সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
"গেট" পৰীক্ষাৰ গুৰুত্ব

ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়,
আমাৰ ৰাজ্যখনৰ যিসকল ছাত্র-ছাত্রীয়ে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজত বি.ই./বি.টেক. পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰি আছে সেই ছাত্র-ছাত্রীসকল এটা কথা ক’ব বিছাৰিছোঁ। সকলো ছাত্র-ছাত্রীয়ে যাতে GATE (Graduate Aptitude Test in Engineering) পৰীক্ষাত অৱতীৰ্ণ হয়। যিহেতু আজিকালি GATE পৰীক্ষাত উত্তীৰ্ণ হ’লেহে সাধাৰণতে ভাল শিক্ষানুষ্ঠানত এম.ই./এম.টেক বা পি.এইচ.ডি. পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰিব ।

তদুপৰি আমাৰ দেশৰ বহু কেইটা প্রতিষ্ঠানত নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰলৈ GATE পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলকহে আমন্ত্রণ জনায়। ২০১৩বৰ্ষত GATE পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক নিযুক্তিৰ সাক্ষাৎকাৰলৈ আমন্ত্রণ জনোৱা প্রতিষ্ঠানবোৰ হ’ল- HPCL, GAIL, Power Grid, BPCL, MECL, BHEL, DDA, NTPC, BEL ,IOCL, NALCO, CONCOR & MECON ইত্যাদি ।
গতিকে , বি.ই./বি.টেক. পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰি থকা ছাত্র-ছাত্রীসকলে GATE পৰীক্ষাত উত্তীৰ্ণ হোৱাতো অতি প্রয়োজন। ছাত্র-ছাত্রীসকলে GATE পৰীক্ষাৰ ছিলেবাছখন সংগ্রহ কৰি বি.ই./বি.টেক. পাঠ্যক্রমৰ প্রথম বৰ্ষৰ পৰাই ভালদৰে অধ্যয়ন কৰা উচিত। যিহেতু GATE পৰীক্ষাৰ ছিলেবাছখন এনেধৰণে প্রস্তুত কৰা হয় য’ত বি.ই./বি.টেক. পাঠ্যক্রমৰ প্রথম বৰ্ষৰ পাঠ্যক্রমৰ পৰা চূড়ান্ত বৰ্ষৰ সকলো বিষয় সামৰি লয়।

এটা লক্ষ্য কৰা যায় বি.ই./বি.টেক. চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ নম্বৰ তালিকাত প্রথম আৰু দ্বিতীয় বৰ্ষ পৰীক্ষাবোৰত পোৱা নম্বৰ ১০০শতাংশ নম্বৰ অন্তৰ্ভুক্ত নহয় বাবে বহুতো ছাত্র-ছাত্রীয়ে এই দুটা বৰ্ষ ভালদৰে অধ্যয়ন নকৰে। কিন্তু ছাত্র-ছাত্রীসকলে এটা কথা মনত ৰখা ভাল যে GATE পৰীক্ষাৰ বাহিৰেও নিযুক্তিৰ বাবে বিভিন্ন প্রতিষ্ঠানে আয়োজন কৰা সাক্ষাৎকাবোৰত সাধাৰণতে প্রথম আৰু দ্বিতীয় বৰ্ষত অধ্যয়ন কৰা কথাবোৰহে বেছিকৈ সোধে যিহেতু ইঞ্জিনিয়াৰিঙৰ প্রাথমিক জ্ঞানবোৰ প্রথম আৰু দ্বিতীয় বৰ্ষত দিয়া হয়। প্রত্যেকটি বৰ্ষ ভালদৰে অধ্যয়ন কৰি প্রস্তুতি চলালেহে GATE পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব।

No comments:

Post a Comment