পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. আজি কালীপূজা আৰু দীপান্বিতাঃ অশুভ শক্তিৰ নাশৰ বাবে ভক্তপ্ৰাণ ৰাইজে কৰিছে প্ৰাৰ্থনা৷

২. দীপান্বিতাৰ প্ৰাক-ক্ষণত ধনতেৰাছৰ দিনা শ্বেয়াৰ মাৰ্কেট হ’ল উৰ্ধমুখীঃ সূচকাংকই চুলে ২১৩২০ৰ সীমা৷

৩. দেশী বিদেশী পৰ্যটৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ আজি মুকলি হব পবিতৰা অভয়াৰণ্য৷
কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা....
দেশী-বিদেশী পৰ্যটকে চাইছে এশিঙীয়া গঁড়

৪. বিতৰ্কিত অসমীয়া চিকিৎসক তথা বিজ্ঞানী ডাঃ ধনীৰাম বৰুৱাই উদ্ভাৱন কৰা প্ৰতিষেধক গ্ৰহণ কৰি আৰোগ্য হৈছে কৰ্কট ৰোগীঃ সংবাদ মেলত যুটীয়া ভাৱে দাবী তুলিলে ৰোগী আৰু চিকিৎসকে৷

৫. চৰকাৰী উদ্যোগতো অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ মৃত্যু দিৱসঃ সমাধিস্থলীত প্ৰাৰ্থনা সভাৰে আৰম্ভ হ’ব লগা অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী মহানগৰীৰ বিভিন্ন স্থানত আয়োজন কৰাৰ খবৰ আহিছে৷

৬. দূৰদৰ্শন কেন্দ্ৰইও অহা ৫নৱেম্বৰত সুধাকণ্ঠলৈ জনাব শ্ৰদ্ধাঞ্জলিঃ এন ই প্ৰগ্ৰাম প্ৰডাকচন চেণ্টাৰে আয়োজন কৰা দুঘণ্টীয়া লাইভ টেলিকাষ্টত উত্তৰ-পূৱৰ কেইবাটাও ভাষাৰ শিল্পীয়ে কৰিব অংশগ্ৰহণ৷

৭. ৰহাত প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ বাৰ্ষিক অভিভাৱক সভা সম্পন্নঃ "চেকনিৰ আগত বিদ্যা" কথাষাৰিৰ সপক্ষে সভাই মতপোষণ কৰাৰ খবৰ৷

৮. গোলাঘাট জিলাৰ ঢেঁকীয়ালত কালি উন্মোচিত হ’ল এখন গুৰুবাণী ফলকঃ নাথগাঁও বৰপেটা নামঘৰত অবিৰত ভাগৱত পাঠৰ সতে সংগতি ৰাখি এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অংশ স্বৰূপেই এই গুৰুবাণী ফলক স্থাপন কৰা হয়৷

৯. আজি বিশিষ্ট লেখক তথা ওদালগুৰি জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ শেহতীয়া গ্ৰন্থ "হঠাৎ সিদিনা" উন্মোচন কৰিব হোমেন বৰগোহাঞিয়েঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ এই অনুষ্ঠানতে একে লেখকৰ ২০১৩বৰ্ষৰ অসম সাহিত্য সভাৰ হেম বৰুৱা বটা প্ৰাপক গ্ৰন্থ "যাত্ৰা"ৰ শশী কুমাৰ শৰ্মাই কৰা নেপালী অনুবাদ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ে৷

১০. সন্ত্ৰাসবাদীৰ বলি হোৱা পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ আঁচনি তৈয়াৰ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আঁচনিঃ তাৰ বাবে অচিৰেই কমিটি গঠন কৰিব বুলি চৰকাৰী সূত্ৰই কৰিলে তথ্য প্ৰকাশ৷

১১. শচীন টেণ্ডুকালৰ বিদায় সম্ভাষণ জনাবলৈ অহা ১৪নৱেম্বৰত হব লগা শচীনৰ ২০০তম টেষ্টৰ আয়োজনত বিচিচিআইয়ে ৰখা নাই ক্ৰুটিঃ শচীনৰ ফটো সম্বলিত ১০গ্ৰাম ওজনৰ সোনৰ মুদ্ৰাও সিদিনা মুকলি কৰা হব বুলি বাতৰি পোৱা গৈছে৷

১২. কাইলৈৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হব চুতৰ্থ সংখ্যাক সীতাৰাম আগৰৱালা সোঁৱৰণী অনুৰ্ধ আন্তঃ-স্কুল/প্ৰতিষ্ঠান ক্ৰিকেট প্ৰতিযোগিতা৷


১৩. ২০তম বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সোঁৱৰণী স্বৰ্ণকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলেঃ অহা ৫নৱেম্বৰত অনুষ্ঠিত হব ফাইনেল মেচ৷

১৪. এনজিঅ’ খুলি সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা পতাৰ নামত শিক্ষাৰ্থীক চৰম প্ৰতাৰণা কৰা দুজন প্ৰৱঞ্চকক নগৰবেৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ৷

No comments:

Post a Comment