সুখ-দুখৰ বতৰাঃ ১৬নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১৬নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ১৬নৱেম্বৰ

Share This
আজিৰ ভাল খবৰবোৰ

১. ব্ৰহ্মপুত্ৰ মাজত ষ্টেচু অৱ লিৱাৰ্টিৰ দৰে বীৰ লাচিতৰ ৩৫ফুট ওখ শিল্পী বিৰেন সিংহই নিৰ্মাণ কৰা বিশাল প্ৰতিমূৰ্তিৰ প্ৰতিষ্ঠাৰ কাম চলি আছে। তিনিটা খণ্ডত ১৬টন ওজনৰ মূৰ্তিটো প্ৰতিষ্ঠাৰ কাম কৰিবলৈ লোৱা হৈছে। অহা ১৪নৱেম্বৰত লাচিত দিৱসত প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে।

২. যোৰহাট গ্ৰন্থমেলা আৰু সাহিত্য উতসৱৰ সফল সামৰণি। উতপল বৰুৱাৰ ‘আলিমূৰৰ কেঁকুৰি’ লৈ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ সন্মান। ৰাজীৱ বৰদলৈৰ তত্বাৱধানত আৰু অচ্যুত কুমাৰ বৰাৰ সম্পাদনাত প্ৰকাশি স্মৃতিগ্ৰন্থ ‘গ্ৰন্থ চিন্তা’ উন্মোচন কৰে সাহিত্য অকেদেমিৰ সদস্য ডঃ কুতুবুদ্দিন আহমেদে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰো বঁটা সমূহো প্ৰদান কৰা হয়।

৩. মৰিগাঁও জিলা সাংবাদিক সন্থাই আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত ‘সাম্প্ৰতিক সময়ত সাংবাদিকৰ দায়বদ্ধতা’ শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন কৰে। অনু্ষ্ঠানটোতে জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ হাজৰিকা আৰু প্ৰৱীণ সাংবাদিক দেৱ মহন্তক আনুষ্ঠানিকভাৱে সম্বৰ্ধনাও জনোৱা হয়।

৪. নলবাৰীত স্থাপিত হোৱা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত অচিৰেই ১১৬টা পদত নিযুক্তি দিয়া হব। আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১.০৫কোটি টকাৰ অনুদান দিব বুলিও শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ ঘোষণা কৰিছে।

৫. জাতীয় বীৰ শ্বহীদ তথা আদিবাসী সকলৰ বীৰ বীৰছা মুণ্ডাৰ ১৪০সংখ্যক জন্ম-জয়ন্তী কালি লখিমপুৰৰ চিৰাজুলিত পালন কৰা হয়। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে নিজা ব্যক্তিগত পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা বীৰজনৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিও বিধায়কজনে কালি উন্মোচন কৰে। 

৬. মাজুলীত অসম সাহিত্য সভাই চলাই আছে সেতুবন্ধন আৰু উজ্জীৱন যাত্ৰা। এই যাত্ৰাত অংশ লৈ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই ‘সাহিত্য সভাৰ দুৱাৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি’ আছে বুলিও বনগাঁৱত অনুষ্ঠিত এক সভাত মত প্ৰকাশ কৰে।

৭. সাহিত্যৰথী বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সৈতে সংগতি ৰাখি মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বেজবৰুৱা স্মাৰক বক্তৃতা। ভাষণ প্ৰদান কৰি সু-সাহিত্যিক ডঃ শান্তনু তামুলীয়ে ‘বুঢ়া আইৰ সাধুত অসমীয়া ভাষাৰ সকলো উপাদান আছে’ বুলিও অভিমত প্ৰকাশ কৰে।

৮. মাৰ্ঘেৰিটাত বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। চাহ জনগোষ্ঠী আদিবাসী উন্নয়নৰ বাবে ঘোষণাও কৰিলে ১০০কোটিৰ পেকেজ।

৯. Resurgent Rajasthan নামেৰে বিনিয়োগ আকৰ্ষণৰ বাবে ৰাজস্থান চৰকাৰে বিশেষ প্ৰচাৰ চলাই আছে। এই অভিযানৰ মাজতে পৰ্যটন ক্ষেত্ৰত ২৩৪৯কোটি টকাৰ বিনিয়োগ অহাৰ সুখবৰ আৰু তাৰ বাবে ৰাজস্থান চৰকাৰে ৩৭খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

১০. আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে জুবিন মহোতসৱ। জুবিন গাৰ্গে যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ সৈতে ‘ছিং উইথ ষ্টাৰ্ছ’ নামৰ আয়োজনত অংশ লবলৈ চুক্তিত চহী কৰিছে। ১৬-২৫বছৰৰ ভিতৰৰ নিৰ্বাচিত ১০০গৰাকী প্ৰতিভাবান শিল্পীক জুবিন গাৰ্গৰ নেতৃত্বত শিল্পী দলে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াব।

No comments:

Post a Comment