সুখ-দুখৰ বতৰাঃ ৩০নৱেম্বৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ৩০নৱেম্বৰ

সুখ-দুখৰ বতৰাঃ ৩০নৱেম্বৰ

Share This

আজিৰ ভাল খবৰবোৰ
১. কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল গগৈৰ উদ্যোগত উদ্যোগ ব্যৱস্থাপনা বিষয়ক এখনি কৰ্মশালা ডিফু আবৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত স্পেইনৰ ডঃ মৰিয়ম বি কুৰাটল, জাপানৰ ডঃ মুনেহিক আছামিজ, ডঃ আথিকুল এইচ লস্কৰ, ডঃ এ ৰাজামণি সিং আৰু ডঃ এল এন চি সমুদ্ৰ ৰাজকুমাৰে অংশ গ্ৰহণ কৰি প্ৰাকৃতিক সম্পদৰ ভিত্তিত জীৱন-জীৱিকাৰ বাবে ন ন উদ্যম গঢ়াৰ বিষয়ত পৰামৰ্শ আগবঢ়ায়।


২. মেৰঘৰ সাহিত্য গোষ্ঠী, ছয়গাঁৱৰ উদ্যোগত যোৱা ২৮নৱেম্বৰত পাঁচখনকৈ গ্ৰন্থ উন্মোচিত হয়। যাদৱ চন্দ্ৰ শালৈৰ ‘ৰ’দে পোৰা এজাক মানুহ’ শীৰ্ষক গল্প সংকলন, ডঃ নগেন কলিতাৰ ‘কামৰূপ জিলাৰ চৰ অঞ্চলৰ কথিত অসমীয়া ভাষাঃ এটি সমাজতাত্বিক অধ্যয়ন’, ‘ভাৰতীয় সাহিত্যৰ সুবাস’ উন্মোচিত হয়। যাদৱ চন্দ্ৰ শালৈৰ কাব্যগ্ৰন্থ ‘ক’লৈ বিচাৰি যাওঁ বান্ধৈৰ ঘৰ’, ডঃ অনুপমা বৰ্মন ডেকাৰ ‘ছয়গাঁও আৰু নলবাৰীৰ কথিত অসমীয়া ভাষা’ নামৰ গ্ৰন্থখনো ডঃ গজেন্দ্ৰ অধিকাৰীয়ে উন্মোচন কৰে।


৩. উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ তথাগত কলা সাহিত্য সংস্থাই হিন্দী সাহিত্য সেৱাৰ বাবে সৃজন সন্মান প্ৰদান কৰিছে অসমৰ নাজু হাতীকাকতী আৰু ৰিতাসিং চৰজনালৈকো। ইটোৱা চহৰত দেশৰ ৪০গৰাকী কবি-সাহিত্যিকক উক্ত বঁটা প্ৰদান কৰা হয়।


৪. বিশিষ্ট চিত্ৰশিল্পী তথা চিত্ৰ নিৰ্মাতা পুলক গগৈৰ এখন চিত্ৰ প্ৰদৰ্শনী অহা ১ডিচেম্বৰৰ পৰা কাজিৰঙাস্থিত জনমভূমি হোটেল এণ্ড ৰিজৰ্টৰ অধীনৰ আয়’ৰা আৰ্ট গেলেৰীত অুষ্ঠিত হব। ৪০খনকৈ অধিক প্ৰখ্যাত চিত্ৰ ইয়াত প্ৰদৰ্শিত হব।


৫. উগ্ৰপন্থীৰ বিৰুদ্ধে ত্ৰিপুৰাৰ জনজাতীয় লোক সকলক একত্ৰিত কৰি দিয়া যুঁজৰ বাবে মাই হোম ইণ্ডিয়াই মুম্বাইত অনুষ্ঠিত এক সভাত ‘ৱান ইণ্ডিয়া এৱাৰ্ড’ প্ৰদান কৰে। উল্লেখযোগ্য যে উত্তৰ-পূৱৰ সামাজিক কাম-কাজৰ এনে নিৰৱ কৰ্মী সকলৰ বঁটাৰে সন্মানিত কৰি মাই হোম ইণ্ডিয়াই প্ৰতিবছৰে বঁটা প্ৰদান কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ উলিয়াই অনাৰ কাম কৰিছে। এক লাখ টকা সহ এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰামে।


৬. বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিক চৰ-চাপৰি সাহিত্য পৰিষদে ইছমাইল হুছেইন (জ্যেষ্ঠ)ৰ সোঁৱৰণত প্ৰৱৰ্তন কৰা ‘সম্প্ৰীতি সন্মান’ কালি দিছপুৰ প্ৰেছ ক্লাৱত প্ৰদান কৰে।


৭. কয়াকুছি প্ৰেছ গীল্ডৰ এই মাহৰ অতিথি অনুষ্ঠানত অংশ ললে বিশিষ্ট শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰই। অসম-ৰত্ন ডঃ মামণি ৰয়ছম গোস্বামীলৈ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানতে সমন্বয় সাহিত্য গোষঅঠীৰ সহযোগত ৯খনকৈ গ্ৰন্থও উন্মোচিত হয়। শিক্ষক আবুল হুছেইনে ‘জাহানাৰাৰ আত্মকাহিনী’, ‘মুখ বাগৰা মুকুতা’, ‘প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত মুছলমানৰ ইতিবৃত্ত’, ‘এখন অখ্যাত গাঁৱৰ উপকথা’, ‘চোহৰাব ৰুস্তম’, ‘হেগেল আৰু মাৰ্ক্স’, ‘ৰাহুল আৰু সিহঁত দুজন’, ‘বিশ্ব ঐতিহ্য’ আৰু ওমৰ ফাৰুক কিৱৰিয়াৰ ‘মইতো তোমোৰ প্ৰেমত পৰা নাই’ নামৰ কবিতা সংকলনখনো উন্মোচন কৰা হয়।


৮. ৰাজ্যৰ বিশিষ্ট লেখিকা তথা সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰাপক লেখিকা নিৰুপমা ফুকনক কালি যোৰহাটত জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত তেজস্বিনী সাহিত্য বঁটা প্ৰদান কৰা হয়। বিশিষ্ট লেখক, গণিতজ্ঞ ডঃ দিলীপ কুমাৰ দত্তই এই বঁটা প্ৰদান কৰে। লেখিকাৰ অসুস্থতাৰ হেতু বঁটাটো তেওঁৰ জীয়াৰী কল্পনা ফুকনে গ্ৰহণ কৰে।


৯. বিশিষ্ট কবি, লোক সংস্কৃতিৰ গৱেষক, ভাষা বিজ্ঞানী, শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা পত্ৰিকাৰ সম্পাদক নাহেন্দ্ৰ পাদুনক কালি শিৱসাগৰ নাট্যমন্দিৰত সাহিত্য সভাৰ উদ্যোগত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোতে ‘নাহেন্দ্ৰ পাদুনঃ জীৱন আৰু কৃতি’ শীৰ্ষক অভিনন্দন গ্ৰন্থখনো উন্মোচন কৰে ডঃ নগেন শইকীয়াই।


১০. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি বন কাৰ্যালয়ত জমা দি সততাৰ পৰিচয় দিয়া ১১গৰাকীকৈ বনকৰ্মীক ৰাজ্যৰ বনমন্ত্ৰীয়ে কালি দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰি পুৰস্কৃত কৰে। ২০০-৭৫০ গ্ৰাম পৰ্যন্ত ওজনৰ গঁড়ৰ খৰ্গ হাবিৰ পৰা উদ্ধাৰ কৰি তেখেত লোকে বিভিন্ন সময়ত জমা কৰিছিল। অস্থায়ী বনকৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰাৰ বাবেও প্ৰচেষ্টা হাতত লোৱা বুলিও মন্ত্ৰী এটোৱা মুণ্ডাই প্ৰকাশ কৰে।

No comments:

Post a Comment