Sunday, November 29, 2015

মিছা ক'লে কি ডাল হব?

মোৰ গাত লাচিতৰ মোমায়েকৰ তেজ আছে!
জ্যোতিৰূপম দত্ত
হয়, মোৰ গাত লাচিতৰ মোমায়েকৰ তেজ আছে ! মই সোৰোপা, অকামিলা, অধইচ, নিবোকা, ভণ্ড, ভয়াতুৰ, বিদেশীৰ পদলেহনকাৰী অসমীয়া এটা ৷ গাত নামাৱলী এখন মেৰিয়াই কোনোবা পাবতগজা ৰাজনৈতিক নেতা এজন আহি ডিঙিৰ সিৰ ফুলাই ফুলাই ভাষণ দিব যে লাচিত আছিল আচলতে এজন হিন্দু বীৰহে ! সেই বেবেৰিবাং শুনিয়েই মোৰ নিচিনা তথাকথিত শিক্ষিত বুলি ভাওঁ দিয়া বুৰ্বক এটাই গুৱাহাটী চহৰৰ মাজমজিয়াত লাখটকীয়া পেণ্ডেলৰ তলত থিয় হৈ হাত চাপৰি মাৰিম৷ মোৰ পেৰাত জাপে জাপে শিক্ষিত বুলি প্ৰমান কৰিব পৰা প্ৰমানপ্ৰত্ৰ ঠাহ খাই ভৰি থকাৰ পাছতো বুজিবলৈ যেন বাধ্য হ’ম যে হিন্দুৰ তেজ আৰু মুছলমানৰ তেজ বেলেগ৷ মোৰ নিচিনা কেলেহুৱা এটাক কিয়নো লাগিছে বাঘ-হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকিৰ বীৰত্বৰ কথা জানিবলৈ ? এনিশাতে গড় মাৰিব পৰা কৰ্মঠ অসমীয়া পাহোৱাল ডেকা এতিয়া কেইটানো আছে ? দিনৰ দিনটো সাধাৰণ মুনিহ তিৰোতা কেইটামানৰ ওপৰত বীৰত্ব দেখুৱাই ডকা-হকা দি চান্দাৰ নামত হলেও কেইটামান টকা জোগাৰ কৰি সন্ধিয়া হলেই নিচাগ্ৰস্ততাক আকোঁৱালি লোৱা আমি কেলেহুৱা কেইটাই কত বুজি পাম সেই নৰীয়া গাৰে শৰাইঘাটৰ যুঁজত দীপ্ত সূৰ্য্যৰ দৰে উজলি উঠা সেই কান্তিমান বীৰপুৰুষৰ শৌৰ্য্য আৰু বীৰত্বৰ গাথাঁ ?

কোনোবা মুলুকৰ পৰা আহি কোনোবা প্ৰভাৱী (প্ৰভাৰী!) নেতাই মোৰ দৰে এপাল অৱসাদগ্ৰস্ত, মেৰুদণ্ডহীন অসমীয়াৰ আগত ধ্বনি দিব, “জয় চংকৰদেউ বাবা কী, জয় !” তাকে শুনি সন্মোহিত হৈ ময়ো দুহাত উঠাই চিঞৰি উঠিম, “জয় !” সৰুৰেপৰা শুনি, ভক্তি কৰি অহা জগতগুৰু শংকৰদেৱৰ অসামান্য ব্যক্তিত্বৰ কথাও পলকতে উৰাই দি ‘জাতীয় নায়ক’, ‘অসমৰ থিংকিং পলিটিচিয়ান’ আদিৰ লগতে ময়ো চিঞৰিম “জয় ! চংকৰদেউ বাবা কী ! জয়!” নিজৰ সামান্যতমো উদ্বৃত্ত বিচাৰ বিবেচনা হেৰুৱাই গড্ডলিকা প্ৰৱাহত নিজকে এৰি দিয়া কৰ্পদকহীন ভেড়াৰ দৰে পলকতে পাহৰি যাম যে গুৰুজনা শংকৰদেৱৰ প্ৰধান শিষ্যৰ ভিতৰত ইছলামধৰ্মীয় মুলৰ চান্দসাঁই, নগাৰ নৰোত্তম আদিও আছিল ৷

আকৌ হয়তো দুদিন পাছত শুনিম “জয়মতী মাই কী জয় !” জয়সাগৰৰ কাষৰ জেৰেঙা পথাৰত নিজৰ দেশ, সন্তান, স্বামীৰ নামত তিল তিলকৈ যন্ত্ৰনা ভুগি নিজকে বলিদান দিয়া সেই মহীয়সী নাৰীক যেন আকৌ এবাৰ পদাঘাত কৰিম আমাৰ নিচিনা দেশপ্ৰেমিকৰ ভাওঁ দিয়া ভণ্ড অসমীয়া কেইটামানে ৷

দুদিন পাছত হয়তো অসমৰ ইতিহাসৰ আতিগুৰি নজনাকৈ কোনোবা এজন ওলাবহি ‘মুলাগাভৰু’ৰ ‘গাভৰু’ শব্দটিৰ অৰ্থ নিৰহ নিপানীকৈ বুজাই দিবলৈ ৷ তেনেবোৰ অশ্লীল কথাও আমি শুনি শুনি মুৰ দুপিয়াই হয়ভৰ দি যাম ! প্ৰতিবাদ কৰাৰ শকতি ক’তনো আছে বাৰু এই কানীয়া দেহাটোত ? সুশৃংখলিত, সাহসী , দুৰ্জেয় জাতি এটা মগজু নথকা ভেড়া এপাললৈ পৰ্য্যবসিত হলেই দেখোন! আৰুনো কি লাগিছে বাৰু ?

আলহীৰ ভেশেৰে জাতিটোৰ শতৰু আহি বাটচৰা পাওঁ পাওঁ ৷ পিছে শতৰু ভেটিবলৈ মই মোমায়েকটোৱে এনিশাতে গড় মৰাতকৈ এপেট উগাৰি খাই নিঃপালি দিয়াৰহে কথা !

হেংদাংখন আছেনে বাৰু এতিয়াও কৰবাত? হেংদাংখন ডাঙি লব পৰা কোনোবা এজন ওলাবনে ? মামৰে খাই সেইখনো শেষ হলেই নেকি, সেয়াই সন্দেহহে! মিছা ক'লে কি ডাল হবহে!

No comments:

Post a Comment