উভতি চাওঁ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

উভতি চাওঁ

উভতি চাওঁ

Share This
২০১৩বৰ্ষটিত কি কি কৰিলোঁ ?
 ড° বুলজিৎ বুঢ়াগোহাঁই

*গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী’ৰ ৩০০গৰাকী ছাত্র-ছাত্রীক পাঠ-দান কৰিলোঁ।

*‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী’ৰ বছেৰেকীয়া আলোচনী ‘GIMTECH’ৰ সম্পাদনা সমিতি লগত জড়িতৰ হ’লোঁ।

*৫০টাতকৈ অধিক বিভিন্ন বিষয় লৈ লিখা ‘সম্পাদকলৈ চিঠি’ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্রকাশ পায়।লগতে কেইটামান লেখাও বহুকেইখন স্মৃতিগ্রন্থ তথা বাতৰি কাকত আৰু আলোচনীত প্রকাশ পায়।

 *The Institute of Engineers (India)ৰ সদস্য মনোনীত হওঁ। 

*‘বিন্দু’ আলোচনী যোগেদি কেৰিয়াৰ বিষয়ক বিভিন্ন প্রশ্নৰ উত্তৰ দিওঁ। 

*অসমৰ বিভিন্ন ঠাইত ২০১৩বৰ্ষটিৰ বিভিন্ন সময়ত তিনি হাজাৰো অধিক ছাত্র-ছাত্রী, শিক্ষক তথা অভিভাৱকসকলৰ আগত বিভিন্ন ধৰণৰ কেৰিয়াৰ বিষয়ক প্রশ্নৰ উত্তৰ দিওঁ। 

*বিভিন্ন বাতৰি কাকত আৰু আলোচনীত ১০টাৰো অধিক কেৰিয়াৰ বিষয়ক লেখা প্রকাশ পায়। 

*প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসলকে কৰা ৩০০টাকৈ অধিক কেৰিয়াৰ বিষয়ক প্রশ্নৰ উত্তৰ দিওঁ।

 *কম্পিউটাৰ / ইন্টাৰনেট মাধ্যমত ইউনিক'ড(Unicode)’ত কেনেকৈ অসমীয়া লিখিব পাৰি সেই বিষয়ে ১০০জনতকৈ অধিক লোকক জনাওঁ। 

*২টা টিভি চেনেলৰ অনুষ্ঠানত অংশ গ্রহণ কৰিলোঁ।

 *৫টা অন্তৰংগ অনুষ্ঠানত সংক্রিয় অংশ গ্রহণ কৰিলোঁ। 

*১৫খন সভাত অংশ গ্রহণ কৰিলোঁ (বিশিষ্ট অতিথি/নিৰ্দিষ্ট বক্তা/ দৰ্শক ইত্যাদি হিচাবে)। 

*১০খন গ্রন্থ ,আলোচনী তথা স্মৃতিগ্রন্থ উন্মোচন সভাত উন্মোক তথা দৰ্শক হিচাবে অংশ গ্রহণ কৰিলোঁ। 

*১০টাকৈ অধিক ই-মেইল গোটৰ জৰিয়তে ১০০ৰো অধিক অসমৰ যোগাত্মক খবৰ তথা তথ্য প্রচাৰ কৰিলোঁ ।এই গোটতবোৰত পৃথিৱীৰ বিভিন্ন ঠাইত বসবাস কৰা ২০হাজাৰো অধিক অসমীয়া মানুহৰ সদস্য আছে। 

*ফেচবুকৰ জৰিয়তে দিনে গড়ে ৫টাতকৈ অধিক অসমৰ যোগাত্মক খবৰ তথা তথ্য প্রচাৰ কৰিলোঁ। ( অসম্পূৰ্ণ তালিকা)

No comments:

Post a Comment