আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
ইভা ভট্রাচাৰ্য সোঁৱৰণী প্রাইজমানী কুইজ প্রতিযোগিতাৰ অনুভৱ
ডঃ বুলজিৎ বুঢ়াগোহাঁই

কালি (০৯।১১।২০১৩) নলবাৰীৰ এম এন চি বালিকা মহাবিদালয়লৈ গৈছিলোঁ। কৰুণাকান্ত শৰ্মা জুনিয়ৰ গাৰ্লছ কলেজৰ উদ্যোগত “ইভা ভট্রাচাৰ্য সোঁৱৰণী প্রাইজমানী কুইজ প্রতিযোগিতা”ৰ বঁটা বিতৰণী সভালৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্রণ কৰিছিল। প্রতিযোগিতাখন নিউজ টাইম,অসমৰ মূখ্য সম্পাদক নিতুমনি শইকীয়া উদ্বোধন কৰিছিল । ‘জিজ্ঞাসা’ শীৰ্ষক কুইজ প্রতিযোগিতাখন পৰিচালনা কৰিছিল “আমাৰ অসম”ৰ উপ-সম্পাদক দীপাংকৰ কৌশিকে। 


দীপাংকৰৰ লগত গুৱাহাটী পৰা নলবাৰীলৈ একেলগে গৈছিল আৰু গোটেই বাটছোৱাত বহুত কথা আলোচনা কৰি গৈছিলোঁ । বঁটা বিতৰণী সভাখনত সভাপতি আসন গ্রহণ কৰিছিল এম এন চি বালিকা মহাবিদালয়ৰ অধ্যক্ষ কে চ গোড়ৰ আৰু মুখ্য অতিথি হিচাপে উপস্থিত আছিল নলবাৰীৰ প্রজেক্ট ডাইৰেক্ট মাহমুদ হাছান ।

আজি কুইজ প্রতিযোগিতা খনলৈ আমন্ত্রণ কৰা বাবে চন্দনা শৰ্মাক ধন্যবাদ জনাইছোঁ। এটা কথাত ভাল লাগি অতিথিসকলক কিতাপেৰে আদৰণি জনোৱাতো।

প্রজেক্ট ডাইৰেক্ট মাহমুদ হাছানকে ধৰি মহাবিদ্যালয়খনৰ শিক্ষক তথা বিভিন্নজনে মোৰ চিঠিবোৰ পঢ়ি ভাল লাগে বুলি কৈছিল তেতিয়া মনটি বহুত ভাল লাগিছিল । এই সকলৰ ভিতৰত প্রায় ৭০বছৰ মানৰ আইতা এগৰাকীও আছিল । লগতে বহুকেইজন মোৰ ফেচবুকৰ আপডেটবোৰ নিয়মীয়াকৈ পঢ়া বুলি কৈছিল, তেতিয়াও মনটি ভাল লাগিছিল৷

No comments:

Post a Comment