জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলত

জুতি লগা আখলত

Share This
মেকাৰেল বা বাঙ্গৰা মাছৰ ব্যঞ্জনঃ

প্ৰস্তাৱনাঃ
স্বাস্থ্যৰ অতি উপযোগী ওমেগা-৩ উপাদান থকা মেকাৰেল বা বাঙ্গৰা মাছ সাধাৰণতে সাগৰীয় উপকূলীয় অঞ্চলত সহজ লভ্য তথা ইয়াৰ দাম সাধাৰণ মানুহে খাব পৰাকৈ কম ৷ 
আজিকালি চালানী মাছৰ ৰূপত অসমতো এইবিধ মাছে ভূমুকি মাৰিছে৷ সেয়ে ইয়াৰ ব্যঞ্জনৰ ৰেছিপি আজিৰ জুতি লগা আখলত আগবঢ়োৱা হৈছে ৷


উপকৰণঃ
চাৰিজন মানুহৰ বাবে
মেকাৰেল মাছ ভাল চাইজৰ চাৰিটা ৷
আলুঃ দুটা মধ্যমীয়া আকাৰৰ
পিঁয়াজ দুটা
নহৰুৰে পেষ্ট (আণ্ডাজ অনুসৰি)
কেঁচা জলকীয়া
বিলাহী দুটা (স্বাদ অনুসাৰে )
ধনীয়া পাত, জিৰা পাউদাৰ
ৰঙা জলকীয়া পাউদাৰ, এচামুচমান গৰম মচলা 

ৰন্ধন প্ৰণালীঃ
বাঙ্গৰা মাছখিনি ধুই নিমখ হালধি সানি লব লাগে ৷ অলপ নেমু ৰস চেপি মাছ খিনিত সানি লৈ অলপপৰ থৈ দিব লাগে৷ আলু কেইটা দীঘলে দীঘলে কাটি অলপ বইল কৰি লওক৷ এতিয়া কেৰাহীত তেল গৰম কৰি তাত মিহিকৈ কটা পাঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লওক ৷ এতিয়া তাতে নহৰুৰ পেষ্টটো দি দিয়ক৷

পিয়াঁজ খিনি ৰঙচুৱা হোৱাৰ লগে লগে তাত বিলাহী অলপ মিহিকে কাটি, কেঁচা জলকীয়া কেইটিমান দি ভাজি থাকিব ৷ বিলাহি খিনি জহি যোৱাৰ পাছত তাত বইল কৰি থোৱা আলুখিনি দি দিয়ক৷ তেনেকৈ আলুখিনি দি মচলাবোৰ তাতে ঢালি দিয়ক আৰু লৰাই থাকি মচলাৰ সৈতে গোটেইখনি ভালকৈ সান-খোৱা অৱস্থালৈকে ৰওক৷ এতিয়া তাৰ ওপৰতে মাছ খিনি দি পাঁচ মিনিটমান সিজাওক৷ জুই চীমতে ৰাখিব ৷

তাৰ পাছত অনুমান অনুসাৰে অলপ গৰম পানী তাতে ঢালি দিয়ক আৰু পুনৰ দহমিনিট মান ঢাকোন মাৰি সকলোখিনি সিজালৈকে অপেক্ষা কৰক৷ পানীখিনি শুকাই যোৱাৰ পাছত ধনীয়া পাত অলপ তাৰ ওপৰত দি সজাই দিয়ক আৰু গৰমে গৰমে ভাতৰ পাতত পৰিবেশন কৰি এক পুষ্টিকৰ জুতি লগা ব্যঞ্জনৰ সোৱাদ লওক৷
-আজিৰ আখলৰ দিহা যুগুতালে মু্ম্বাইৰ পৰা মনালী ভৰদ্বাজে ৷

শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাবোৰত ক্লিক কৰকঃ

No comments:

Post a Comment