Wednesday, November 11, 2015

মনৰ কথা


দেৱালীঃ টকা পোৰা উৎসৱহে নেকি? 
জ্যোতিৰূপম দত্ত
ভালকৈ গমিপিতি চালে অনুভৱ হয়, যেন আকৌ টকা পোৰা উৎসৱ এটিহে আহিল৷ লাখ লাখ কোটি কোটি টকা জুইৰ ধোৱাঁত ছাই হৈ নাযাবনে এই দুদিনীয়া উৎসৱত! কোনোবাই বিশ্বাস কৰিবনে, এইখনেই সেই দেশ য’ত হেজাৰ হেজাৰ ভোকাতুৰ মানুহে এমুঠি চাউল, মুৰৰ ওপৰত এখন চালি, লজ্জা নিবাৰণৰ বাবে এটুকুৰা কাপোৰৰ বাবে এতিয়াও হাহাকাৰ কৰে বুলি? দেৱালীত টকা জ্বলোৱাৰ প্ৰতিযোগিতাৰ ধুম দেখি!

আনহে নালাগে খোদ এই অসম মুলুকতে প্ৰতি বছৰেই দেখোন দেৱালী নামৰ এই টকা পোৰা উৎসৱটোৰ উদযাপনৰ নামত লাখ লাখ কোটি কোটি টকা ধোৱাঁ হৈ যায়৷ এই কথাটো অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী থকা বৃহৎ তথা জটিল তথ্যৰ তালিকাৰ সহায় লৈ বিশ্লেষণ নকৰিলেও চলে, এটি সামান্য দুগ্ধপোষ্য শিশুৱেও বুজি পাব এই কথা৷ তথাপি কিয় বন্ধ নহয় এনেবোৰ উৎসৱৰ উদযাপনৰ আতিশয্য?

পৰিবেশৰ কথাটোলৈ আহো, অসমত দেৱালী বুলি ক’লেই দেখা যায় এটা মাথো সন্ধিয়াৰ বাবে নঙলামুখত হেজাৰ হেজাৰ কলগছ পুতি বাঁহৰ শলখা বিন্ধাই চাকি জ্বলোৱা এটা কাৰ্যতঃ অপ্ৰয়োজনীয় কাৰবাৰ৷ জীৱনত এদিনৰ বাবেও কলপুলিহে নেলাগে সামান্য গছপুলি এটাকো ৰুই নোপোৱা মহানাগৰিকৰ নিৰ্লজ্জ প্ৰদৰ্শনকামিতাৰ বাবে লাখ লাখ কলগছৰ শ্ৰাদ্ধ পতা হয়৷ কিছুমানে কব যে কলগছ বিক্ৰী কৰি বহুজনে সেই দিনটোতে দুপইচা উপাৰ্জন কৰে বুলি৷ কিন্তু বাস্তবত সেয়া হয় জানো? বাৰীৰ কলগছ কাটি কিবাকে বাহন এখন যোগাৰ কৰি হিংস্ৰ ভোকাতুৰৰ দৰে বাটত খাপ পিটি থকা এচাম নিলাজ অনৈতিক চৰকাৰী পোছাকধাৰী তথা আন গুণ্ডা, দালালক সন্তুষ্ট কৰি চহৰৰ মাজে মাজে ব্যৱসায়িক তথা আবাসিক অঞ্চলৰ অলিয়ে গলিয়ে ঘুৰি কলপুলি এবোজা বিক্ৰী কৰি গোটোৱা পইছাকেইটাই জানো যথেষ্ট? সেই একেই লোকসকলে বিজ্ঞানসন্মত ভাৱে কলগছৰ খেতি কৰি দেৱালী বুলি গোটোৱা এদিনৰ আৰ্জনৰ কেইবাশ গুণ পৰ্য্যন্ত লাভান্বিত হব পাৰে, নহয় জানো ? পৰিবেশ দূষিত হোৱা কথাটো কবই নেলাগে৷ প্ৰদূষণ নিয়ন্ত্ৰণৰ নামত ৰাইজৰ টকাৰ শৰাধ পাতি থকা বিয়াগোম বিভাগ এটাও আছে ৷ পিছে এই নখ-দন্তহীন বিভাগটোৰ কাম বাতৰি কাকতলৈ এটা বিবৃতি বা বিজ্ঞাপন পঠিওৱা ও কমিচন খাই চাৰ্টিফেকেট দিয়াতেই জানো শেষ নহয়?

দেৱালী বুলি কেইবাদিনৰ আগৰে পৰা হোৱা ভয়ংকৰ শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ শিশু, বৃদ্ধ তথা চিকিৎসাধীন ৰোগীসকলৰ কি অbস্থা কৰে তাক ভাবিবৰ কাৰোবাৰ অৱকাশ হয় জানো ? অকল শব্দইনে ? এই উৎসৱৰ বতৰত গোপনে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ আহি সমগ্ৰ বজাৰ ছানি ধৰা চীনদেশীয় আতচবাজী তথা বৈদ্যুতিক চাকিৰ মালা বোৰৰ অৰিহণা জানো কম ? জকমকীয়া তথা সস্তীয়া চীনদেশীয় সামগ্ৰীৰে ভৰি পৰে এই টকা জ্বলোৱা উৎসৱৰ বজাৰখন৷ দীপান্বিতাৰ সময়ত গোটেইখন ৰং-চঙীয়া বিজুলী চাকিৰে উজলি থকা ঘৰবোৰ দেখিলে বিশ্বাস কৰিবলৈ টান হয় যে এই ৰাজ্যখনত বিদ্যুতৰ অভাৱ বুলি ৷ এই মুলুকতে প্ৰয়োজনীয় বিদ্যুতৰ অভাৱত বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অমূল্য সময় নষ্ট হোৱা বুলি কলে কোনেনো বিশ্বাস কৰিব বাৰু এই চকু চাৎ মাৰি ধৰা পোহৰৰ সমাহাৰ দেখি? বাহুল্যতা বৰ্জন কৰি সাধাৰণভাৱে উৎসৱ উদযাপনৰ বাবে আহৰিনো কাৰ আছে বাৰু? দুখীয়া কুমাৰে নিজৰ তেজ পানী কৰি চাক ঘুৰাই ঘুৰাই তৈয়াৰ কৰা মাটিৰ চাকি দুটিমান কিনি আৰ্থিকভাৱে সকাহ দিয়াতকৈ এচাম চোৰাং কাৰবাৰীৰ হাতত হাঁহি হাঁহি তুলি দিওঁ আমাৰ কষ্টোপাৰ্জিত ধনৰ টোপোলা৷

হওঁতে নামত এটা প্ৰশাসন যন্ত্ৰ আছে, বিয়াগোম বিয়াগোম বিষয়াসকলেও যেতিয়া দেৱালী ‘উদযাপন’ৰ নামত দুটামান টকাৰ বাবে তলতীয়া বিষয়াসকলৰ ওচৰত ‘ভিক্ষা’ খোজে তেনেস্থলত আৰু কি বাকী থাকিলগৈ৷ এই উৎসৱৰ ক্ষন্তেকীয়া আনন্দ উপভোগৰ আলম লৈ সৰুতে পঢ়াশালিত পঢ়া সেই ‘অ’ ফুল অ’ ফুল’ পদ্যটোৰ লেখিয়াকৈ ওপৰৰ পৰা তললৈ দুৰ্নীতিৰ বোকাত সকলো লুতুৰি-পুতুৰি হয়গৈ৷ আন্ধাৰ বিনাশ কৰি পোহৰৰ সমাহাৰ ঘটোৱাৰ বাবে উদযাপন কৰা এই উৎসৱৰ আন এটা আন্ধাৰ দিশ হ’ল জুৱা৷ দেৱালীক কেন্দ্ৰ কৰি সকলো অঞ্চলতে দেখা যায় বিভিন্ন সৰু-বৰ জুৱাৰ পয়োভৰ ৷ বৰ বৰ লোকৰ বাবে তাৰকাযুক্ত হোটেলৰ কোঠালীত জুৱাৰ আড্ডা বহাৰ বিপৰীতে সমান্তৰালভাৱে সৰু সৰু খাটি খোৱা লোকৰো কষ্টোপাৰ্জিত ধনৰ শেষ পইচাটো পৰ্য্যন্ত শুহি নিয়াৰ বাবে গাওঁ-চহৰৰ পথৰ কাষৰ আন্ধাৰ চুকবোৰতে বহে অসংখ্য জুৱাৰ আড্ডা৷ জুৱাৰ নিচাত সৰ্বস্বান্ত হৈ পৰা খাটি খোৱা শ্ৰেণীটোৰ আখলঘৰত বহুদিনলৈ জুই নজ্বলাৰ কথা কোনোবাই ভাবেনে বাৰু ?

সকলো সময়তে আভিজাত্য প্ৰদৰ্শনৰ মিছা ভেম দেখুৱাই আকাশ-বতাহ বিষাক্ত ধোৱাঁৰে প্ৰদূষিত কৰাৰ প্ৰতিযোগিতাত মত্ত এচাম সমাজৰ তথাকথিত সভ্য নাগৰিকৰ কেতিয়াকৈ চকু মেল খাব বাৰু ? মানসিকভাৱে পংগু মানুহৰ দৰে আচৰণ কৰি উৎসৱৰ নামত টকা নজ্বলাই কোনোবা দুখীয়া ছাত্ৰক এমাহৰ পঢ়াৰ খৰচ দিয়াৰ নিচিনা সামান্য কাম এফেৰিও কৰি এক ব্যতিক্ৰমী নিদৰ্শন ডাঙি ধৰিব পাৰিবনে কোনোবাই ?

1 comment:

  1. ঠিকেই কৈছে । জোৰ পুৰি হাত পালেই । কিন্তু এইচাম তথাকথিত সভ্যক বুজাব কোনে ?

    ReplyDelete