Saturday, November 14, 2015

প্ৰৱন্ধ

ভাৰত বিভাজনঃ মুছলমানসকলেই দায়ী নে?
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
আজিকালি হিন্দুত্ববাদৰ প্ৰবক্তাসকলৰ জৰিয়তে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত মুছলমান বিদ্বেষ সৃষ্টি কৰিবলৈ এটা ধাৰণা সুমুৱাই দিব খোজা হৈছে যে ভাৰত বিভাজন হৈ পাকিস্তান আৰু ভাৰত নামৰ দুখন ৰাষ্ট্ৰ সৃষ্টিত তেতিয়াৰ অখণ্ড ভাৰতৰ অকল মুছলমানসকলেই দায়ী।

যদিও মহাত্মা গান্ধীয়ে কৈছিল - India will be divided over my dead body, তথাপিও তেখেতৰ গান্ধীবাদে তেওঁৰ অজানিতে হ'লেও হিন্দুৰ বাবে ভাৰত আৰু মুছলমানৰ বাবে
পাকিস্তান সৃষ্টিত অৰিহণা যোগোৱা নাই বুলি ক'ব নোৱাৰি। তেওঁ ভাবিছিল মানুহৰ প্ৰতি মানুহৰ অত্যাচাৰ, শোষণ আৰু সমাজৰ সকলো অকল্যাণৰ কাৰণ হৈছে লোভ, নীচাত্মকবোধ, কাপুৰষতা আৰু মানুহৰ প্ৰতি মানুহৰ ভালপোৱাৰ অভাৱ৷ সেয়ে তেওঁ মানৱতাবাদী ধ্যান-ধাৰণা-নৈতিকতাৰ লগত ভাৰতীয় হিন্দু ধৰ্ম্মীয় ঐতিহ্যবাদ তথা ঈশ্বৰ তত্বৰ সংমিশ্ৰণ ঘটাই উদাৰতা, সৎসাহস, মানুহৰ প্ৰতি মানুহৰ প্ৰেমৰ আদৰ্শ, দেশাত্মকবোধ আৰু নি:শঙ্ক সত্যাগ্ৰহী মনোভাবৰ দ্বাৰা সমাজৰ অভ্যন্তৰত মানুহক উদ্ধুদ্ধ কৰিব বিছাৰিছিল৷ তেওঁ উপলদ্ধি কৰিব পৰা নাছিল যে শোষণমূলক সমাজ ব্যৱস্থাই মানুহৰ মাজত এনে মানসিকতাৰ সৃষ্টি কৰিছে৷ যিহেতু হিন্দু ধৰ্ম্মীয় ঐতিহ্যবাদ তথা ঈশ্বৰ তত্বৰ আধাৰত ভাৰতবৰ্ষক এখন কাল্পনীক ৰামৰাজ্য গঢ়াৰ বাবে গান্ধীবাদী সংগ্ৰাম গঢ়ি উঠিছিল, গতিকে হিন্দু ধৰ্ম্মীয় প্ৰভাৱৰ পৰা আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলন তথা ভাৰতীয় জাতীয়তাবাদক মুক্ত হ'ব পৰা নাছিল। দেখ দেখকৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব মূলত: ব্ৰাহ্মণ, কায়স্থ আৰু বৰ্ণ হিন্দুৰ হাতত আছিল। স্বাধীনতা আন্দোলনৰ যিসকলে নেতৃত্ব দিছিল তেওঁলোকে গণতান্ত্ৰিক চিন্তা-ধাৰণাৰ কথা যিমান সুন্দৰকৈয়েই নকওঁক কিয়, যদিও হিন্দু-মুছলমান, উচ্ছবৰ্ণ-নিম্নবৰ্ণ লোকসকলে একেলগে সভা পাতিছিল, স্বাধীনতাৰ বাবে আন্দোলন কৰিছিল, কিন্তু নিম্নবৰ্ণ আৰু মুছলমান লোকসকলক ব্ৰাহ্মণ, কায়স্থ আৰু বৰ্ণ হিন্দুৰ ভিতৰচৰাত সোমাবলৈ, মুক্ত ভাবে মিলামিছা কৰিবলৈ দিয়া হোৱা নাছিল। যিসকল মহান ব্যক্তিয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল, তেওঁলোকৰ ব্যক্তিগত ভাবে মুছলমান ধৰ্ম্মালম্বীসকলৰ প্ৰতি কোনো বিদ্বেষ নাছিল। গান্ধীজীৰ দৰে নেতাৰ ব্যক্তিত্বই বহুতো প্ৰভাৱশালী মুছলমান ধৰ্ম্মালম্বীলোকক গান্ধীবাদী আন্দোলনলৈ টানি আনিব পাৰিছিল। আব্দুল গফুৰ খান যিজনক সীমান্ত গান্ধী নাম দিয়া হৈছিল, মৌলানা আবুল কালাম আজাদ আৰু বহুতো খ্যাত-অখ্যাতলোকে ভাৰতীয় জাতীয় আন্দোলনত অংশ গ্ৰহণ কৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামত জাত-পাত-বৰ্ণ-ধৰ্ম্মৰ ভেদাভেদ দূৰ কৰি এক প্ৰকৃত ধৰ্ম্মনিৰপেক্ষ সমাজ গঠনৰ বাবে পাশ্চাত্যৰ ৰেনেছাৰ দৰে সংস্কৃতিক আন্দোলনৰ জৰিয়তে নিম্নবৰ্ণৰ হিন্দুসকলৰ লগতে সমগ্ৰ মুছলমান সমাজৰ সংশয় দূৰ কৰি কংগ্ৰেছৰ পতাকাৰ তলত ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰিবলৈ উদ্ধুদ্ধ কৰিব পৰা নাছিল।

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ মূল নেতৃত্ববহনকাৰী কংগ্ৰেছ স্বাধীনতাৰ আগতে আজিৰ দৰে এটা ৰাজনৈতিক দল নাছিল৷ এই কথা আন্তৰ্জাতিক সাম্যবাদী সংগঠন "কমিনটাৰ্ণ"ৰ থেছিছত উল্লেখ আছে৷ প্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছ আমোলাৰ পৃষ্ঠপোষকতাতে ভাৰতীয় সকলক বিদ্ৰোহ বা বিপ্লৱৰ পথৰ পৰা আতৰাই ৰাখিবলৈ দেশৰ শিক্ষিত আৰু সম্ভ্ৰান্তশ্ৰেণীৰ লগত ৰাজনৈতিক আলাপ-আলোচনাৰ বাবে কংগ্ৰেছ গঠন কৰা হৈছিল। আনহাতে সাম্ৰাজ্যবাদী ব্ৰিটিছ পৃষ্ঠপোষকতাতে ১৯০৬ চনত এই একে অভিপ্ৰায়লৈ অল ইণ্ডিয়া মুছলিম লিগ গঠন কৰা হৈছিল৷ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগ - দুয়োটা সংগঠনেই বৃটিছৰ উৎদোগত বৃটিছৰ লগত সহযোগিতাৰ বাবেই সৃষ্টি হৈছিল। পৰবৰ্ত্তী সময়ত কংগ্ৰেছৰ ভূমিকাৰ কিছু পৰিবৰ্ত্তন ঘটে।

লোকমান্য তিলকৰ দ্বাৰা প্ৰস্তাবিত 'স্বৰাজ'ক জাতীয় লক্ষ্য হিচাবে গ্ৰহণ কৰাৰ পাছৰে পৰা সি হৈ পৰে ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে একত্ৰিত হোৱা বিভিন্ন আদৰ্শ তথা চিন্তাত বিশ্বাসী দল আৰু লোকৰ এখন মঞ্চ (Platform)। পৰবৰ্ত্তী সময়ত কংগ্ৰেছে চৰকাৰত নিজৰ প্ৰতিনিধিত্ব ৰখাৰ দাবী তোলে। তাৰ লগে লগে মুছলিম লিগেও সেই একেই দাবী তোলে। সেই সময়ত আমাৰ দেশত 'হিন্দুজাগৰণ', 'হিন্দু মহাসভা" প্ৰতিষ্ঠা হয়। তাৰ অন্যতম প্ৰতিক্ৰিয়া হিচাবে এচাম স্থাৰ্থাম্বেষীলোকে মুছলমান জনগণক বিভ্ৰান্ত কৰি মুছলমান সমাজৰ মাজতো সম্প্ৰদায়ৰ ভিত্তিত ঐক্য গঢ়ি তোলে। ১৯৪৬ চনৰ দেশত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল মহম্মদ আলি জিন্নাৰ প্ৰত্যক্ষ সংগ্ৰাম কাৰ্য্যসূচীৰ ফলত। অথচ জিন্না আৰাম্ভনিতে দেশ বিভাজনৰ সমৰ্থক নাছিল। জিন্না আছিল ধৰণ কৰণত বৃটিছক অনুসৰণ কৰা এজন খাটি চাহাব। তেওঁ মুছলমান ধৰ্ম্মীয় ৰীতিনীতি অনুসৰণ নকৰিছিল। কেনেকৈ তেওঁ ধৰ্ম্মৰ ভিত্তিত দ্বিজাতিতত্ত্বৰ প্ৰবক্তা আৰু গোঁড়া মুছলমান নেতাত পৰিণত হ'ল তাৰ ইতিহাস আমি জনা দৰকাৰ।

পিছে হিন্দুসকলে কি দেশ ভাগ হোৱাতো বিছৰা নাছিল? জৱাহৰলাল নেহেৰু, বল্লভাই পেটেলেৰ দৰে নেতাসমূহে কি খণ্ডিত ভাৰতবৰ্ষৰ শাসন ক্ষমতা নিজৰ হাতত তুলি লোৱাৰ উদগ্ৰিৱ হৈ থকাৰ বাসনাৰে দেশ ভাগ হোৱাতো বিছৰা নাছিল? ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ ৱৰ্কিং কমিটিত যি দুজন প্ৰতিনিধিয়ে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল সেই দুজন প্ৰতিনিধি আছিল কিন্তু মুছলমান সম্প্ৰদায়ৰ - মৌলানা আব্দুল কালাম আজাদ আৰু সীমান্ত গান্ধী আব্দুল গফুৰ খান। তাৰ বাহিৰেও দেশৰ স্বাধীনতা সংগ্ৰামৰ মাজত গান্ধীবাদৰ মাৰফৎ হিন্দুধৰ্ম্মীয় প্ৰভাৱ থকাৰ ফলত হিন্দু-মুছলমানে ঐক্যবদ্ধ ভাবে সংগ্ৰাম চলোৱাত মানসিক ভাবে বাধাৰ সৃষ্টি কৰিছিল। এটা অতি আচৰিত কথা যে সেই সময়ত ভাৰতবৰ্ষৰ তথাকথিত কমিউনিষ্ট দলে মাৰ্ক্সবাদৰ প্ৰখ্যাত আৰু বহু প্ৰচাৰিত ‘জাতীয় আত্মনিয়ন্ত্ৰন (Right of Nations to self determination}’ তত্বক বিকৃত কৰি ১৯৪২ চনৰ ১০ আগষ্টত চি পি আইৰ মুখপত্ৰত নেতা পি চি যোশীয়ে ‘'মুছলমান সকল ধৰ্ম্মৰ ভিত্তিত এটা জাতি” যুক্তিৰ ভিত্তিত মুছলীম লীগৰ পাকিস্তান দাবীক জাতীয় আত্মনিয়ন্ত্ৰনৰ দাবী বুলি সমৰ্থন কৰিছিল (সূত্ৰ: আজাদ হিন্দ ফৌজৰ সুবৰ্ণজয়ন্তী উদযাপন স্মৰণিকা)।

সাম্প্ৰতিক সময়ত শাসনৰ জৰী ধৰোতাই ইতিহাসৰ ভুল বাখ্যা তথা ইতিহাসকে সলনি কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ অভিযোগ উঠাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজেও বিভ্ৰান্ত হোৱাৰ আগেয়ে সজাগ হোৱাটো প্ৰয়োজনীয় কথা হৈ পৰিছে। ধৰ্মৰ ভিত্তিত ৰাজনীতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰা সকলৰ বৰ্ধিত দপদপনিয়ে ভাৰতীয় গণতান্ত্ৰিক ধাৰাটোলৈকো শংকা কঢ়িয়াই অনা বুলি অনুভৱ কৰাৰ সময়তে ৰাইজে আবেগৰ ঢৌত উটি যোৱাৰ সলনি যুক্তি আৰু তথ্যৰ লাইখুঁটাত ধৰি থাওনি ৰাখিবলৈ ইয়াৰে আহ্বান জনালো।

লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু গুৱাহাটীস্থ আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment