বিকল্প কেৰিয়াৰ সম্পৰ্কেও সজাগ হওক
ডঃ বুলজিৎ বুঢ়াগোহাঁই
বৰ্ত্তমান যুগত শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী /যুৱক-যুৱতীয়ে কেতিয়াবা মনে বিচৰা বিভাগৰ বিভিন্ন বিষয়ত কেৰিয়াৰ গঢ়িব সক্ষম নহয় । গতিকে,ছাত্র-ছাত্রী /যুৱক-যুৱতীসকলে মাত্র এটা বিষয়তে কেৰিয়াৰ গঢ়িম বুলি ভাবি থকা উচিত নহয়।
কোনো বিভাগৰ দুই বা ততোধিক বিষয়ত কেৰিয়াৰ গঢ়া কথা ভাবিব লাগে যাতে এই ভাবি থকা বিভাগৰ যিকোনো এটা বিষয়ত কেৰিয়াৰ গঢ়িব পাৰে ।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে কোনেও যিকোনো বিভাগৰ যিকোনো বিষয়ৰ কেৰিয়াৰত কেতিয়াও ১০০শতাংশ সন্তুষ্ট হ’ব নোৱাৰে । কোনোবাই হয়তো দৰমহাৰ লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো কৰ্মস্থলীকলৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো সহকৰ্মীলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি । গতিকে , যিকোনো বিভাগৰ যি বিষয়তে কেৰিয়াৰ গঢ়ক লাগিলে, তাতে মন-কাণ দি কাম কৰিলে ভাল হয়।
No comments:
Post a Comment