মনৰ কথাঃ জাতিৰ ছাতি আৰু মানসিকভাৱে আমি:: কাবেৰী গোস্বামী - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ জাতিৰ ছাতি আৰু মানসিকভাৱে আমি:: কাবেৰী গোস্বামী

মনৰ কথাঃ জাতিৰ ছাতি আৰু মানসিকভাৱে আমি:: কাবেৰী গোস্বামী

Share This
সেইদিনা আমাৰ ঘৰত শিৱপূজা আছিল৷ আবেলি গাঁৱৰে এগৰাকী আইতা আমাৰ ঘৰত ফুৰিবলৈ আহিছিল৷ চাহ দিওঁতে লগতে পূজাৰ মিঠাই, পায়সো দিয়া হৈছিল৷ চাহ খাই থাকোঁতে তেওঁ কথাৰ মাজতে সুধিলে "ঘৰত কিবা পাতিছিল হ’বলা!" বৰমাই ক’লে যে, সেইদিনা আমাৰ ঘৰত শিৱপূজা আছিল আৰু সেয়া তাৰেই প্ৰসাদ৷ মানুগৰাকীয়ে লগে লগে খাই থকা পায়সৰ বাতিটোত পানী ঢালি দি ক’লে যে তেওঁলোকে পূজাৰ প্ৰসাদ নাখায়৷ তাৰ যুক্তিতো নিজে নিজেই অনেক কৈ গ’ল৷

ঘটনাটো দেখি আছৰিত হৈছিলো৷ কাৰণ গাঁৱত তিথি, নাম আদিকে ধৰি যিমানবোৰ কাজ-কাম, সকাম- নিকাম হয় আমি ঘৰত থকা অৱস্থাত সেই সকলোবোৰলৈ যাওঁ আৰু ঈশ্বৰৰ প্ৰসাদৰ অস্পৃশ্যতা আমাৰ বাবে সপোনৰো অগোচৰ৷ 

আৰু এজন পৰিচিত লোক আছিল৷ পেচাত চিকিৎসক লোকজন পিছপৰা সম্প্ৰদায়ৰ আছিল আৰু সুযোগ পালেই উচ্চবৰ্ণৰ বিষয়ে তাচ্ছিল্যসূচক মন্তব্য কৰিছিল৷ ব্ৰাহ্মণৰ লগুণ কেৱল পুৰুষৰ হে, মহিলাই কিয় নলয় বুলি সোধাৰ উত্তৰত মোৰ কাহানিও কোৱা নহ’ল যে বিয়াৰ পাছত সেন্দূৰ তেওঁৰ পত্নীৰ লগতে তেৱোঁ কিয় নলয়! জাতিগত আৰক্ষণ সম্পৰ্কে তেওঁৰ তীব্ৰ সমৰ্থন দেখি এদিন সুধিছিলো স্বাধীনতাৰ ইমানবছৰৰ পাছতো যদি সংৰক্ষণৰ সুবিধা গ্ৰহণকাৰীসকলৰ উন্নতি হোৱা নাই, তেনেহ’লে আৰু কিমান বছৰলৈ সেই সুবিধা দিয়াতো উচিত বুলি ভাবে? আছলতে আনৰ প্ৰতি তাচ্ছিল্য আছিল তেওঁৰ হীনমন্যতাৰ প্ৰকাশ৷ 

মনত আছে প্ৰাথমিক বিদ্যালয়ৰ আমাৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কেতিয়াবা "তহঁতৰ ঘৰত টিলিঙা (ঘণ্টা) কোবায় ন’" বুলি কৈও ঠাট্টা কৰিছিল৷ কিন্তু পাঠ্যপুঠিৰ জটিল অংক একোটাৰ সমাধান মই ঘৰত বৰদেউতাৰ পৰাই কৰি নিছিলো৷ 

সৰুৰে পৰা এনে এক ঘৰুৱা পৰিবেশ পাই আহিছো য’ত আমাক শিকোৱা হৈছিল যে আচাৰ আচৰণেহে মানুহক মানুহৰ পৰিচয় দান কৰে৷ (জাত- পাতৰ ধাৰণাটোতো মানৱসৃষ্ট৷ প্ৰজাতিগতভাৱে বাঘৰ পৰা যিদৰে গৰুৰ জন্ম নহয়, একেদৰে মানুহৰ পৰাও শিয়াল জন্ম নোহোৱাটোৱেই স্বাভাৱিক৷ কিন্তু মানুহৰ গৰ্ভৰ পৰা জন্ম লোৱা অনেক শাৰিৰীক ভাৱে মানুহো চাৰিত্ৰিকভাৱে পশু হোৱা দেখিছো৷ আনুষ্ঠানিক শিক্ষাৰে পণ্ডিত হ’লেও জ্ঞানী নহ’বও পাৰে কোনোজন, আনহাতে পাঠশালা গৰকি নোপোৱা এজনৰো মানসিক উত্তৰণ আনৰ বাবে আদৰ্শ হ’ব পাৰে৷) আইনৰ প্ৰাচীন উৎসও কিছুমান প্ৰথা বা লোকাচাৰহে৷ ইতৰ আচৰণ বা মানসিকতাৰ কোনোবাই ধৰ্মৰ সম্পূৰ্ণ নিয়ম মানি চলিও ধাৰ্মিক হ’ব পাৰে বুলি মই নাভাবোঁ৷ 

আমাৰ এগৰাকী সহকৰ্মী (মহিলা) পাইছিলো, অহৰহ "বেহেস্ত লাভৰ উপায়" ধৰণৰ পুথি(?) কিছুমান অফিচলৈ অহাৰ পৰা যোৱালৈ পঢ়ি থাকে৷ মাজতে দুঘণ্টাৰ বাবে ঘৰলৈ যায়, নামাজৰ বাবে৷ দিনটো কোনো কাম নকৰে, কৰিবলৈ দিলেও অসুখকে ধৰি নানা অজুহাত৷ কণিষ্ঠ সকলে তেওঁৰ কাম তেওঁৰ হৈ কৰি দিয়াতো বাধ্যতামূলক, যদি নকৰে ৰোষত পৰিব লাগে৷ বছৰ হাজাৰ বুজনি, নিৰ্দেশেও টলাব নোৱাৰা একদম স্থিতপ্ৰজ্ঞ (?) মানুহ৷ কাম নকৰো, ধৰ্মমূলক কিতাপ পঢ়িম আৰু কামৰ সময়ত নজনা, নুবুজাৰ ভাও দিম অথবা ভুল কৰিম, তেতিয়াতো দ্বিতীয়বাৰ কাম কৰিবলৈ নিদিয়ে৷ এনেকৈয়ে চলি আহি প্ৰমোচনো ল’লে৷ সুবিধা পালেই আনক এইটোৱে যে শ্ৰেষ্ঠ ধৰ্ম, বাকীবোৰ ভুল, বাকীবোৰে বেহেস্ত নাপায়, বেহেস্ত এনহে তেনহে কয়৷ কৰ্ম নকৰি ধৰ্ম কৰাটো যে কেনে ধৰ্ম সেইটোহে বুজাব নোৱাৰিলে আৰু৷ 

মই নাস্তিক নহয়, বৰং এক মহাশক্তিত বিশ্বাসী৷ কিন্তু ধৰ্মীয় গোড়ামী বা সংকীৰ্ণতাক প্ৰশ্ৰয় কেতিয়াও দিব নোৱাৰো৷ ক’ৰবাত পাইছিলো ধৰ্মৰ অৰ্থ বান্ধি ৰখা, কিন্তু দেখিবলৈ পাওঁ ধৰ্মৰ শাখা-প্ৰশাখাৰ নামত খেল বা পন্থা কিছুমানৰ মাজত অঁৰিয়াঅঁৰি৷ আস্তিক বা নাস্তিক হোৱাতো প্ৰত্যেকৰে ব্যক্তিগত কথা৷ কিন্তু তাকে লৈ বিভেদ সৃষ্টি কৰাতো হৈছে সামাজিক সমস্যা৷ বিশ্বাস আৰু উপাসনা কৰা শক্তিটোৰ নাম সলনি হ’লেই অস্পৃশ্য বুলিবলৈ সেই মহাশক্তিৰ প্ৰতি হয় আমাৰ বিশ্বাস থুনুকা হ’ব লাগিব অথবা আমাৰ বোধশক্তি৷ 

শক্তিনাথ বৰুৱা অনুদিত মহাপণ্ডিত ৰাহুল সংস্কৃত্যায়নৰ "ভল্গাৰ পৰা গঙ্গা"ৰ মুখবন্ধত কোৱা হৈছে,"বহুকালৰ আগৰ মানৱ সমাজখন আজিৰ নিচিনা নাছিল, আজিৰ অৱস্থাত উপনীত হ’বলৈ মানৱ সমাজে নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিব লগা হৈছিল৷ এই ঘাত-প্ৰতিঘাত আৰু বিভিন্ন সময়ত হোৱা তাৰ পৰিণামৰ শিক্ষা, সিদ্ধান্ত তথা প্ৰগতিৰ আছল ৰূপটোকে মই 'মানৱ সমাজ’ আখ্যা দিছো…"৷ গ্ৰন্থখনৰ আন কথা বাদ দি তেখেতৰ 'মানৱ সমাজ’ৰ ধাৰণাটোৰ পৰা আমি ক’ব পাৰোঁ যে আজিৰ এই ক্ৰমবিকশিত সমাজত আমি সভ্য ৰূপত সামাজিক হ’ব লাগিব৷ 

সভ্য হ’বলৈ হ’লে আমাৰ মাজত সহিষ্ণুতা লাগিব, য’ত আমি নিজে জীয়াই থকাৰ লগতে আনকো জীয়াই থাকিবলৈ দিব লাগিব৷

অক্সফ’ৰ্ড ইংলিছ ডিক্সনেৰীৰ মতেও “live and let live” as: “You should tolerate the opinions and behaviour of others so that they will similarly tolerate your own.”

অকলে ঘৰ নহয়, সমাজ হোৱাৰতো প্ৰশ্নই নাহে৷ ভাৰতীয় সমাজ হৈছে ভিন্ন ধৰ্মৰ সমাহাৰ৷ ইয়াত সহিষ্ণুতা আৰু সহাৱস্থানক ভাৰতীয় সংবিধানৰ জৰিয়তেও ব্যৱস্থা কৰা হৈছে৷ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে উল্লেখ কৰা হৈছে৷ সংবিধানৰ ১৫নং অনুচ্ছেদৰ দ্বাৰা জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোধৰণৰ বৈষম্যক নিষিদ্ধ ঘোষণা কৰা হৈছে তথা অনুচ্ছেদ ২৫ৰ অনুসৰি সকলো ভাৰতীয় নাগৰিককে নিজৰ ধৰ্ম চৰ্চা, উপাসনা আৰু প্ৰচাৰৰ স্বাধীনতা দিয়া হৈছে৷ উচ্চতম ন্যায়ালয়ৰ অতীতৰ ৰায় অনুসৰিও ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া নহয়৷ অৱশ্যে সংবিধানৰ অনুচ্ছেদ ৫ ৰ পৰা ১১ লৈ নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা হৈছে যদিও ইয়াত কেৱল ১৯৫০ চনক ২৬ জানুৱাৰীৰ পিছৰ কোনসকল লোক ভাৰতীয় নাগৰিক হ’ব পাৰে সেই বিষয়েহে উল্লেখ আছে, কিন্তু ইয়াত নাগৰিকত্ব গ্ৰহণৰ সমস্যাৰ আৰু নাগৰিকত্ব হানি সম্পৰ্কে ব্যাখ্যা হোৱা নাই৷ ইয়াত নাগৰিকত্ব সম্বন্ধীয় কোনো বিষয়ত বিধেয়কক আইনত পৰিণত (enact) কৰাৰ ক্ষমতাও সংসদক দিয়া হৈছে৷ এই অনুসৰিয়েই সংসদে নাগৰিকত্ব আইন, ১৯৫৫ ক কাৰ্যকৰী কৰে যিখনক ১৯৫৭,১৯৬০, ১৯৪৫, ১৯৮৬, ১৯৯২, ২০০৩, ২০০৫ আৰু ২০১৫ত সংশোধন কৰাৰ লগতে শেহতীয়াকৈ ২০১৬ তো নাগৰিকত্ব সংশোধনী বিল উত্থাপিত হয় আৰু এই শেহতীয়া সংশোধনী বিধেয়কে বৰ্তমান যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছে৷ 

পৃথিৱীখন সকলোৰে বাবে যদিও ইয়াত শৃংখলাবদ্ধ ভাৱে বসবাসৰ সুবিধাৰ বাবে দেশ, ৰাজ্য, চহৰ, গাওঁ আদি প্ৰশাসনিক গোটত ভাগ কৰা হৈছে৷ দেশ একোখনৰ নিৰ্দ্ধাৰিত ভৌগলিক এলেকাৰ ভিতৰতে ইয়াৰ প্ৰশাসনিক ক্ষেত্ৰ৷ যিদৰে ঘৰ একোখনৰ নিৰ্দিষ্ট সীমা থাকে, চুবুৰীয়া ঘৰে তাত অনধিকাৰ প্ৰবেশ কৰাটো নীতিবিৰুদ্ধ, চুবুৰীয়া দেশৰ ক্ষেত্ৰতো একে কথাই খাটে৷ অনুমতি অবিহনে আন এখন দেশত প্ৰবেশ আৰু বাস কৰাজনক অবৈধ অনুপ্ৰবেশকাৰী আৰু অনুমতি লৈ প্ৰবেশ কৰাজনক বিদেশী বোলা হয়৷ বিদেশী এজনে স্বাভাৱিকতেই নাগৰিক অধিকাৰ ভোগ কৰিব নোৱাৰে বা সীমাবদ্ধতাৰ মাজতহে ভোগ কৰিব পাৰে৷ যেতিয়া দেশত বিদেশী তথা অবৈধ অনুপ্ৰবেশকাৰীৰ সংখ্যা মাত্ৰাধিক হয়, ই দেশখনৰ সামাজিক, আৰ্থিকৰ লগতে সুৰক্ষাৰ দিশলৈও ভাবুকি আনিব পাৰে আৰু শেহতীয়াকৈ অসমৰ ক্ষেত্ৰতো এয়াই হ’বলৈ ওলাইছে৷ অসমত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অবৈধ অনুপ্ৰবেশকাৰীৰ সমস্যা দীৰ্ঘদিনীয়া যদিও ই সমাধানৰ প্ৰচেষ্টাতকৈ ৰাজনৈতিক কাৰণতে পুহি ৰখা বেমাৰৰ দৰেহে হৈ পৰিছিল৷ ফলত সময়ে সময়ে এই সমস্যা উকাই পৰিস্থিতি জটিল কৰি তুলিছিল৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যোগেদি এই সমস্যা সমাধানৰ প্ৰয়াস কৰা হৈছে যদিও সন্দেহযুক্ত বিদেশীৰ চিনাক্তকৰণ আৰু প্ৰত্যাৰ্পণ সম্ভৱ হ’বনে নহয় সেই বিষয়ে যথেষ্ট চৰ্চা চলিছে৷ 

সাধাৰণতে বনৰ পশুৱে নিৰ্দিষ্ট এলেকা মানি চলা দেখা যায় যদিও পোহনীয়া গৰু- ছাগলীক কিন্তু জেওৰা-জপনাৰ দৰকাৰ হয়, কাৰণ সিহঁতৰ মাজৰ কিছুমান লুটুৰাই আনৰ বাৰী মুকলি দেখিলেই তহিলং কৰে (এইক্ষেত্ৰত অৱশ্যে পশুৰ গিৰিহঁতেই ঘাইকৈ জগৰীয়া, কাৰণ এৰাল আৰু আহাৰৰ অভাৱেহে সিহঁতৰ স্বভাৱ নষ্ট কৰিছে)৷ একেদৰে কোনো নাগৰিকে আইনগত ভাৱে এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা, স্থায়ী বা অস্থায়ী ভাৱে বসতি কৰাটো স্বাভাৱিক কথা যদিও ৰাষ্ট্ৰ এখনৰ নাগৰিকে ৰাষ্ট্ৰখনৰ পৰা পৰ্যাপ্ত সুবিধাৰ অভাৱত অথবা আন আন কাৰকৰ প্ৰভাৱত আন ৰাষ্ট্ৰলৈ অবৈধ ভাৱে প্ৰব্ৰজন কৰাতোৱে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাকে সুচায়৷ 

এনে ক্ষেত্ৰত উদং ঘৰত চোৰৰ টিঘিলনি সহজ হোৱাৰ দৰে উন্মুক্ত সীমান্ত ছীল কৰাতো প্ৰথমেই প্ৰয়োজন৷ কাৰণ চোৰ সোমোৱা বাট খুলি ৰাখি চোৰ নহাৰ আশা কৰাটো হয় মুৰ্খামি নহ’লে ধূৰ্তামি৷ 

দ্বিতীয়তে, জাত- পাতৰ বিচাৰৰে নিজৰ মাজতে বিভেদ কৰি চুবুৰীয়াক সুযোগ দিয়াটো আন এক ভুল৷ জাতীয়তাবাদ তোমাৰ বা মোৰ নহয়, আমাৰ মাজেদিহে ফুটি উঠে৷ প্ৰসাদ এমুঠি বা উচৰ্গিতজন বিভেদৰ কাৰণ নহয়, সেয়া গ্ৰহণ কৰিব নোৱাৰাজনহে সংকীৰ্ণবাদী৷ কাৰোবাৰ বিশ্বাসক নমনাতো নিজৰ কথা, কিন্তু বেয়া বুলি অযুক্তিকৰ অপমান কৰাৰ অধিকাৰ কাৰো নাই৷ ৰাজনৈতিক মতাদৰ্শ সকলোৰে ভিন্ন হ’ব পাৰে, কিন্তু উদ্দেশ্য একে হ’লে, পথ নিঃস্বাৰ্থ হ’লে তাক ঘৰখনৰ ভালৰ বাবেই বুলি আদৰি লোৱাত মোৰ আপত্তি নাই৷ জাতিটো এটা ছাতিৰ দৰে, ৰ’দ বৰষুণৰ পৰা বাছিবলৈ সকলোৱে একেলগে সোমাবই লাগিব৷ সেয়েহে নিজে অসমীয়া হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থন কিদৰে কৰোঁ!
লেখিকাৰ ফোনঃ ৯১০১০১৩২০২

No comments:

Post a Comment