ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
ধৈৰ্য ধৰকঃ ধৈৰ্য নেহেৰুৱাব
ধৈৰ্য বৃদ্ধি কৰিব/ নেহেৰুৱাবলৈ লৈ তলৰ দহটাৰ যি কোনো বুদ্ধি ব্যৱহাৰ কৰিব পাৰে৷
১. বহাগ বিহু বা মাঘ বিহুৰ আগে আগে আপুনি ৰন্ধন গেচৰ চিলিণ্ডাৰ আনিবলৈ দীঘলীয়া লাইনত শাৰী পাতক৷ বতৰ অলপ ৰ’দ-ঘাই হ’লে ভাল! দেখিব আপোনাৰ ধৈৰ্য ধৰাৰ ক্ষমতা বৃদ্ধি হৈছে৷

২. ক’ৰবালৈ পৰিয়াল সহিত যাবলৈ ওলাইছে, তেন্তে আগতীয়াকৈ সাজি-কাচি কনমানি কেইটিক লৈ আগফালে বাৰাণ্ডাত ৰৈ থাকক৷ পত্নীয়ে সাজোন-কাচোন কৰি আহে মানে আপোনাৰ ধৈৰ্যৰ আন এটা পাঠ আপুনি আহৰণ কৰিব পাৰিব৷

৩. আপুনি যদি ক’লেজত পঢ়িছে, আৰু প্ৰেমত এগৰাকীৰ সপোনত হাবু-ডুবু খাইছে, অথচ তেওঁক কব বা কথা পাতিবলৈ সাহস কৰা নাই৷ সেই অৱস্থাতে আপুনি তাইক কোনোবাই পতাই পেলালে বুলি বাতৰিটো সংগ্ৰহ কৰিবলৈ সফল হ’লেও দেখিব, আপোনাৰ ধৈৰ্য ধৰাৰ ক্ষমতা বৃদ্ধি হৈছে৷ এই ক্ষেত্ৰত প্ৰিয় বন্ধুৱে মনে মনে পতাই পেলালে ধৈৰ্য বৃদ্ধিৰ পৰিমান সৰ্বাধিক হয় বুলি জনা যায়৷

৪. আপুনি যদি মফচলীয় চহৰত বাস কৰে, তেন্তে আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক হওক৷ যিকোনো সময়তে এটিএমৰ সমুখত লাইন পাতি আপুনি সহজেই ধৈৰ্য বৃদ্ধিৰ আখৰা কৰিব পাৰিব৷

৫. আপুনি যদি ইণ্টাৰনেট ব্যৱহাৰ কৰে, ফেচবুক কৰে, তেন্তে আন-লিমিটেড ডাটা প্লেন ব্যৱহাৰ নকৰিব৷ বিএচএনএল বা আন সেৱাৰ পোষ্ট পেইড ডাটা প্লেন লওক আৰু নিশ্চিন্তে ইউ টিউব আদিত চিনেমা চোৱা, গেম খেলা, ডাউনলোড কৰা কাম কৰক৷ মাহৰ মূৰত বিলখন হাতত লৈ দেখিব আপোনাৰ ধৈৰ্য ধৰাৰ বাহিৰে কোনো গতি নাই!

৬. আপোনাৰ যদি বন্ধু আছে, তেন্তে তেওঁক টকা ধাৰলৈ দিয়ক৷ যেতিয়াই আপুনি তেখেতলৈ ফোন কৰিব, তেখেতে সন্দেহ কৰিব, আপুনি বেলেগ সহায় কৰাৰ বাবে নহয়, বেলেগ জৰুৰী কথাৰ বাবে নহয়, মাত্ৰ ধন উভোতাই বিচাৰিহে তেওঁলৈ ফোন কৰিছে৷ লগে লগে তেখেতে আপোনাৰ ফোন ৰিচিভেই নকৰিব৷ মোবাইল ৰিঙ কৰি কৰি বন্ধ হৈ যাব, ইও আপোনাৰ ধৈৰ্যৰ বান্ধ সুলকি নোযোৱাকৈ ৰখাৰ কলা বৃদ্ধি কৰাত সহায় কৰিব৷

৭. আপুনি যি কোনো মোবাইল সেৱা কোম্পানীৰ থ্ৰী-জিৰ পেক ভৰাওক, আৰু আশাৰে সেই তামাম স্পীডৰ ইণ্টাৰনেট সেৱা উপভোগ কৰাৰ বাবে চেষ্টা চলাওক৷ গোটেই মাহজুৰি আপোনাৰ আশা পূৰণ হব হব বুলি খপিয়া পিতি থাকোতে থাকোতে দেখিব আপোনাৰ ধৈৰ্য নিজে নিজে বৃদ্ধি হৈছে৷

৮. আপুনি কাৰোবাক কিবা জ্ঞান দিয়ক, কিবা পৰামৰ্শ দিয়ক, তেওঁৰ কামত আহক, তেওঁ সেই জ্ঞান ব্যৱহাৰ কৰি সফল হওক, লাভবান হওক৷ তেতিয়া আপোনাৰ মনত সহজাত আশা জাগিব, মানুহজনে আপোনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব৷ সেই আশা পোষণ কৰি থাকোতেও আপোনৰ ধৈৰ্য বৃদ্ধি পাব৷
কাৰণ যীশু খ্ৰীষ্টই দৈনিক কুষ্ঠৰোগীক সেৱা কৰিও কৃতজ্ঞতা নাপাইছিল, আপুনি কোন কূটা! আশা পালি ধৈৰ্য বৃদ্ধি নিশ্চিত কৰক৷

৯. সন্ধিয়ালৈ সপ্তাহন্তৰ পাৰ্টি কৰাৰ কথা, আপুনি মনতে ভাবি লোভতে জিভাৰ পানী পেলাই আছে৷ যিজন আহিম বুলিছিল তেওঁৰ সঠিক সময়লৈ দেখা দেখি নাই, আপুনি ৰৈ আছে৷ এইফালে মাংস ৰান্ধি ৰেডি, সেইজনে দীঘলীয়াটো লৈ ওলোৱাহি নাই৷ ফোনত খালী আহি আহি আছো বুলি কৈ আছে৷ এনে পৰিস্থিতিয়েও মানুহৰ ধৈৰ্য বৃদ্ধি কৰে৷

১০. আপোনাৰ সমাজত এক প্ৰতিষ্ঠা আছে, সন্মান আছে৷ তথাপি আপুনি চেঙেলীয়া কিছুমানৰ লগত টিঘিল ঘিলাই ফুৰিবলৈ ভাল পায়৷ আপোনাৰ টকা-পইচা-সামাজিক প্ৰতিপত্তি দেখাই যি সন্মান পায় তাকে লৈ উপভোগ কৰে৷ চেঙেলীয়া সকলৰ সৈতে কিবা লেনদেনত খোকোজা লাগক, দেখিব চ’চিয়েল মেডিয়াত আপোনাক বখলিয়াই দিছে৷ এই পৰিস্থিতি সৃষ্টি কৰি ল’লেও মোকাবিলা কৰোতে যথেষ্ট ধৈৰ্য বৃদ্ধি পায় বুলি জ্ঞানী জনে ব্যক্ত কৰিছে৷

No comments:

Post a Comment