চিন্তনঃ “অ মোৰ আপোনাৰ দেশ”:: চাওলুং চুকাফাৰ পৰা ভাৰতীয় প্ৰজাতন্ত্ৰলৈঃ গৃহভূমিত জাতীয় স্বাধিকাৰৰ প্ৰসংগ :: ভোগেশ্বৰ দত্ত - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
চিন্তনঃ “অ মোৰ আপোনাৰ দেশ”:: চাওলুং চুকাফাৰ পৰা ভাৰতীয় প্ৰজাতন্ত্ৰলৈঃ গৃহভূমিত জাতীয় স্বাধিকাৰৰ প্ৰসংগ :: ভোগেশ্বৰ দত্ত

চিন্তনঃ “অ মোৰ আপোনাৰ দেশ”:: চাওলুং চুকাফাৰ পৰা ভাৰতীয় প্ৰজাতন্ত্ৰলৈঃ গৃহভূমিত জাতীয় স্বাধিকাৰৰ প্ৰসংগ :: ভোগেশ্বৰ দত্ত

Share This
ইতিহাসৰ বস্তুনিষ্ঠ অধ্যয়নৰ মতে মানৱ সমাজৰ বিকাশৰ এটা স্তৰত ভিন্ন ভিন্ন জনগোষ্ঠীৰ আমাৰ পূব-পুৰুষৰ লোক সকলে নিজৰ নিজৰ বসবাসৰ ভূ-খন্ডত প্ৰতিপক্ষৰ আগ্ৰাসনৰ পৰা আত্মৰক্ষাৰ উদেশ্যে আপোন বাসভূমিত একো একোখন গৃহভূমি গঢ়ি তুলিছিল ৷ 


এনে জনগোষ্ঠী ভিত্তিক ক্ষুদ্ৰ ক্ষুদ্ৰ গৃহভুমি বিলাকক ঐক্যবদ্ধ কৰি স্বগদেউ চাওলুং চুকাফাৰ নেতৃত্বত সমন্বিত কেন্দ্ৰীয় ৰাজনৈতিক শাসন প্ৰনালী এটাৰো ৰূপ দিছিল৷ সেই ঐক্যবদ্ধ ভূখন্ডক ভিন্ন নামেৰে জনা গৈছিল৷ সমকালীন সমাজ ৰূপান্তৰৰ সেই স্তৰটোক ‘সামন্ত যুগ’ ৰূপে ইতিহাসত নিৰ্ণয় কৰা হৈছিল৷ উক্ত সামন্তীয় যুগৰ “অসম দেশৰ” অধিৱাসী লোকসকলে গঢ়ি তোলা ভূখন্ডক পুজিবাদী সমাজ বিকাশৰ স্তৰত “অসম ৰাজ্য” বোলা হৈছিল৷  আজিৰ ভাৰত প্ৰজাতন্ত্ৰৰ অন্যান্য অংগৰাজ্য বোৰৰ দৰে একে ধৰণৰ প্ৰক্ৰিয়াত আমাৰ অসম ৰাজ্যও ঐক্যবদ্ধ হৈছে৷ সামন্ত যুগৰ “অসম দেশৰ” অধিবাসী লোকসকলে সামন্তীয় সাম্ৰাজ্য বিস্তাৰৰ আগ্ৰাসী বাহিনীক বহুবাৰ প্ৰতিৰোধ কৰি নিজৰ ভূ-খন্ডত নিজৰ স্বাধিকাৰ, স্বাভিমান সুৰক্ষিত কৰাৰ উদাহৰণ সকলোৱেই দেখিছে৷ ইতিহাসৰ পাতত জিলিকি আছে৷  তাৰ ভিতৰত বাদচাহী ৰাজৰ সেনাপতি “ৰাজপুত সন্তান” ৰাম সিংহৰ নেতৃত্বৰ অসম আক্ৰমন আছিল প্ৰৱলতৰ৷ অসমৰ স্বাধীন সত্ত্বা-স্বাভিমানক আক্ৰমন কাৰীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ সংঘবদ্ধ হৈছিল অসমৰ দেশপ্ৰেমিক যোদ্ধাসকল৷ প্ৰতিৰোধী ৰণৰ সেনাপতি আছিল লাচিত বৰফুকন। সহযোগী সেনাপতি আছিল বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকী। সেই ৰণৰ কাহিনীমতে, শৰাইঘাটত দেশৰ ৰক্ষাৰ বাবে এটা গড় নিৰ্মাণৰ দায়িত্ব বহন কৰিছিল লাচিত বৰফুকনৰ মোমায়েক। এইজন সেনাপতিয়ে যথাযথ দায়িত্ব পালনত হোঁহোকা পিছলা মনোভাৱ প্ৰদৰ্শন কৰাত প্ৰধান সেনাপতি লাচিত বৰফুকনে নিজৰ সৈন্যদলৰ সমুখতে উচ্চস্বৰে কৈছিল-"দেশতকৈ মোমাই ডাঙৰ নহয়" আৰু চকুৰ পচাৰতে মোমায়েকৰ ডিঙি তৰোৱালেৰে নিঃশেষ কৰি দিছিল।

"দেশতকৈ মোমায়েক ডাঙৰ নহয়" বোলা লাচিত বৰফুকনৰ দেশপ্ৰেমৰ আৰ্হি আৰু কৰ্তব্য়পৰায়ণাৰ মহান আৰ্হিয়ে যোদ্ধা-বাহিনীক উদ্দীপিত কৰিছিল আৰু সেই মৰণপন ৰণতেই বাদছাহী সেনাবাহিনীক নিৰ্ণায়ক ৰণত পৰাজিত কৰিছিল। লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু কৰ্তব্য নিষ্ঠাৰ জিলিকা আৰ্হিয়ে আজিও স্বাধীন-চেতা, দেশপ্ৰেমিক মানুহক প্ৰেৰণা দি আহিছে। সেই দেশপ্ৰেমৰ প্ৰেৰণাতে বিদেশী বৃটিছ দখলদাৰ শক্তিৰ বিৰুদ্ধে যুঁজি গোমধৰ কোঁৱৰ, জিউৰাম বৰুৱা, পিয়লি বৰুৱা, বাহাদুৰ গাওঁবুঢ়া আদিয়ে জীৱন আহুতি দি গৈছে। কেৱল সমকালীন স্বাধীনতাপ্ৰিয় বিদ্ৰোহী সকলেই নহয়-পৰদেশী প্ৰভূত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰা মণিপুৰৰ বীৰ টিকেন্দ্ৰজিত সিঙ, জয়ন্তীয়া বিদ্ৰোহৰ নায়ক উকিয়াং নৱবা, খাচী বিদ্ৰোহৰ সেনাপতি উ-তিৰত সিং, নগা ভূমিৰ বিদ্ৰোহী ৰাণী গাইদালুৰ নাম ইতিহাসত অমৰ হৈ আছে। এই বিদ্ৰোহী নেতৃবৃন্ক উপনিবেশিক শাসক চক্ৰই হত্যা কৰি বিদ্ৰোহ দমন কৰিছিল। 

ইতিহাসৰ এইচোৱাতে বদন বৰফুকনহঁতৰ 'মিত্ৰ মানসেনাৰ' অত্যাচাৰৰ কৱলৰ পৰা অসমক সহায় কৰিবলৈ অহা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীয়ে ইয়াণ্ডাবু সন্ধিৰ গইনা লৈ (১৮২৬চনত) অসমত গোজেই বৰগছৰ ৰূপ লৈছিল। ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰশাসনীয় কামত আমদানি কৰা বাংলাভাষী এচাম কৰ্মকৰ্তাৰ ভাষিক অভিসন্ধিত ১৮৩৬চনত বৃটিছ প্ৰশাসনে অসমত থলুৱা ভাষা অসমীয়াক নিৰ্বাসন দি বাংলা ভাষাক অসমৰ অফিচ আদালতৰ কাম-কাজ আৰু পঢ়াশালিত শিক্ষাৰ মাধ্যম হিচাবে সংস্থাপিত কৰিছিল। অসমৰ থলুৱা ভাষাক পুনৰ প্ৰশাসনীয় কাম কাজ আৰু বিদ্যালয়ত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ ৰাজ্যখনৰ শিক্ষিত মধ্যশ্ৰেণীৰ অগ্ৰসৰ লোক সকলৰ অপৰিসীম ধাৰাবাহিক প্ৰচেষ্টাত ১৯৩৬চনত  অসমীয়া ভাষাই হেৰুৱা মৰ্যদা ঘূৰাই পাবলৈ সমৰ্থ হয়। ইও এক স্মৰণীয় দিশ। 

বৃটিছ সামাজ্যবাদী শক্তিৰ শাসন-শোষণ নিৰ্যাতনৰ পৰা পূৰ্ণ-স্বৰাজৰ দাবীত দীঘলীয়া গণতান্ত্ৰিক গণ-জাগৰণৰ ভিত্তিত জাতীয় মুক্তি সংগ্ৰামৰ প্ৰথম খোজ ১৮৫৭-৫৮চনৰ পৰা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন পৰ্যন্ত দেশৰ অপৰিহাৰ্য ভূ-খণ্ড ৰূপে অসমৰ জনগণে যথাযোগ্য অৰিহণা যোগাইছিল।  অসমত সংগঠিত জাতীয় মুক্তি সংগ্ৰামৰ সমদল, জংগী বিক্ষোভত অসমৰ ভালে মান মুক্তিযোদ্ধা নৰ-নাৰীয়ে শ্বহীদ বৰণ কৰি সাম্ৰাজ্যবাদ বিৰোধী মুক্তি সংগ্ৰামক মহীয়ান কৰি তুলিছিল। দেশপ্ৰেমিক জাতীয় মুক্তি সংগ্ৰামৰ প্ৰেৰণাই ভাৰতীতত জাতীয় ঐক্য-সংহতি-সমন্বয়ৰ বান্ধোনক উন্নত পৰ্যায়লৈ তুলি ধৰিছিল। এই দেশখনে এটা ঐক্যবদ্ধ জাতি (Nation) ৰূপে পৃথিৱীৰ অন্যান্য জাতিপুঞ্জৰ দৰবাৰত থিয় দিছিল। ইয়াৰ আধাৰতেই স্বৰাজোত্তৰ কালত ভাৰতীয় নিৰ্বাচিত গণ পৰিষদে গ্ৰহণ কৰা সংবিধানৰ মুখবন্ধত স্পষ্টভাৱে ঘোষণা কৰা হৈছিল যে-"আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে গঢ়ি তুলিবলৈ, এই ৰাষ্ট্ৰখনত সামাজিক, আৰ্থিক, ৰাজনৈতিক ক্ষেত্ৰত ন্যায় প্ৰতিষ্ঠা, চিন্তা-চৰ্চা. মত প্ৰকাশ, বিশ্বাস, উপাসনা আৰাধনা কৰাত স্বাধীনতা, সকলোৰে সমমৰ্যদা, সুযোগ-সুবিধা আৰু বিকাশৰ ক্ষেত্ৰত সমতা, ব্যক্তিৰ সন্মান আৰু ভাতৃত্ববোধ নিশ্চয়তা প্ৰানেৰে ৰাষ্ট্ৰীয় ঐক্য-সংস্কৃতি অটুট ৰখাত অংগীকাৰবব্ধ হৈছো।"

ভাৰতৰ জনগণৰ এই অংগীকাৰ লৈ ১৯৫০ চনৰ ২৬ জানুৱাৰীত আনুষ্ঠানিক ভাৱে ভাৰতে নিজা সংবিধান গ্ৰহণ কৰিলে। সেয়ে সংবিধান গ্ৰহণ কৰা দিনটোক প্ৰজাতন্ত্ৰ দিৱস ৰূপে উদযাপন কৰা হয়। সেয়ে ভাৰতক এখন জাতিৰাষ্ট্ৰ (Nation State) বুলি দেশে-বিদেশে স্বীকৃতি দিছে। ভাৰত ৰাষ্ট্ৰ সংঘৰো অন্যতম সদস্য ৰাষ্ট্ৰ। আমাৰ দেশখনৰ মহান সমাজ সংস্কাৰক আৰু চিন্তাবিদ সকলৰ মহত ঐতিহ্য, ঐতিহাসিক অভিজ্ঞতা, চহকী সাংস্কৃতিক পৰম্পৰা আৰু মূল্যবান শিক্ষাবোৰে ভাৰতীয় জনতাক উদ্বুদ্ধ কৰি আহিছে। সেয়ে আমি আটায়ে দেশাত্ববোধৰ প্ৰেৰণাত দেশ আৰু দেশবাসীৰ নাৰ্য স্বাৰ্থ আৰু অধিকাৰ ৰক্ষাৰ সপক্ষত থিয় দি আহিছো। 

এই প্ৰসংগতে আন এটা দিশৰ প্ৰতি সজাগ প্ৰহৰী ৰূপে আমি মনত ৰখা উচিত যে, ভাৰত হৈছে বৈচিত্ৰতাৰ মাজত একতাবদ্ধ দেশ। বিশ্বৰ ইতিহাসত ইও এক অনবদ্য উদাহৰণ। আমি আমাৰ দেশৰ জাতীয় মুক্তি সংগ্ৰামৰ অভিজ্ঞতাৰ আধাৰত ১৯৫৬ চনত বৃটিছ ৰাজে পূৰ্বে প্ৰশাসনীয় স্বাৰ্থত গঠন কৰা "প্ৰদেশ" বোৰ আৰু বৃটিছৰ ভৰণ-পোষণ লৈ বৰ্তি থকা 'দেশীয় ৰাজ্য'বোৰক সামৰি ভাষা-ভিত্তিক ৰাজ্যৰ পুনৰ গঠন কৰা হ'ল। সেইমতে একোটা উমৈহতীয়া প্ৰধান ভাষাক আঞ্চলিক ভাষা ৰূপে সাংবিধানিক মৰ্যদাও দিয়া হ'ল।

এই ক্ষেত্ৰত সমাজ বিজ্ঞানৰ গ্ৰহণযোগ্য যেনে 'কোনা জাতি সত্বাৰ (Nationality) প্ৰাথমিক পৰিচয়ৰ স্বীকৃত উপাদান হৈছে এটা উমৈহতীয়া ভাষা, সংলগ্ন আবাসভূমি, সাদৃশ্যপূৰ্ণ জীৱন-নিৰ্বাহৰ প্ৰণালী, কৃষ্টি-সংস্কৃতিৰ জীৱন্ত উপাদান সমূহেই সাৰ-বস্তু'।" এই উপাদান সমূহেই একোটা জাতি সত্বাৰ ঐতিহাসিক গৃহভূমিৰ ৰূপ  দি আহিছে। এনে ধৰণৰ ধ্যান-ধাৰণাৰ ভিত্তিতে প্ৰধানতঃ স্বাধীনোত্তৰ ভাষা ভিত্তিক ৰাজ্যবোৰ গঢ়ি তোলা হৈছে। অৱশ্যে কোনো কোনো ক্ষেত্ৰত ব্যতিক্ৰম থকা আজিও দেখা যায়।

স্বাধীনোত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় গাঁঠনিৰ বিষয়ে আমাৰ সংবিধানত কোৱা হৈছে-'ৰাজ্য সমূহ ঐক্যৰ ভিত্তিত (Union of States) ভাৰত ৰাষ্ট্ৰ গঠন হ'ল'। ভাষা ভিত্তিক পুনৰ গঠিত ৰাজ্য আৰু এনে ধৰণৰ ৰাজ্য সমূহৰ ঐক্য আৰু ৰাজ্য সমূহত জীৱন্ত হৈ থকা বৈশিষ্ট্য সমূহক আমাৰ ৰাষ্ট্ৰই স্বীকাৰ কৰি লৈছে। জনগণৰো সহমত গঢ়ি উঠিছে। এনে বিচাৰধাৰাই ৰাজ্য় বিলাকৰ বাবে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে। কিছুমান ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ উমৈহতীয়া ক্ষমতাৰ পৰিসীনাও নিৰ্দ্ধাৰণ কৰা হৈছিল। কিন্তু পুঁজিবাদী গণতান্ত্ৰিক মতাদৰ্শৰ চৰকাৰে ক্ষমতা কেন্দ্ৰীভূতকৰণত হাত দি ৰাজ্য সমূহক ক্ষমতাহীন কৰিবলৈ বহুদেশত প্ৰচেষ্টা কৰাৰ দৰে আমাৰ দেশতো এনে প্ৰচেষ্টা প্ৰকট হোৱাত ৰাজ্যবোৰে সমবেত ভাৱে প্ৰতিবাদ কৰে। এনে ৰাজনৈতিক অনুভৱত আঞ্চলিক দলো গঢ়ি উঠে। প্ৰৱল গণ প্ৰতিবাদৰ ঢৌ সংসদৰ ভিতৰে বাহিৰে শক্তিশালী  হোৱাত বাধ্য হৈ কেন্দ্ৰীয় চৰকাৰে ন্যায়ধীশ চাৰকাৰিয়া আয়োগ গঠন কৰে। চাৰকাৰিয়া আয়োগে বহল ভাৱে বিষয়টো পৰ্যালোচনা কৰে। দেশজুৰি আয়োগৰ পৰ্যালোচনা হয়, প্ৰতিবেদন আৰু পৰামৰ্শৱলী। সংসদীয় প্ৰতিষ্ঠানৰ বাহিৰে ভিতৰে বিতৰ্ক আৰু সমীক্ষণৰ পাছত সংসদত প্ৰতিবেদন অনুমোদিত হয়। চাৰকাৰিয়া আয়োগৰ পৰামৰ্শৱলী ভাৰসাম্যমূলক (Balanced) হোৱাত সহমতৰ ভিত্তিত প্ৰতিবেদন গৃহীত হয়। এই আয়োগৰ প্ৰতিবেদন আজিও কাৰ্যকৰী হৈ আছে। 

ইতিমধ্যে ১৯৯১ চনত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত (১) ভাৰতক হিন্দু ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা কৰা, (২) সংসদীয় পদ্ধতিৰ চৰকাৰৰ পৰিবৰ্তে ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰ কৰা (৩) জম্মু-কাশ্মীৰৰ বাবে সংবিধানৰ ৩৭০ অনুচ্ছেদমতে থকা সংৰক্ষণৰ ব্যৱস্থাক প্ৰত্যাহাৰ কৰিব বুলি লক্ষ্য ঘোষণা কৰে। ইয়াৰ পিছত বিজেপিৰ নেতৃত্বত ১৯৯২ চনৰ ৬ডিচেম্বৰত বাবৰি মছজিদত হোৱা সংগঠিত আক্ৰমণকে ধৰি হোৱা কাণ্ডবোৰে  দেশত সাম্প্ৰদায়িক ৰাজনীতি আৰু ধৰ্মৰ ভিত্তিত ভাৰতীয় সমাজৰ বিভাজনৰ ৰাজনৈতিক চক্ৰান্তই দেশত মূৰ দাঙি উঠা পৰিলক্ষিত হ'ল। এনে প্ৰেক্ষাপটত কেন্দ্ৰৰ ইউপিএ-২ চৰকাৰৰ দিনত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কাণ্ডবোৰে দিল্লীৰ পৰা পঞ্চায়ত পৰ্যন্ত ব্যাপক আকাৰৰ আগ্ৰাসী ৰূপ ধৰিলে, সেয়ে দেশৰ জৱনত ইউপিএ-২ চৰকাৰক বিদায় দি ২০১৪ চনত ৰাষ্ট্ৰ ক্ষমতাৰ পৰা অপসাৰিত কৰে আৰু এনডিএৰ ৰূপত মোদী চৰকাৰ শাসনত বহে। এনডিএৰ প্ৰধান দল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰে এহাতে জনমনক আকৰ্ষিত কৰিছিল, আনহাতে সমাজবাদী-সাম্যবাদী আৰু আঞ্চলিক মতাদৰ্শৰ ৰাজনৈতিক দলবোৰে গঢ়ি তোলা বিকল্প শক্তিয়ে যথাযোগ্য আশা-শক্তি দেখুৱাব নোৱাৰাৰ বাবে জনাদেশ এনডিএৰ পক্ষলৈকে যায়। কিন্তু তথ্যগত ভাৱে বিজেপিয়ে দেশৰ শতকৰা ত্ৰিশভাগ ভোটাৰৰহে ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।  

নিৰ্বাচনৰ পাছত বিজেপি নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে কিন্তু নিৰ্বাচনৰ সময়ত দাঙি ধৰা প্ৰতিশ্ৰুতিবোৰ যথাযথ ৰূপায়নক আওকান কৰিব ধৰিলে। আনহাতে ১৯৯১ চনত ঘোষণা কৰা 'হিন্দুৰাষ্ট্ৰ' প্ৰতিষ্ঠাৰ ধ্যান ধাৰণাত প্ৰচাৰ-সংগঠন আৰু ৰাজ্যই ৰাজ্যই নেতৃত্বশালী একাংশ লোকে বৈচিত্ৰ্যতাৰ আধাৰত ঐক্যবদ্ধ ভাৰতীয় সমাজত বিভেদকামী, ধৰ্মৰ ভিত্তিত সামাজিক মেৰুকৰণত আৰ্থিক ক্ষেত্ৰত একচেতিয়া পুঁজিৰ সেৱা দাসত পৰিণত কৰিলে। দুৰ্নীতি, স্বজন তোষণ, ধনবল, বাহুবল, ৰাষ্ট্ৰবলৰ গইনাত অসহিষ্ণুতা, জাতপাত, বৰ্ণবাদী অস্পৃশ্যতাৰ বীজানুবোৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হ'ল। 


সেয়ে অলপতে ডিচেম্বৰত হৈ যোৱা ৰাজ্যিক নিৰ্বাচনবোৰত বিজেপিৰ বিৰুদ্ধে জনাদেশ প্ৰকাশ পালে, অৰ্থাত বিজেপি এহাতে ৰাজ্যিক ক্ষমতাৰ পৰা অপসাৰিত হ'ল।  আনহাতে দেশৰ প্ৰতিষ্ঠিত নাগৰিকত্ব আইন সংশোধনী প্ৰস্তাৱ-২০১৬ যোগে হিন্দু বিদেশী নাগৰিক আমদানি কৰি হিন্দু ভোটাৰৰ সংখ্যা সংহত কৰণত বিজেপি মৰো জীউকৈ লগা দেখা গ'ল। এনে প্ৰেক্ষাপটত নাগৰিকত্ব আইন সংশোধনী (২০১৬) বিল লোকসভাত গৃহীত কৰিছে আৰু ফেব্ৰুৱাৰীত সংসদৰ যুটীয়া অধিৱেশন পাতি উক্ত আইনখন গৃহীত কৰিবই  এনে ধৰণৰ আঁকোৰগোজ পদক্ষেপত অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্য সাতখনৰ অধিবাসী জাতিধ্বংসৰ আশংকাত জাতি-জনগোষ্ঠী সমূহৰ মনত তুমুল আত্মৰক্ষাৰ ভাবানুভূতি জাগি উঠিছে।


সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ নিজ নিজ গৃহ ভূমিত নিজৰ নিজৰ বৈচিত্ৰ্যতা পূৰ্ণ জীৱন ধাৰণৰ সমৃদ্ধকৰণ কৰাৰ স্বাধিকাতৰত আগ্ৰাসনৰ আশংকাত জনতা জাগি উঠিছে। জন-আন্দোলনে অসম আৰু অন্যান্য ভাতৃ-প্ৰতিম ৰাজ্যৰ জনগণে, 'জাতিধ্বংসী' বিজেপিৰ ৰাজনৈতিক কূট-কৌশলৰ বিৰুদ্ধে শক্তিশালী গণতান্ত্ৰিক প্ৰতিৰোধৰ সংগ্ৰাম গঢ়ি তুলিছে।  জাগৃত জন-প্ৰতিৰোধী প্ৰতিবাদত অসমৰ বিজেপিৰ বাহিৰে ভিন্ন মতাদৰ্শৰ দল-সংগঠন, যুৱ-ছাত্ৰ, বুদ্ধিজীৱি সংবাদসেৱী, শিক্ষক-অধ্যাপক, আইনজীৱি, কৰ্মচাৰীকে ধৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিৰ চিন্তা-চৰ্চাত ব্ৰতী ব্যক্তি সকলেও বিজেপি চৰকাৰৰ জাতিদ্ৰোহী বিধেয়ক দাবী তুলি অভূতপূৰ্ব জনমত গঢ়ি তুলিছে। 


উত্তৰ-পূৰ্বাঞ্চলৰ ভগ্নীপ্ৰতিম ৰাজ্য সমূহৰ ছাত্ৰ-প্ৰতিম ৰাজ্য সমূহৰ যুৱ-ছাত্ৰ, সকলো সংঘবদ্ধ হৈ জাতিধ্বংসী বিধেয়ক প্ৰত্যাহাৰৰ দাবী জনাইছে। মেঘালয়, মিজোৰাম, নগালেণ্ডৰ মুখ্।মন্ত্ৰী আৰু মন্ত্ৰী পৰিষদেও বিৰোধিতা কৰিছে। কিন্তু ঐক্যবদ্ধ জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত থকা শাসকীয় দলে আওকনীয়া অৱস্থান গ্ৰহণ কৰি আহিছে। এই বিষয়টোৰ সংক্ৰান্ততে বিজেপিৰ সংগ ত্যাগ কৰি শাসনৰ জৰীকো এৰিছে মিত্ৰদল অগপই। উল্লেখযোগ্য যে, বিজেপি দলৰ ভিতৰে বাহিৰে জন-প্ৰতিৰোধৰ ভাবানুভূতিয়ে পোখা মেলিছে। অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী প্ৰমুখ্যে বহু বিজেপি বিধায়কেও মুকলি ভাৱে কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী বিধেয়কৰ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰিছে। তথাপি মুখ্যমন্ত্ৰী সোনোৱাল, বিত্তমন্ত্ৰী শৰ্মা, দলৰ ৰাজ্যিক সভাপতিকে প্ৰমুখ্যে একাংশকে ধৰি বেছিভাগেই এই বিধেয়কৰ সপক্ষে ওকালতি কৰি আছে।


বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম-মাধৱে বিতৰ্কিত বিধেয়কখনৰ প্ৰতিবাদ কৰা সকলে বিধেয়কখন বুজিকে পোৱা নাই বুলি অসমৰ জনগণক তাচ্ছিল্য কৰা দেখা গ'ল। এনে সংবাদ দেখি-শুনি কেইবাজনো জ্ঞানী-গুণী শ্ৰদ্ধেয় লোকে মন্তব্য কৰিছে যে ভাৰতক হিন্দু-হিন্দী-হিন্দুস্তান অৰ্থাত হিন্দু ৰাষ্ট্ৰ গঢ়াৰ এই এক শক্তিশালী আইন সলোৱা কুচকাৱাজহে! এই "এক জাতি-এক ভাষা-এক ৰাষ্ট্ৰ"ৰ ধাৰণাত বিশ্বাসী হিটলাৰী মতাদৰ্শৰ অনুগামী সকলেহে ুজে তেওঁলোকৰ ন্যস্ত স্বাৰ্থৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে প্ৰস্তুত কৰা জাতিদ্ৰোহী তথাকথিত বিধেয়কখন। আনকি অৰ্মত্য সেনৰ দৰে বিদগ্ধ পণ্ডিতেও ইয়াৰ বিৰোধিতা কৰিছে। বহু জাতি-বহু ভাষী-বহু ধৰ্ম-কৃষ্টি সংস্কৃতিৰ বৈশিষ্ট্যৰে পূৰ্ণ ধৰ্ম নিৰপেক্ষ সম্প্ৰীতিৰে উদ্দীপিত ভাৰতীয় জাতি ৰাষ্ট্ৰৰ সমাজজীৱন; তাৰেই অন্যতম অংগৰাজ্য অসম।


অসমৰ এজন অগ্ৰজ কবি, প্ৰয়াত কমলাকান্ত ভট্টাচাৰ্যই ৰাজ্যখনৰ অনেক জাতীয় দুৰ্যোগ অতিক্ৰমী গতিশীল ধাৰা অব্যাহত ৰখা মহত গুণবোৰক সুঁৱৰি লিখি থৈ গৈছে-"মাৰিও নমৰে পৰিও নপৰে, মান ভগদত্ত চুকাফা জাত"! অসমৰ জনশক্তি অজেয় আৰু নিজ গৃহভূমিত অসমীয়াই স্বাধিকাৰ সাব্যস্ত কৰি আহিছে যুগে যুগেই। সেইদিশৰ পৰা অসমৰ স্বাধিকাৰক ৰক্ষণাবেক্ষণ দিয়া অসম চুক্তি পদদলিত কৰিবলৈ অসমৰ জনগণে কোনো অপশক্তিৰ ওচৰত আত্ম-সমৰ্পন নকৰিব। অৱশেষত জনশক্তিৰ জয় আৰু পৰাজয় সুনিশ্চিত।


এই প্ৰসংগতে তলৰ কথাখিনি মহাত্মা গান্ধীৰ লেখাৰ পৰা উদ্ধৃত কৰি  দিছো-"হিন্দু আৰু মুছলমান উভয়েই ভাৰতৰ সন্তান।" এইদেশত জন্মগ্ৰহণ কৰা সকলো লোকেই ভাৰতক মাতৃভূমি বুলি দাবী কৰিব পাৰে।  সেই লোকসকল হিন্দু, মুছলমান, পাৰ্চী, খৃষ্টান বা শিখ যিয়েই নহওক লাগিলে সকলোৱেই এই দেশ ভাৰত মাতৃৰ সন্তান। এই দেশৰ সকলো সন্তানেই ভাতৃত্ববোধৰ এনাজৰিৰে গঁঠা। এই বান্ধোন অক্ষয়, অব্যয়। ই তেজৰ সম্পৰ্কতকৈয়ো বেছি দৃঢ়। আজিৰ দিনত পৃথিৱীৰ কোনো দেশত এটা জাতি, এটা ধৰ্ম থাকিব বুলি ভবাটো তেনেই অপ্ৰাসংগিক; ধোঁৱা  কোঁৱা চিন্তাৰহে প্ৰকাশ। আজিৰ ভাৰতত তেনে প্ৰশ্ন উঠাটো অবান্তৰ মাত্ৰ।"


হিন্দু ৰাষ্ট্ৰৰ পৰিণতি সম্পৰ্কে গান্ধীজীক হত্যাৰ এসপ্তাহ পূৰ্বে তেখেতে কৈ গৈছে-"হিন্দু ধৰ্ম আৰু সংখ্যাগুৰু সম্প্ৰদায়লৈ সেই সময়তেই ধ্বংস নামি আহিব; যি সময়ত সংখ্যাগুৰু সম্প্ৰদায়ে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ সংখ্যালঘু সকলক নিচিন্ন কৰি অখণ্ড হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোন বিশ্বাস কৰিব।"


তাৰোপৰি ৰাষ্ট্ৰসংঘই সংখ্যাগুৰু সংখ্যালঘূৰ সম্পৰ্কে নিজৰ অৱস্থান সূত্ৰবদ্ধ কৰি হৈছেঃ "কোনো এখন দেশত সংখ্যালঘূ মানে হৈছে জনসাধাৰণৰ ভিতৰত যি সকল অ-ক্ষমতাশালী (Non-dominant)" আৰু যি সকলে নিজৰ পৰিচয় সুস্থিৰভাৱে ৰাখিবলৈ তেনেকুৱা নৃগোষ্ঠীগত, ধৰ্মীয়, ভাষীক পৰম্পৰা বৈশিষ্ট্য সমূহ স্পষ্টভাৱে অন্যান্য অংশৰ জনগণৰ পৰা সুকীয়া ধৰণৰ হয়, তেনে জনাংশৰ অধিকাৰ সমূহ সকলো ভূ-খণ্ডতে সুৰক্ষিত হব লাগে।"

ৰাষ্ট্ৰসংঘৰ ওপৰোক্ত অৱস্থানেই সুস্পষ্ট কৰি দিছে যে গণতান্ত্ৰিক সমাজ আৰু শাসন ব্যৱস্থাত সংখ্যাগুৰুৰ অগ্ৰসৰ ভূমিকা অপৰিহাৰ্য ভাৱেই থাকিব আৰু সংখ্যালঘূৰ অধিকাৰ সমূহ সুৰক্ষিত হব। সেই বিতৰ্কৰ নতুনকৈ পাতনি মেলা নিষ্প্ৰয়োজন।

জনতাৰ কয় ৰাইজৰ ৰাজত্ব সমৃদ্ধিশালী কৰিবলৈ ধৰ্ম-নিৰপেক্ষ গণতান্ত্ৰিক শক্তি সমূহ ঐক্যবদ্ধ হব লাগিব। গণতন্ত্ৰ আৰু সমাজ প্ৰগতিৰ ধাৰা আমাৰ জনগণেই দ্ৰুততৰ কৰিব। আজিৰ দিনত জনশক্তিয়েই সৰ্বশক্তিমান মহান অপাৰেজয় শক্তি, আৰু ইয়াৰ ব্যৱহাৰ ৰাজনৈতিক অপশক্তিক পৰাভূত কৰাৰ বাবে ব্যৱহাৰ হব লাগিব। তেহে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভাৰতবৰ্ষৰ বুনিয়াদ সুস্থিৰ হৈ থাকিব, সেই কথাও কিন্তু নিশ্চিত।
লেখক সাপ্তাহিক জনমত কাকতৰ প্ৰাক্তন সম্পাদক তথা বৰ্ষীয়ান বাওঁপন্থী।

No comments:

Post a Comment