পলকেত সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকেত সুখ দুখৰ বতৰা

পলকেত সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰ

১. জ্ঞানপীঠ বিজয়িনী বংগৰ বিখ্যাত সাহিত্যিক মহাশ্বেতা দেৱীলৈ অসম সাহিত্য সভাই আগবঢ়াইছে প্ৰথম বাৰৰ বাবে ২০১৩-১৪ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটাঃ অসমৰ বিভিন্ন স্থানৰ লগতে দিল্লীতো অনুষ্ঠিত হ'ল মামণি বাইদেউৰ দ্বিতীয় মৃত্যু-বাৰ্ষিকীৰ স্মৃতিচাৰণ সভা।


২. স্বেচ্ছাসেৱী সংগঠন নহয়, নিজৰ ঘৰতে ১২টা অনাথ শিশুক মাতৃৰ মমতাৰে ২০০৮ চনৰ পৰা পালন কৰি আদৰ্শ দেখুৱালে কাৰ্বি-আংলঙ ধনশিৰিৰ অম্বিকা প্ৰধানেঃ ঘৰত নাই কোনো ছাইনবৰ্ড, লাভ কৰা নাই চৰকাৰী সাহাৰ্য। গোষ্ঠী সংঘৰ্ষ বা আন কাৰণত অনাথ হোৱা শিশু কেইটিৰ বাবে শেহতীয়াকৈ মাচুল ৰেহাই দিছে বিদ্যালয়ে। সহায় কৰিব খুজিলে তেখেতেৰ নম্বৰ ০৯৬১৫৬৬০৪১৯ ত যোগাযোগ কৰিব পাৰে।

৩. সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অহা ২৫ডিচেম্বৰৰৰ পৰা ৫ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব উত্তৰ পূৱ গ্ৰন্থমেলাঃ স্থান হব চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ, অংশ গ্ৰহণ কৰিব ১৪০টা দেশী-বিদেশী তথা থলুৱা প্ৰতিষ্ঠানে।

৪.কমনৱেলথ ভাৰত্তোলনত ভাৰতীয় খেলুৱৈয়ে ৰচিচে ইতিহাসঃ ৫৩টা সোণসহ পদকৰ তালিকা সংখ্যা বৃদ্ধি ১০২টালৈ।

৫. সজাগতা বৃদ্ধি আৰু অধিকাৰৰ প্ৰশ্নত দৃষ্টি আকৰ্ষণ কৰিবলৈ সদৌ অসম বিকলাংগ সন্থাই আয়োজন কৰিছে গুৱাহাটীৰ পাঞ্জাবাৰীস্থ শিল্পগ্ৰামত "বিশ্ব বিকলাংগ দিৱস"ৰ অনুষ্ঠান।

৬. তিনি হেক্টৰ মাটিত অমৃত সাগৰ জাতৰ কলপুলি ৰুই ৬লাখ টকা উপাৰ্জনৰ লক্ষ্যৰে আদৰ্শ দেখুৱালে গোৱালপাৰৰা চুনাৰীৰ ৰমজান আলীৰ পুত্ৰ আবুল হাছেমে।

৭. টিহুৰ পৰা ১৯৭৬চনৰ সাহিত্য সভাৰে পৰা প্ৰকাশিত "সেউজী সেউজী" কাব্যালোনীখনে ভৰি দিলে ৩৭বছৰতঃ সেই উপলক্ষে সাহিত্য অকাডেমীৰ সহযোগত অনুষ্ঠিত হ'ব "কবি সন্ধি" শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান।

৮. ৰঙিয়াত আয়োজিত হৈছে আতিকুৰ ৰহমান সোঁৱৰণী দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাঃ অহা ১৫ডিচেম্বৰৰ পৰা ৰাজ্যৰ কেইবাটাও আগশাৰীৰ দলে কৰিব অংশ গ্ৰহণ।

৯. নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক নেতাক মুখ চম্ভালি কথা কবলৈ সকীয়নি জাৰি কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগেঃ অত্যাধিক অসণ্টুষ্টি পত্ৰ লাভৰ পাছতে আয়োগে জাৰি কৰিলে এই জাননী।

১০. আমেৰিকাত অসমীয়া বিজেপি নেতা প্ৰদ্যুত বৰাই উচ্চ শিক্ষাৰ বাবে যোৱা আৰু কৰ্মৰত ভাৰতীয় সকলৰ মাজত আৰম্ভ কৰিছে "স্বদেশ" নামৰ এক কাৰ্যসূচীঃ নিজ দেশলৈ ঘূৰি আহি দেশ সেৱাৰ বাবে অনুপ্ৰেৰণা যোগোৱাক লক্ষ্যৰূপে লৈ তেখেতে আৰম্ভ কৰিছে এলানি মত বিনিময় কাৰ্যসূচীৰ।
শিশু সকলৰ বাবে এখন্তেক...
শচীন টেণ্ডুলকাৰ মুম্বাইত

১১. আজি সামৰণি পৰিব পঞ্চম উত্তৰ পূৱ ক্ৰীড়া সমাৰোহঃ আজি ফুটবলৰ চূড়ান্ত খেলো হব অনুষ্ঠিত।

১২. অহা ৩ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ব গৌতম প্ৰসাদ বৰুৱাৰ বিনিয়োগৰ সম্পূৰ্ণ ব্যৱহাৰিক আৰু অনুপ্ৰেৰণা মূলক এখনি গ্ৰন্থঃ ইংৰাজী ভাষাত লেখা এই কিতাপখন ইতিমধ্যেই বিদেশৰ বজাৰত মুকলি দিয়া হৈছে আৰু প্ৰকাশ কৰি উলিয়াইছে পেট্ৰিজ ইণ্ডিয়াই।
১৩. অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ আৰু ৭৭খন মহাবিদ্যালয় প্ৰাদেশিকীৰণ কৰিব বুলি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। 

১৪. নলবাৰী জিলাৰ মুকালমুৱাৰ চণ্ডী মেধি বালিকা বিদ্যালয়ত আৰ এম এছ এ আঁচনিৰ অধীনত এক কোটি বিয়াল্লিশ লাখ টকাৰে ১০০খন বিচনাষুক্ত ছাত্ৰী নিৱাসৰ আধাৰশিলা স্থাপন কৰিলে শিক্ষামন্ত্ৰীয়েঃ অহা ৬ডিচেম্বৰত গুৱাহাটীত ৰাজহুৱা ভাৱে ৪৫০০জন শিক্ষামিত্ৰক শিক্ষক ৰূপে নিযুক্তি প্ৰদান কৰিব বুলিও কৰিলে ঘোষণা।

১৫. মৃত্যু-বাৰ্ষিকীতে মামণি বাইদেউৰ বাসগৃহ "ৰামাঞ্জলি" ত পৰিয়ালবৰ্গৰ উদ্যোগত আৰু গুণমুগ্ধৰ উপস্থিতিত স্থাপন কৰিলে বাইদেৱে ৰামাঞ্জলিৰ চাউথ ইষ্ট এছিয়া ৰামায়নী ৰিচাৰ্ছ ইনষ্টিটিউটত স্থাপনৰ বাবে কিনি থৈ যোৱা "ৰাম"ৰ মূৰ্তি।

No comments:

Post a Comment