Thursday, November 12, 2015

চিন্তন


কিয়নো নুশুনো নলওঁ গম 
অজয় লাল দত্ত

আমি সকলোৱেই অভিজ্ঞতাৰ পৰা কিছুমান কথা জানো, সেইমতে পৰিয়ালৰ শিশুসকলকো শিকাও। কিন্তু দেখা যায়, সকলো জানি শুনিও সেইবোৰ বাস্তৱত আমি মানি নচলো। অসমীয়াত এষাৰ কথা আছে, শুই থকা জনক জগাব পাৰি, জাগি থকা জনক জগাবা কেনেকৈ? এই কথাষাৰেই সমাজত আজিকালি বেছিকৈ প্ৰযোজ্য হবলৈ ধৰিছে। জানি শুনিও আমি ডাঙৰে, অভিভাৱকে নজনা-নুশুনা ভেশচন ধৰিছো, সেইবাবেই ততালিকে বন্ধ কৰিব লগা কামবোৰ দিনৰ পাছত দিন চলি আছে। সেয়ে বেয়া বুলি জানিলেই নহব, বুজিলেই নহব সেইবোৰ আমি বাস্তৱত বন্ধও কৰিব পাৰিবও লাগিব। সিদিনা উত্তৰ-পূৱ গ্ৰন্থমেলাত আমাৰ সমাজৰ 'লা ছায়া ডাইনীৰ ধাৰণা আঁতৰাবৰ বাবে যুদ্ধ কৰি যোৱা বীৰুবালা ৰাভাই কোৱা এষাৰ কথা ইয়াত উল্লেখ কৰিব বিচাৰিম, সেয়া হৈছে 'কেৱল শিক্ষিত হ'লেই নহব, আমি সাহসীও হব লাগিব'যদি শিক্ষাই আমাক কথাবোৰৰ শুদ্ধা-শুদ্ধৰ বিচাৰ কৰিবলৈ উপলদ্ধিখিনি দিছে, তথাপি সেইখিনি যদি বাস্তৱত ৰূপায়নেই নকৰো তেন্তে তাৰ অৰ্থইবা থাকিল কি? সাহসেৰে উপলদ্ধিখিনিৰে নিজকে বা সমাজত সংশোধনী অনাৰ এই প্ৰত্যাহ্বানটো কিন্তু সমাজে গ্ৰহণ কৰিব নোৱাৰিলে, এখন উন্নতৰ সমাজ গঢ়াৰ সপোনেইবা কেনেকৈ সম্ভৱ হব? এই সঠিক পৰিবৰ্তনবোৰৰ বাবে ব্যক্তি, অভিভাৱক তথা প্ৰশাসনেই সাহসী সিদ্ধান্ত লব লাগিব।



উচ্চ ডিগ্ৰীধাৰী মানুহৰ বাহুত যেতিয়া ক'লা সূতা, তাবিজ, কঁকালত মাদলী ওলমি থাকে তেতিয়াও আচৰিত লাগে। কলা বিভাগ পঢ়া সকলৰ কথা বাদেই দিলো, বিজ্ঞান, অভিযান্ত্ৰিক তথা প্ৰযুক্তিগত গৱেষণাৰে নাম সমাজত জিলিকাই ৰখা মানুহৰ আঠোটা আঙুলিত যেতিয়া বহুৰঙী পাথৰৰ আঙুঠিয়ে শোভা বৰ্ধন কৰে, ই কিন্তু বিজ্ঞান মানসিকতা গঢ়াত যে আমাৰ প্ৰচলিত শিক্ষা বিফল তাকেই উদঙাই দিয়ে। অসমৰে এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতৰ কথাই ওপৰত উল্লেখ কৰিছো, প্ৰশ্ন হয়, তেখেতেৰ নেতৃত্বত কেনেকৈ বিজ্ঞান মনস্কতাৰ শিক্ষাই প্ৰসাৰতা পাব? নে গ্ৰহ গতিৰ অৱস্থান চাই, পঞ্জিকা মেলিহে তাত শৈক্ষিক কাৰ্যসূচী পালিত হয়! খেন চাই ঠিক কৰে লক্ষ্মীদেৱী প্ৰসন্ন থকা ক্ষণত নাম লগোৱা কাৰ্যসূচী, সৰস্বতী প্ৰসন্ন থকা দিনত শুভাৰম্ভ শিক্ষাদান, বৃহস্পতি বাৰ বুলিয়েই বন্ধ থাকে কলেজৰ কেচ কাউণ্টাৰ! একবিংশ শতিকাত নাৰিকল ভাঙি, মহাকাশ গৱেষণা সংস্থাই মাংগলিক চিহ্ন আঁকি ৰকেট উৰুওৱাৰ ব্যৱস্থা কৰা টিভিত প্ৰত্যক্ষ কৰিবলৈ পাওঁ আৰু এই সমূহ 'বিজ্ঞানে ভাল ফল দিয়ে বুলি প্ৰমাণ নকৰা' বিধি বিধান মানিও দেশৰ মুৰব্বী সকলে চুপ-চাপ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, তেন্তে মনত বহুতো প্ৰশ্নই উদয় হয়। এই সকল ৰাজনৈতিক মূৰব্বীয়ে সঁচাকৈ দেশত অন্ধ-বিশ্বাস আঁতৰাবলৈ সাহসী পদক্ষেপ লব পাৰিব বুলি বিশ্বাস কৰিবলৈ টানেই নহয়নে? মনত যুক্তিৰ পোহৰ নাথাকিলে, মনে যুক্তিবোৰ জীৱনত অভ্যাসলৈ পৰিণত কৰিবলৈ সাহস যোগাব নোৱাৰিলে, আচলতে এনে বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ শিক্ষাও যুক্তিনিষ্ঠ পৰিবৰ্তনৰ বাবে বিফল ৰূপেহে পৰিগণিত নহবনে?

আমি সকলোৱে জানো যে ধৰ্ম মানুহৰ ব্যক্তিগত বিশ্বাসৰ কথাহে, তাকেই বহুল ভাৱে সংগঠিত ৰূপত বিশেষ ধৰ্মৰ ৰূপ পাইছে। ধৰ্মৰ সৃষ্টি মনত ভয় বা শংকাৰ পৰা। বিজ্ঞানে যিবোৰ কথাৰ উৰহী গছৰ ওৰ ফঁহিয়াই দেখুৱাবলৈ সক্ষম হোৱা নাই, সেই ঠাইৰ পৰাই অজ্ঞানতাৰ অন্ধকাৰ আৰম্ভ হৈছে। এই অন্ধকাৰত সত্য অন্বেষণ কৰিবলৈ এৰা দি এক অদৃশ্য শক্তিক মানি লোৱাটোৱেই ভগৱানৰ সংজ্ঞা নিৰূপণ কৰিছে। মানৱ সমাজ বিৱৰ্তনৰ সময়ৰেখাত বান্দৰৰ পৰা আদি-মানৱ আৰু আদি মানৱৰ পৰা বিৱৰ্তিত ৰূপত আধুনিক মানুহৰ ৰূপলৈ পৰিবৰ্তনৰ বৈজ্ঞানিক বাখ্যা থকাৰ পাছতো এতিয়াও কিন্তু সমাজত লোকগাঁথা বা জনবিশ্বাসৰ অন্য ধাৰা কিছুমান প্ৰচলিত আছে। পৰিৱেশ, পৰিস্থিতি, ভৌগোলিক স্থিতি আদিয়ে মানুহৰ জীৱনধাৰাও ভিন্ন অঞ্চলত ভিন্ন ৰূপত গঢ় দিছে। সেইদৰেই মানুহৰ বিশ্বাস আৰু লোকগাঁথা সমূহো ভিন্ন আৰু তাৰ ভিত্তিতে জীৱনধাৰাৰ অংগ হৈ পৰা ধৰ্মীয় চেতনাবোৰতো ভিন্নতা দেখা গৈছে। ধৰ্মগ্ৰন্থবোৰত থকা ভিন্ন উপমা, ৰূপক, বৰ্ণনা আদিয়ে মানৱ জীৱনৰ এই বিৱৰ্তনক ভিন্ন ভিন্ন ৰূপত উপস্থাপন কৰিছে। আদি মানৱ আদ- ঈভক খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসে সৃষ্টি কৰিছে, আনফালে হিন্দু ধৰ্মৰ মতে জগতৰ স্ৰষ্টা ব্ৰহ্মাই সৃষ্টি কৰা মনু আৰু শতৰূপাৰ সতি-সন্ততিহে মানুহ! যিয়ে বিজ্ঞানৰ বিৱৰ্তনৰ কথাবোৰকো চাগৈ অস্বীকাৰ কৰিছে! ধৰ্মীয় বিশ্বাস আৰু বিজ্ঞানৰ সেয়ে সমান্তৰাল চিন্তা-ধাৰা তথা জ্ঞানৰ প্ৰৱাহত, এতিয়াও যে ক্ৰম পৰিবৰ্তিত মানৱ সমাজ এক দ্বিধা আৰু দ্বন্দৰ মাজত মধ্যম পন্থা লৈহে চলি আছে, সেই কথাও অনুভৱ কৰিব পাৰি। যতেই সুবিধা হৈছে, বিজ্ঞান প্ৰযুক্তিৰ কথা কৈছে, যতেই অসুবিধা হৈছে তাতেই পঞ্জিকা মেলি, মাদলী-তাবিজ, মন্দিৰ-মচজিদ-গীৰ্জাৰ প্ৰাৰ্থনাৰ শৰণাগত হৈছো!পূজা পাতল নকৰাকৈয়ে যে প্ৰযুক্তিৰ উদ্ভাৱনীৰে বিশ্বক চমক লগোৱা দেশো আছে, সেই যুক্তি গ্ৰহণ কৰিবলৈ আমি সাহস কৰিব নোৱাৰো। অৰ্ধ নিৰক্ষৰ দেশ এখনৰ বাবে পৰম্পৰা বিৰোধী স্থিতি গ্ৰহণৰ যুক্তি-নিষ্ঠতাৰ পূৰঠ স্তৰ পাবলৈ যে কেইবা যুগো যে লাগিব সেই কথাও আমি মানি লৈছো।


এই দ্বন্দৰ মাজতো কিন্তু সমাজে কেতবোৰ কথা শুদ্ধ আৰু অশুদ্ধ বুলি মানি লৈছে। হিংসা-বিদ্বেষ ত্যাগ, জীৱনটো ভাল কৰিবলৈ পথ নিৰ্দেশনা আদিবোৰ সাৰ্বজনীন উপদেশ বুলি বিবেচিত হৈছে। তথাপিও সকলো জানি বুজিও কোনো ধৰ্মই সকলো ধৰ্মাৱলম্বীক এনেবোৰ উপদেশ মানি চলিবলৈ বাধ্য কৰিব পৰা বুলি সফলতা দাবী কৰিব পৰা নাই। আনকি ধৰ্ম ৰক্ষাৰ বাবে আন ধৰ্মালম্বীক হত্যাৰ বাবে আততায়ী হোৱা উদাহৰণেও দেশ-দুনীয়া কঁপাই আছে! একেদৰেই সকলো ধৰ্মতে সুৰা-জুৱা আদিৰ চৰ্চা কৰিবলৈ কোৱা হোৱা নাই। সমাজ জীৱনৰ শিক্ষা দিয়া কোনো আধুনিক শিক্ষাৰ কিতাপতো। তথাপিতো সমাজত বন্ধ হোৱা নাই এনেবোৰ চৰ্চা। তাৰ কাৰণ কি, সমাজ পৰিবৰ্তনৰ বাবে সাহসৰ অভাৱেই নে কি সেয়াও চিন্তনীয় কথা হৈ পৰিছে।

কেতিয়াবা আচৰিত লাগে, আধুনিক প্ৰযুক্তিৰ ছ'চিয়েল মেডিয়াতো এই বজৰংগ বলীৰ ফটোখন দহবাৰ শ্বেয়াৰ কৰিলে অমুক ফল হাতে হাতে পাবই ধৰণৰ প্ৰচাৰ কৰিবলৈকো নিজকে অতি-আধুনিক বুলি জাহিৰ কৰা মানুহো পিছ পৰি ৰোৱা নাই! উচ্চ শিক্ষিত গিৰিয়েকে অনা ঘোঁচৰ ধনেৰে লাহ-বিলাহ কৰিবলৈ উচ্চ শিক্ষিত পত্নীৰ অকনো উষ্মা জগা নাই, পতিক বাৰণ কৰা নাই! পৰিয়ালটোৰ হঠাতে জীৱন ধাৰা আয়ৰ সৈতে সংগতি বিহীন ভাৱে বাঢ়ি যোৱাত যে এয়া দুৰ্নীতিৰ ফলহে সেই কথা সকলোৱে অনুভৱ কৰাৰ পাছতো দুৰ্নীতিকাৰীজনক বাধা দিব পৰা নাই। সমাজেও সেই ধনেৰে চান্দা তুলি সামাজিক উতসৱ পাৰ্বনহে পাতিছে। বিয়া নামৰ সামাজিক বান্ধোনৰ পাছতো ধনৰ বলত অনৈতিক কাৰ্য দিনে দিনে বৃদ্ধি পাইছে। চকুৰ আগতে লাহ-বিলাসৰ বাবে নিজে বেশ্যা সাজিবলৈ যোৱা আৰু ক্ৰেতাৰ লীলা-খেলা বৃদ্ধি হোৱা দেখাৰ পাছতো সমাজে তাক প্ৰতিৰোধ কৰিব পৰা নাই! অভাৱত এসাজ খাবলৈ নোপোৱা, অশিক্ষিত, দৰিদ্ৰ সমাজলৈ অহা কল্যাণকাৰী ধনৰ মুকলি লুণ্ঠনকো জানি শুনিওতো লেকাম লগাব পৰা নাই!


এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ মাজতো কিন্তু মানুহৰ এখন ভাল সমাজ গঢ়াৰ প্ৰতি আগ্ৰহ আৰু তাড়ণা কমি যোৱা নাই! এতিয়াও কিছুমান মানুহে সোঁতৰ বিপৰীতে এই চিন্তা কৰি সমাজত যুক্তিবাদী 'বিপ্লৱী'ৰ নাম পায়, লগতে হয় ঠাট্টাৰ সন্মুখীনো! তথাপিও সমাজে কিন্তু এইসকল লোকৰ প্ৰতি আগ্ৰহ নথকাকৈ থাকিব নোৱাৰে, কাৰণ, তেওঁলোক নিজে শিক্ষা থাকিও সাহসী নোহোৱা, লোভ-মোহৰ আগত নৈতিকতাক আত্ম-সমৰ্পণৰ বস্তু কৰি তোলা মানসিকতাৰ বাবে এনে আচৰিত মানুহনো আজিও থাকিব পাৰেনে, সেয়াও তেওঁলোকৰ বাবে এক আশ্চৰ্যৰ বিষয়েই! আৰু এনে যুক্তিবাদীয়েহে ভোগৰ সোঁতত উটি যোৱা সকলক সমাজৰ সাৰ্বজনীন ভালৰ কথাবোৰ সোঁৱৰাই থাকে! কি বেয়া হৈছে, সমাজত কোন দিশে বিশৃংখলতা বাঢ়িছে সেই কথাবোৰৰো কথাও জাগিও শুই থকাৰ ভাও ধৰা সকলৰ আগলৈ আনি থাকে।


সমাজৰ কোনো উপকাৰ কৰিব নোৱাৰা মদ, জুৱা, ফটকা আদিৰ বিশাল পয়োভৰেৰেই দীপাৱলী ধুমধামেৰে পালিত হ'ল। উপলক্ষ ৰাৱনক বধ কৰি ৰাম ৰাজ্যলৈ শাসনৰ ভাৰ লবলৈ উভতি অহাৰ এটি লোক-গাঁথাহে। খাৰৰ গোন্ধ, ফটকা-বোমাৰ নজ্বলা কাগজৰ আৱৰ্জনাবোৰ পৰি ৰৈছে চৌদিশে, পৰিৱেশত হঠাতে বাঢ়ি যোৱা অস্বাস্থ্যকৰ বায়ুৰ গুণগত মানদণ্ডৰ কথাটো আছেই! হাজাৰ হাজাৰ কোটিৰ টকা একে ৰাতিতে জ্বলাই দি এইখন সমাজ মত্ত হৈ পৰিছে। পূৰ্বৰ কলগছত মাটি চাকি জ্বলাই, আকাশবন্তি সাজি পালন কৰা অসমীয়া দীপান্বিতা এতিয়া যেন অতীত। হিন্দুত্ববাদী সমাজৰ সাংস্কৃতিক আগ্ৰাসন, গোলকীকৃত বজাৰৰ বজাৰকেন্দ্ৰিক আগ্ৰাসনৰ ফল এয়া। আৰু ইয়াক আমাৰ তথাকথিত সমাজখনে আজি সকলো জানি বুজিও ৰোধিব পৰা নাই! চীন দেশলৈ এৰাতিৰ ফুৰ্তিতে কিমান ধন ওলাই গ', ফটকা-বোম-লাইট-মম বাতিৰ নামত বৰ্হিৰাজ্যলৈ কিমান, বিদেশী সুৰাপানৰ নামত, জুৱাৰ খেলত কিমান সৰ্বশ্ৰান্ত হ', তাৰো জানো হিচাব আছে। লগতে এইবাৰ হোৱা ফাচী বজাৰৰ ভয়াবহ অগ্নিকাণ্ডৰ খবৰে অনৰ্থক ভাৱে আমি নিজেই চকু-মুদি সৃষ্টি কৰি লোৱা কিছু কথাই কিমান ভয়াবহ হৈ উঠিব পাৰে, তাকে উদঙাই দেখুওৱা নাইনে? পৰম্পৰাৰ নামত আমি সকলো জানি বুজিও এইবোৰক কিয় বাধা দিব পৰা নাই! ৰাজহুৱা চেতনাৰ অভাৱ নে প্ৰশাসনিক শিথিলতা? কেইটামান টকাৰ ৰাজহৰ বাবেই এইবোৰৰ খোলা বজাৰ সদায়েই চলি থাকিবনে, এই প্ৰশ্নবোৰৰো উত্তৰ বিচাৰিবৰ হ'ল।


মদ, চিগাৰেট, ধঁপাত, ভাং, ড্ৰাগছ, কানি আদি সামাজিক ঘাতকবোৰক সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিবৰ বাবে এতিয়া জনজাগৰণ আনিবৰ হ'ল। সম্পূৰ্ণ ৰূপে অনাগত বছৰবোৰত খাৰ যুক্ত বোমা বাৰুদ, আমদানিকৃত ইলেক্ট্ৰনিক আলোকসজ্জা আদিক বজাৰলৈ আহিব নোৱাৰাকৈ প্ৰতিৰোধ গঢ়িবৰ বাবে চৰকাৰ প্ৰশাসনে আগতীয়াকৈ ব্যৱস্থা কৰিবৰ 'ল। সমাজৰ কাৰোৰে উপকাৰ সাধিব নোৱাৰা এনে ক্ষতিকৰ কাৰক সমূহক সৰ্বসন্মতি ক্ৰমে সমাজৰ পৰা আঁতৰাই পঠোৱাৰ ব্যৱস্থা কৰিবই লাগিব। ইয়াৰ বাবে 'আত্মো-দীপো ভৱ' অনুভৱেৰে নিজৰ মন আলোকিত কৰি তুলিব লাগিব। মনৰ অন্ধকাৰ আঁতৰাব নোৱাৰিলে এদিনৰ দীপান্বিতাৰ চমকে সমাজলৈ পোহৰ আনিব নোৱাৰে! কেৱল বজাৰৰ ঢৌৱে সৃষ্টি কৰা জোৱাৰত উটি গৈ থকাৰ অভ্যাস কৰি সমাজৰ ক্ষতি কৰা দিশবোৰৰ 'নুশুনো নলওঁ গম' কৰি সেই বান্দৰ তিনিটাৰ ভেশ ধৰি থাকিলেও নহব! নিজৰ আৰু সমাজৰ দুৰ্বলতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱেই সাহস গোটাব লাগিব। সময়মতে সামাজিক দৈত্যবোৰক পৰাভূত কৰি নিকা কৰিব নোৱাৰিলে, যুঁজিবলৈ সেইকন সাহস গোটাব নোৱাৰিলে, আধুনিক শিক্ষাও কামত নহা অলংকাৰৰ বোজাহে হৈ পৰিব। এতিয়া প্ৰয়োজন যুক্তিবাদী চিন্তাক কৰ্মলৈ ৰূপান্তৰ কৰাৰ অভ্যাস গঢ়াৰএয়া আপুনি-মই ব্যক্তিগত স্তৰৰ পৰাই আৰম্ভ কৰিব লাগিব। ইয়াৰ অবিহনে এখন ভাল সমাজৰ কল্পনা যে, কেৱল চিৰদিন পীড়াৰহে কাৰণ হৈ থাকিব, সেই কথাহে কিন্তু নিশ্চিত।

No comments:

Post a Comment