Tuesday, November 17, 2015

পৰ্যবেক্ষণ

ৰাজনীতিৰ অদৃশ্য খেল বনাম অহিষ্ণুতা 
দীপাংকৰ মল্ল বৰুৱা
বিগত কিছুদিন ধৰি সমগ্ৰ দেশত যিটো বিষয়ে আটাইতকৈ অধিক চৰ্চা লাভ কৰিছে, সেইটো হৈছে দেশত বৰ্ধিত ‘ধৰ্মীয় অসহিষ্ণুতা’। ইতিমধ্যে দেশৰ প্ৰায় দুকুৰি কবি সাহিত্যিকে সাহিত্য অকাদেমী পুৰষ্কাৰ ওভতাই দিছে। বহুতে পদ্ম সন্মানকে ধৰি চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন সন্মান আৰু পুৰষ্কাৰ ঘূৰাই দিছে। চলচিত্ৰ নিৰ্মাতা, বিজ্ঞানী সমাজ, বুৰঞ্জীবিদ আদিয়েও বিভিন্ন পুৰষ্কাৰ ওভতাই দি দেশত গা কৰি উঠা অসহনশীলতাৰ প্ৰতিবাদ কৰিছে। ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজন, ইনফোচিচৰ প্ৰতিস্থাতা নাৰায়ণ মূৰ্তি আদিয়েও বিভিন্ন সময়ত বৰ্ধিত ধৰ্মীয় অসহিষ্ণুতাৰ বাবে দেশৰ প্ৰগতি আৰু একতা বিপদাপন্ন হোৱা বুলি মন্তব্য কৰিছে। আন্তৰ্জাতিৰ ৰেটিং সংস্থা মুদিয়ে সকীয়াই দিছে যে এনে পৰিস্থিতি অব্যাহত থাকিলে ভাৰতৰ অৰ্থনৈতিক প্ৰগতি লেহেমীয়া হৈ পৰিব আৰু ভাৰতৰ ৰেটিং অৱনমিত হ’ব। সংবাদ মাধ্যমত এই বিষয়টোক লৈ তোলপাৰ লাগিছে। সাধাৰণ মানুহৰো এনে অনুভৱ হৈছে যেন ভাৰত অচিৰেই এখন ধৰ্মীয় মৌলবাদী ৰাষ্ট্ৰ হৈ পৰিব।


উত্তৰ প্ৰদেশৰ দাদ্ৰিত গো মাংস খোৱাৰ সন্দেহত মহম্মদ ইখলাক নামৰ এজন ব্যক্তি এদল উন্মত্ত জনতাৰ আক্ৰমণত নিহত হৈছিল। সেইদৰে কৰ্ণাটকত এজন যুক্তিবাদী লেখক এম এম কালবুৰ্গিক অচিনাক্ত বন্দুকধাৰীয়ে ঘৰতে হত্যা কৰিছিল। নি:সন্দেহে দুয়োটা ঘটনাই অন্তত: দুখজনক আৰু দেশৰ বাবে লজ্জাজনক। মন কৰিবলগীয়া কথা এয়ে যে এই দুটা মাত্ৰ ঘটনাই সমগ্ৰ দেশতে চৰম উত্তেজনা আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় প্ৰতিদিনেই বিদ্যুতিন আৰু ছপা মাধ্যমত দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিপন্ন হোৱা বুলি বাতৰি প্ৰচাৰ হৈছে। ধৰ্মীয় অসহনশীলতা, সংখ্যালঘুৰ ওপৰত সংখ্যাগুৰুৰ আক্ৰমণৰ কলীয়া ডাৱৰে যেন হঠাতে চৌদিশ আগুৰি ধৰিছে। দেশৰ ধৰ্ম নিৰপেক্ষতা সংকটত পৰা বুলি চাৰিওপিনে বিপদঘণ্টা বাজি উঠিছে। এচাম কট্টৰপন্থী হিন্দুৱে মুছলমান সকলক ভয় দেখুৱাই, মুছলমান সকলৰ ওপৰত অত্যাচাৰ উত্পীড়ন কৰি ভাৰতক এখন হিন্দু ৰাষ্ট্ৰৰ ৰূপ দিবলৈ প্ৰয়াস কৰা বুলি বাতৰি প্ৰচাৰ হৈছে। ভাজপা আৰু সহযোগী দল সমূহৰ কিছুমান আজৱ কাণ্ড কাৰখানা আৰু বিভিন্ন নেতাৰ কিছুমান দ্বায়িত্ব জ্ঞানহীন মন্তব্যই পৰিস্থিতি আৰু জটিল কৰি তুলিছে। শিল্পী - সাহিত্যিক, বিজ্ঞানী, বুৰঞ্জীবিদ আদি সকলোৰে প্ৰায় একগোট হৈ কৰা এনে প্ৰতিবাদ হয়তো স্বাধীন ভাৰতৰ ইতিহাসতে বিৰল। আন এটা মন কৰিবলগীয়া কথা হ’ল যে দেশৰ বৰ্ধিত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ বাবে মূলত: জগৰীয়া কৰা হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু চৰকাৰৰ নেতৃত্বত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আইন শৃংখলাৰ বিষয়টো ৰাজ্য চৰকাৰৰ অধীনৰ হ’লেও উপৰোক্ত ঘটনা দুটাৰ বাবে কোনেও উত্তৰ প্ৰদেশ বা কৰ্ণাটকৰ ৰাজ্য চৰকাৰক দোষাৰোপ কৰা নাই। নৰেন্দ্ৰ মোদীৰ ডেৰ বছৰ শাসন কালতে ভাৰতত সাম্প্ৰদায়িক পৰিস্থিতিৰযে দ্ৰুত অৱনতি ঘটিছে সেই কথাকে যেন এচাম বুদ্ধিজীৱিয়ে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছে।


উল্লেখ্য যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন শাসনত অধিস্থিত হোৱাৰ আগতেই আৰম্ভ হৈছিল মোদীৰ বিৰুদ্ধে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টিৰ অভিযোগ। এটা মহলে ভৱিষ্যত বাণী কৰিছিল যে ভাৰতত ভাজপাৰ চৰকাৰ গঠন হ’লে মুছলমান সকলৰ অস্তিত্ব বিপদাপন্ন হ’ব আৰু দেশত এটাৰ পিছত এটাকৈ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হ’ব। শ্বাহৰুখ খানে মন্তব্য কৰিছিল যে মোদী প্ৰধানমন্ত্ৰী হ’লে তেওঁ ভাৰত এৰি গুচি যাব। মমতা বেনাৰ্জীয়ে তেওঁক মুছলমানৰ কচাই বুলি অভিহিত কৰিছিল। ছোনিয়া গান্ধীয়ে কৈছিল, মোদী হ’ল মৃত্যুৰ সদাগৰ। ভাৰতীয় জনতা পাৰ্টীক সাম্প্ৰদায়িক দল আখ্যা দি ‘ধৰ্ম নিৰপেক্ষ’ শিবিৰে ২০০২ চনত গোধৰাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কলংক জাপি দিছিল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ ওপৰত।


এইখিনিতে প্ৰশ্ন হয়, মোদী চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা দেশত সঁচাকৈয়ে সাধাৰণ মানুহৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি অভাৱনীয় ভাবে অৱনমিত হৈ পৰিছে নেকি? দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ সঁচাকৈয়ে সৃষ্টি হৈছে নে এনে পৰিৱেশ সৃষ্টি কৰিবলৈ কোনোবা অপশক্তিয়ে অহৰহ চেষ্টা কৰি আছে? উল্লেখ্য যে, বিভিন্ন কাৰণত স্বাধীনতাৰ পিছত এইখন দেশত কেইবাবাৰো ভয়াবহ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। হেজাৰ হেজাৰ মানুহ নিহত হৈছে। আগতেও সাহসিকতাৰে নিজৰ মত ডাঙি ধৰাৰ বাবে সাংবাদিক, লেখকক নিৰ্মম ভাৱে হত্যা কৰা হৈছে। গো-হত্যাক কেন্দ্ৰ কৰি আগতেও বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে। কিন্তু কোনোকালেই দেশত শিল্পী সাহিত্যিক বিজ্ঞানী বুদ্ধিজীৱিয়ে এনেদৰে জাঙুৰ খাই উঠা নাছিল। কোনোকালেই দেশৰ সংবাদ মাধ্যমে ধৰ্মীয় অসহিষ্ণুতাৰ বিষয়ত এনে সবল প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।


বিখ্যাত সাংবাদিক তভলীন সিঙে ২০১২ চনৰ ৩০ ডিচেম্বৰত “Delhi ‘intellectuals’ fear coming of no-nonsense Modi” শিৰোনামৰ এটা প্ৰৱন্ধত লিখিছিল যে ভাৰতত দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীৰ বুদ্ধিজীৱিক সদায় প্ৰশ্ৰয় দি আহিছে। এই সকল লোকে চৰকাৰৰ আশীষধন্য হৈ ৰাজ্যসভাৰ টিকট, পদ্মশ্ৰী সন্মান, বিভিন্ন পুৰষ্কাৰ আদিৰে বিভুষিত হৈ আহিছে। এনে কংগ্ৰেছ অনুগত ‘চৰকাৰী বুদ্ধিজীৱি’ সকলে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সাংস্কৃতিক আৰু সামাজিক সংস্থা সমূহৰ মুৰব্বী হোৱাৰো সুযোগ পায় আৰু দিল্লীত চৰকাৰী সা সুবিধা, গাড়ী ঘৰৰ অধিকাৰী হয়। এনে সুবিধা লাভ কৰিবলৈ সমৰ্থ নোহোৱা সকলকো গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্য প্ৰদৰ্শনৰ বাবদ আন উপায়েৰেও পুৰষ্কৃত কৰা হৈ আহিছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ লোৱাৰ লগে লগে বহুদিনৰ সান্দহ খোৱা বালি তল যাব বুলি শংকিত হৈ পৰিছিল এই সকল কংগ্ৰেছ ভক্ত বুদ্ধিজীৱি। সেইবাবে এনে এচাম লোকৰ প্ৰৰোচনাত আৰম্ভ হৈছিল এগৰাকী হিংসুক, সাম্প্ৰদায়িক ভাৱাপন্ন, দানৱীয় চৰিত্ৰৰ নেতা হিচাপে নৰেন্দ্ৰ মোদীৰ প্ৰতিচ্ছবি গঢ়াৰ প্ৰচেষ্টা। সেইচাম লোকে নিবিচাৰে যে নৰেন্দ্ৰ মোদী দীৰ্ঘ সময় জুৰি দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকক। মন কৰিবলগীয়া কথা হ’ল যে এই প্ৰৱন্ধটো ভাজপা নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ বহু আগতেই লিখা হৈছিল।


তভলীন সিঙৰ এই প্ৰৱন্ধটোৱে সাধাৰণতে মানুহৰ চকুত ধৰা নপৰা দিশ এটা উদ্ঘাটন কৰিছে। এটা মহলত প্ৰশ্ন উত্থাপিত হৈছে, দেশৰ বৰ্ধিত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ বাবে হোৱা অভূতপূৰ্ব প্ৰতিবাদৰ আঁৰত ন্যস্ত স্বাৰ্থজড়িত এচাম বুদ্ধিজীৱিৰ হাত আছে নেকি? নৰেন্দ্ৰ মোদীৰ শাসনত পূৰ্বৰ দৰে চৰকাৰী অনুগ্ৰহ হেৰুওৱা বা হেৰুৱাবলৈ আৰম্ভ কৰা এচাম ‘ধৰ্ম নিৰপেক্ষ’ আৰু ‘বামপন্থী’ৰ লেবেল মৰা বুদ্ধিজীৱিয়ে সুপৰিকল্পিত ভাৱে এনে আক্ৰমণৰ সূচনা কৰিছে বুলিও অভিযোগ উঠিছে। বঁটা ওভতাই দিয়া কেইবাজনো সাহিত্যিক পূৰ্বৰ কংগ্ৰেছ শাসনৰ আশীষধন্য আছিল বুলি জানিব পৰা গৈছে। মোদী চৰকাৰক দীৰ্ঘদিন শাসনত থকাটো নিবিচৰা শক্তি সমূহে একগোট হৈ চৰকাৰখনক ক্ষমতাচ্যুত কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু শেহতীয়াকৈ পুৰষ্কাৰ ঘূৰাই দিয়াৰ নাটকেৰে ‘আপোনাৰ নাক কাটি হ’লেও সতিনীৰ যাত্ৰা ভংগ’ৰ প্ৰয়াস কৰা বুলি এটা মহলত চৰ্চা হৈছে। বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে এই প্ৰতিবাদক Manufactured revolt বা ‘সৃষ্টি কৰা প্ৰতিবাদ’ বুলি অভিহিত কৰিছে। কিন্তু এই কথাও সঁচা যে সকলো প্ৰতিবাদী সাহিত্যিকৰ কাৰ্যক একেধৰণে সৰলীকৰণ কৰিব নোৱাৰি। কিছুসংখ্যক সাহিত্যিক বুদ্ধিজীৱিয়ে চৰকাৰৰ কাম কাজত বিতুষ্ট হৈ নিজৰ বিবেচনাৰে প্ৰতিবাদমুখৰ হৈছে।

ভাৰতত বৰ্ধিত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ বিৰোধিতা কৰি সমূহীয়াকৈ বঁটা ঘূৰাই দি প্ৰতিবাদ কৰা কবি সাহিত্যিক, বুদ্ধিজীৱি সকলৰ ‘ধৰ্ম নিৰপেক্ষ’ বা ‘উদাৰবাদী’ স্থিতিক লৈও প্ৰশ্ন উঠিছে। কেৰালাত ইছলামিক জেহাদীয়ে অধ্যাপক টি জে জোছেফৰ দুয়োখন হাত নৃশংস ভাৱে কাটি পেলোৱা ঘটনাটোৰ বাবে বুদ্ধিজীৱি সকল প্ৰতিবাদমুখৰ হোৱা নাই। বাংলাদেশত মৌলবাদীৰ আক্ৰমণত কেইবাজনো ধৰ্ম নিৰপেক্ষ লেখক তথা ব্লগাৰৰ মৃত্যুৱেও তেওঁলোকক বিচলিত কৰিব পৰা নাই। পশ্চিমবংগৰ কিছুমান অঞ্চলত মৌলবাদী শক্তিৰ ধমকিত দুৰ্গাপূজা নিষিদ্ধ কৰা ঘটনাৰো কোনো প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। পূৰ্বতে কাশ্মীৰি পণ্ডিত সকলক কাশ্মীৰৰ পৰা নিৰ্বাসিত কৰাৰ সময়ত, তছলিমা নাছৰিণ বা ছালমান ৰুশ্বদিক মুকলিকৈ প্ৰাণনাশৰ ভাবুকি দিয়াৰ সময়ত, ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতে দিল্লীত হোৱা শিখ নিধনৰ সময়ত বুদ্ধিজীৱি সকলে কিয় এনেদৰে প্ৰতিবাদ কৰা নাছিল সেই বিষয়তো প্ৰশ্ন উত্থাপিত হৈছে। আনহাতে এচাম বামপন্থী হিন্দু বুদ্ধিজীৱিয়ে তেওঁলোকৰ ‘ধৰ্ম নিৰপেক্ষতা’ৰ প্ৰমাণ দিবলৈ ৰাজহুৱা ভাৱে গো মাংস সেৱন কৰাৰ দৰে নিৰ্লজ কাৰ্যও সংঘটিত কৰিছে।

দাদ্ৰিৰ ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতি আৰু গো মাংসকলৈ সমগ্ৰ দেশতে সৃষ্টি হোৱা বিতৰ্কৰ আঁৰত ৰাজনীতি নিহিত হৈ থকাৰ কথা সহজেই অনুমান কৰিব পাৰি। শেহতীয়া বিহাৰৰ বিধানসভা নিৰ্বাচনত চৰকাৰ আৰু বিৰোধী দুয়োপক্ষই এই ঘটনাটোৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ কৰা প্ৰয়াসৰ বাবে দেশত অনাহকত সন্দেহ আৰু অসহনশীলতাৰ পৰিৱেশ সৃষ্টি হৈছে। দাদ্ৰিৰ ঘটনাটোক যিদৰে এচাম লোকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, ঠিক সেইদৰে শাসনাধিস্থ ভাজপা আৰু সহযোগী দলসমূহে এই ঘটনাটোক কেন্দ্ৰ কৰি ধৰ্মীয় মেৰুবিভাজনৰ ৰাজনীতি কৰিছে। অতি পৰিতাপৰ কথা যে এতিয়াও দেশত কেৱল ভোটৰ লালসাত সাধাৰণ মানুহক উত্তেজিত কৰা সাম্প্ৰদায়িক ৰাজনীতি চলি আছে। প্ৰতিটো নিৰ্বাচনৰ সময়ত এনেদৰে ধৰ্মীয় উত্তেজনা সৃষ্টি কৰা হয় আৰু এনে ধৰ্মীয় মেৰুকৰণৰ পৰা দুয়ো পক্ষই উপকৃত হয়। দিল্লী বিধানসভাৰ নিৰ্বাচনৰ সময়ত গিৰ্জাঘৰ সমূহত হোৱা আক্ৰমণ তেনে আন এটা উদাহৰণ। বিহাৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই দাদ্ৰি আৰু গো-মাংসক লৈ সৃষ্টি হোৱা অস্বস্তিকৰ পৰিৱেশৰ সামৰণি পৰিব বুলি আশা কৰিব পাৰি।


যি কাৰণতে নহওক কিয়, ৰাজনৈতিক কাৰণত সাম্প্ৰদাতিকতাৰ বিষবাষ্প বিয়পাই মানুহক বিভাজিত কৰাৰ এই নিৰ্লজ প্ৰক্ৰিয়া দেশত অচিৰেই বন্ধ হ’ব লাগে। এই ক্ষেত্ৰত দেশৰ নাগৰিক আৰু চৰকাৰ উভয়ৰে দায়িত্ব আছে। সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টিৰ যিকোনো প্ৰয়াস কঠোৰ হাতেৰে দমন কৰাটো চৰকাৰৰ কৰ্তব্য। সেইদৰে নাগৰিক তথা বুদ্ধিজীৱি সকলেও দুৰ্ভাগ্যজনক ঘটনা এটাকে সাৰ পানী দি জীয়াই ৰাখি দেশত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাতকৈ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

দেশৰ মানুহে নৰেন্দ্ৰ মোদী চৰকাৰ বিপুল ভোটেৰে শাসনত অধিস্থিত কৰিছিল দুৰ্নীতি নিবাৰণ আৰু সৰ্বাঙ্গীন উন্নয়নৰ বাবে। নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিকাশ পুৰুষৰ প্ৰতিচ্ছবি অৱনমিত হ’বলৈ দিয়াটো উচিত নহয়। দায়িত্বজ্ঞানহীন মন্তব্য দি উত্তেজনা সৃষ্টি কৰা ভাজপা আৰু সহযোগী দলৰ নেতা, পালিনেতা সকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰা উচিত। দেশৰ বৰ্ধিত ‘ধৰ্মীয় অসহিষ্ণুতা’ৰ ঘটনা সমুহলৈ পিঠি দি মৌন হৈ থকাটো এজন শক্তিশালী, উন্নয়ন প্ৰয়াসী প্ৰধানমন্ত্ৰীৰ চৰিত্ৰ হ’ব নোৱাৰে। সেইদৰে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে চৰকাৰৰ বিৰোধিতা কৰি দেশৰ প্ৰতিচ্ছবি ম্লান কৰাটো বুদ্ধিজীৱিৰ চৰিত্ৰ নহয়। বিহাৰ নিৰ্বাচনকেন্দ্ৰিক অদৃশ্য ৰাজনীতিৰ অশুভ ছাঁ আঁতৰিলে সকলো থান থিত লাগিব বুলি আশা কৰিব পাৰি।

No comments:

Post a Comment