পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. আজিৰে পৰা দুদিনীয়াকৈ দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হৈছে "নৰ্থ ইষ্ট ফেষ্টিভেল": উত্তৰ-পূৱৰ সাংস্কৃতিক-অৰ্থনৈতিক তথা পাৰম্পৰিক সমলক বিশ্ববাসীৰ আগত নকৈ পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে আয়োজিত হৈছে এই অনুষ্ঠান৷ আজি এই উৎসৱ উদ্বোধন কৰিব মণ্টেক সিং আলুৱালিয়াই৷

২. টাটা কেমিকেলে প্ৰত্যেক বছৰে প্ৰদান কৰা "শ্ৰেষ্ঠ শিক্ষক"ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰদীপ ফুকন৷

৩. অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে আমীৰ খানেঃ ভ্ৰমণ কৰিব কাজিৰঙাও৷ গঁড় হত্যাত তেখেতে প্ৰকাশ কৰিলে উদ্বেগঃ ৰাষ্ট্ৰীয় মঞ্চত সেই বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰিব বুলিও কৰিলে প্ৰকাশ৷
চাঙঘৰত আপঙক বাতি হাতত লৈ আমীৰ খান
৪. এতিয়া ধুবুৰীবাসীয়ে প্ৰয়োজনীয় নথি বিচাৰি যাব নালাগিব  অফিচলৈঃ ধুবুৰীত ভ্ৰাম্যমান ই-সেৱাকেন্দ্ৰ "অৰুণোদয় ভেন"ৰ শুভাৰম্ভ কৰিলে বনমন্ত্ৰীয়ে৷

৫. কোঁচ-ৰাজবংশী সংগঠনৰ সৈতে কেন্দ্ৰৰ আলোচনাত নিশ্চিত কৰিলে জনজাতিৰ মৰ্যদা প্ৰদানৰ সিদ্ধান্তঃ পৃথক ৰাজ্যৰ পৰিবৰ্তে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ গ্ৰহণ কৰিলে প্ৰস্তাৱ৷

৬. অহা ২০নৱেম্বৰৰ পৰা গেৱাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱঃ এই উৎসৱত অসমীয়া চলচিত্ৰ "জয়মতী"ৰ প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিব জয়মতীৰ আত্ম-ত্যাগৰ গাঁথা৷

৭. প্ৰকাশ পালে অৰুণলোচন দাসৰ চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত"৷

৮. গুৱাহাটীৰ চানমাৰিত চলি থকা গুৱাহাটী গ্ৰন্থ উৎসৱত অনুষ্ঠিত হ’ল নবীন লেখকৰ ব্যতিক্ৰমী লেখক সমাৰোহঃ সাহিত্য অকাডেমীৰ যুৱ বঁটাৰে সন্মানিত বিভিন্ন ভাষাৰ যুৱক লেখকক জনালে সম্বৰ্ধনা৷

৯. কলিয়াবৰ মহাবিদ্যালয়ত উন্মোচিত হ’ল পদাৰ্থ বিজ্ঞান বিভাগৰ আলোচনী স্পেকুলামৰ তৃতীয় সংখ্যা৷

১০. অসম নাট্য সন্মিলনে আয়োজন কৰা নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল হ’ল ঘোষিতঃ প্ৰত্যাহ্বান শীৰ্ষক নাটকৰ বাবে শ্ৰেষ্ঠ বিবেচিত হ’ল নিবেদিতা বৰপূজাৰী৷

১১. অষ্টম ডিব্ৰুগড় গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অদ্যাপক বীৰেন্দ্ৰনাথ বৰঠাকুৰেঃ মিলনজ্যোতদি সংঘৰ উদ্যোগত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা৷

১২.  আৰৱৰ নেতাৰ উপস্থিতিত সংঘৰ্ষপীড়িতক সাহাৰ্য তথা সামগ্ৰী বিতৰণ কৰিলে বদৰুদ্দিন আজমলে বিলাসীপাৰাতঃ ভাষণ প্ৰসংগত প্ৰংশসা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো৷

১৩. অহা ২২নৱেম্বৰত শুভমুক্তি লাভ কৰিব জনছ মহলীয়া পৰিচালিত অসমীয়া চলচিত্ৰ "মহাসমৰ"য়ে৷

১৪. মুম্বাইত ৰাজ জ্যোতি কোঁৱৰৰ অসমীয়া গীতৰ এলবাম উন্মোচন কৰিলে প্ৰবীণ অভিনেতা গোবিন্দাই৷

১৫.  চিবিআইৰ বৈধতাক লৈ প্ৰশ্ন তুলিলেগুৱাহাটী উচ্চ ন্যায়ালয়েঃ বৈধতাৰ প্ৰশ্নত তদন্তকাৰী সংস্থাটোৱে এইবাৰ কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ৷

No comments:

Post a Comment