Wednesday, November 25, 2015

সাম্প্ৰতিক প্ৰসংগ

হিন্দুস্তান হিন্দু সকলৰ বাবেহে নেকি? 
দীপাংকৰ মল্ল বৰুৱা
অসমৰ মহামান্য ৰাজ্যপাল পি বি আচাৰ্যই অলপতে কৰা এটা মন্তব্যই চৌদিশে তোলপাৰ লগাইছে। তেওঁ মন্তব্য কৰিছিল, “হিন্দুস্তান হিন্দু সকলৰ বাবে”। পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু সকলক ভাৰতত স্থাপন কৰাৰ বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যপালজনে কৈছিল যে ধৰ্মীয় কাৰণত নিৰ্যাতিত হোৱা হিন্দু সকলক হিন্দুস্তান বা ভাৰতত সুৰক্ষা দিবই লাগিব। এই প্ৰসংগতেই তেওঁ এই বিতৰ্কিত মন্তব্যটো কৰিছিল।

আমি ইতিহাসৰ পাতলৈ দৃষ্টি নিক্ষেপ কৰিলে জানিব পাৰোঁ যে আজিৰ সময়ত যিটো ধৰ্মীয় বিশ্বাসক ‘হিন্দু’ বুলি জনা যায়, সেই বিশ্বাসৰ কোনো ধৰ্মগ্ৰন্থতে হিন্দু শব্দৰ উল্লেখ নাই। আজিৰ পৰা প্ৰায় আঠ হাজাৰ বছৰ আগতে, যেতিয়া পৃথিৱীৰ সৰহভাগ অঞ্চল সভ্যতাৰ পৰশৰ পৰা বহুদূৰত অৱস্থান কৰিছিল, সিন্ধু নদীৰ উপত্যকাত স্বকীয় ধৰ্ম বিশ্বাস, সংস্কৃতি আৰু ৰীতি নীতিৰে এক অতি উন্নত সভ্যতা গঢ়ি উঠিছিল। আৰৱ প্ৰৱজনকাৰী সকলে ‘সিন্ধু’ শব্দটো উচ্চৰণ কৰিব নোৱাৰি সিন্ধু নদীৰ পাৰত বসবাস কৰা লোকসকলক ‘হিন্দু’ বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰাই বিদেশৰ পৰা অহা লোক সকলে এই সিন্ধু নদীৰ উপত্যকাত গঢ়ি উঠা সভ্যতাৰ লোকসকলক হিন্দু বুলি ক’বলৈ ল’লে আৰু হিন্দু সকল বসবাস কৰা এই ভূমিখণ্ডৰ নাম হিন্দুস্তান বুলি পৰিচিত হ’ল। ঐতিহাসিক ভাৱে চাবলৈ গ’লে “হিন্দু” শব্দটোৱে এক বিশেষ ভৌগলিক এলেকাত বসবাস কৰা এচাম লোকক বুজাইছিল আৰু ধৰ্মীয় বিশ্বাসতকৈ সেই লোক সকলৰ বিশিষ্ট্য সামাজিক আৰু সাংস্কৃতিক সাদৃশ্যহে প্ৰতিফলিত কৰিছিল।

আজিও ভাৰত বা হিন্দুস্তান নামেৰে জনাজাত এই ভূমিখণ্ডত যি সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য দৃষ্টিগোচৰ হয়, সেয়া সিন্ধু নদীৰ উপত্যকাত গঢ়ি উঠা সেই ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰে পৰিবৰ্তিত ৰূপ। পিছলৈ বিদেশৰ পৰা নানান ধৰ্মৰ, নানান জাতিৰ লোক হিন্দুস্তানলৈ আহিছে। সেই সকলেও ভাৰতীয় সংস্কৃতিক নিজৰ নিজৰ উপাদানেৰে সমৃদ্ধ কৰি এই সংস্কৃতিতেই জাহ গৈছে। সেয়েহে ভাৰতত বাস কৰা আৰু ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিজন ভাৰতীয়ই প্ৰাচীন ‘হিন্দু’ সংস্কৃতিৰ উত্তৰাধিকাৰী বুলি ক’ব পৰা যায়। বৰ্তমান যি ধৰ্মীয় বিশ্বাস ‘হিন্দু’ নামেৰে পৰিচিত সেয়া আদিতে সনাতন ধৰ্ম বুলিহে জনাজাত আছিল। এই ধৰ্মৰ কোনো প্ৰৱৰ্তক নাই, কোনো প্ৰচাৰক নাই, কোনো নিৰ্দিষ্ট ধৰ্মগ্ৰন্থ নাই। সনাতন শব্দটো সংস্কৃত মূলৰ আৰু ইয়াৰ অৰ্থ হ’ল যাৰ কোনো আদি বা অন্ত নাই। সংস্কৃতত ধৰ্ম শব্দটো ‘ধৃ’ ধাতুৰ পৰা উত্পন্ন হৈছে, যাৰ অৰ্থ হৈছে ধাৰণ কৰা বা সকলোকে একত্ৰিত কৰা। প্ৰাকৃতিক শক্তি সমূহৰ পূজাৰে আৰম্ভ হোৱা এই ধৰ্মীয় বিশ্বাস কেৱল ঈশ্বৰৰ আৰাধনা কৰাতেই সীমাবদ্ধ নহয়, বৰং জীৱন, আত্মা, পৰমাত্মা, মায়া, মুক্তি আদিক সাঙুৰি ধৰ্মক এক বিহংগম দৃষ্টিত মানুহৰ আধ্যাত্মিক প্ৰয়োজন পূৰণ কৰাৰ উপায় হিচাপে গ্ৰহণ কৰা হয়। বেদ আৰু উপনিষদ সমূহত পূৰ্বৰ নানান দেৱ দেৱীৰ স্থানত এজন সৰ্ব শক্তিমান সৃষ্টিকৰ্তাৰ অস্তিত্ব মানি লোৱা হৈছিল। সেইদৰে ৩৩ কোটি আন দেৱ দেৱীৰ উপস্থিতিও স্বীকাৰ কৰি লোৱা হৈছিল। সনাতন ধৰ্মত বিশ্বাস কৰা হয় যে, “একম সত্য, বিপ্ৰ বহুদা বদন্তি:”। অৰ্থাৎ সত্য বা ঈশ্বৰ এজনেই। কিন্তু তেওঁৰ ওচৰলৈ যোৱা পথ ভিন ভিন। সেয়েহে এই ধৰ্মত ভক্ত অনুসৰি ভগবান ধাৰণাটো মানি লোৱা হয়।

যিদৰে ছাত্ৰ ছাত্ৰীৰ বাবে সৰস্বতী ভগবান, সেইদৰে গৃহিনীৰ বাবে লক্ষ্মী ভগবান। বনুৱাৰ বাবে যিদৰে বিশ্বকৰ্মা ভগবান, সেইদৰে পালোৱানৰ বাবে হনুমান ভগবান। অৰ্থাৎ ভিন ভিন ধৰণে ভক্তই ভগবানক আৰাধনা কৰাটো সনাতন হিন্দু ধৰ্মৰ এক বৈশিষ্ট। ৩৩ কোটি দেৱ দেৱীৰ অৰ্থও হ’ল ৩৩ কোটি বিভিন্ন ধৰণে ঈশ্বৰৰ আৰাধনা কৰিব পাৰি, কিন্তু সেই আৰাধনা একেজন ঈশ্বৰৰ ওচৰলৈ যায়। সনাতন ধৰ্মত বিশ্বাস কৰা হয় যে এই জগতৰ সকলো জীৱ জন্তু, চৰাই চিৰিকতি, গছ বিৰিখতে ঈশ্বৰ বিয়পি আছে। “য’ত জীৱ, ত’ত শিৱ”, অৰ্থাৎ জীৱৰ শৰীৰত বাস কৰা আত্মা আৰু পৰম ব্ৰহ্ম বা ঈশ্বৰক অদ্বৈত বা একে বুলি বিশ্বাস কৰা হয়। সেয়েহে সনাতন হিন্দু ধৰ্মত কেতিয়াও মানুহক ধৰ্মীয় বিশ্বাস অনুসৰি ভেদভাৱ কৰিবলৈ শিকোৱা নাই। কোনো কোনো ধৰ্মীয় বিশ্বাসত থকাৰ দৰে ধৰ্মৰ প্ৰতি ‘অবিশ্বাসী’ বা ‘প্ৰৱঞ্চক’ৰ ধাৰণা সনাতন হিন্দু ধৰ্মত নাই। আনকি ঈশ্বৰ বিশ্বাস নকৰা জনকো হিন্দু বুলি আকোঁৱালি লোৱাত কোনো বাধা নাই, কাৰণ তেওঁৰ মাজতো ঈশ্বৰৰ উপস্থিতি থাকে। সেইদৰে প্ৰচলিত ধৰ্মীয় বিশ্বাসক সমালোচনা কৰা বা ধৰ্মীয় শিকনিৰ ওপৰত তৰ্কযুদ্ধ কৰাৰো পূৰ্ণ অধিকাৰ এই ধৰ্মীয় বিশ্বাসত আছে। এনে গণতান্ত্ৰিক অধিকাৰৰ কথা আন ধৰ্মত ভাবিবই নোৱাৰি।

সনাতন হিন্দু ধৰ্মত সকলো মানুহকে স্ব-ধৰ্মত আন্তৰিকতাৰে আৰু কায়মনোবাক্যে অবিচলিত হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্য কথাত, সনাতন ধৰ্মই সকলো ধৰ্মকে সন্মান দিয়ে, সকলো মতবাদকে শ্ৰদ্ধা কৰে, ঈশ্বৰৰ বিভিন্ন ৰূপক স্বীকাৰ কৰে। এই ধৰ্মৰ দৰে ‘ধৰ্ম নিৰপেক্ষতা’ আন কোনো ধৰ্মতে দেখিবলৈ পোৱা নাযায়। হিন্দু সকলৰ এনে উদাৰ ধৰ্মীয় বিশ্বাসৰ বাবে ভাৰতীয় সমাজত থকা বিভিন্ন জাতি জনজাতিৰ স্বকীয় ধৰ্মবিশ্বাস হিন্দু ধৰ্মত জাহ গৈছিল। জনজাতীয় দেৱ দেৱী সকলকো হিন্দু ধৰ্মই নিজৰ কৰি লৈছিল। সেইদৰে সেইদৰে বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বিভিন্ন সময়ত ভাৰতীয় সংস্কৃতিত জাহ গৈ আহিছে। বিভিন্ন জনে বিভিন্ন অৱদানেৰে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক বুকুত কঢ়িয়াই লোৱা দেশে বিদেশে বসবাস কৰা প্ৰতিজনেই ঐতিহাসিক আৰু ভৌগলিক সংজ্ঞা অনুসৰি হিন্দু আৰু হিন্দুস্তান হ’ল প্ৰতিজন হিন্দুৰ মাতৃভূমি। সেয়েহে ৰাজ্যপালৰ “হিন্দুস্তান হিন্দু সকলৰ বাবে” মন্তব্যটোৰ মই বিৰোধিতা নকৰোঁ।

কিন্তু এই বাক্যটোত হিন্দু শব্দটোৱে সংকীৰ্ণ অৰ্থত ৰাজনৈতিক উদ্দেশ্যত যদিহে কেৱল ‘হিন্দু’ ধৰ্মীয় লোককহে বুজাইছে, সেয়া দুৰ্ভাগ্যজনক। এনে কাৰ্যই সনাতন হিন্দু ধৰ্মৰ বিশালতা আৰু উদাৰতাক অৱমাননা কৰিছে। সনাতন হিন্দু ধৰ্মৰ বৈশিষ্ট্যই হ’ল সহনশীলতা আৰু সকলোৰে প্ৰতি সম ভাৱনা। এই বৈশিষ্টৰ আধাৰতেই ভাৰত এখন গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিস্থিত হৈছে। সেয়েহে হিন্দু শব্দটোৱে এক বহল অৰ্থত জাতি, ধৰ্ম নিৰ্বিশেষে বিদেশত নিৰ্যাতনৰ সন্মুখীন হোৱা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি অনুগত সকলো লোককে সাঙুৰি ভাৰতত সুৰক্ষা দিয়াৰ কথা বুজালে “হিন্দুস্তান হিন্দু সকলৰ বাবে” বুলি ক’লেও বিতৰ্কৰ অৱকাশ নাথাকে। কিন্তু ৰাজ্যপালজনে কৰা মন্তব্যত যে ইমান বিশালতা আছে, আৰু তেওঁ যি দলৰ মনোনীত ব্যক্তি সেই দলৰ কৰ্মকাণ্ড বা প্ৰপাগাণ্ডালৈ চালে এই সন্দেহ নকৰাকৈ কোনেও থাকিব নোৱাৰে।

2 comments:

  1. পঢ়িলো.....সুন্দৰ লেখা...বহুখিনি নজনা কথাবোৰ জানিব পাৰিলো

    ReplyDelete
  2. পঢ়িলো.....সুন্দৰ লেখা...বহুখিনি নজনা কথাবোৰ জানিব পাৰিলো

    ReplyDelete