বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

বিদেশৰ চিঠি

Share This
কাটাৰৰ পৰা ডা০ ভূপেন শইকীয়াৰ কলমত
প্ৰবাসত এক অগতানুগতিক মাঘ বিহু 
প্ৰবাসত এখন অসমীয়া সমাজ আনুষ্ঠানিকভাবে গঢ় ললেও সমবেত হৈ যি কোনো এটা জাতীয় উৎসৱ পালন কৰাটো অসম্ভৱ নহলেও যথেষ্ট কঠিন কাম৷ প্ৰথম কথা কৰ্মৰত দেশখনৰ নীতি-নিয়ম ৰক্ষা কৰা৷ দ্বিতীয়তে সুবিধাজনক দিন-বাৰ এটা নিৰ্বাচন কৰা৷ কাটাৰ দেশৰ নিয়মমতে কোনো ৰাজহুৱা অনুস্থানে পাৰ্ক বা আন মুকলিস্থানত একত্ৰিত হবলৈ হলে প্ৰশাসনৰ যেনে স্থানীয় মিউনিচিপেলিটিৰ অনুমতি লব লাগিব৷ কোনো কাৰণতে শুকুৰবাৰ অৰ্থাৎত 'ফেমিলি ডে'ৰ দিনা সেই অনুমতি দিয়া নহয়৷


আমি নিৰ্বাচন কৰা 'অল ৱাক্ৰা ই-পাৰ্ক' হ'ল অল ৱাক্ৰা মিউনিচিপেলিটিৰ অন্তৰ্গত৷ কাটাৰ অসম সমাজৰ পেডত আৰবী ভাষাত লিখা দৰ্খাস্তখন লৈ এবাৰ ইটো অফিচ, এবাৰ সিটো অফিচ, এবাৰ পাৰ্কৰ চিকিউৰিটিৰ বিষয়াৰ ওচৰত ধৈৰ্য সহকাৰে আমাৰ দুজনমান সক্ৰিয় যুৱ সদস্যই এসপ্তাহ ঘূৰাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰ ১৬তাৰিখে অনুমতি আদায় কৰা হ'ল৷ উৎসৱ উদযাপনৰ বাবে আমি বাচি লোৱা দিনটো হ'ল অসমত হৈ যোৱা ভোগালী বিহুৰ পিছৰ প্ৰথমটো শণিবাৰ অৰ্থাৎ ১৮জানুৱাৰী৷ কাটাৰ ডায়েৰীৰ নিয়মীয়া পাঠকসকলে জানে যে এই দেশত চৰকাৰী বন্ধৰ দিন হ'ল শুকুৰবাৰ৷ বেংক,ডাকঘৰ আৰু কিছুমান চৰকাৰী অনুষ্ঠান শণিবাৰেও বন্ধ থাকে৷ আকৌ আমাৰ সমাজত চৰকাৰী চাকৰিয়ালৰ ওপৰিও ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকো আছে৷ কাৰোবাৰ দিনটোত নিয়মীয়া ৮৷৯ঘন্টাৰ শ্বিফ্ট ডিউটি, কাৰোবাৰ সাপ্তাহিক ছুটিৰ দিন শুকুৰবাৰৰ সলনি অইন বাৰ, কাৰোবাৰ সাপ্তাহিক ছুটিৰ দিনৰ নিৰ্দিষ্ট বাৰ নাথাকে৷ উৎসৱ পাতিবৰ দিনা কাৰোবাৰ অফিচ বন্ধ থাকিলেও ল'ৰা-ছোৱালীৰ স্কুল খোলা থাকে৷ এই সকলোবোৰ দিশ চালিজাৰি চাই অধিকাংশৰ পচন্দ অনুসৰি মাত্ৰ এসপ্তাহৰ আগতে তাৰিখ আৰু স্থান নিৰ্দিষ্ট কৰি জাননী দিয়া হ'ল ই মেইল, ফেচবুক আৰু টেলিফোনৰ মাধ্যমেৰে৷ আমাৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই আঢ়ৈকুৰিৰো অধিকজন উৎসাহীলোকে একত্ৰিত হৈ ৰঙ-ৰহইছেৰে অসমৰ পৰা হাজাৰ মাইল দূৰৰ মৰুৰ দেশ কাটাৰত স্বকীয় পৰম্পৰা ৰক্ষা কৰি ভোগালি উৎসৱ পালন কৰি পৰস্পৰৰ একতাৰ ডোলডাল আৰু সুদৃঢ় কৰাটো পৰম আনন্দৰ বিষয়৷

”মাহ কৰাই খাওঁ. বাটে বাটে যাওঁ. মোৰ লগত যেয়ে আহে,. তাকো এগাল দিওঁ” | প্ৰবাদ আছে মাঘবিহুত কাঠ আলু নাখালে পৰবৰ্তী জনমত গাহৰিহৈ ওপজিব লাগিব৷এই লোকবিশ্বাসক সন্মান জনাই ভোগালীৰ জলপানৰ বাবে সাজু কৰা হ'ল - কাঠ আলু,মাহ কৰাই, চিৰা-দৈ-গুড়, নাৰিকলৰ লস্কৰা, নাৰিকলৰ পিঠা, তিলৰ লাড়ু,তেল পিঠা, বৰা চাউলৰ জলপান, পায়স ইত্যাদি সুস্বাদু লোভনীয় খাটি অসমীয়া জলপান৷ভোগালীৰ ভোজৰ বাবে ভাতৰ সৈতে আছিল - কুকুৰাৰ মাংস, ৰৌমাছ, আলু পিটিকা, বেঙেনা ভাজি, বুটৰ দাইল, মিঠা দৈ, কাজি নেমু, ভোট জলকীয়া, তিঁয়হ-পিঁয়াজ-বিলাহীৰ চালাড৷ জলপান সমূহ যোগাৰ কৰিছিল আমাৰ যুৱ সদস্যসকলে উজাগৰী নিশা খাটি৷ তাত অৱদান যোগাইছিল দূৰণিৰ আৰু কাষৰীয়া অঞ্চলৰে নতুনকৈ সমাজত যোগ দিয়া দুটি পৰিয়ালে৷ আন এগৰাকী সদস্যই আনিছিল জলপানৰ সৈতে খাবলৈ সকলোৰে বাবে সিদ্ধ কণী৷ অসমীয়া ষ্টাইলত দুপৰীয়াৰ ভাত সাজৰ বাবে ৰান্ধনিৰ সন্ধান কৰি ওলাইছিল আমাৰ উৎসাহী সক্ৰিয় সদস্য সকলেই৷

পুৰুষ-মহিলা সকলোৱে ভাগ লব পৰা খেল-ধেমালিসমূহ আছিল - টেকেলি ভঙা, কুকুৰা যুঁজ, তিনি ঠেঙীয়া দৌৰ, চামুচত আমলখি লৈ দৌৰা,বস্তা দৌৰ, পাচিত আতৰৰ পৰা দলিয়াই আমলখি ভৰোৱা, পঘা টনা খেল (টাগ অৱ বাৰ) ইত্যাদি৷সাধাৰণতে বহাগ বিহুত হোৱা কণী যুঁজৰ খেলো আমি পাতিছিলোঁ যাতে প্ৰবাসত ডাঙৰ-দীঘল হোৱা নবপ্ৰজন্মই এই পৰম্পৰাগত অসমীয়া খেল বিধৰ সৈতে পৰিচিত হব পাৰে৷

পুৱা ৯টাৰ পৰা বিয়লি ৪বজালৈ এবেলাৰ এই কেইঘন্টামানৰ ভোগালী উৎসৱে সৰু ডাঙৰ, পুৰুষ-মহিলা-শিশু সকলোকে দিলে এক অনাবিল আনন্দ৷ সেইসময়ত বিভিন্নজনে তোলা ফটোসমূহত থকা হাঁহিভৰা মূখসমূহ দেখিলেই মনৰ ভিতৰলৈকে বুজা যায়৷ বিভিন্ন অসুবিধাৰ হেতু কাটাৰত থাকিও এই মিলনৰ ৰংমেলালৈ আহিব নোৱাসকলে বহুত কিবাকিবিৰ পৰা বঞ্চিত হ'ল৷ 'কাটাৰৰ অসম সমাজ' এটি কুমলীয়া গছপুলি ইয়াক বিশাল বৃক্ষলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰতিজন প্ৰবাসী অসমীয়াই সযতনে লালন-পালন কৰিব লাগিব-এই উপলব্দ্ধিৰে হিয়াত অনেক মিঠা সোঁৱৰণিলৈ পুনৰ ব্যস্ত জীৱন যাত্ৰাৰ মাজলৈ বুলি সকলোৱে ঘৰাঘৰি গতি কৰিলে৷

অসমৰ পৰা হয়তো প্ৰবাসীৰ দ্বাৰা এই দিনটোৰ উদযাপনৰ একো বিশেষত্ব চকুত নপৰিব৷দেখাত তেনেই সাধাৰণ যেন লগা কথা - কিছুমান অসমীয়াই লগ-ভাত খালে, খেল-ধেমালি পাতিলে আৰু পুনৰ ঘৰমুৱা হ'ল৷কিন্তু প্ৰকৃত ছবি সেইখন নহয় ৷প্ৰবাসৰ ব্যস্ততাৰ মাজত বহুতে পৰিস্থিতিবশত: যন্ত্ৰবত আচৰণ কৰিবলৈ বাধ্য হয়৷বহুতে মাহৰ পিছত মাহ এষাৰ অসমীয়া মাত শুনিবলৈ নাপায়৷ একঘেয়ামিৰ পৰা মুক্তহৈ এইদৰে সমবেত হোৱাৰ সুযোগ পাই মুকলি মনেৰে ভাব বিনিময় কৰিবলৈ পোৱাসকলেহে অসমীয়া সুৱদি মাতৰ তাৎপৰ্য বুজিব পাৰে৷

1 comment:

  1. It was so enjoyable moment. It was just out of expectation, bcz I did not think about that before leaving Assam.. I thought that it will be a life of machine only doing job.. but it is totally different and all credit goes to the active members of the society..
    Regards
    Raju Upreti

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages