পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ

১. ডিমৌৰ কমলদৈ সংগীত বিদ্যালয়ে কমলদৈপুল ৰংগমঞ্চত আয়োজন কৰিলে এক ব্যতিক্ৰমী শিশুকেন্দ্ৰিক অনুষ্ঠান "নৃত্য-গীতে মুখৰিত শৰতৰ এৰাতি": শিশু সকলৰ সাংস্কৃতিক মানসিকতা গঢ়াৰ বাবে এই অনুষ্ঠান প্ৰতি বছৰহেই আয়োজন কৰিব বুলি প্ৰকাশ কৰিলে আয়োজকে৷

২. চাইনিজ টাইপেটত অনুষ্ঠিত এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ২টা স্বৰ্ণসহ জয় কৰিলে চাৰিটাকৈ পদকঃ অভিষেক বাৰ্মা আৰু লিলি চানু পাউনামে জয় কৰিলে স্বৰ্ণ পদক৷

৩. ইনলি ফাউণ্ডেচনৰ উদ্যোগত দিল্লীত সফলতাৰে মঞ্চস্থ হ’ল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ ৰচিত "শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট" নামৰ শিশু নাটখনঃ লিটিল থিয়েটাৰ গ্ৰুপৰ প্ৰেক্ষাগৃহত দৰ্শকক এই শিশুসকলৰ অভিনয়ে কৰিলে মোহাচ্ছন্ন৷

৪. ৰৌতাৰ বজ্ৰাঝাৰ গাঁৱৰ কালী মন্দিৰ প্ৰাংগনত দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্ত মান্না দে’ৰ বিয়োগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি সভাঃ বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে আয়োজন কৰে এই স্মূতিচাৰণ সভাৰ৷


৫. শিৱসাগৰ কাৰাগাৰত স্থাপিত হ’ল মহিলা কাৰাবন্দীৰ বাবে স্থাপিত হ’ল শিক্ষাকেন্দ্ৰঃ মহিলাৰ বাবে কাৰাগাৰত স্থাপিত হোৱা প্ৰাপ্তবয়স্ক শিক্ষাৰ এইটোৱেই প্ৰথম কেন্দ্ৰ বুলি জানিব পৰা গৈছে৷

৬. মুম্বাইৰ অসম এচো’চিয়েছনৰ উদ্যোগত মুম্বাইৰ মালাদ(পশ্চিম)ত আয়োজিত হৈছে বিহু নৃত্যৰ এক কৰ্মশালাঃ কালিৰ পৰা আৰম্ভ হোৱা কৰ্মশালা সকলোৰে বাবে মুকলি ৰখা হৈছে৷

৬. ষোল্লটা চিক্সাৰেৰে বিশ্বাভিলেখ গঢ়ি ৰোহিত শৰ্মাই দীপাৱলীৰ ধামাকা উপহাৰ দিলে দেশৰ ক্ৰিকেট প্ৰেমীকঃ ২০৯ ৰানৰ ইনিংচেৰে বাংগালুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলে কৰি শৃংখলা দখল৷

৭. ধেমাজিৰ কাৰাগাৰত বন্দী সকলৰ মনোবিকাশৰ বাবে স্থাপিত হ’ল অমল প্ৰভা দাসৰ সোঁৱৰণত এক পুথিভঁৰালঃ বিভিন্ন দল-ব্যক্তি-সংগঠনে দান কৰিলে গ্ৰন্থ৷

৮. গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হ’ল ডঃ অঞ্জনজ্যোতি চৌধুৰীৰ গ্ৰন্থ " বয়স জুখিবা বন্ধুৰে" শীৰ্ষক গ্ৰন্থঃ উন্মোচন কৰিলে লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু ডঃ অমৰজ্যোতি চৌধুৰীয়ে৷

৯. সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানক্ৰমে ৰাজ্যখনৰ বিভিন্ন স্থানত এক নৱেম্বৰ দিনটো পালন কৰিলে ছহিদ দিৱস ৰূপেঃ অসমৰ অস্তিত্ব ৰক্ষা কৰা আৰু বিদেশী বিতাড়ন আন্দোলনৰ কৰ্মচাৰী সকলৰ প্ৰথম ছহিদ দিলীপ চক্ৰৱৰ্তীৰ আত্মবলিদানক সোঁৱৰিলে শ্ৰদ্ধাৰে৷

১০. নাজিৰাত "প্ৰৱাহ" আৰু ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনৰ সহযোগত তথা স্থানীয় বিধায়কৰ উদ্যোগত অনুষ্ঠিত হ’ল কেৰিয়া সজাগতা সভাঃ কাৰ্যসূচী উদ্বোধন কৰিলে জিলা উপায়ুক্ত এছ এছ মীনাক্ষী সুন্দৰমে, সমল ব্যক্তিৰূপে উপস্থিত থাকে নৰ্থ ইষ্ট য়ুথ ফাউণ্ডেছনৰ ৰঞ্জন কুমাৰ বৰুৱা৷

১১. কাইলৈ চাৰি নৱেম্বৰৰ সন্ধিয়া চন্দ্ৰোদয়ৰ লগে লগে আৰম্ভ হব ইছলামিক নৱবৰ্ষঃ হিজৰী চনৰ মহৰম মাহৰ ১ তাৰিখৰ পৰা এই বছৰ ১৪৩০৫ হিজৰীৰ হব শুভাৰম্ভ৷

১২. নগাঁওত উত্তৰ পূৱ কেৰম প্ৰতিযোগিতাৰ সফল সামৰণিঃ পুৰুষ মহিলা উভয় শাখাতে অসম শ্ৰেষ্ঠদল ৰূপে হ’ল বিবেচিত৷


১৩. শোণিতপুৰ জিলাকে ধৰি উজনিৰ সাতখন জিলাৰ মাধ্যমিক স্তৰৰ টেট উত্তীৰ্ণৰ ৭৫০গৰাকী নিযুক্তিৰ প্ৰমান প্ৰদানৰ কাৰ্যসূচী আয়োজিত হৈছে ডিব্ৰুগড় জিলা পুথিভঁৰালত৷


১৪. শদিয়াৰ পৰা ধুবুৰীলৈ পোহৰৰ উৎসৱঃ কালী পূজাত ভক্তিৰে অশুভ শক্তি নাশৰ বাবে ৰাইজে জনালে প্ৰাৰ্থনা৷


No comments:

Post a Comment