Sunday, November 22, 2015

জীৱনৰ অনুভৱ

পাপীৰ সন্ত্ৰাসবাদঃ কাঠগড়াত ধাৰ্মিক 
জাকিৰ হুছেইন
পৃথিৱীৰ যিকোনো ঠাইতে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হ'লে এক অস্বস্তিকৰ, হীনমান্যসূচক মনোভাৱে আমাক আচ্ছন্ন কৰি পেলায়। সেয়া, গনেশগুৰিৰ লগতে গুৱাহাটীৰ তিনি স্থানত বোমা বিস্ফোৰণৰ সময়তে হওক বা পেৰিচতে হওক এনে ঘটনাত মানসিকভাৱে ভূক্তভোগী, পীড়িত আমি সকলোৱেই হওঁ। আমি ইছলামৰ সৈতে সন্ত্ৰাসবাদৰ যে কোনো মিল বা সামঞ্জস্য নাই তাক ভিন্ন প্ৰকাৰে, বিভিন্ন উক্তি-কত্যুক্তিৰে বুজাবলগীয়া হয়। সুদূৰ সন্ত্ৰাস জৰ্জৰিত চিৰিয়া, বেইৰুট, পেৰিচৰ সেই কলীয়া ডাৱৰে যেন আমাকো চানি ধৰে।

আৰে ভাই, আমি প্ৰথমে মানুহহে! তাৰপাছতহে ভাৰতীয় অসমীয়া, বঙালী, উৰিয়া আদি আৰু তাৰ পাছতহে মুছলমান। কাৰণ আমাৰ পুৰ্বপুৰুষে কেৱল ধৰ্মান্তৰ কৰিছিল আৰু তেতিয়া কোনো সন্ত্ৰাসবাদী নাছিল। আমাৰো শৰীৰত একে পুৰ্বজৰে ৰক্ত সঞ্চালিত হৈ আছে। ইছলামৰ সংজ্ঞা বা আধ্যাত্মিকতা এই তিনি চাৰিটামান দশকত সলনি হ'ল নেকি? নে মানুহবোৰ সলনি হ'ল? সেয়ে ISIS, ISI আদিৰে আমাক জড়িত কৰি সকলো ধৰ্মালম্বীকে কলুষিত নকৰিব। কোনোবাই যদি 'অশ্বত্থামা হত'হে শুনে আৰু 'ইতি গজ' নুশুনাকৈ এইদৰে ধৰ্মৰ নামত অধৰ্ম কৰি ফুৰে তাৰ কাৰণে আমি কেনেকৈ দায়ী হম বাৰু!

আমাৰ অসমত আজান ফকিৰে ইচলাম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। তেওঁৰ মূলমন্ত্ৰ আছিল 'হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান... মোৰ মনত হীন পৰ নাই অ' আল্লা...'। আমি সেইজনা মহানুভৱৰ ইছলাম হে চিনি পাওঁ। গণহত্যা (Homicide) আৰু আত্মহত্যা (Suicide) ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ গুনাহ (কবিৰা গুনাহ) বা পাপ অৰ্থাৎ যাৰ ক্ষমা নাই।

সন্ত্ৰাসবাদী সকলে এই দুই গুনাহেই কৰে, সেয়ে তেওঁলোক মুছলমান হ'ব নোৱাৰে। 'জিহাদ', 'ধৰ্মযুদ্ধ', 'ক্ৰুছেদ' নিজৰ ৰিপুবোৰ দমন কৰাৰ বাবে খোদ নিজে নিজৰ লগত কৰিব লাগে। কাম, ক্ৰোধ, হিংসা, লোভ, মোহ আদি ৰিপুক সংযত কৰি ৰখাটোহে মূল কথা। 'জিহাদ' কেৱল ইছলামতে যে বিদ্যমান তেনে নহয়। ধৰ্মযুদ্ধ বা ক্ৰুছেদ তাৰেই পৰিভাষা অৰ্থাৎ ধৰ্ম, সত্য প্ৰতিষ্ঠা কৰা। প্ৰকৃত ধাৰ্মিক লোক এজন কাহানিও পাপী বা গুনেহগাৰ হ'ব নোৱাৰে, অৰ্থাৎ যিবোৰ পাপকাৰ্য সেইবোৰ এৰাই চলিব পৰাজনেই প্ৰকৃতপক্ষে ধাৰ্মিক। মিছা, হিংসা-বিদ্বেষ, হত্যা-লুন্ঠন, ভ্ৰষ্টাচাৰ, অনাচাৰ, ব্যভিচাৰ, চোৰ-দকাইতি, আত্মহত্যা আদিৰ দৰে পাপ কাৰ্যৰ পৰা যিয়ে নিজকে বিৰত ৰাখে তেৱেঁই প্ৰকৃতপক্ষে ধাৰ্মিক লোক। ধৰ্মই মানুহক মানৱতাবাদী হোৱাত অনুপ্ৰেৰণা যোগায়। সাধাৰণভাৱে এইখিনি সাৰ কথাতে আধ্যাত্মকতাক সীমাবদ্ধ কৰি ৰাখিলেই যথেষ্ট নহয়নে?

No comments:

Post a Comment