সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাময়িক প্ৰসংগ

সাময়িক প্ৰসংগ

Share This
'লক্ষ্মীদেৱী'ৰ ডাইনী দমনঃ

ভণ্ডামীৰ চৰমতম নমুনাৰ লগতে মহামূৰ্খৰ বসবাসস্থলী 'চিকাৰী গাওঁ' 
- সুৰজিত নেওগ

মানি গৈছো এই পূণেশ্চৰ পেগু বোলা ডেকাটোক... তাৰ বুদ্ধিক তাৰিফ নকৰি নোৱাৰিছো... আমাৰ দৰে একেই দুঠেঙিয়া নৰমণিচৰ মুৰত এনে সুদুৰপ্ৰ্সাৰী বেপাৰী বুদ্ধিযে থাকিব পাৰে মোৰ কল্পনাৰো অগোচৰ.... বুনিয়াদী শিক্ষা সাং নকৰা ১৯ বছৰীয়া এটা তজবজীয়া জিন্স-পেন্ট, টি-চাৰ্ট পৰিহিত স্মাৰ্ট,চতুৰ আৰু ধূৰ্ত ডেকাৰ ৰঙা শাৰি পৰিধান কৰি 'লক্ষ্মী'ৰ ৰুপ ধাৰণ... একে গাৱঁৰে পুৰুষ, মহিলা, শিশু সহিতে ৩৭ জনকে লোকক 'ডাইনী' সজাই ৩৫ দিন ধৰি আৱদ্ধ কৰি ৰাখি প্ৰ্থমতে 'মৃত্যুদন্দ্ব'ৰে দন্দ্বিত আৰু পিছত কলহেৰে 'পবিত্ৰ' পানী ধালি 'শুদ্ধিকৰণ' ...!!! লগতে 'ডাইনী' খেদোৱাৰ বাবে এনে 'ভূত লম্ভা' লোকৰ ওপৰত অকথ্য নিৰ্য্যাতন... 

আজি কেইবা সপ্তাহো হ'ল, এনে বাতৰিবোৰ পঢ়ি আছো কাকতত... টিভিৰ পৰ্দাতো দেখিছো... এইজনা 'লক্ষ্মীদেৱীৰ' গাৱঁত হেনো টিভি, কেমেৰা, মবাইল আদি সামগ্ৰীবোৰ নিষেধ। তাৰ মাজতে এটা টিভি চেনেলে দাবী কৰা মতে 'স্টীং অপাৰেচন' চলাই এই 'দেবী' গৰাকীৰ উপৰুক্ত দুটা ৰুপ দেখুৱালে... কিমান সচাঁ কিমান মিছা নাজানো... কাৰণ আজিকালি টিভিৰ বাতৰিৰ বিশ্বাসযোগ্যতা একেবাৰে নথকাৰ দৰেই, বাতৰি কাকততো সেই অতিৰঞ্জিত ঘটনা..!! যিকি নহওক, এই গোটেই ঘটনাপ্ৰবাহত যিকণ সত্যতা আছে, সেয়া আমাৰ বাবে, অসমৰ বাবে আৰু ঐতিহ্যমণ্ডিত মাজুলীৰ বাবে অতি লজ্জ্বাজনক ঘটনা..। 'ৱৰ্ল্ড হেৰিটেজ' চাইটৰ বাবে বাৰে বাৰে আবেদন কৰি নাকচ হোৱা মাজুলীৰ বাবে এইয়া দুঃখবৰেই নহ্য়, অতি পৰিতাপৰ ঘটনা। 

আমাৰ নিস্ক্ৰিয় প্ৰশাসন ব্যৱস্থাৰ কথা বাৰু বাদ দিলো; চৰকাৰকো নোদোষো। একো লাভ নাই। প্ৰ্শাসক সকল ব্যস্ত বিভিন্ন হিচাপ নিকাচত। জন প্ৰ্তিনিধিৰ হিচাপ ভোটবেংক; অযথা জোকাই লৈ ভোট কিটা হেৰুওৱাৰ ভয়!!! বাকী থাকিল 'সচেতন মহল' ... সততে শুনা এই 'সচেতন মহলৰ ভুমিকা কি? কিয়েইবা কৰিছে আমাৰ বুদ্ধিজীৱি সকলে? তিলটোকে তাল কৰা, অসম বন্ধ, পথঅৱৰোধ আদি দি নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে সদাপ্ৰস্তুত আমাৰ 
'জাতীয় সংগঠণবোৰ' এতিয়া গভীৰ নিদ্ৰাত.. মোৰ সুধিবৰ মন যায়, ছাত্ৰসংস্থা, জাতীয়তাবাদী যুৱ (বুঢ়া) পৰিষদ, সৰ্বহাৰাৰ ত্ৰানকৰ্তা অখিল গগৈ এণ্ড কোম্পানী আদিৰ নেতা, সদস্যসকলে কিবা পদক্ষেপ লৈছেনে... চিকাৰী গাৱঁৰ মুৰুখমতী সাধাৰণ গঞাৰ কথা বাদ দিলো; বাকী মাজুলীৰ সচেতন লোক সকলে কি কৰিছে? ভাগ্যভাল যে এতিয়ালৈকে এনে সংগঠণবোৰে এই ঘটনাৰ প্ৰ্তিবাদকল্পে 'অসম বন্ধ' দি দিয়া নাই... সততে অকাৰণত বিতৰ্কলৈ অহা যোৰহাটৰ আৰক্ষী প্ৰধানগৰাকীৰ নিৰ্লিপ্ত ভুমিকাত আমি হতাশ। ফেচবুকত বিভিন্ন সামাজিক বিষয় লৈ সততে সৰব সমাজো আচৰিত ধৰণে নিৰ্বিকাৰ (এটা প'ষ্ট শ্ৰী ৰাজীৱ ৰঞ্জনৰ বাহিৰে)।

আজিৰ বাতৰিমতে উক্ত মহাভণ্ড ৰঙাশাৰী পৰিহিতা 'লক্ষ্মীদেবী'য়ে হেনো আন ১২-১৪ গৰাকী দেৱ দেৱীৰ জন্ম দিছে চিকাৰী গাৱঁৰ পৰা 'ডাইনী' খেদাবৰ বাবে...!! সৰস্বতী, ৰাম, হনুমান, বিষ্ণু, কালী আদিৰ সৃষ্টি কৰি এটা ভগৱানৰ দল তৈয়াৰ কৰিছে..!! কেনে নিৰ্লজ্জকৰ ঘটনা.. এই স্বয়ম্ভূ দেৱ-দেৱীবোৰৰ ভিতৰত বোলে কিশোৰী-যুৱতীও আছে। বোধকৰো এই পাংগিং বোলা নিধকটোৱে আশাৰমৰ পৰা প্ৰেৰণা পাই কেৱল মহিলাৰ দ্বাৰা গঠিত এনে এক দলৰ সৃষ্টি কৰিছে... ইতিমধ্যে এই স্বয়ম্ভূ ভগৱানবোৰৰ মাজত ফাট মেলি দুটা দল গঠিত হৈছে...!! এতিয়া ভাগে ভাগে ডাইনী বিচৰাহে কথা। এনে বাতৰিবোৰ পঢ়ি আনৰ আগত নিজকে 'অসমীয়া' বুলি পৰিচয় দিবলে বৰ লাজ পাওঁ। মাজুলীৰ এই গাওঁখনৰ লোকসকলো টো অসমীয়াই... নিৰক্ষৰ নিশ্চয় নহয় যে এনে অন্ধবিশ্বাস ইমান 'ভক্তিসহকাৰে' মানি ল'ব..!! আচলতে এনেলোক যি মানুহ নামৰ অযোগ্য একো একোটাহতঁ চৰম মূৰ্খ। পূণেশ্চৰ পেগুৰ দৰে সুযোগসন্ধানী, চতুৰ, ধূৰ্তলোকে এনে মূৰ্খক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থপূৰণ কৰিছে। কোনে জানে, অনাগত দিনত আমাৰেই মাজৰ কিমানজনে এই 'ৰঙা লক্ষ্মীদেৱীৰ' চৰণ স্পৰ্শ কৰি এই ভণ্ডটোৰ ভৰিধোৱা পানী মুৰত ল'ব... কাৰণ যি হাৰত কথা-কাণ্ড আগবাঢ়িছে, এই পেগু বোলাটো চেলিব্ৰিটি স্বয়ম্ভূ ভগৱান হ'বলৈ বেছি দিন নাই....। 

অন্ধবিশ্বাস আমাৰ দৰে অনগ্ৰসৰ সমাজ এখনত থাকিবই। শিক্ষা (উপযুক্ত)ৰ অভাৱ এটা মূল কাৰণ হলেও অশিক্ষিত আৰু মূৰ্খৰ মাজত পাৰ্থক্য আছে। বিভিন্ন সমস্যাই আমাৰ জাতি আৰু সমাজখনক কোঙা কৰি পেলোৱা সময়ত এনে বৰ্বৰ ঘটনাই আমাক কলৈ লৈ গৈ আছে ভাবিবলৈও ভয় লাগে। কাক ক'ম, কোনে পতিয়াবৰ দৰে অৱ্স্থা এতিয়া আমাৰ। কিন্তু প্ৰ্থম পদক্ষেপটো প্ৰ্শাসনৰ ফালৰ পৰাই ল'ব লাগিব। তাৰ লগতে জনসাধাৰণেও মুলতঃ মাজুলীৰ সচেতন লোকসকল আগবাঢ়ি আহক। এই ভণ্ডটোক বা তাৰ অনুগামী আন ভণ্ড দেৱ দেৱীৰ লগত কথা পাতি বিশেষ লাভ নহ'্ব যেন লাগে; কিন্তু আন শ শ গাওঁবাসীক বুজাবটো পাৰে। আমাৰ মাজৰ অলেখ বেচৰকাৰি কল্যাণকামী সংস্থাবোৰেও পদক্ষেপ ল'ব লাগে। একো নহলে গোটেই গাওঁখনকে বিশেষকৈ এই বৰ্বৰতাক প্ৰ্শয় দিয়া লোকসকলক মাজুলী বাসীয়ে 'এঘৰীয়া' কৰি দিয়্ক... কিছু কাম হুলেৰে হুল কাঢ়িলেহে হয় কিজানি!! 

No comments:

Post a Comment