পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিহাৰৰ জনাদেশ আৰু অসমৰ আগন্তুক নিৰ্বাচন 
দীপাংকৰ মল্ল বৰুৱা
কেন্দ্ৰত শাসনাধিস্থ দলে ৰাজ্য সমূহৰ বিধানসভা নিৰ্বাচনত ভাল ফল দেখুৱাব পাৰিলে দলটোৰ স্থিতি মজবুত হয়। এই ফলাফলৰ পৰা পৰা ৰাজ্যসমূহত শাসকীয় দলটোৰ গ্ৰহণযোগ্যতাৰ বিষয়েও জানিব পৰা যায়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চাঞ্চল্যকৰ সাফল্যৰে দিল্লীৰ মচনদ দখল কৰা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ বাবে সদ্যসমাপ্ত বিহাৰ বিধানসভাৰ নিৰ্বাচন কেইবাটাও কাৰণত অতিশয় গুৰুত্বপূৰ্ণ আছিল। দিল্লী বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱা ভাজপা আৰু সহযোগী দল কেইটাই বিহাৰত জয়লাভ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছিল। কিন্তু তথাপিও জনতাদল ইউনাটেড, ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ শক্তিশালী জোঁটবন্ধনৰ হাতত পৰাজিত হোৱাটোৱে প্ৰধানমন্ত্ৰী মোদী আৰু ভাজপাৰ বাবে নিশ্চয়কৈ অশনি সংকেট কঢ়িয়াই আনিছে। বিহাৰৰ ফলাফলে ষ্পষ্টকৈ প্ৰতিপন্ন কৰিছে যে কেৱল নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত কৰিশ্মা আৰু উদাত্ত ভাষনৰ যাদুৰে মানুহক মন্ত্ৰমুগ্ধ কৰি ভাজপাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ দিন উকলিল।

শাসনাধিস্থ দলটোৱে এই কথাও উপলব্ধি কৰা উচিত যে ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক শক্তি সমূহৰ গুৰুত্ব এতিয়াও আছে। আঞ্চলিক ৰাজনৈতিক শক্তি সমূহ একত্ৰিত হ’লে এতিয়াও ধনে জনে চহকী সৰ্বভাৰতীয় ৰাজনৈতিক দলকো যে ওফৰাই পঠিয়াব পাৰে সেই কথা যোৱা দিল্লী আৰু বিহাৰ বিধানসভাৰ নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে। এই নিৰ্বাচনে এই কথাও প্ৰতিপন্ন কৰিলে যে সাম্প্ৰদায়িক মেৰু বিভাজনেৰে জনতাক বিভাজিত কৰি নিৰ্বাচনত জয়লাভ কৰাৰ ফৰ্মূলা এতিয়া পুৰণি হ’ল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভাজপাৰ বাবে আটাইতকৈ ইতিবাচক কাৰক আছিল এজন বিকাশ পুৰুষৰ ৰূপত নৰেন্দ্ৰ মোদীৰ সৰ্বভাৰতীয় ৰাজনীতিত অৱতৰণ। নৰেন্দ্ৰ মোদীৰ প্ৰতি জনতা আকৃষ্ট হৈছিল তেওঁৰ উন্নয়ন আৰু অৰ্থনৈতিক সংস্কাৰৰ প্ৰতিশ্ৰুতিৰ বাবে। তেওঁ দুৰ্নীতি প্ৰতিৰোধ কৰি, দেশলৈ বিদেশৰ বেংকত জমা থকা ক’লা ধন ঘূৰাই আনি, দেশৰ সৰ্বাঙ্গীন উন্নয়ন কৰি ভাৰতক পুনৰ সোণৰ পক্ষীলৈ পৰিৱৰ্তন কৰাৰ সংকল্পই মানুহৰ মন মুহিছিল। দহ বছৰীয়া কংগ্ৰেছ শাসনৰ পৰা মুক্তি লাভ কৰিবলৈ মানুহে নৰেন্দ্ৰ মোদীৰ ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিত বিশ্বাস কৰি ভাজপা নেতৃত্বধীন চৰকাৰ এখন শাসনলৈ আনিছিল।

দেশৰ যুৱ প্ৰজন্মই আশা কৰিছিল যে মোদী চৰকাৰে জাত - পাত, ধৰ্ম - বৰ্ণৰ ৰাজনীতিৰ উৰ্দ্ধলৈ গৈ দেশৰ বাবে অৰ্থনৈতিক প্ৰগতি আৰু যুৱচামৰ বাবে কৰ্ম সংস্থাপনৰ নতুন আশাৰ সঞ্চাৰ কৰিব। কিন্তু যোৱা ডেৰ বছৰীয়া শাসন কালত মোদী চৰকাৰে জনতাৰ আশা আকাংক্ষা পূৰণ কৰাত সমৰ্থ হোৱা নাই। ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত অৰ্থনৈতিক সংস্কাৰৰ বাবে ৰাজনৈতিক সদিচ্ছা আৰু বিৰোধীৰ সৈতে সহমতত উপনীত হোৱাটো অতিশয় আৱশ্যকীয়। ৰাজ্যসভাত এতিয়াও সংখ্যালঘু হৈ থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সদনত গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ বিৰোধীৰ লগত, বিশেষকৈ কংগ্ৰেছৰ লগত অহি নকুল সম্পৰ্ক ৰাখি চলিব নোৱাৰে। আন আন শক্তিশালী বিৰোধী আঞ্চলিক ৰাজনৈতিক শক্তিকো লগত লৈ আগবাঢ়িলেহে চৰকাৰৰ উদ্দেশ্য সফল হ’ব পাৰে। অন্যথা বিহাৰৰ দৰে অন্যান্য ৰাজ্যতো ভাজপা বিৰোধী শক্তি সমূহ একত্ৰিত হৈ কেন্দ্ৰত শাসনাধিস্থ দলৰ প্ৰতি বিপদ মাতি আনিব পাৰে।

বিহাৰৰ নিৰ্বাচনী ফলাফলে নিশ্চয়কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুজাই দিব যে ভাজপা আৰু সহযোগী দলৰ কিছুমান নেতাই কৰি অহা অবাঞ্চিত কৰ্ম কাণ্ড আৰু সাম্প্ৰদায়িক মন্তব্যই সাধাৰণ মানুহক বিতুষ্ট কৰিছে। সঘনে বিতৰ্কিত মন্তব্য কৰি চৰকাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰা মহেশ শৰ্মা, সাধ্বী নিৰঞ্জন জ্যোতিৰ দৰে লোক সকলৰ ওপৰত প্ৰধানমন্ত্ৰী কঠোৰ হোৱাটো আৱশ্যকীয় হৈ পৰিছে। দেশত সংখ্যালঘুৰ ওপৰত আক্ৰমন, বৰ্ধিত ধৰ্মীয় অসহিষ্ণুতা, সাহিত্যিক বিজ্ঞানীসকলৰ বঁটা ঘূৰাই দি কৰা প্ৰতিবাদ আদিক প্ৰধানমন্ত্ৰীয়ে যথোপযুক্ত গুৰুত্ব নিদিয়াটো দৃষ্টিকটু হৈ পৰিছে। সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কথা কাণ্ড বোৰত প্ৰধানমন্ত্ৰীৰ মৌনতা আৰু নিৰ্লিপ্ততাক মানুহে সহজভাৱে যে ল’ব পৰা নাই তাৰেই প্ৰমাণ বিহাৰৰ নিৰ্বাচনে দেখুৱাই দিলে। দেশৰ প্ৰগতি আৰু উন্নয়নৰ ভাষণ দিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দল আৰু সহযোগী দলৰ মানুহৰ মনবোৰ প্ৰগতিবাদী কৰাত প্ৰথমতে গুৰুত্ব দিব লাগিব। হিন্দুত্বৰ ৰাজনীতি কৰা দল সমূহতকৈ তেলেগু দেশম, লোক জনশক্তিৰ দৰে উদাৰপন্থী দলৰ লোকক চৰকাৰত অধিক সক্ৰিয় কৰিব লাগিব। মোদী চৰকাৰৰ কাৰ্য কলাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৱ ষ্পষ্টকৈ চকুত পৰে। সংঘৰ প্ৰধান মোহন ভাগৱতে বিভিন্ন সময়ত চৰকাৰক দিক নিৰ্দেশনা দি থকাটো এখন গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰৰ বাবে শুভলক্ষণ নহয়। যদিও প্ৰধানমন্ত্ৰী মোদীকে ধৰি ভাজপা দলৰ বহুতো সদস্য পূৰ্বতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল, তথাপি এখন ৰাষ্ট্ৰৰ পৰিচালনাত এটা হিন্দুত্ববাদী সংগঠনৰ প্ৰত্যক্ষ প্ৰভাৱ কেতিয়াও গ্ৰহণযোগ্য নহয়।

ভাৰতৰ বহুমাত্ৰিক বৈচিত্ৰৰ মাজত ৰাষ্ট্ৰীয় একতাক সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে কেন্দ্ৰত শাসনাধিস্থ চৰকাৰখনে ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি সমৰ্পিত হ’বই লাগিব। দেশক উন্নয়ন আৰু প্ৰগতিমুখী কৰিবলৈ হ’লে ধৰ্মীয় সংকীৰ্ণতাৰ গণ্ডীৰ পৰা বাহিৰলৈ আহি চৰকাৰখনে সকলো জনগণকে আশ্বস্ত কৰিব লগিব। আশা কৰিব পাৰি যে বিহাৰৰ নিৰ্বাচনী ফলাফলে ক্ষমতাৰ ৰাগীত মতলীয়া হ’বলৈ ধৰা শাসনাধিস্থ দল আৰু সহযোগী দল সমূহক ভৱিষ্যতৰ প্ৰতি সচেতন কৰি তুলিব। হয়তো অতি সোনকালেই তেওঁলোকে বুজি উঠিব যে সাম্প্ৰদায়িক মন্তব্যৰে মেৰু বিভাজনৰ সৃষ্টি কৰি ভোট বোটলাৰ দিন এতিয়া নাই। বিহাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত সততে উন্নয়নৰ শ্লোগান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তুলুঙা মন্তব্যৰে লালু নীতিশক আক্ৰমণ কৰাটো বিহাৰৰ জনতাই যে সহজভাৱে ল’ব নোৱাৰিলে সেয়া প্ৰতিপন্ন হ’ল। বিহাৰৰ নিৰ্বাচনত জাত পাতক লৈ ভোট বিভাজন হোৱাটো সাধাৰণ কথা। কিন্তু এই জাত পাতৰ ৰাজনীতিৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ লক্ষাধিক কোটি টকাৰ উন্নয়নৰ পেকেজেও জনতাৰ ৰায় ভাজপাৰ পক্ষে সলনি কৰিব নোৱৰাটো মন কৰিবলগীয়া কথা। শেষ মূহুৰ্তত ভাজপাৰ সভাপতি অমিত শ্বাহৰ সাম্প্ৰদায়িক মেৰুকৰণৰ প্ৰচেষ্টাই দলটোক অধিক ক্ষতিগ্ৰস্থহে কৰিলে। ভাজপা আৰু সহযোগী দল সমূহে হয়তো বিহাৰৰ নিৰ্বাচনৰ পৰা শিকনি লাভ কৰিছে যে প্ৰলোভন আৰু মেৰু বিভাজনৰ সস্তীয়া ৰাজনীতিৰে এতিয়া আৰু সচেতন ভোটাৰক আকৃষ্ট কৰিব পৰা নাযায়। হয়তো শাসনাধিস্থ দলটোৱে সম্প্ৰদায়িক আৰু জাতপাতৰ ৰাজনীতিৰ পৰা উৰ্দ্ধলৈ গৈ কেৱল বিহাৰৰ প্ৰগতি আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়িলে অধিক ভাল ফল দেখুৱাব পৰিলেহেতেন।

বিহাৰৰ পিছতেই আহি আছে অসম বিধানসভাৰ নিৰ্বাচন। বিহাৰৰ বিফলতাৰ পিছত নিশ্চয়কৈ অসমৰ নিৰ্বাচন প্ৰধানমন্ত্ৰী মোদী আৰু ভাজপাৰ বাবে হ’ব অগ্নি পৰীক্ষা। অসমত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন আৰু দুৰ্নীতিৰ বাবে এক প্ৰতিস্থান বিৰোধী ঢৌৱে ভাজপাক সহায় কৰিব বুলি ভবা হৈছে যদিও নিজ শকতিৰে অসমৰ ৰাইজৰ আস্থাভাজন হ’ব নোৱাৰিলে দলটো অসমতো সফল হ’ব বুলি নিশ্চয়কৈ ক’ব নোৱাৰি। বৰ্তমানলৈ ভাজপা দলে অসম আৰু অসমবাসীৰ হকে সমৰ্পিত দল এটাৰ ভাৱমূৰ্তি গঢ়িব পৰা নাই। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত দিয়া কেইবাটাও প্ৰতিশ্ৰুতিৰ পৰা লুটি বাগৰ মৰাৰ বাবে সেই সময়ৰ তুলনাত দলটোৰ সমৰ্থনৰ ভেটি নিশ্চয়কৈ যথেষ্ট হ্ৰাস পাইছে। অসমীয়া মানুহৰ বাবে ষ্পৰ্শকাতৰ বিষয় বোৰত, যেনে – অসমৰ মাটি বাংলাদেশলৈ হস্তান্তৰ, হিন্দু বাংলাদেশীক শৰণাৰ্থীৰ মৰ্যাদা প্ৰদান, বৃহৎ নদীবান্ধ আদিত ভাজপা দলে লোকসভাৰ নিৰ্বাচনৰ পিছত গ্ৰহণ কৰা স্থিতি সমূহে জনসাধাৰণৰ মাজত দলটোৰ প্ৰতি বিৰূপ মনোভাব গঢ়ি তুলিছে।

দলটোৰ নেতা সাংসদ বিধায়ক সকলে এনে স্থিতিৰ যুক্তিযুক্ততা ৰাইজক পতিয়ন যোৱাকৈ বুজাই দিব নোৱৰাটো দলটোৰ এক ডাঙৰ বিফলতা। ভাজপা দলে আন নিৰ্বাচন সমূহত অৱলম্বন কৰি অহা মেৰু বিভাজনৰ নীতি অসমতো অৱলম্বন কৰিবলৈ গ’লে সেয়া দলটোৰ বাবে হিতে বিপৰীত হ’ব। অসমত ধৰ্মীয় সাম্প্ৰদায়িকতাৰ স্থান নাই। অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও ধৰ্মীয় সংকীৰ্ণতাক প্ৰশ্ৰয় নিদিয়ে। এ আই ইউ ডি এফ দলে মুছলমান ভোটাৰক একত্ৰিত কৰাৰ দৰে আৰু ভাজপাই হিন্দু ভোটাৰক একত্ৰিত কৰি অসমৰ শাসনভাৰ লবলৈ পৰিকল্পনা কৰিলে সেয়া দলটোৰ ডাঙৰ ভুল হ’ব। কিছু পৰিমাণে আবেগিক হ’লেও অসমৰ মানুহ ৰাজনৈতিক ভাৱে যথেষ্ট পৰিপক্ক বুলি ক’ব পাৰি। অসমৰ মানুহৰ জাতীয়তাবাদী ভাৱধাৰাক সন্মান কৰি অসম আৰু অসমীয়াৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে সমৰ্পিত দল এটাকহে ৰাইজে বিচাৰে। হিন্দী বলয়ৰ লেতেৰা ধৰ্ম আৰু জাত পাতৰ ৰাজনীতিৰে অসমৰ সাতাম পুৰুষীয়া সাম্প্ৰদায়িক সংহতি বিপন্ন কৰি ৰাজনৈতিক সুবিধা ল’ব বিচৰা কোনো দলকে অসমৰ ৰাইজে ক্ষমা নকৰিব।

No comments:

Post a Comment