Sunday, November 22, 2015

মনৰ কথা


কৃষক মুক্তিঃ বিশাল পদযাত্ৰা আৰু প্ৰশ্ন 
ভৱেন সন্দিকৈ
এক
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পদযাত্ৰাৰ কথা আহিলো। অলপ আত্মপ্ৰচাৰ কৰা হলেও কওঁঃ কৃষক মুক্তি আৰু ইয়াৰ পদযাত্ৰাৰ প্ৰতি মোৰ এটা এৰাব নোৱাৰা টান আছে। বহুতেই এই টানক আবেগিক আৰু কল্পনাপ্ৰসূত বুলি টিটকাৰি মাৰিব, ৰাজনৈতিক গোন্ধ পাব; তথাপি দুষাৰমান মনৰ কথা আপোনালোকৰ জ্ঞাতাৰ্থে লিখিলো।

দুই
২০০৫চন। তেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হোৱা নাই। গুৱাহাটীৰ পৰা গোলাঘাটৰ দৈয়াঙলৈ হৈছিল এক দীঘলীয়া পদযাত্ৰা। এই পদযাত্ৰাত খোজ কঢ়ি বহুত কিবা কৰিছো বুলি দাবী নকৰো। কিন্তু আমৰ সীমিত সামৰ্থৰে সতীৰ্থ পদযাত্ৰীৰ প্ৰতি কৰিব পৰা সকলো কৰিছো। সেয়ে এই পদযাত্ৰাটোত জনতাৰ সঁহাৰি ওচৰৰ পৰা দেখিলো।তাৰ পাছত ২০০৯ত আকৌ আৰম্ভ হ'ল এক ঐতিহাসিক পদযাত্ৰা। এই পদযাত্ৰা প্ৰথমবাৰৰ তুলনাত বেলেগ আছিল।কাৰণ এই পদযাত্ৰা ৰাষ্ট্ৰীয় ঘাইপথ অথবা মূল পথৰ নাছিল। এই পদযাত্ৰাই সামৰি লব খোজা হৈছিল অসমৰ প্ৰতিখন গাঁও-ভূঁই। জিলাৰ এটা প্ৰান্তৰ পৰা আৰম্ভ কৰি উক্ত আৰম্ভ কৰা কেন্দ্ৰবিন্দুৰ অন্তৰ্ভুক্ত মহকুমাটোৰ প্ৰতিখন গাঁও-ভূঞে সভা-সমিতি পাতি জনগণৰ সমস্যাৰ বুজ লোৱা আৰু প্ৰতিগৰাকী পদযাত্ৰীৰ নখদৰ্পনলৈ অহা সমস্যাসমূহ লৈ জনগণক সংগঠিত কৰি প্ৰাৰম্ভিক পৰ্যায়ত মহকুমা সদৰ ঘেৰাও কৰি প্ৰশাসনক সমস্যা সমূহ সামাধানৰ দাবী জনোৱা হয়।

এনেদৰে জিলাখনৰ অন্তৰ্গত মহকুমা ঘেৰাওৰ অন্তত জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি জিলাখনৰ মূল সমস্যাৰাজিৰ সমাধানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান আৰু লিখিত প্ৰতিশ্ৰুতি আদায় কৰা হয়। বিভিন্ন কাৰণত এই পদযাত্ৰা প্ৰত্যাহ্বানজনক আছিল যদিও সংগঠন গঢ়া আৰু জনগণৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপনত এই পদযাত্ৰাৰ অপৰিসীম ভূমিকা আছিল। একেদৰে সংগঠনৰ কেদাৰ,বক্তা সৃষ্টি কৰাৰ লগতে ৰাজ্যৰ সমস্যা-সম্পদ আদিৰ তথ্য সংগ্ৰহৰ আটাইতকৈ প্ৰায়োগিক পদক্ষেপ আছিল সেই ঐতিহাসিক পদযাত্ৰা।

মধ্যবিত্তীয় ব্যক্তিগত জীৱনৰ কিছু দুৰ্বলতা আৰু অন্যান্য কাৰণত শদিয়াৰ পৰা আৰম্ভ হোৱা উক্ত পদযাত্ৰাত সকলো সময়তে নাছিলো যদিও শদিয়া,নাহৰকটীয়া আৰু ডিব্ৰুগড়ৰ লেজাই-কলাখোৱা কিছু অঞ্চলৰ উপৰিও গৃহ জিলা লখিমপুৰ-ধেমাজিত মোটামোটি খোজ কঢ়িছো। এই পদযাত্ৰাৰ বিচিত্ৰ অভিজ্ঞতাই জনগণৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে আমাক অনেক সমৃদ্ধ কৰিছে। একেদৰে দুখজনক ঘটনাও সন্মুখীন হলো উক্ত পদযাত্ৰাৰ দিনবোৰতে। আমাৰ পতি-পত্নীৰ বৈষয়িক লোভ-মোহ কম যদিও দেউতাৰ অৱসৰৰ পইছা কেইটাৰে পত্নীক দিয়া সোণৰ যি অলপ গহণা-গাথৰি আছিল(আজিৰ হিচাপত লাখ টকা) তাকো মোৰ অনুপস্থিতিৰ সুযোগ লৈ উধাও হৈছিল চোৰে। সাংগঠনিক দ্বায়িত্বৰ খাতিৰত সিদিনা গৃহ জিলাৰ পদযাত্ৰা সামৰি দলটোক কজিৰঙাত থবলৈ নগৈ গুৱাহাটীলৈ ৰাওনা হ'লেই চোৰৰ পৰা ৰক্ষা পৰিল হয় ঘৰখন। অৱশ্যে ইয়াক আমাৰ কোনো আক্ষেপ নাই যদিও দেউতাই আজিও খং উঠিলে এই কথাটো লৈ এজাউৰি দিবলৈ নেপাহৰে।


তিনি
অন্ধ্ৰৰ মুখ্যমন্ত্ৰী ৰেড্ডিৰ মৃত্যু হৈছিল হেলিকপ্তাৰ দুৰ্ঘটনাত। তেখেতৰ মৃত্যু শোকত ১৬৯ জনে আত্মহত্যা কৰিলে। ভাৰত বৰ্ষ বহু মহান পুৰুষৰ পুণ্যতৃৰ্থ যদিও কাৰো মৃত্যু শোকত এজনো লোকে চুইছাইদ কৰা কথা শুনা নাছিলো। সেয়ে তেখেতৰ সম্পৰ্কে পঢ়ি গম পালো যে সাধাৰণ কেৰাণী চাকৰিৰ পৰা মুখ্যমন্ত্ৰী হোৱা আৰু ঈৰ্ষণীয় জনপ্ৰিয়তা-জনগণৰ বুকুৰ কুটূম হোৱাৰ আঁৰত আছিল তেখেতৰ ৰাজনৈতিক কেৰিয়াৰৰ দীঘলীয়া সময়ৰ পদযাত্ৰাই সমৃদ্ধ কৰা জীৱনৰ অভিজ্ঞতা। একেদৰে লোকনায়ক জয়প্ৰকাশ নাৰায়নকে আদি কৰি অধিকাংশ জননেতাৰে ৰাজনৈতিক জীৱনৰ টাৰ্নিং পইন্ট পদযাত্ৰা। এই কথাখিনি আমি সেইসময়ৰ আমাৰ নেতৃত্বক কোৱাৰ পাছতে দ্বিতীয়বাৰৰ বাবে আৰম্ভ হৈছিল সেই ঐতিহাসিক পদযাত্ৰা। ছখন জিলা সমাপ্ত কৰি পদযাত্ৰাটি ৰৈ গল যদিও আজিও নষ্টালজিক হ্ওঁ পদযাত্ৰা বুলিলে। সেয়ে আজিও হাজিৰ হলোহি এই পদযাত্ৰাত।

চাৰি
অলপ ফিতাহি মাৰিয়েই কওঁ যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহুকেইটা পদযাত্ৰাৰ জীৱন্ত সাক্ষী মই।কিন্তু আজি পদযাত্ৰাত হাজাৰ হাজাৰ জনতাৰ অংশ গ্ৰহণ আৰু আদৰণি জনাবলৈ পথৰ দাঁতিত ৰৈ থকা ৰাইজক দেখি মই অভিভূত হলো। একেলগে চিন্তিত হলো জনগণৰ এই আশা-আকাংক্ষাৰ কথা ভাবি। প্ৰচলিত ৰাজনৈতিক দল সমূহৰ প্ৰবঞ্চনা-অবহেলাত অতিষ্ঠ হৈ ক্ষোভ উজাৰিবলৈ ৰাইজ হিলদল ভাঙি একত্ৰিত হৈছে এই যাত্ৰাত। প্ৰচলিত ব্যৱস্থাটোৰ আটাইতকৈ বেছি বলি হোৱাৰ পাছতো এই সাধাৰণ লোকসকলে পুনৰ সপোন দেখিছে এক বিশ্বাসযোগ্য নেতৃত্বৰ। কিন্তু এই বিশ্বাস কিমান দিন থাকিব আৰু ইয়াক কেনেকৈ জীপাল কৰি ৰাখিব, সি আজি হেজাৰ টকীয়া প্ৰশ্ন। গাহৰিৰ গঁড়াল বুলি কোনোবাই তুলনা কৰিলেও প্ৰচলিত ব্যৱস্থাটোত এই মানুহখিনিৰ শেষ সপোন মাটিৰ পট্টাকণো কিন্তু প্ৰদান কৰিব লাগিব বিধানসভাৰ সিদ্ধান্ত মৰ্মেহে। পদযাত্ৰা ৰাজনৈতিক হেঁচা সৃষ্টিৰ বাবে জনমত গঠনৰ নিশ্চয়কৈ এটা আহিলাহে, শেষ কথা নহয়। বৰ্তমানৰ চৰকাৰখনৰ চাল ডাঠ মনোবৃত্তিক সলাবলৈ এই যাত্ৰাৰ পৰা আহৰিত শক্তিৰে কি দৰে কৌশলগত ভাৱে কোনো কাৰ্যকৰী পন্থা উদ্ভাৱন কৰে সংগ্ৰাম সমিতিৰ নেতৃত্বই, সেই কথাও হব অতিকৈ লক্ষণীয়। 

No comments:

Post a Comment