লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. গুপ্ত হত্যাকাৰী হোৱাতকৈ বহুৱা হোৱাই ভাল বুলি মন্তব্য কৰিলে ৰাজ্য সকলো ৰাইজৰ দুখ সুখৰ দ্বায়িত্ব লোৱা দ্বায়িত্বশীল ব্যক্তি ৰসাল গগৈয়ে৷ তেখেতে দাবী কৰে যে, তেখেতৰ বহুৱালিৰ বাবে তেখেতেক অচিৰেই অস্কাৰ বঁটা প্ৰদান কৰিব লাগে৷ কাৰণ সমস্যাৰ কেকোঁৰা চেপাত সকলো মিয়ম্ৰান হৈ থকাৰ সময়তো দাঁত নিকটাই হাঁহি থাকিব পৰা গুণটোৱেই আচলতে বিশ্বৰ শ্ৰেষ্ঠতম বহুৱালি! আৰু তেখেত সেই অস্কাৰ গ্ৰহণৰ বাবে সকলো সময়তে সাজু থকা বুলি সংবাদ মাধ্যমক অৱগত কৰে৷

২. ভূ কলিতাই নকৰে লোকৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা৷ ভূ-ৰখা মহলে খবৰ দিয়া মতে পৰোক্ষ নিৰ্বাচনেৰেই দিল্লীত ৰাইজৰ সভাত চাংচদ হৈ থাকিব পাৰিলে, আকৌ লোকৰ সভাত নিৰ্বাচন খেলি নিজৰ নাক কাটি সতিনীক উৎসাহ দিবলৈ প্ৰয়োজন কিহৰ৷ তৃণমূলত নিজৰ প্ৰভাৱ নথকা নেতাৰ বাবে এনে ৰাইজৰ সভাৰ চীটেই একমাত্ৰ সুৰক্ষিত আশ্ৰয়স্থল বুলিও ভূ কলিতাই সোঁফালে থকা দুজন চামচাক আঙুলিয়াই দিয়ে৷

৩. নাককটা পুখুৰীৰ দৰেই ৰসৰাজৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি চান্দমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কানকটা খেলপথাৰ বুলি নামাকৰণ কৰিবলৈ দাবী জনাইছে৷ এই নামাকৰণেহে ৰসৰাজৰ প্ৰতিমূৰ্তিৰ কান চিঙি নিয়া কাৰ্যক ঐতিহাসিক কৰি তুলিব পৰা যাব বুলিও ৰসৰাস ফেন ক্লাৱে মত প্ৰকাশ কৰিছে৷

৪. "গলি গলিৰ ৰাস-লীলা ৰাম-লীলা" চিনেমাখন মুক্তি পোৱাৰ পাছতে ৰাসলীলা চাবলৈ যোৱা নৱ-প্ৰজন্মই দীপিকা-ৰণবীৰৰ দৰে মুক্ত চুম্বন কৰিবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ মাজুলীত এতিয়া এই চুম্বনৰ হাৰ সৰ্বাধিক হৈ পৰিছে বুলি গোপন সূত্ৰই জনাইছে৷ সেয়ে চিনেমাখন মাজুলীৰ দাঁতি-কাষৰীয়া অঞ্চলত প্ৰদৰ্শন নিষিদ্ধ কৰিবলৈ ৰাজহ চক্ৰৰ বিষয়াক ৰাসলীলা উদযাপন সমিতিয়ে আহ্বান জনাইছে৷

৫. এইবাৰ ভোগালী বিহুৰ বজাৰত উভৈনদী হ’ব বিলাতী বোৱাৰীৰ পিঠা৷ ন-বোৱাৰী প্ৰডাকচনৰ উদ্যোগত কলিয়াবৰ সমষ্টিৰ জীয়ৰী বোৱাৰী সকলৰ সহযোগত এই পিঠা-পনাৰ বিক্ৰীৰে এই অভিলেখ স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিলে কনপোনা গগৈয়ে৷ ব্লকে ব্লকে এই আঁচনিত পিঠা-পনা বনাই আত্ম-নিৰ্ভৰশীল হবলৈ প-পত্ৰ বিতৰণ আৰম্ভ হোৱা বুলি বিজ্ঞপ্তিত প্ৰকাশ৷

৬. পৃথিৱী মাঋি চাৰৰ ত্ৰি-ভাষিক অভিধান প্ৰনয়ন তথা উন্মোচনীৰ খবৰ পাই জালুকবাৰী বিসম্বাদ গৱেষণা কেন্দ্ৰইও ততাতৈয়াকৈ "বিসম্বাদী ৰাজনীতিৰ অভিধান", "ৰাজনৈতিক ভাষা শিক্ষা" আদি গ্ৰন্থ উত্তৰ-পূৱ গ্ৰন্থ মোলত মুকলি কৰি দিবলৈ ওলোৱাৰ গোপন খবৰ৷

৭. শচীন টেণ্ডুলকাৰক ভাৰত ৰত্ন দিয়াৰ বাবে সকলো উৎসাহিত হৈ থকাৰ বতৰতে ভূপেন দাই কিয় ক্ৰিকেট নেখেলিলে তাকে লৈ গৰিহণা দিছে সুধাকণ্ঠ ফেন ক্লাৱে৷ মুম্বাইত গীতৰ সলনি ক্ৰিকেটৰ চৰ্চা কৰা হ’লেই ভূপেন দাইয়ো ভাৰত ৰত্ন পালেহেতেন বুলি তেখেত লোকে মন্তব্য কৰিছে৷

৮. নিমখ বিহীন খাদ্যৰ বিশেষ ৰেহাই আগবঢ়াইছে দেশৰ বিভিন্ন আগশাৰীৰ হোটেল ৰেষ্টুৰেণ্টে৷ নিমখ খোৱাৰ ফলত হ’ব পৰা অপকাৰৰ সজাগতা সৃষ্টিৰ বাবেই এই কাৰ্যসূচী লৈছে বুলিও হোটেল সন্থাই জনাইছে৷ আচলতে সজাগতা সৃষ্টিৰে ভাৰতীয় মানৱ সমাজক উচ্চ-ৰক্তচাপ জনিত ৰোগৰ পৰা বাৰণ কৰিবলৈকে এটা ম’ক ড্ৰিল হিচাবে ব্যৱসায়ী সন্থাই নিমখৰ দামৰ হঠাৎ আগ্নেয়গিৰি উদ্গীৰণ কৰি দিয়া বুলি তেখেত সকলে আঁৰৰ বাতৰি ডাঁৰে সদৰি কৰিছে৷

৯. গুৱাহাটীত পুনৰ কৃষক মুক্তিৰ বজাৰত কম দামত বিক্ৰী কৰিলে আলু পিঁয়াজ৷ প্ৰতিষ্ঠিত বেপাৰী সন্থাৰ স্বাৰ্থৰ পৰিপন্থীকৈ চলোৱা এই বিক্ৰী কাৰ্য্যও গৰিহণা যোগ্য চিণ্ডিকেটৰ উদাহৰণ বুলি প্ৰতিবাদ জনালে লাভখোৰ ব্যৱসায়ী সন্থাই৷ নিজৰ ৰাজনৈতিক লাভৰ বাবে দুদিন আলু-পিয়াঁজ বিকি বজাৰৰ দৰ নিয়্ন্ত্ৰণৰ এনে নাটক ৰাজ্যৰ ব্যৱসায়ীক মহলৰ বাবে এক উদ্বেগজনক কথা বুলি অভিহিত কৰে৷

১০ "ভূমিৰ পট্টা, বৃহৎ নদী বান্ধৰ পৰা সুৰক্ষা, সম্পদৰ অধিকাৰ" আদি সকলো বস্তুৰ নিশ্চিতি পাবলৈ আপুনিও যোগাযোগ কৰিব পাৰে "নিশ্চিত কৃষক মুক্তি সন্থা"ৰ কাৰ্যালয়ত৷ এজন নেতাৰ কথাতে হয়ভৰ দিব পৰা গুণ থাকিলেই আপুনি সন্থাৰ আজীৱন সদস্য হৈ থাকিব পাৰিব বুলিও বিজ্ঞাপনত প্ৰকাশ৷

No comments:

Post a Comment