পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


অসহিষ্ণুতা ক'ত? 
অজয় লাল দত্ত
দেশত যুক্তিবাদী চিন্তা-চৰ্চাৰ বিৰুদ্ধে ছ'চিয়েল মেডিয়াৰ পৰা টিভিৰ পৰ্দালৈ, ৰাজনৈতিক ভাষণৰ পৰা আততায়ীৰ আক্ৰমণলৈ হোৱা নিৰৱচ্ছিন্ন ধাৰাবাহিকতাত সচেতন ৰাইজ আজি শংকিত হৈছে। অথচ এই বাস্তৱিকতাক স্বীকাৰ কৰি লবলৈ কেন্দ্ৰীয় চৰকাৰ যেন নাৰাজ। জ্যেষ্ঠ মন্ত্ৰী অৰুণ জেটলিয়ে সংবাদ মেলত ওলোটাই সাংবাদিককহে সুধিছে- 'অসহিষ্ণুতা ক'ত?' দেশৰ শিল্পী, সাহিত্যিক, বুদ্ধিজীৱি, কবি, বিজ্ঞানী, বুৰঞ্জীবিদ, চিনেমা নিৰ্মাতা, পদ্ম-সন্মানৰ অধিকাৰী সন্মানীয় নাগৰিক আদিয়ে চৰকাৰী সন্মান, বঁটা বাহন ওভোটাই দিয়াৰ পাছতো বিত্ত, তথ্য আৰু প্ৰচাৰ বিভাগৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ এই প্ৰশ্নই চৰকাৰখনৰ সংবেদনশীলতাৰ অভাৱকেই উজ্বলাই তোলা নাইনে? কোনো এটা বিষয়ক লৈ জন-সচেতনতাৰ সৃষ্টি কৰা এই 'বঁটা ওভোটাই' দিয়াৰ একদম শান্তিপূৰ্ণ ও গণতান্ত্ৰিক প্ৰতিবাদকো শাসক হিচাবে হজম কৰিব পৰা নাই! বিকাশৰ পথৰ পৰা বিচ্যুত কৰিব বিচৰা অপশক্তি সমূহলৈ আঙুলিয়াই দিয়া, সমালোচনাবোৰৰ গঠনমূলক দিশকো অস্বীকাৰ কৰি, এইবোৰক মনে সজা বিপ্লৱহে আখ্যা দিয়া মন্ত্ৰী গৰাকীৰ প্ৰদৰ্শিত মানসিকতাতেই অসহিষ্ণুতা জিলিকি থকা নাইনে?

যুক্তি আৰু বিকল্প বিচাৰ ধাৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো গণতান্ত্ৰিক দেশ এখনৰ সমাজ-জীৱনৰ এক এৰাব নোৱাৰা অংগ হোৱা উচিত। বাক্-স্বাধীনতাৰ বিশাল পৰিসৰেই ভাৰতীয় গণতন্ত্ৰক বিশ্বৰ ভিতৰতে এক মৰ্যদাশীল গণতান্ত্ৰিক পৰম্পৰাৰ দেশ কৰি গঢ়ি তুলিছে। সেই পটভূমিতো, এছিয়াৰ ভিতৰতে থকা মহাশক্তি চীনৰ প্ৰযুক্তিনিৰ্ভৰ অৰ্থনীতিৰ সৈতে ফেৰ মাৰিব পৰাকৈ ভাৰতেও দোপতদোপে আগবাঢ়িব বুলি দেশৰ মানুহে একবিংশ শতিকাৰ নতুন আশা পোষণ কৰিছে। এই একেই আশাই আন্তৰ্জাতিক বাণিজ্যিক সম্প্ৰদায়ে প্ৰকাশ কৰিছিল আৰু চৰকাৰ সলনিৰ প্ৰাকক্ষণত ৰেটিং সংস্থা মোডী (Moody)য়ে প্ৰদান কৰা অৰ্থনৈতিক ক্ষেত্ৰৰ ক্ৰেডিট ৰেটিঙেও এই আশালৈকে আঙুলিয়াই দিছিল। কিন্তু সম্প্ৰতি সৃষ্ট উদ্বিগ্নতাৰ পৰিস্থিতিয়ে এই আশাকো পথচ্যুত কৰা আৰু অৰ্থনৈতিক বিকাশৰ গতিকো ক্ষতিগ্ৰস্ত কৰিব বুলিও মোডী এনালেটিক্স নামৰ এটি সংস্থাৰ অৰ্থশাস্ত্ৰীয়ে শেহতীয়াকৈ ইংগিত দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে। তাৰেই প্ৰতিধ্বনি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ ভাষ্যতো শুনিবলৈ পোৱা গৈছে।

চীনৰ শাসন ব্যৱস্থাত থকা কঠোৰতা, দুৰ্নীতি বুলিলেই মৃত্যুদণ্ডৰ দৰে পৰিবেশৰ বাবেই সঘনাই বাক্-স্বাধীনতা অথবা মানৱ অধিকাৰ আদি খৰ্ব হ'লেও তাৰ বাতৰিও বাহিৰলৈ ওলায় নাহে। প্ৰতিবাদী লেখকৰ সকলো কিতাপ জ্বলাই দিয়া, গ্ৰন্থাগাৰৰ পৰাও তেনে কিতাপ বহিস্কাৰ কৰাকে ধৰি লজ্বাজনক ইতিহাস, আজিৰ তাৰিখতো ইণ্টাৰনেটৰ ক্ষেত্ৰতো থকা চেঞ্চৰশ্বিপ ব্যৱস্থাই চীনক চিন্তা ও মত প্ৰকাশৰ ব্যক্তি স্বাধীনতাত লেকাম লগোৱাৰ অভিযোগত বিশ্বই কাঠগড়াত তুলি ৰাখিছে। আনকি নোবেল বঁটাৰে সন্মানিত বিজ্ঞানীৰ কৰ্মও বঁটা নোপোৱা পৰ্যন্ত জনপ্ৰিয় মাধ্যমেৰে বিশ্বৰ পাঠকৰ মাজলৈ নহা, লগতে শাসকৰ বিৰোধী মত প্ৰকাশ কৰা লেখকৰ সমলকে গণ-মাধ্যমৰ পৰা আঁতৰত ৰখা ব্যৱস্থাৰ উল্লেখো প্ৰকাশ পাইছে। বাংলাদেশত শেহতীয়াকৈ যুক্তিবাদী ব্লগাৰৰ হত্যা, পাছত পুনৰ তেওঁৰ গ্ৰন্থ প্ৰকাশককো! পাকিস্তানকে ধৰি এই সকল প্ৰতিবেশীৰ তথ্যৰ সৈতে তুলনা কৰি গৌৰৱ কৰিব পৰা বাক্-স্বাধীনতাৰ অধিকাৰী দেশ হৈও, ভাৰতে দেশ হিচাবে বিকাশৰ উজ্জীৱিত পৰিবেশৰ মাজেৰে চীনৰ সৈতে অৰ্থনৈতিক প্ৰগতিত ফেৰ মাৰিবলৈ সক্ষম হোৱাৰ বাবেই বিশ্ব সমাজৰ দৃষ্টিত, ভাৰতৰ স্থান অধিক সন্মানজনক। আৰু এই সন্মানজনক স্থিতিৰ বাবে দেশৰ বৈচিত্ৰ্যময়তা, বহুত্ববাদ আদিক স্বীকাৰ কৰি লোৱা এখন ভাৰতীয় সমাজ সেই শ্ৰেয়ৰ দাবীদাৰ। বৈচিত্ৰ্যতাৰ মাজত একতাই ভাৰতীয় সংজ্ঞাৰ মূল আধাৰ আৰু এই বৈচিত্ৰ্যতাই জাতি,ধৰ্ম, সংস্কৃতি, খাদ্য, জীৱন-ধাৰা আদিক সামৰি লৈছে। এজনে আন এজনৰ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ নকৰাকৈ নিজৰ ব্যক্তি স্বাধীনতাৰ উপভোগ কৰাৰ অধিকাৰো প্ৰদান কৰিছে ভাৰতীয় সংবিধানে।

কিন্তু বিগত সময়চোৱাত কিছু সমাজবিৰোধী শক্তিয়ে মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। এইবোৰ শক্তি মূলত ধৰ্মীয় মৌলবাদী। ভাৰতত কেৱল হিন্দুত্ববাদীহে থাকিব আৰু হিন্দু ৰাষ্ট্ৰ হব বুলি ভুৱা সপোনৰ পম খেদা এজাক মানুহ যেন ক্ৰমাত আগ্ৰাসী শক্তি হৈ দেখা দিছে। মুছলিম, খ্ৰীষ্টান আৰু কমিউনিষ্ট সকলক ভাৰতৰ প্ৰধান শত্ৰু হিচাবে উল্লেখ কৰা এম.এছ গোলৱালকাৰৰ দৰে নেতাক আদৰ্শ পুৰুষ হিচাবে মানি লয় এই সকল ৰাইজে। এক দম মাৰ্কা মৰা চিষ্টেম! মুছলিম শত্ৰু, খ্ৰীষ্টান শত্ৰু, কমিউনিষ্ট মানেটো শত্ৰুৱেই ধৰণৰ! এই মানসিকতাই এই সংজ্ঞাত পৰা সকলৰ দেশৰ প্ৰতি প্ৰেম, ভক্তি আৰু কৰ্ম অৰিহণাক পোনচাটেই নস্যা কৰি নেপেলায়নে? একেদৰেই সংঘৰ আদৰ্শ পুৰুষ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এটি প্ৰৱন্ধৰ কথা শেহতীয়াকৈ সংঘৰ মুখপত্ৰত প্ৰকাশ পাইছে, য'ত মুছলিম সকলক ভাৰতৰ সমস্যা ৰূপে অভিহিত কৰা হৈছে! এই চিন্তা-ধাৰাৰ প্ৰৱাহৰ মাজত নিজৰ মানসিকতাৰ গঠন কৰি লোৱা সকলৰ হাতত দেশৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন হৈ থাকিবনে সেয়াও আজিৰ দিনৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে।

একক চিন্তাধাৰাৰ মুখপত্ৰ, পত্ৰিকা, ছ'চিয়েল মেডিয়াৰ গোপন গোট সমূহৰ  আদিৰ জৰিয়তে মন-মগজুত স্থাপিত হোৱা ঠেক মানসিকতা, দীৰ্ঘদিন নিজৰ কাল্পনিক সপোনবোৰক বাস্তৱায়িত কৰিবলৈ ৰাজনৈতিক শাসনৰ জৰী হাতত নোপোৱাৰ ভীষণ অৱদমনৰ বৰ্হিঃপ্ৰকাশ যেন নতুনকৈ দেশত দেখিবলৈ পোৱা গৈছে। ভাতৃ-ভগ্নী সংগঠন, ধৰ্ম জাগৰণ মঞ্চ আদি ক্ষুদ্ৰ-মজলীয়া সংস্থাৰ দ্বাৰা দেশৰ বিভিন্ন প্ৰান্তত এই চিন্তাধাৰাৰ বিৰোধী সকলৰ ওপৰত মৌখিক অথবা শাৰিৰীক আক্ৰমণৰ অপৰাধৰ ঘটনা বৃদ্ধি পাইছে। কিন্তু এই বিচ্ছিন্ন অপৰাধবোৰৰ যে এটা শক্তিশালী যোগসূত্ৰ ধৰ্মীয় মৌলবাদী শক্তিসমূহৰ ছায়াযুদ্ধৰ এটা পৰিকল্পিত অভিযানৰ সৈতে জড়িত হৈ আছে সেয়াও জনপ্ৰিয় মাধ্যম সমূহত উজ্বলি উঠিছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাৱমূৰ্তিক হেয় কৰাৰ অপচেষ্টাৰ বিপৰীতে হত্যাকাৰী নাথুৰামৰ প্ৰতিমূৰ্তি স্থাপনেৰে মহীয়ান কৰাৰ প্ৰচেষ্টাও চলি আছে। শেহতীয়াকৈ আফ্ৰিকান দেশ সমূহৰ মূৰব্বী সকলৰ সৈতে দিল্লীত অনুষ্ঠিত শীৰ্ষ সন্মিলনত খোদ প্ৰধানমন্ত্ৰীয়ে জৱাহৰ লাল নেহৰুকে ধৰি পূৰ্বৰ নেতা সকলৰ কথা ভাষণ, প্ৰেজেণ্টেচেন আদিৰ পৰা বাদ দি যোৱাৰ অভিযোগ উঠিছে। তাৰ বিপৰীতে স্বাধীনত্তোৰ কালত আফ্ৰিকান দেশ সমূহৰ বিকাশত তদানীন্তন ভাৰত চৰকাৰে যোগোৱা অৰিহণাৰ কথা, জৱাহৰ লাল নেহৰুৰ বিশেষ অৱদানৰ কথা আফ্ৰিকান দেশ সমূহৰ ৰাষ্ট্ৰনেতা সকলেহে ভাষণত উল্লেখ কৰি ধন্যবাদ জনোৱাৰ কথাই কিহৰ ইংগিত দিছে? প্ৰধানমন্ত্ৰীৰ এনে অপচেষ্টাৰ প্ৰতিবাদ স্বৰূপে কংগ্ৰেছ দলে ভোজমেলত অংশ লোৱাৰ পৰা বিৰত থকাৰো বাতৰি প্ৰকাশ পাইছে। আনকি আফ্ৰিকান ৰাষ্ট্ৰপ্ৰধান কেইজনমানে পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙকো সাক্ষা
কৰি তেখেতেৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি গৈছে। ভাৰতৰ কূটনৈতিক ইতিহাসত প্ৰধানমন্ত্ৰীক আফ্ৰিকান নেতাই এটা ভাল শিক্ষা দি গ'ল বুলি ইতিহাসবিদ ৰামচন্দ্ৰ গুহই মন্তব্য কৰিছে।

এখন 'ৰাষ্ট্ৰ' হিচাবে আন্তঃৰাষ্ট্ৰীয় স্তৰত থকা সম্পৰ্কৰ এটি গৌৰৱোজ্জ্বল ইতিহাস আছে। আজি এখন বিকাশশীল দেশৰ পৰা উন্নত দেশৰ ফালে ধাৱমান হবলৈ ধৰা ভাৰতখন এই ডেৰ বছৰতে নিৰ্মাণ হৈছিল নে? স্বাধীনোত্তৰ কালত কোনো প্ৰগতিয়েই নহ'ল, আগৰ নেতাবোৰে দেশখন ধ্বংস কৰি গ'ল, এতিয়া চৰকাৰৰ হাতত এখন বিধ্বস্ত ভাৰতহে তুলি দিয়া হৈছে ধৰণৰ অপ্ৰচাৰবোৰ জানো সঁচাই শুদ্ধ সেই কথাৰো বিচাৰে ৰাইজে কৰিবৰ হ'ল। একেধৰণেই হাৰিয়ানাৰ চৰকাৰে পাঠ্যপুথিৰ পৰা মুছলিম যোদ্ধা সকলৰ কাহিনী আঁতৰাই দিয়াৰ কথাও পোহৰলৈ আহিছে। এই ধৰণৰ অদ্ভূত কাণ্ড-কাৰখানাৰ বাবেই টুইটাৰত 'আপোনালোকক ভোট বিকাশৰ ইতিহাস সৃষ্টি কৰিবলৈ দিয়া হৈছিল, ইতিহাস সম্পাদনা কৰিবলৈ নহয়' বুলিও প্ৰধানমন্ত্ৰীলৈ আহ্বান জনোৱা দেখিবলৈ পাইছো!


দেশৰ শাসনৰ ৰাজনৈতিক নেতৃত্ব সলনিৰ লগে লগেই ৰাষ্ট্ৰযন্ত্ৰৰ অংশ, বিভিন্ন সংস্থা, প্ৰতিষ্ঠান আদিতো নিজা নিজা আদৰ্শৰ, ৰাজনৈতিক আনুগত্যৰ বুদ্ধিজীৱি, বিজ্ঞানী, সাংবাদিক, লেখক, শিল্পী, চিনেমা পৰিচালক আদিক নিযুক্তি, সংস্থাপন দি তথা পুৰস্কৃত কৰাৰ উদাহৰণ আছে। তেনে ধৰণৰেই সোঁপন্থী বৌদ্ধিক নেতাৰ দ্বাৰা এই প্ৰতিষ্ঠানবোৰৰ পৰিচালনা সংস্থাবোৰৰ পুনৰ গঠন কৰা হৈছে। তাতেই পূৰ্বৰ কংগ্ৰেছৰ অনুগত বৌদ্ধিক নেতা সকলৰ ব্যক্তিগত স্বাৰ্থত আঘাত হোৱাৰ বাবেই বঁটা ঘূৰাই দিয়াৰ এই 'ধুমুহা'ৰ সৃষ্টি হোৱা বুলি প্ৰতিপক্ষই যুক্তি দৰ্শাইছে। কিন্তু কি বিষয়ৰ ওপৰত প্ৰতিবাদ কৰিছে সেই কথা এৰাই চলিবলৈ বিচৰা হৈছে। এই পৰিৱেশটোক বুজাবলৈ ১৯৩৯চনত মহাত্মা গান্ধীয়ে কৈ যোৱা এষাৰ কথাই যথেষ্ট নহয়নে, '"The best way of losing a cause is to abuse your opponent and to trade upon his weakness"!

দেশত ধৰ্মীয় অসহিষ্ণুতাৰ পৰিবেশ সৃষ্টি, যুক্তিবাদী তথা ধৰ্মান্ধতা-অন্ধবিশ্বাসী বিৰোধী কৰ্মী-লেখকৰ হত্যা, দেশৰ নামী-দামী প্ৰতিষ্ঠানৰ দায়িত্ব কেৱল ৰাজনৈতিক আনুগত্যৰ বাবেই অদক্ষৰ হাতলৈ অৰ্পণ আদি বিষয়ত প্ৰতিবাদ কৰিহে বহু বিশিষ্ট ব্যক্তিয়ে চৰকাৰী বঁটা-বাহন ঘূৰাই দি প্ৰতিবাদ কৰিছে। কিন্তু এই প্ৰতিবাদৰ মূল কাৰণটোক নস্যা
কৰি শাসকীয় দল তথা সমৰ্থক সকলে ব্যক্তিগত ভাৱে প্ৰতিজন প্ৰতিবাদকাৰীৰ চৰিত্ৰহনন, কুসা-ৰটনা, দুৰ্বলতাক লৈ ছ'চিয়েল মেডিয়াযোগে বোকা খেলিবলৈ আৰম্ভ কৰিছে। দেশৰ বহু নামী-দামী প্ৰতিষ্ঠান, গৱেষণাগাৰ আদিৰ প্ৰতিষ্ঠাতা সকলক লগতে লগেই মাৰ্কা মৰা 'ছেকুলাৰ', 'লিবাৰেল' আখ্যা দিয়াৰ উপৰিও ডাঙৰ নেতাই একেদিনাই তেওঁলোকৰৰ ৰাষ্ট্ৰবিৰোধী আৰু অপৈণত মগজুৰ বুলি ঘোষণা কৰিছে! এয়াও শান্তিপূৰ্ণ বঁটা ত্যাগৰ প্ৰতিবাদো সহিব নোৱাৰা শাসক আৰু সমৰ্থকৰ অসহিষ্ণুতাৰ উদাহৰণেই নহয়নে?

সিদিনা বাংলাদেশৰ 'দ্য ট্ৰিবিউন' কাকতত প্ৰকাশ হোৱা তছলিমা নাছৰিণৰ প্ৰৱন্ধটিত এনে ধৰ্মীয় অসহিষ্ণুতাৰ বলি কেৱল সাধাৰণ মানুহহে হয়, চেলিব্ৰিটী সকল যিকোনো ধৰ্মৰেই নহওক কিয়, তেওঁলোকৰ কোনো অসুবিধা নাই বুলি উল্লেখ কৰিছিল! বাংলাদেশত সুৰক্ষিত হিন্দু চেলিব্ৰিটী আৰু ভাৰতত সুৰক্ষিত মুছলিম চেলিব্ৰিটীৰ কথা উল্লেখ কৰোতে শাহৰুখ খানৰো নাম হৈছিল। পিছে নিজৰ জন্মদিনত সাংবাদিকক দিয়া সাক্ষাকাৰত শাহৰুখে ভাৰতত ধৰ্মীয় অসহিষ্ণুতাৰ বিষয়ত মাত মতাৰ লগে লগেই ছ'চিয়েল মেডিয়াতো বাদেই শাসকীয় দলৰ ৰাষ্ট্ৰীয় নেতা, সাংসদৰ মুখেদি পাকিস্তানত বাস কৰে শাহৰুখৰ আত্মা, সংখ্যাগুৰুৱে চিনেমা নাচালে আন মুছলিমৰ দৰে পথৰ ভিক্ষাৰী হ'লহেতেন শাহৰুখ, ধৰণৰ মন্তব্যই কঢ়িওৱা ভাৰতীয় অসহিষ্ণুতাই তছলিমাৰ এই উদাহৰণকো নস্যা কৰি পেলালে! আনকি দুদিনমান আগতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ পৰা নটিচ পোৱা বাবেহে শাহৰুখৰ এই মতামত বুলিও উল্লেখ কৰিবলৈ নাপাহৰিলে দিল্লীৰ এগৰাকী বিজেপি সাংসদে!

ভাৰতীয় চফটৱেৰ কোম্পানীৰে বিশ্বজিনা নাৰায়ণমূৰ্তিৰ পৰিচয় একেদিনাই হৈ পৰিল ভাৰতীয় শৈক্ষিক উপদেষ্টা পৰিষদলৈ মনোনীত হৈয়ো পাছত নাম কটা যোৱা ৰোহন মূৰ্তিৰ ক্ষোভিত বাপেক মাত্ৰ! ৰমিলা থাপৰ, ইৰফান হাবিবৰ দৰে খ্যাতনামা ইতিহাসবিদৰ বঁটা ওভোটোৱা প্ৰতিবাদতো মাৰ্কা মাৰিলে,ইণ্ডিয়ান কাউণ্ডিল ফৰ হিষ্টৰিকেল ৰিচাৰ্ছৰ পৰা নাম কটা যোৱাৰ বঞ্চিতৰ ক্ষোভহে বুলি! মুছলিম মৌলবাদী সংগঠনৰ সৈতে হিন্দুত্ববাদী মৌলবাদৰ কোনো পাৰ্থক্য নাই বুলি কোৱাৰ পাছ দিনাই ছ'চিয়েল মেডিয়াৰ প্ৰচাৰত আন্তৰ্জাতিক ৰেটিং সংস্থা মোডীৰ এনালেটিক্সত কৰ্মৰত মুছলিম অৰ্থশাস্ত্ৰী হৈ পৰিল ইৰফান হাবিবৰ (কাল্পনিক) জোঁৱায়েক! আচলতে অমিত মিশ্ৰ বোলা এজনলৈহে বিয়া হৈছে হাবিবৰ ছোৱালী! এনে ব্যক্তিগত আক্ৰমণকাৰী অপপ্ৰচাৰৰ আৱহাৱাত ক'তো নাইনে বাৰু অসহিষ্ণুতাৰ গোন্ধ?


শেহতীয়াকৈ, মু্ম্বাইৰ টাটা ইনষ্টিটিউট অৱ চ'ছিয়েল চায়েন্সৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা 'Caste on the Menu Card' নামৰ তথ্যচিত্ৰখন এখন চিনেমা মহোসৱত প্ৰদৰ্শনৰ বাবে অনুমতি নিদিলে জেটলী চাহাবৰ অধীনত তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে। সামাজিক গৱেষণা প্ৰতিষ্ঠানটোৱে দেশৰ কোনো প্ৰান্তত সংখ্যাগুৰু সম্প্ৰদায়ৰ হেঁচাত ক্ষুদ্ৰ জাতি সত্তা সমূহৰ খাদ্যভ্যাসৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে কৰা গৱেষণাৰ ফলাফলৰ ওপৰত নিৰ্মিত হোৱা ছবিখন প্ৰদৰ্শন কৰিবলৈ নিদিয়াটোও এক অসহিষ্ণুতাৰ নিদৰ্শনেই নহয়নে? ই কি প্ৰতীয়মান কৰিছে, ৰজাৰ মনোমত নোহোৱা বিষয়ত কোনো সামাজিক গৱেষণাও হব নোৱাৰিব, নে প্ৰকাশ হব নোৱাৰিব গৱেষণাত পোৱা তথ্যৰ বিশ্লেষণো? ইয়াৰ প্ৰতিবাদত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰই কেম্পাছৰ ভিতৰতে এই তথ্যচিত্ৰৰ প্ৰতিবাদী প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ বিচাৰে। কিন্তু তাতো পূৰ্বতে সকলো মুকলি পন্থা-চিন্তা ধাৰাৰ চৰ্চাৰ মুকলি ঠাই ৰূপে নাম থকা বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই এইবাৰ নিদিলে এই স্ক্ৰীনিংৰ অনুমতি। অৱশেষত এফালে প্ৰতিবাদী ছাত্ৰ, আনফালে কৰ্তৃপক্ষৰ নিৰাপত্তাৰক্ষী, বাহিৰত সংবাদ মাধ্যমৰ উকণ্ঠাৰ মাজতে প্ৰতিবাদী ছাত্ৰই অৱশ্যে এই দৰ্শনী অনুষ্ঠিত কৰিলেই বুলিও নিউজ-লণ্ড্ৰী.কমৰ চৰজমিন প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰথমে লাভ জিহাদ, ঘৰ-ৱাপচি, ধৰ্মৰ বিচাৰ, খাদ্যৰ নিষিদ্ধকৰণ আদিৰে আচলতে সংঘ পৰিবাৰে  দেশত পানীৰ সোঁত কোন দিশে বৈছে তাৰেই জোখ লোৱাৰ প্ৰচেষ্টা চলাইছে বুলি গাল্ফ নিউজত ইতিহাসবিদ ৰামচন্দ্ৰ গুহই আঙুলিয়াই দিছে। আনফালে ইণ্ডিয়ান এক্সপ্ৰেছত সোঁপন্থী স্তম্ভলেখিকা বুলি নিজকে ঘোষণা কৰা টভলিন সিঙে ছমাহ আগতেই বহুত হ'ল আৰু হিন্দুত্বৰ এজেণ্ডা, বিকাশৰ প্ৰতিশ্ৰুতিলৈ উভতি আহক মোদীচাহেব বুলিও আহ্বান জনাইছিল। আনকি আন এগৰাকী মোদী প্ৰশংসক আৰু আত্ম-জীৱনী লিখোতা তথা মানুষী.ইনৰ সম্পাদিকা মধু কিশ্বৰেও বিকাশৰ পথৰ পৰা কক্ষচ্যুত কৰা আৰু এই অসহিষ্ণুতাৰ অভিযোগেৰে বঁটা ঘূৰোৱাৰ দৰে পৰিবেশৰ সৃষ্টি কৰাৰ সুযোগ দিয়াৰ বাবে মোদী বিৰোধী শক্তিলৈ সন্দেহৰ আঙুলি দেখুৱাইছে। পিছে এই সন্দেহৰ আৱৰ্তত আছে শাসকীয় দলৰে কিছু ক্ষমতালোভী প্ৰতিদ্বন্দীও!

এই পৰিবেশ সৃষ্টিক বিহাৰৰ নিৰ্বাচনকেন্দ্ৰিক হৈ চৈৰ অংশ বুলি বুজিবলৈ কাৰোৰেই বাকী নাই। কিন্তু এই সময়চোৱাত সঁচাই অসহিষ্ণুতা বাঢ়িছে নে নাই, গো-মাংস খাব লাগেনে নালাগে, হিন্দুৰ সংখ্যাগুৰুসুলভ আধিপত্য থাকিব লাগে নে নালাগে, এনেবোৰ প্ৰশ্নত হয় বা নহয় ধৰণৰ উত্তৰৰ ভিত্তিতে দেশৰ চিন্তাশীল মানুহক মাৰ্কা মাৰি এওটো অমুকপন্থীহে, গতিকে এওঁটো এনেকুৱা মতামত দিবই ধৰণৰ স্থিতিলৈ ঠেলি দিব বিচৰাৰ এক ধাৰাবাহিক চেষ্টা চলিছে, তাক কোনেও নুই কৰিব নোৱাৰে। আনকি অমুক পেপাৰ বা চেনেলত থকা অমুক অমুকৰ খুলশালীয়েক, ভাই বোৱাৰী, জেঠেৰীহে বুলিয়েই বিখ্যাত বিখ্যাত সংবাদসেৱীৰ পেশাগত ক্ষেত্ৰত দেখুওৱা ব্যক্তিগত দক্ষতা-বিচক্ষণতাকলৈও প্ৰশ্ন তুলিছে, আৰু মতামতক লঘু কৰিবলৈকো অপপ্ৰচাৰো জোৰদাৰকৈ চলিছে! হিন্দু মানেই হিন্দুবাদী, বা হিন্দু ৰাষ্ট্ৰৰ নামত ধৰ্মীয় অৱদমনৰ ধাৰণা ঠিক নহয় বুলি কব খোজা সকলকো ৰাষ্ট্ৰ-বিৰোধী ধৰণৰ আখ্যা দিবলৈ বিচৰা হৈছে। ১৯৫০চনত ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ হিচাবে সংবিধানৰ ভিত্তিত প্ৰজাতন্ত্ৰ গঠন হোৱাৰ পাছতো এইখন হিন্দু ৰাষ্ট্ৰহে ধাৰণাক প্ৰতিষ্ঠাপিত কৰিবলৈকৈ গঠন হোৱা সাংস্কৃতিক সংঘৰ আগ্ৰাসী অনুগামীৰ দ্বাৰাই যে এনে সমালোচনা মানেই বিৰোধী বুলি মাৰ্কা মৰাৰ কছৰ আৰম্ভ হৈছে তাত কোনো সন্দেহ নাই! গঠনমূলক সমালোচনাকো গ্ৰহণ কৰিব নোৱাৰা মানসিকতাকেই ফেচিষ্ট ধৰণৰ চিন্তা বুলি আখ্যা দিয়া নহয়নে? ভুল-শুদ্ধ আঙুলিয়াই দিবলৈ আলোচনা কৰিব খোজাজনকো ব্যক্তিগত কথাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ এই পৰিৱেশেই জানো অসহিষ্ণুতাৰ উদাহৰণ দাঙি নধৰে? আনকি নিৰ্বাচনৰ পূৰ্বে দ্ৰুত বিকাশৰ বাবে বিকাশ পুৰুষক সমৰ্থন জনোৱা চিন্তাবিদ সকলেও এতিয়া সমালোচনা আগবঢ়াই বিৰোধীৰ শিবিৰৰহে বুলি মাৰ্কা মাৰি লবলৈ নিবিচৰাৰ এটা পৰিবেশ সঁচাই সৃষ্টি হোৱা নাইনে?

ৰাজদ্বীপ সৰদেশাইৰ গ্ৰন্থ '2014: The election that changed India' ত সাংবাদিকৰ দৃষ্টিত মোদীজীৰ লগতে বহু ৰাজনীতিবিদৰ ভিতৰুৱা কথা পঢ়িবলৈ পোৱা গৈছে। তাত জ্যেষ্ঠ মন্ত্ৰী অৰুণ জেটলীৰ ব্যক্তিত্বৰ এটা দিশ হিচাবে তেখেতৰ অহং (Arrogance) মনোভাৱৰ কথাও বিশেষ ভাৱে উল্লেখ কৰিছে। কোনো দিনেই প্ৰত্যক্ষ নিৰ্বাচনত নিজিকা আৰু লোকসভা নিৰ্বাচনত হাৰিয়েই পোনে পোনে তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ পোৱাৰ পাছত জেটলী ডাঙৰীয়াৰ এই অভিব্যক্তি অধিক স্পষ্ট হৈ পৰিছে বুলিও সাংসদ শত্ৰুঘ্ন সিনহাই টিভিতে প্ৰকাশ কৰিছে। আৰু এই একে অভিব্যক্তিৰেই ব্লগ যোগে নিৰ্বাচিত আৰু অনিৰ্বাচিত জনৰ ক্ষমতা আৰু দায়িত্বক লৈ তেখেতে প্ৰশ্ন তুলিছে, বঁটা ঘূৰাই দি অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি কৰিবলৈ সুযোগ দিয়া কাৰকবোৰ বিশ্লেষণ কৰি, গ্ৰহণ কৰিব লগা গঠনমূলক দিশটোকো স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি 'অসহিষ্ণুতা ক'ত' বুলি ধৃতৰাষ্ট্ৰ সাজিছে! প্ৰধানমন্ত্ৰীৰ নিৰৱতাইয়ো, সমাজৰ অহিতকাৰী দুষ্কৃতিকাৰী সকলক প্ৰেৰণাহে যোগাইছে।

বিশ্বৰ দৰবাৰত মেক ইন ইণ্ডিয়াৰে জনোৱা আহ্বান, আন্তঃগাঁথনি, উদ্যোগ, ডিজিটেল ইণ্ডিয়া আদিক বাস্তৱায়িত কৰিবলৈ, বাস্তৱতে কিন্তু এই কুটুম্ব দুস্কৃতিকাৰী সকলক লেকাম লগাবই লাগিব। এতিয়া ৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ মুৰব্বীয়ে, তেখেতে আজি যে কেৱল নিজা জীৱন গঢ় দিয়া সংঘৰ প্ৰতিনিধি নহয়, সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকৰ আশা-আকাংক্ষা অধিকাৰক সুৰক্ষিত কৰিবলৈ দায়িত্ব লোৱা সাৰ্বজনীন অভিভাৱক সেই কথাও অনুভৱ কৰিবই লাগিব। এই ঠেক গণ্ডীৰ পৰিসীমা পাৰ হৈ ভাৰতক এই দুস্কৃতিকাৰীসকলৰ  পৰা ৰক্ষা কৰিবই লাগিব। সকলোৰে অধিকাৰক সুৰক্ষিত কৰিব লাগিব। বিকাশৰ বাবে বিনিয়োগকাৰীক নিশ্চিতি দিব পৰা পৰিবেশৰ সৃষ্টি কৰিব লাগিব। এই সময়ত শক্তিশালী স্থিতি গ্ৰহণ কৰি সকলো ভাৰতীয় নাগৰিক আৰু বিশ্বৰ বিনিয়োগকাৰীক আশ্বস্ত কৰাৰ 'ৰাষ্ট্ৰধৰ্ম' পালন বাহিৰে যে কোনো উপায় নাই, সেই কথাও অনুভৱ কৰিব লাগিব। আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ যে সময় আহিল, সেয়াও নিশ্চিত!

No comments:

Post a Comment