহায় বিচাৰিলে হাতোৰা আৰু পদুম পাৰ্টিয়ে। আমেৰিকাৰ সহায় অবিহনে এই পাৰ্টিৰ সমুখত তিস্তি থকা টান হব বুলিও সহমত প্ৰকাশ কৰিছে দুয়ো দলৰ শীৰ্ষ নেতৃত্বই। চংসদ পাৰ্টি ক্লাৱত মধ্যৰাতি কেইপেগমান স্কটচ খোৱাৰ পাছতে এই সহমতত কেইবাজনো চংসদে উপনীত হোৱাৰ খবৰ পোৱা গৈছে।

৮. অৱশেষত প্ৰভুভক্তিৰ বাবে দিগবিজিত সিঙক ৰাজ্য সভাৰ টিকট দিব বুলি ঘোষণা কৰিলে হাই-কামাণ্ডে। মাইনাক সাংবাদিকৰ সমুখত কথা কবলৈ শিকোৱাৰ বাবে এতিয়া এই প্ৰশিক্ষক জনক এই পুৰস্কাৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।  তৃণমূলত গণভিত্তি নোহোৱা নেতাই এইদৰে প্ৰভুভক্তিৰে শক্তি গোটাব লাগিব বুলি সিঙদেৱে সাংবাদিকক ব্যক্তিগত ৰূপত টিপচ প্ৰদান কৰিছে।

৯. ষ্টেনগ্ৰাফীৰ ছাত্ৰ সকলে প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিক শিক্ষা লোৱাৰ প্ৰয়োজন নাই বুলি ফেচবুক বিশেষজ্ঞ মেৰী দত্তই প্ৰকাশ কৰিছে। ফেচবুকত নৱ-প্ৰজন্মৰ ষ্টেটাছ পঢ়া আৰম্ভ কৰিলেই দহ দিনৰ ভিতৰত ষ্টেনোৰ চাকৰি কৰিব পৰাৰ জ্ঞান লভিব পাৰি বুলিও দত্তই জনাইছে। আৰু দ্ৰুত গতিত শিকিবৰ বাবে টুইটাৰত নতুন প্ৰজন্মৰ পখিলা সকলক অনুসৰণ কৰিবলৈকো বিশেষজ্ঞ জনে পৰামৰ্শ দিছে।

১০. ৰাজ্যৰ তৃতীয়খন ৰাজ্য সভাৰ আসনৰ বাবে এজন প্ৰখ্যাত মানুহক আমদানি কৰাৰ খবৰ আহিছে। জানিব পৰা মতে মৰম আকলুৱা মানুহজনে, বন্ধুৰ সাত বছৰ পাছতো বন্ধু-পত্নীক আলাই-আথানি হবলৈ নিদি জীৱন-সংগী কৰি লৈছিল। সেয়ে অসমকো তেওঁ আপোন কৰি লবলৈ তিলমানে সময় নালাগিব বুলি হাইকামাণ্ড.কমৰ পৰা তথ্য পোৱা গৈছে।

No comments:

Post a Comment