লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান


১.শীতৰ বতৰলৈ চাই, হাত সাবতি থাকিব নোৱাৰি অসমৰ বিভিন্ন জাতীয় সংগঠনে অনুষ্ঠিত কৰিছে "পুত্তলিকা দাহ উতসৱ": কালি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে ইয়াৰ শুভ-উদ্বোধন কৰি ৰাইজে জাগীৰোডত হাত-ভৰি সেকা বুলি বাতৰিত প্ৰকাশ।
২. ভাৰতীয় ৰিজাৰ্ভ বেংকে মহিলা সৱলীকৰণৰ বাবে আৰু যাৰ বাবে ধনৰ অতীৱ প্ৰয়োজন সেই সকল মহিলাক দেশৰ বেংকিং ব্যৱস্থাৰ সুবিধা লোৱাৰ বাবে মহিলা আত্ম-সহায়ক গোট সমূহলৈ বজাৰ দৰ ১০ শতাংশৰ বিপৰীতে ৰেহাই দৰত ৭% সুতত ঋণ দিয়াৰ বাবে কৰিলে ব্যৱস্থা। মু্ম্বাই নিবাসী টিইনা আম্বাৰনীয়ে খুলিলে তাৰ বাবে প্ৰথমটো আত্ম সহায়ক গোট। তেখেতৰ পৰিয়ালৰ পৰা জানিব পৰা মতে তেওঁকেই আচলতে আটাইতকৈ বেছি পইচাৰ দৰকাৰ আৰু প্ৰকল্প এটাৰ বাবে ১০হাজাৰ কোটি টকাৰ অভাৱ হোৱাৰ বাবেই তেওঁ দেশৰ আটাইতকৈ অভাৱী মহিলাৰূপে পৰিগণিত হোৱাৰ যোগ্যতাও অৰ্জন কৰিছে।

৩. তৰুণী তেজখোৱা নামৰ বদনামী সাংবাদিক জনৰ সম্পৰ্কৰক্ষী বিষয়াই পদত্যাগ কৰাৰ খবৰ পোৱা গৈছে। নতুন নতুন সম্পৰ্ক ৰক্ষা, মেনেজ কৰিবলৈ গৈ জেলৰ ভাত খোৱাৰ উপক্ৰম হোৱাৰ পাছতে পূৰ্বৰ সম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে পদত্যাগ কৰিছে। তৰুণী তেজখোৱাই টুইটাৰ যোগে এই পদৰ বাবে সুন্দৰী যুৱতীৰ আবেদন পত্ৰ আহ্বান কৰাক লৈ প্ৰচণ্ড আলো়ড়নৰ সৃষ্টি হৈছে। তাতকৈ সেই পদত ৰেড লাইট এৰিয়াৰ এজন অভিজ্ঞ দালালকহে নিয়োগ কৰাৰ দৰকাৰ বুলি সচেতন মহলে তেওঁৰ কৰ্মকাণ্ডলৈ চাই মন্তব্য কৰিছে।

৪. শ্ৰম বিষয়াক মেনেজ কৰি নিৰ্বিবাদে আইন উলংঘা কৰি আছে বহু চাহ বাগিচাই। সেয়ে শ্ৰম বিষয়াক মোটা ধন প্ৰতিমাহে আগবঢ়াব লগা বাবেই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ দিবলৈ ধনৰ অভাৱ হোৱা বুলি গোপন সূত্ৰত প্ৰকাশ। গগৈ চাৰে কথাষাৰ হৃদয়ংগম নকৰাকৈ পেচ পতা বুলি অভিমান কৰিলে বাগান-চাগান মেনেজাৰ সন্থাই!

৫. আম আদমী পাৰ্টিৰ পিছত গোপন কেমেৰা লগাই অভিযান চলোৱা মেডিয়া-চামচা.কমৰ মালিক মনোৰঞ্জন ঝালৈ এই বৰ্ষৰ সৰ্বোতকৃষ্ট ৰাজনৈতিক মনোৰঞ্জনৰ বাবে শীলা চৰকাৰে মেডিয়া ৰত্ন বঁটাৰে সন্মানিত কৰিব বুলি জানিব পৰা হৈছে। আম আদমীক বদনাম কৰাৰ অভিযানত সফল হোৱা মনোৰঞ্জনক পাৰিলে শীলা চৰকাৰে ৰাজ্য সভালৈকো মনোনীত কৰিবৰ দিহা কৰিব পাৰে বুলি গোপন সূত্ৰই ব্যক্ত কৰিছে।

৬. টকা পইচা খোৱাক লৈ বৈষম্যতা অহাৰ বাবে কাৰ্বি পাহাৰত জনজাতীয় লৰাবোৰ উগ্ৰপন্থী হৈছে বুলি মত প্ৰকাশ কৰিলে ৰজাসিং ইংতিয়ে। একে কেইজন মানুহেই কোটি কোটি টকা বছৰে বছৰে দশকে দশকে খাই থাকিলে বাকী সকলৰ মাজত অসণ্টুষ্টি অহাতো এক স্বাভাৱিক কথা আৰু সেইবোৰলৈ কান দিব নালাগে বুলি তেখেতে মন্তব্য কৰিছে।

৭. এইবাৰ তিনি লাখ কোটি টকা বিচাৰিলে ৰাইজৰ চৰকাৰে। কেন্দ্ৰীয় পুঁজি কেনেকৈ আঁচনি বনাই হৰলুকি কৰিব পাৰি, সেই বিষয়ত বিশেষ কৌশল শিকাবৰ বাবে আৰু কেন্দ্ৰলৈ যাতে আঁচনিৰ ধন কোনো পধ্যেই ঘুৰি নায়ায, থলুৱা নেতা, ঠিকাদাৰ বিষয়াই যাতে সকলো আহৰণ কৰিব পাৰে তাৰ বাবে নিশ্চিতি প্ৰদানৰ বাবে আই আই এম আহমেদাবাদৰ পৰা বিশেষজ্ঞ আনিবলৈ ৰসাল গগৈ মানৱ সম্পদ বিকাশ কেন্দ্ৰই উদ্যোগ গ্ৰহণ কৰাৰ সুখৰ বাতৰি।

৮. হত্যা, অপহৰণ, ডাইনী আদি আচলতে জনসংখ্যা বৃদ্ধিৰ বিশেষ কৌশলহে বুলি সাংবাদিকক বাখ্যা কৰিলে ছিংগাপুৰত বিশেষ প্ৰশিক্ষণ লৈ ঘৰলৈ ঘূৰি অহা ৰসাল গগৈয়ে। তেখেতে বাখ্যা কৰি কয় যে, সমাজ জীৱনত কৰবাত যোগ দিলে কৰবাত বিয়োগ কৰিবই লাগিব। খোলা সীমান্ত, লাইট নোহোৱা ৰাতিৰ ফলত ফাটি-ফুটি যোৱা জনসংখ্যাৰ বিস্ফোৰণৰ মাজত সমাজত বেলেঞ্চ ৰাখিবলৈকে এইবোৰ কাৰকৰ অতি প্ৰয়োজন। তেখেতৰ যুক্তিৰ সপক্ষে তেখেতে আন্তৰ্জাতিক বিশেষজ্ঞৰ দহখন কিতাপো সাংবাদিকৰ সমুখত দাঙি ধৰে।

৯. ৰসাল গগৈক লৈ কিতাপ লিখাৰ পিছত কিয় আকৌ চিনেমা বনায় নীলমানি শেন ডেকাই? তেখেতে ব্যক্ত কৰা মতে কষ্ট কৰি লিখা কিতাপখন গগৈচাৰে পঢ়িবলৈ মেলিও নাচালে। অন্ততঃ এতিয়া চিনেমাত নিজে ৰোল কৰিলে বহিতো সেইখন চাব ! তাৰ দ্বাৰা তেওঁৰ ফালে চকু মেলি চোৱাতোৱেই জানো নুবুজাব বুলিও ৰসিক হাঁহি মাৰি নীলমণিয়ে এইবাৰ চিনেমা বনোৱাৰ বাবে শুভ মূহুৰতৰ দিন বাৰ চাবলৈ পঞ্জিকাত মনোনিবেশ কৰে বুলি আমাৰ গোপন সাংবাদিকে জনাইছে।

১০. কইনাধৰা প্ৰডাকচনৰ ফালৰ পৰা "মুক্ত-হত্যা" নামৰ নাটক এখন ৰাজ্যজুৰি মঞ্চস্থ কৰিবলৈ লোৱাৰ খবৰে সংবাদ শিৰোনাম লাভ কৰিছে। শ্ৰীবাস্তৱ নামৰ আগৰ পুলিচৰ হিৰ' এজনক নায়ক ৰূপে লৈ নাটকখন কৰিবলৈ লোৱা হৈছে। এই নাটৰ দ্বাৰাই বাটৰ কাঁইট আঁতৰোৱাৰ বাবে কি কৰিব লাগে অসমীয়া ৰাইজে শিকিব পাৰিব বুলি নিৰ্দেশক যমৰাজ গগৈয়ে মন্তব্য কৰিছে।

No comments:

Post a Comment