সুখ-দুখৰ বতৰাঃ ২নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ২নৱেম্বৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. যোৰহাটৰ তিতাবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ২৩ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সফল ভাৱে সামৰণি পৰিছে। নিম্ন শাখাত শিৱসাগৰৰ দীপশিখা কলিতা আৰু উত্ত শাখাত কোকৰাঝাৰৰ শিৱম দেৱনাথ শ্ৰেষ্ঠ শিশু বিজ্ঞানী ৰূপে পৰিগণিত হৈছে। চণ্ডীগড়ত হব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহৰ বাবেই নিৰ্বাচিত শিশু বিজ্ঞানীৰ নামো তাতে ঘোষণা কৰা হয়।

২. গুৱাহাটী টাউন ক্লাৱৰ প্ৰেক্ষাগৃহত হোৱা উন্মোচনী অনুষ্ঠানত কালি মনোজ কুমাৰ নাথৰ ‘অসম আন্দোলনঃ পটভূমি-ইতিহাস-বৰ্তমান’ শীৰ্ষক বিশ্লেষণাত্মক গ্ৰন্থখন উন্মোচন কৰে ডঃ ৰীতা চৌধুৰী, ৱাছবীৰ হুছেইন আৰু ডঃ শিৱনাথ বৰ্মনে।

৩. বিশ্বৰ মূল্যৱান দেশৰ তালিকাত এক স্থান আগুৱাই ভাৰতে সপ্তম স্থান পাবলৈ সক্ষম হৈছে। মষ্ট ভেলুড নেশ্চন ব্ৰেণ্ডৰ শীৰ্ষ স্থান অক্ষুন্ন আছে আমেৰিকাৰ।

৪. বিশিষ্ট শিক্ষাবিদ, সাহিত্যচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, চিত্ৰশিল্পী ত্ৰৈলোক্য দত্ত, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰ দেৱক অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে প্ৰদান কৰিলে ২০১৫বৰ্ষৰ অসম জাতীয় বিদ্যালয় সন্মান।

৫. অসমত নৱগঠিত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিয়ে ৩০টা বিধান সভাৰ সমষ্টিত প্ৰতিদন্দ্বিতা কৰিব দলটোৰ নেতা প্ৰদ্যুত বৰাই ডিব্ৰুগড়ত এখন সংবাদ মেলত প্ৰকাশ কৰিছে।

৬. আজি চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰে নিজা বাসগৃহত উন্মোচন কৰিলে ছ’চিয়েল মেডিয়াৰ গৰাহত আধুনিক জীৱনক লৈ লিখা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ উপন্যাস ‘হাফ-বয়ফ্ৰেণ্ড’। কালি উত্তৰ-পূৱ গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত উন্মোচনী সভাত ৰেখা প্ৰকাশনৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচিত হয়।

৭. ৰাজ্যখনৰ পাঁচখন গাঁও পঞ্চায়তলৈ পূৰ্ণ স্বচ্ছতাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। মুকলিত মলত্যাগ মুক্ত গাঁও পঞ্চায়তৰ এই স্বীকৃতি নলবাৰী জিলাৰ দুখন, শিৱসাগৰ জিলাৰ এখন, নগাঁও জিলাৰ এখন আৰু এখন কামৰূপ গ্ৰাম্য জিলালৈ আগবঢ়াইছে ৰাষ্ট্ৰীয় অনাময় আৰু স্বচ্ছতা অভিযানে।

৮. স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননৰ লগতে অসমৰ ১৬টা স্থানত অসমৰত্ন ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত কালি আয়োজিত হয় সদৌ অসম ভিত্তিত এখন চিত্ৰাংকন প্ৰতিযোগিতা। শিল্পী শিৱপ্ৰসাদ মাৰাৰে ২০ফুট দৈৰ্ঘ্যৰ এখন কেনভাছত ভূপেনদাৰ গীতৰ আধাৰত চিত্ৰ অংকন কৰি প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে। বিগত দুবছৰৰ দৰে অহা ৫নৱেম্বৰ দিনটো সুধাকণ্ঠৰ স্মৃতিত পথিকে এইবাৰো ‘গীতৰ দিন’ হিচাবে পালন কৰিব। যোৰহাটত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে।

৯. সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ ৮৯সংখ্যক ওপজা দিনৰ উপলক্ষত গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত উন্মোচন কৰিলে ‘উদ্দীপনা-২০১৫’ শীৰ্ষক শ্ৰব্য সঁফুৰা। এই শ্ৰব্য সঁফুৰাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়-বিশ্ববিদ্যালৰ বৰ্ষশ্ৰেষ্ঠ গায়ক-গায়িকাৰ কণ্ঠৰে বাণীবদ্ধ হৈছে ভূপেনদাৰ গীত।

১০. কালি আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইবৰ্ষৰ বাবে মুকলি কৰা হয় পৰ্যটকৰ বাবে। বনমন্ত্ৰী এটোৱা মুণ্ডাই এই কাৰ্যসূচীত দেশী-বিদেশী পৰ্যটকৰ সৈতে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment